Home Blog Page 289

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ
sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ।(sankar jyoti baruah)


গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।


১৯ মে’ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক।

দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতিৰ।

তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত শংকৰজ্যোতি বৰুৱা হৈছিল গ্ৰেপ্তাৰ।


Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!

Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!
Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!

বিধায়ক তেৰচ গোৱালাৰ দুলীয়াজান(Duliajan news)সমষ্টিত প্ৰকৃততে হৈছে কি? এটাৰ পাছত আনটো সাম্প্ৰদায়িক ঘটনাই চাঞ্চল্যই সৃষ্টি কৰিছে দুলীয়াজান সমষ্টিত। দুলীয়াজান সমষ্টিত দম-দাদাগিৰিৰে ৩০ বিঘাতকৈ অধিক চাহ বাগিচা দখলৰ চেষ্টা কৰাৰ অভিযোগ!

টেঙাখাত থানাৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত দিন ডকাইত ৰূপী জনগোষ্ঠীৰ স্থানীয় দুৰ্বৃত্তৰ বেদখলৰ অভিযোগ। নিজৰ ম্যাদী ভূমিত চাহপাত চিঙিব নোৱাৰে চাহ বাগিছাৰ স্বত্বাধিকাৰীয়ে। গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে সহায় নকৰাত প্ৰাণৰ শংকাত মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান পৰিয়ালটোৰ।


দুলীয়াজান সমষ্টিত একাংশ দুস্কৃতিকাৰীৰ ভয়ংকৰ বেদখলৰ বাবে নিজৰ ম্যাদী ভূমিত থকা চাহ বাগিছাত বাগিছাৰ গৰাকীয়ে চাহপাত চিঙিব নোৱাৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে । টেঙাখাত থানাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত চাবুৱাৰ কন্দৰ্প গোঁহাই নামৰ ব্যক্তিজনৰ ১৯৯৭ চনতে প্ৰতিষ্ঠা হোৱা প্ৰায় ৩৯ বিঘাৰ চাহ বাগিছা একাংশ দিন ডকাইত ৰূপী দুস্কৃতিকাৰীয়ে দাবী ধমকি ভাবুকিৰে বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাট আৰক্ষী থানাৰ অধীনৰ সম্পূৰ্ণ ম্যাদী মাটিৰ এখন চাহ বাগিছা আজি প্ৰায় ২ বছৰ আগৰে পৰা একাংশ দুস্কৃতিকাৰীয়ে বেদখলৰ অপচেষ্টা চলাই আহিছিল কিন্ত প্ৰশাসন আৰু ন্যায়ালয়ৰ হস্তক্ষেপত মালিক পক্ষ ৰক্ষা পৰিছিল কিন্ত পুনৰ কেইদিনমানৰ আগৰ পৰা বেদখলকাৰী সকলে দাবী ধমকিৰে চাহপাত চিঙি বিক্ৰী কৰি থকাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হ’ল দুৰ্ভগীয়া বাগিছা খনৰ মালিক কন্দৰ্প গোঁহাই, তেঁও সংবাদমাধ্যমক জনোৱা অনুসৰি সাম্প্ৰদায়িক ৰূপ দি বেদখলকাৰী সকলে মাটি দখলৰ ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে।

তেঁও লগতে ৰাজনৈতিক প্ৰভাৱৰ বাবে আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ আগবাঢ়ি নাহে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সততেই জাতি মাটি ভেটিৰ শ্লগান দি থকা এই চৰকাৰৰ দিনত এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰই নিজৰ কষ্টোপাৰ্জিত ফচল খিনিৰ বাবে যুঁজ দিব লগা হোৱা ঘটনাই বৃহত্তৰ দুলীয়াজান আৰু চাবুৱা অঞ্চলৰ সচেতন লোক সকলক চিন্তিত কৰি তুলিছে।

কন্দৰ্প গোঁহাইৰ পৰিয়াললৈ ভয়াবহ ভাবুকি অহাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ যোগেদি জীৱনৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনায় কন্দৰ্প গোঁহাইৰ পত্নীয়ে।

Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন

Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন
Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন

