Breaking

ধুবুৰীত জিলা উপায়ুক্তৰ সংবাদমেল, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভা

0 1,532

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ এশ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আজি ধুবুৰীত জিলাখনৰ সাংবাদিক আৰু বিশিষ্ট নাগৰিকৰ সৈতে চৰকাৰখনৰ এশ দিনীয়া কাৰ্যকালৰ সফলতা আৰু পদক্ষেপসমূহ সন্দৰ্ভত বাৰ্তালাপ কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত অনুষ্ঠানৰ প্ৰথমতে ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিয়ে ৰাজ্য চৰকাৰখনে বিগত এশটা  দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিবলৈ এখন সাংবাদিক মেল সম্বোধন কৰে৷ ইয়াৰ পিছত অনুষ্ঠিত হয় এখন সভা৷  সভাত সভাপতিত্ব কৰে উপায়ুক্ত অন্বামুথন এম পিয়ে৷ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সমাজকৰ্মী তথা গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৰাজ্য চৰকাৰখনক বিগত এশটা দিনত হাতত লোৱা জনকল্যাণকামী আচনিবোৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ সক্ৰিয় সমাজকৰ্মী দেৱময় সন্যালে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত এশ দিনত গ্ৰহণ কৰা তৎপৰতাৰ পৰাই  নিশ্চিত হ’ব পাৰি যে এইখন চৰকাৰৰ কাৰ্যকালতে অসম দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা কবি নিলীমা চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়বস্তু হিচাপে লৈ লিখা এটা কবিতা পাঠ কৰে৷ সভাত উপস্থিতসকলৰ মাজত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বিগত এশটা দিনৰ কামৰ খতিয়ান সন্নিবিষ্ট এখন পুস্তিকা বিতৰণ কৰা হয়৷   সভাত ধুবুৰী জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী বিমল অছৱাল প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave A Reply