১৯১০ নং পূৰণি সূৰ্যখাতা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাহজাহান আলীৰ কৰ্মজীৱনৰ পৰা অৱসৰ

১৯১০ নং পূৰণি সূৰ্যখাতা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাহজাহান আলী কৰ্মজীৱনৰ পৰা অৱসৰ।অৱসৰপ্ৰাপ্ত শিক্ষক ছাহজাহান আলীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় খনৰ কৰ্তৃপক্ষৰ লগতে বিলাসীপাৰা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। ১৯৯৯ চনৰ পৰা এই বিদ্যালয় খনত প্ৰধান শিক্ষকৰ পদত নিয়োজিত আছিল,প্ৰধান শিক্ষক ছাহজাহান আলীয়ে সুদীৰ্ঘ ২৭ বছৰৰ পৰা কৰ্মজীৱনত শিক্ষক গৰাকীৰ নিষ্ঠা,সততা আৰু একাগ্ৰতাৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে। আপোনাৰ অমূল্য অৱদান,আদৰ্শ আৰু কৰ্মনিষ্ঠাই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সমৃদ্ধ কৰি তুলিছে।


দীৰ্ঘদিনীয়া শিক্ষকতা জীৱনৰ সামৰণিত শিক্ষক ছাহজাহান আলীয়ে ২০২৬ চনৰ ৩১ জুলাই তাৰিখে অৱসৰ গ্ৰহণ কৰিলে। অৱসৰ জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। আপোনাৰ কৰ্মময় জীৱনৰ অভিজ্ঞতা,জ্ঞান আৰু আদৰ্শই ভৱিষ্যতেও সমাজক অনুপ্ৰাণিত কৰি থাকিব। আপোনাৰ সৰলতা, একনিষ্ঠ সাধনা, সদিচ্ছা আৰু কৰ্তব্যপৰায়ণতাই আপোনাক এগৰাকী আদৰ্শ শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰিছে। আপোনাৰ জ্ঞানৰ পোহৰে অসংখ্য ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰিছে। আপোনাৰ স্নেহ,মৰম আৰু মূল্যবোধৰ শিক্ষাই তেওঁলোকক ভৱিষ্যতৰ পথত আগুৱাই যোৱাত সহায় কৰিব।


আপুনি বিলাসীপাৰা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ একেৰাহে তিনিবাৰৰ ৰাজ্যিক সদস্য আৰু ২০২৪–২০২৬ বৰ্ষৰ বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে। শিক্ষক সমাজৰ উন্নতি আৰু সংগঠনৰ কাম-কাজত আপোনাৰ অৱদান সঁচাকৈয়ে প্ৰশংসনীয়।


২০২১ চনত ধুবুৰী জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আপুনি শিক্ষকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও আপুনি জড়িত হৈ সমাজৰ সেৱা আগবঢ়াই আহিছে।


আপোনাৰ কৰ্তব্যনিষ্ঠা, নম্ৰতা, সততা, কৰ্মদক্ষতা আৰু মানৱীয় গুণসমূহ আমাৰ সকলোৰে বাবে অনুকৰণীয় আদৰ্শ হৈ ৰ’ব। আপোনাৰ অৱসৰ জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু আনন্দৰে পৰিপূৰ্ণ হওক—এয়াই আমাৰ আন্তৰিক কামনা।
আপোনাৰ জীৱনৰ আগন্তুক দিনবোৰ পৰিয়াল-পৰিজনৰ সৈতে সুখ-শান্তিৰে অতিবাহিত হওক আৰু সমাজৰ প্ৰতি আপোনাৰ অৱদান অব্যাহত থাকক। আপোনাৰ সুদীৰ্ঘ কৰ্মজীৱনৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আপোনাক আন্তৰিক বিদায় সম্বৰ্ধনা জনালোঁ।

Related Articles