নগাঁও জিলাৰ শালনা চাহ বাগিচাত(Nagaon news) অসম সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ আজি পুৱাৰ পৰা এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়। পুৱা শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সাংগঠনিক সম্পাদক দীপিকা নাথ, প্ৰকাশন সমিতিৰ আহ্বায়ক মহেশ নাথ, ঐতিহ্য ৰক্ষা সমিতিৰ উপ-সভাপতি সুৰজিৎ গোস্বামী, জিলা কাৰ্যনিৰ্বাহক সদস্য ৰাতুলেশ্বৰ গোস্বামী উপস্থিত হোৱাৰ পিছত মাদল বজাই, ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি আদৰণি জনায় আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াই ৪ জোপা বৃক্ষৰোপন কৰে। জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় দুই শতাধিক চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে।


চাহ জনগোষ্ঠীয় নেতা, প্ৰাক্তন চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সভাপতি সীমাঞ্চল দীগালে আদৰণি ভাষণ দিয়াৰ পিছত জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই চাহ জনগোষ্ঠীয়সকলক লৈ সাহিত্য সভাৰ শাখা খোলাৰ প্ৰয়োজন সম্পৰ্কে ব্যাখ্যা কৰে। সভাত সভাপতি ড০ বৰকটকীয়ে কয় যে চাহ জনগোষ্ঠী অসমৰ এক বৃহৎ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ভেটি শক্তিশালী কৰিছে। অসমীয়া সাহিত্য চহকী কৰা চাহ জনগোষ্ঠীৰ সাহিত্যিক সকলৰ বিষয়ে উল্লেখ কৰি ড০ বৰকটকীয়ে কয় যে নগাঁও জিলা সাহিত্য সভাই চাহ জনগোষ্ঠীৰ প্ৰতিভাবান নতুন লেখক-লেখিকাৰ লেখনি প্ৰকাশ কৰাৰ আঁচনি হাতত লৈছে। তদুপৰি চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। সভাত জিলা সাহিত্য সভাৰ উপ-সভাপতি নবীন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে। কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকা, সম্পাদক জগত মেধিয়েও উক্ত কাৰ্যসূচীত ভাগ লয়। নগাঁও জিলা চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, আদিভাষী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি, সম্পাদকেও এই সভাত অংশগ্ৰহণ কৰি সাহিত্য সভাৰ সভাপতি, সম্পাদকক আদৰণি জনায়। সভাত সকলোৰে সন্মতিক্ৰমে চাহ বাগিচা শাখা সাহিত্য সভাৰ সভাপতি মঙ্গল নায়ক আৰু সম্পাদক হিচাপে ৰাম বিকাশ তাঁতীক আৰু চাহ জনগোষ্ঠীৰ অন্যতম কবি প্ৰতিমা ৰাজৱাৰক পত্ৰিকা সম্পাদক হিচাপে নিৰ্বাচন কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীয়ে শুভেচ্ছা বাণী প্ৰেৰণ কৰে আৰু চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সভাপতি গোলাপ চন্দ্ৰ তংলাই অসম সাহিত্য সভাৰ লগত সম্পৰ্ক ৰক্ষা কৰি জনগোষ্ঠীৰ হৈ সাহিত্যৰ বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মঙ্গল নায়ক আৰু অঞ্জনা পাহাৰীয়াই ঝুমুৰ গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। সভাত জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ বাবে চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালক সভাপতি আৰু উদন চহৰীয়াক সম্পাদক হিচাপে লৈ এখন প্ৰস্তুতি সমিতি গঠন কৰা হয়।


প্ৰতিমা ৰাজৱাৰে শলাগৰ শৰাই আগবঢ়াই আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলে দীপিকা নাথৰ নেতৃত্বত জাতীয় সংগীত পৰিবেশন কৰে।উল্লেখযোগ্য যে কলিয়াবৰ শাখা সাহিত্য সভাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস এইবাৰ শালনাত অনুষ্ঠিত কৰিব বুলি শাখা সম্পাদক জগত মেধিয়ে ঘোষণা কৰে। নগাঁও জিলা সাহিত্য সভাই চাহ বাগিচাত শাখা মুকলি কৰি আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালে মন্তব্য কৰে। জিলা সাহিত্য সভাৰ তৰফৰ পৰা নতুনকৈ গঠিত প্ৰতিগৰাকী চাহ বাগিচা শাখা সাহিত্য সভাৰ বিষ়ববীয়াসকলক একোখনকৈ গ্ৰন্থ উপহাৰ দিয়ে।

Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ

Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ
Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ

প্ৰকাশ শাহুক আটক দুলীয়াজান আৰক্ষীৰ।(Duliajan News)

বৰডুবিৰ কেহাং বাগানৰ পৰা আটক।

উৰে নিশা দুলীয়াজান থানাৰ OC ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান।

প্ৰকাশ শাহুৰ সৈতে ৰিংকু ভ‌‍ত্ৰা নামৰ যুৱক জনক আটক।

তনু শ্বাহীয়ে ডিব্ৰুগড় SP ক দিয়া এজেহাৰত স্পষ্টকৈ লিখা আছিল প্ৰকাশ শাহুৰ নাম।

প্ৰকাশ চাহু দুলীয়াজানৰ আটছাৰ উপদেষ্টা আছিল।

Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ, শিৱমোগ্গা আৰু বাংগালুৰুত তিনিটা পৰিয়ালক সাক্ষাৎ

Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ
Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ বৈচাৰণ ভেলীত যোৱা(Pahalgam Attack)২২এপ্ৰিলত সন্ত্রাসবাদীৰ গুলীচালনতা নিহত সকলৰ নিকটাত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কৰ্ণাটত উপস্থিত হৈ তিনিটা পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে।


উদ্যোগ মন্ত্রী বড়াই আজি প্ৰথমে বাংগালুৰুৰ পৰা শিৱমোগ্গাত উপস্থিত হৈ পোনে পোনে পেহেলগামত নিহত মঞ্জু নাথ ৰাওৰ বাস গৃহলৈ গৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনৰ লগতে মৃতকৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বাস গৃহতে মন্ত্রী গৰাকীয়ে মঞ্জুনাথ ৰাওৰ পত্নী পল্লৱী ৰাওৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ হৈ সাহায্য ৰাশি পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে।মন্ত্রী বড়াই ৰাওৰ পৰিয়াল বৰ্গৰ সৈতে মত বিনিময়ো কৰে।


পিছ বেলা বাংগালুৰুত উপস্থিত হৈ উদ্যোগ মন্ত্রী বড়াই পেহেলগামৰ নাটকীয় ঘটনাৰ অন্যতম বলি ভাৰতভূষণ(৩৫) ৰ গৃহলৈ যায়। তাত পৰিয়াল বৰ্গক সাক্ষাৎ কৰে আৰু অসম চৰকাৰৰ তৰফৰ পৰা সাহায্য পূঁজিৰ পাচ লাখ টকাৰ চেক মৃতকৰ পত্নী সুজাতাৰ হাতত প্ৰদান কৰে।


ইয়াৰ পিছতে মন্ত্রী বড়াই সন্ত্ৰাসবাদীৰ হাতত নিহত চহৰখনৰ অন্য এগৰাকী ব্যক্তি তথা আই বিএমৰ জ্যেষ্ঠ স্থপতিবিদ চমিছেট্টি মধুসুদন ৰাৱৰ বাংগালুৰুস্হিত বাস গৃহত উপস্থিতহৈ পৰিয়াল বৰ্গক গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্রী গৰাকীয়ে ৰাৱৰ পত্নী কামাক্ষা হাতত অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা পাতলা টকাৰ চেক প্ৰদান কৰাৰ লগতে মত বিনিময়ো কৰে।মৃতকৰ পৰিয়ালক সাহায্যৰ ধন ৰাশি প্ৰদানৰ সময়ত মন্ত্রী বড়াৰ সৈতে অসম চৰকাৰৰ সচিব কৈলাশ কাৰ্তিকৰ উপস্থিত আছিল।

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ
Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

বি টি আৰৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় তথা নৱগঠিত(gureshwar news)গোৰেশ্বৰ বিধানসভা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিৰ অদক্ষতাৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্যপথ বিধস্ত হৈ পৰে। এজাক বৰষুণ দিলেই ঘৰৰ পৰা বিদ্যালয়-মহাবিদ্যালয়লৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি অন্যান্যসকলেও বাহিৰলৈ যাব নোৱাৰা পৰিস্থিতি হৈ আহে।

জানিব পৰামতে পথৰ দুৰৱস্থাৰ হেতুকে কেৰ্পাভিঠা, হাজালপাৰা, ৰং মহল, কাৰিপাৰা, ঢেপাৰগাঁ‌ও,বৰঘূলি, চেউনী,হাতীমূৰা, শিক্লীঝাৰ, গাৰোগাঁ‌ও আদি গাঁৱৰ বাসিন্দাৰ কোনো লোক টান নৰীয়াত পৰিলে চিকিৎসালয়লৈ নিবলৈ কেইবা মিটাৰ পথ সাঙি কৰি নিব লগা পৰিস্থিৰ সৃষ্টি হয়। অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই বৃহস্পতিবাৰে গোৰেশ্বৰৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ অভাৱ -অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে পদাৰ্পণ কৰাৰ সময়ত ৰাইজে বিশেষকৈ পথ যোগাযোগৰ বিষয়টো দৃষ্টিগোচৰ কৰে আৰু কেইবাটাও পথৰ দুৰৱস্থাও দেখুৱাই দিয়ে।

ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্যৰাখি অসম যুৱ আয়োগৰ সদস্য শৰ্মাই আজি উল্লেখিত গাওঁকেইখনৰ যাতায়ত বিঘ্নিত চুবুৰীকেইটাত সদ্যহতে যাতায়ত কৰিব পৰাকৈ শিল- বালিৰে মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে। স্থানীয় ৰাইজে শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশাংসা কৰাৰ লগতে পথ যোগাযোগৰ সমস্যা স্থায়ী সমাধানৰ দাবী জনায়। ৰাইজে আশীৰ্বাদ আৰু সহযোগিতা কৰিলে অনাগত দিনত গোৰেশ্বৰ অঞ্চলৰ পথ যোগাযোগৰ ব্যৱস্থা সূচল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।

Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ

Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ
Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ

২০২৪-২৫ চনৰ প্ৰথম ১০ মাহত পাকিস্তানে ১.৪৩ লাখ কোটি(Pakistan)টকাৰ (ভাৰতীয় মুদ্ৰাত) আন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰিছিল৷ ইয়াত অনুদানৰ লগতে ঋণো অন্তৰ্ভুক্ত কৰা হৈছে৷ পাকিস্তানৰ সংবাদ মাধ্যম ডনে দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ (ইএডি) এক প্ৰতিবেদনৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ঋণ আৰু অনুদানৰ বাবে পাকিস্তানৰ বাৰ্ষিক লক্ষ্য এতিয়াও পূৰণ হোৱা নাই৷ ইছলামবাদে অহা ৩০ জুনৰ ভিতৰত ৰ.৬৩ লাখ কোটি টকা লাভ কৰাৰ লক্ষ্য ৰাখিছে৷ এতিয়াও ২০ লাখ কোটি টকা বাকী আছে৷ পৰিসংখ্যাই দেখুৱাইছে যে পূৰ্বৰ বছৰৰ তুলনাত এই বছৰ ঋণ বা অনুদান লাভৰ ক্ষেত্ৰত পাকিস্তান পিছ পৰি আছে৷

চুক্তি অনুসৰি পাকিস্তানে চীন, ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা আৰ্থিক সাহায্য লাভ কৰে৷ জুলাইৰ পৰা এপ্ৰিলৰ ভিতৰত এই তিনিখন দেশৰ পৰা অতিৰিক্ত ঋণৰ পৰিমাণ আছিল ৫১.জ্জ্ব বিলিয়ন টকা৷ যিটো যোৱা বছৰৰ তুলনাত কমেও ১৫ শতাংশ কম৷ বিগত বছৰ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ বাৰ্ষিক লক্ষ্য আছিল ৰ.৪৯ লাখ কোটি টকা৷ আশা কৰা মতে তিনিখন দেশৰ বাহিৰেও বাহিৰৰ পৰা অতিৰিক্ত সাহায্য লাভ কৰিছে ৬০.জ্জ্ব হাজাৰ কোটি টকা৷ যোৱা ১০ মাহত পাকিস্তানে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় আৰ্থিক সাহায্যৰ ভিতৰত আছে ছৌদি আৰৱৰ পৰা ২ লাখ ৫৫ হাজাৰ কোটি টকা, সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ১৭ হাজাৰ কোটি টকা আৰু চীনৰ পৰা আন ২ লাখ ৫৫ হাজাৰ কোটি টকা৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি [আই এম এফ]ৰ পৰা পাকিস্তানে যি ঋণ লাভ কৰি আছে সেয়া এই হিচাপত অন্তৰ্ভুক্ত নহয়৷ আই এম এফে এক্সটেণ্ডেড ফাণ্ড ফেচিলিটি (ইএফএফ) প্ৰকল্পৰ অধীনত পাকিস্তানক ৫৯.৬ হাজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰিছে৷

যোৱা অক্টোবৰ মাহত তেওঁক দিয়া হৈছিল জ্জ্ব.প্ত বিলিয়ন টকা৷ এই মাহত পাকিস্তানে আই এম এফৰ পৰা আৰু ৮৫০ বিলিয়ন টকা লাভ কৰে৷ শনিবাৰে আই এম এফে কয় যে অহা বছৰৰ ফেডাৰেল বাজেট সন্দৰ্ভত পাকিস্তানৰ সৈতে আলোচনা অব্যাহত ৰাখিব৷ ২০২৫-চ্ছ বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত ১৯ মে’ৰ পৰা ইছলামবাগত উচ্ছ পৰ্যায়ৰ আলোচনা চলি আছে৷ অনি(য়তাৰ বাবে পাকিস্তান চৰকাৰে বাজেট ঘোষণা ১০ জুনলৈ পিছুৱাই দিছে৷ শনিবাৰে আই এম এফৰ পাকিস্তান মিছনৰ মুৰব্বীগৰাকীয়ে এক বিবৃতিত কয় যে বাজেটৰ ওপৰত শেহতীয়াকৈ হোৱা আলোচনা গঠনমূলক আছিল৷ অনাগত দিনত আমি এই আলোচনা অব্যাহত ৰাখিম৷’

Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত মৃত্যুবৰণ কৰা উত্তৰ(Minister Ranjit Kumar Das)প্ৰদেশৰ কানপুৰ চহৰৰ শুভম দ্বিবেদীৰ বাসগৃহলৈ গৈ ৰাজ্য চৰকাৰ তথা অসমবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন, ন্যায়িক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷

উল্লেখযোগ্য যে পেহেলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা আটাকেইগৰাকী ব্যাক্তিলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অসম কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী দাসে আজি উত্তৰ প্ৰদেশৰ কানপুৰৰ শ্যাম নগৰস্থিত প্ৰয়াত শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক ৰাজ্য চৰকাৰৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা প্ৰেৰণ কৰা এটা শোকবাণী পৰিয়ালক অৰ্পণ কৰাৰ লগতে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ত লাখ টকাৰ এখন চেক প্ৰদান কৰে৷ মন্ত্ৰী দাসে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণেৰে শ্ৰদ্ধা তৰ্পণ কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক একোখনকৈ গামোচাৰে সন্মান জনায়৷ প্ৰয়াত শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাতৰ সময়ত ৰাজ্য চৰকাৰৰ প্ৰধান সচিব দিবাকৰ নাথ মিশ্ৰও উপস্থিত থাকে৷

Pobitora Wildlife Sanctuary: পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা; ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি

Pobitora Wildlife Sanctuary: পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক - দৰ্শনাৰ্থীৰ সংখ্যা; ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
Pobitora Wildlife Sanctuary: পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক - দৰ্শনাৰ্থীৰ সংখ্যা; ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি

মহানগৰীৰ পাৰ্শ্ববৰ্তী পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত(Pobitora Wildlife Sanctuary)পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সংখ্যা। একেদৰে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি পাইছে।

ইফালে আজি ২০২৪-২৫ বৰ্ষৰ পৰ্যটন বৰ্ষৰ সামৰণিও পৰিছে। বিগত ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত পবিতৰা অভয়াৰণ্যত আৰম্ভ হৈছিল পৰ্যটক বর্ষ। বিগত ২০২৩-২৪ বৰ্ষতকৈ আজি সামৰণি পৰা পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। একেদৰে বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণো। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই জানিবলৈ দিয়া এইবেলি পৰ্যটন বর্ষত মুঠ ৩৪,৫৭৭ জন পৰ্যটকে অভয়াৰণ্যখন দৰ্শন কৰে।

ইয়াৰ ভিতৰত ৩৩,৯৪০ জন ভাৰতীয় আৰু ৬৩৭ জন বিদেশী পৰ্যটক আছিল। ইয়াৰ বিপৰীতে পৰ্যটক আৰু দর্শনাথীৰ পৰা সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৬১,৪৬,৪৭৫ টকা। ইয়াৰ আগতে ২০২৩-২৪ পর্যটন বৰ্ষত পবিতৰা দৰ্শন কৰা পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৩০,৩০৫ জন। ইয়াৰ ভিতৰত ২৯,৮১৫ জন ভাৰতীয় আৰু ৬.৪১ জন বিদেশী আছিল।

সেই পৰ্যটন বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৪,১৭,৩০০ টকা। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭ টা গঁড়, ১০০ ৰো অধিক ম’হ , বিভিন্ন প্ৰজাতিৰ হৰিণা, সৰীসৃপ জাতীয় প্ৰাণী আৰু দেশী – বিদেশী বিভিন্ন প্ৰজাতিৰ প্ৰায় ১১ হাজাৰ পক্ষী তথা চৰাই আছে।

ইয়াৰে ৮০ শতাংশ চৰাই পৰিভ্ৰমী আৰু বাকীখিনী স্থানীয় প্ৰজাতিৰ হোৱাৰ লগতে সেই চৰাইখিনীৰ বেছিভাগেই পানীত থকা মাছকে ধৰি জলজ প্ৰাণী , উদ্ভিদ খাই জীয়াই থকা চৰাই। আনহাতে পৰ্যটকৰ হাতী চাফাৰীৰ বাবে ১৪ টা হাতী আৰু জীপ চাফাৰীৰ বাবে ২০ খন জীপৰ ব্যৱস্থা আছে।

AASU: হেণ্ডকাফ কাণ্ডই উদঙালে আছুৰ ভিতৰচ’ৰাৰ আখেজ পূৰণৰ খেল !

AASU: হেণ্ডকাফ কাণ্ডই উদঙালে আছুৰ ভিতৰচ’ৰাৰ আখেজ পূৰণৰ খেল !
AASU: হেণ্ডকাফ কাণ্ডই উদঙালে আছুৰ ভিতৰচ’ৰাৰ আখেজ পূৰণৰ খেল !

দুলীয়াজানৰ তেল ডিপো কাণ্ডই নিত্য নতুন মোৰ লৈছে৷(AASU)তেল ডিপোত সংঘটিত অপ্ৰীতিকৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সন্ত্ৰাসবাদী অথবা চোৰ-ডকাইতৰ দৰে ব্যৱহাৰ কৰি হেণ্ডকাফ লগোৱাৰ কথাক লৈ ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আছুৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকক এনেদৰে হেণ্ডকাফ লগোৱাৰ কথাত আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অসন্তুষ্ট হৈ পৰিছিল৷ সেইবাবেই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ খুলিবলৈ কাঢ়া নিৰ্দেশ দিছিল৷ হেণ্ডকাফ বিতৰ্কই ৰাজ্য উত্তাল কৰি থকাৰ সময়তে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে এই বিষয়টোৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ কৰাৰ সময়তো পিছে একালৰ সতীৰ্থৰ এনে অপমানৰ সময়তো সম্পূৰ্ণ নিশ্চুপ হৈ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ কাণ্ডাৰীসকল৷ এই বিষয়ত দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাত এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে যেন সম্বিত ঘূৰি আহিল আছুৰ একাংশ নেতাৰ৷

সেইবাবেই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই আজি একালৰ সতীৰ্থ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিষয়টোত প্ৰতিবাদ কৰাৰ সলনি বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উগাৰিহে দিলে৷ বিভিন্নজনে কৰা মন্তব্য অনুসৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত প্ৰতিবাদ কৰাৰ সলনি শংকৰজ্যোতি বৰুৱাৰ প্ৰতি থকা তেওঁলোকৰ ব্যক্তিগত আখেজহে যেন পূৰণ কৰিবলৈ চেষ্টা কৰিলে৷ একাংশই এইবুলি চৰ্চা কৰিছে যে আৰক্ষীয়ে হেণ্ডকাফ পিন্ধাই অপমান কৰা শংকৰজ্যোতি বৰুৱাৰ এটা ব্যক্তিগত প্ৰসংগক আছুৰ নেতা দুগৰাকীয়ে আজি ৰাজহুৱাভাৱে পুনৰ সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলালে৷ আছু নেতা দুগৰাকীৰ এনে আচৰণে আছুৰ ভিতৰচ’ৰাৰ যে ব্যক্তিগত আখেজে ক্ৰিয়া কৰি আছে, সেয়াই প্ৰতিপন্ন কৰা বুলি বহুতে এতিয়া মন্তব্য কৰিছে৷ সংবাদ মাধ্যমৰ সন্মুখত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই একো একোগৰাকী ন্যায়াধীশৰ ৰূপত অৱতীৰ্ণ হোৱা বু্‌লিও বিভিন্নজনে এতিয়া চৰ্চা কৰিছে৷ ৰাইজৰ মাজত চৰ্চিত বিষয়টো হৈছে এয়াই যে আছুৰ এগৰাকী সদস্যাক বিবাহৰ প্ৰলোভনেৰে শংকৰজ্যোতি বৰুৱাই যৌন শোষণ চলাইছিল বুলি আছুৰ নেতা দুগৰাকীয়ে আজি একপ্ৰকাৰ ন-দি কোৱাৰ চেষ্টা চলালে৷ কিন্তু এগৰাকী অভিযুক্ত ব্যক্তিক যেতিয়ালৈকে আদালতে দোষী সাব্যস্ত নকৰে, তেতিয়ালৈকে তেনে এগৰাকী ব্যক্তিক কোনেও দোষী হিচাপে কাৰো সন্মুখতে উপস্থাপন কৰিব নোৱাৰে৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই তেওঁলোকৰ বক্তব্যত শংকৰজ্যোতি বৰুৱাক অভিযুক্ত বুলি উল্লেখ কৰিলে যদিও তেওঁলোকে এনে মনোভাৱ পোষণ কৰিলে যে শংকৰজ্যোতি বৰুৱা দৰাচলতে সেই ঘটনাটোত এগৰাকী দোষী সাব্যস্ত হোৱা ব্যক্তি৷ তেওঁলোকৰ বডী লেংগুয়েজ আৰু কথা কোৱাৰ ধৰণে সেয়াই প্ৰমাণ কৰিছে বুলি এতিয়া বিভিন্নজনে হাটে-বজাৰে আলোচনা কৰা পৰিলক্ষিত হৈছে৷ কেৱল সেয়াই নহয়, যি হেণ্ডকাফ বিতৰ্কক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই বিতৰ্কক লৈ উৎপল শৰ্মাই অতি তুলুঙা মন্তব্য কৰা বু্‌লি বহুতে আলোচনা কৰিছে৷ আছুৰ নেতা উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক লগোৱা হেণ্ডকাফক চিপজৰীৰ সৈতে তুলনা কৰিবলৈ গৈ সমগ্ৰ বিষয়টোক যে উৎপল শৰ্মাৰ দৰে ছাত্ৰনেতাই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ব্যক্তিগত আখেজ পূৰণ কৰিব বিচাৰি সম্পূৰ্ণ একপক্ষীয় স্থিতি গ্ৰহণ কৰিছে, সেয়াই স্পষ্ট কৰি তোলা বুলি বহুতেই এতিয়া আলোচনা কৰিছে৷ একেদৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ইমানদিনে বিষয়টোত মুখত পিঠা ভৰাই থাকি আজি হঠাতে ক’লে– আমাৰ পৰা প্ৰতিক্ৰিয়া বিচৰাটোৱেই ভুল৷

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ এনে মন্তব্যৰ জৰিয়তে শংকৰজ্যোতি বৰুৱাৰ প্ৰতি থকা আখেজ আৰু হেণ্ডকাফ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি থকা দল-সংগঠনসমূহক অপমান কৰা বুলি বহুতেই এতিয়া মুকলিকৈয়ে আলোচনা কৰা পৰিলক্ষিত হৈছে৷ অভিযুক্ত আৰু দোষী সাব্যস্ত হোৱা ব্যক্তিক একাকাৰ কৰিব বিচাৰি আছুৰ নেতাসকলে ৰাজ্যৰ বৃহত্তম ছাত্ৰ সংগঠনটোৰ ভিতৰচ’ৰাত যে নানান খেলিমেলি তথা ব্যক্তিগত আখেজ পূৰণৰ খেল চলি থাকে, সেয়াই প্ৰতিপন্ন কৰা বুলি বহুতে আলোচনা কৰিছে৷ লক্ষণীয় কথাটো হ’ল আছুৰ যিগৰাকী সদস্যাই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰিছিল, তেওঁক সমৰ্থন জনাই আছুৰ নেতাদ্বয়ে আজি বিভিন্ন কথা ক’লে যদিও আছুৱে বিষয়টোৰ তদন্তৰ বাবে গঠন কৰি দিয়া দহজনীয়া সমিতিয়ে কিয় আজিলৈকে দ্বিতীয়খন প্ৰতিবেদন মুকলি কৰা নাই বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে৷ যদি আছুৱে সমগ্ৰ বিষয়টো ইমান গভীৰভাৱে গ্ৰহণ কৰিছিলেই তেন্তে ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়া সমিতিয়ে দ্বিতীয়খন প্ৰতিবেদন দাখিলত কিয় ইমান বিলম্ব কৰিছে? নে আদালতৰ ৰায়দানৰ পিছতহে আছুৰ তদন্ত সমিতিয়ে দ্বিতীয়খন প্ৰতিবেদন প্ৰকাশ কৰিব?

এয়া আমাৰ প্ৰশ্ন নহয়, এইবোৰ প্ৰশ্ন এতিয়া মানুহৰ মুখে মুখে বাগৰি ফুৰিছে৷ যিবোৰ প্ৰশ্নৰ উত্তৰ হয়তো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ দৰে ছাত্ৰ নেতাসকলৰ পৰা এদিন ৰাইজে বিচাৰিব৷ আছুৰ দৰে এটা বৃহৎ সংগঠনৰ নেতৃত্ব বহন কৰাৰ পিছতো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰি হেণ্ডকাফ কাণ্ডক তুলুঙা কৰিব বিচৰা বুলি বহুতেই অভিযোগ কৰিছে৷ বহুতে এইবুলি কৈছে যে অভিযুক্তৰো কেতবোৰ মৌলিক অধিকাৰ থাকে৷ সন্ত্ৰাসবাদী নোহোৱাকৈ বা চোৰ-ডকাইত নোহোৱা সত্বেও শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে আছুৰ নেতা দুগৰাকীয়ে সাংগঠনিক দায়িত্ব পালন কৰিয়েই কিয় ঘটনাটোৰ প্ৰতিবাদ জনোৱাৰ সাহস গোটাব নোৱাৰিলে বুলি এতিয়া বহুতে প্ৰশ্ন কৰিছে৷ শংকৰজ্যোতি বৰুৱাক আজি পাকে-প্ৰকাৰে দোষী সজাবলৈ বিচাৰি আছুৰ নেতাসকলে আদালতকো চেৰাই গৈ নিজেই ন্যায়াধীশৰ ভূমিকাত অৱতীৰ্ণ হ’ব বিচাৰ বুলিও বহুতে ফিচিকা-ফিচিকি কৰিছে৷