Home Blog Page 290

Duliajan News: হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত বিপ্লৱ দাস

Duliajan News: হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত বিপ্লৱ দাস
Duliajan News: হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত বিপ্লৱ দাস

হোষ্টেলৰ ছাত্ৰীক অসৎ(Duliajan News)ইংগিত দি বিপদত বিপ্লৱ দাস নামৰ এজন যুৱক। ছাত্ৰী নিৱাসৰ খিৰিকীলৈ শিলগুটি দলিয়াই বিপ্লৱ দাসে দিয়ে অসৎ ইংগিত। উত্তেজিত ছাত্ৰীয়ে কৰায়ত্ব কৰি দিলে এসেকা, তাকে লৈ নিশা দুলীয়াজানত উত্তপ্ত পৰিস্থিতি।

দীৰ্ঘ দিনৰ পৰা কেইগৰাকীমান দুস্কৃতিকাৰীয়ে ছাত্ৰী নিৱাসৰ পাছফালে গৈ প্ৰথমে খিৰিকিলৈ শিলগুটি দলিয়াই, সুহুৰী মাৰি ছাত্ৰীসকলক অশ্লীল ইংগীত দি আহিছিল। কেতিয়াবা নিজৰ পেণ্ট খুলি শৰীৰৰ গোপনীয় অংগ দেখুৱাইছিল। শনিবাৰে নিশা দুস্কৃতিকাৰীক দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে এটা দুস্কৃতিকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

যুৱকজনে ব্যৱহাৰ কৰা AS06 Z 7683 বগা ৰঙৰ SUV 500 এখন বিলাসী বাহন আৰক্ষীয়ে জব্ধ কৰে। ধৃত যুৱক ডিব্ৰুগড় জিলাৰ জয়পুৰ নগাঘাট তান্তি পথাৰ অঞ্চলৰ বিপ্লব দাস বুলি জানিবলৈ পৰা গৈছে। শেহতীয়াকৈ ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ পৰিস্থতি নিয়ন্ত্ৰণ কৰে। ধৃত যুৱকজনক ৰাইজৰ ৰোষৰ পৰা ৰক্ষা কৰি দুলীয়াজানত আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

COVID-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ বৃদ্ধি পাইছে সংক্ৰমণ

COVID-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ বৃদ্ধি পাইছে সংক্ৰমণ
COVID-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ বৃদ্ধি পাইছে সংক্ৰমণ

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ।(COVID-19)

বেংগালুৰুত কৰ’নাত আক্রান্ত হৈ মৃত্যু এজনৰ।

কর্নাটকত কৰ’নাত আক্রান্ত হৈছে ৫জনকৈ লোক।

গুজৰাট, হাৰিয়ানা, কেৰালা, কর্নাটকতো বৃদ্ধি।

COVID-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ বৃদ্ধি পাইছে সংক্ৰমণ।

COVID-19ৰ সংক্ৰমণক লৈ উদ্বিগ্ন কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়।

দেশবাসীক সজাগ-সতর্ক হৈ থাকিবলৈ আহ্বান চৰকাৰৰ।

জনসাধাৰণক আতংকিত নহ’বলৈও আহ্বান।

ইতিমধ্যে দিল্লী চৰকাৰে জাৰি কৰিছে এক নির্দেশনা।

সকলো চিকিৎসালয় কর্তৃপক্ষক সাজু হৈ থকাৰ আহ্বান।

COVID-19ৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু থকাৰ নিৰ্দেশনা অক্সিজেন, ঔষধ, ভেকচিন উপলব্ধ কৰিবলৈ হাস্পতাল কর্তৃপক্ষক নির্দেশ।

BN Singh petrol pump: খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো

BN Singh petrol pump: খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ'ল ডিপো
BN Singh petrol pump: খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ'ল ডিপো

খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো।(BN Singh petrol pump)

চাৰি দিনৰ মূৰত খুলিল বিতৰ্কিত বি এন সিঙৰ পেট্ৰ’ল পাম্প।

আৰক্ষীৰ বেষ্টনীৰ মাজত পুনৰ মুকলি কৰা হ’ল পেট্ৰ’ল পাম্পটো।

দল-সংগঠনৰ প্ৰতিবাদত ২১ মে’ৰ পৰা বন্ধ হৈ আছিল ডিপোটো।

পেট্ৰ’ল ডিপোটোত সংঘটিত মাৰপিটক কেন্দ্ৰ কৰি বন্ধ হৈ পৰিছিল পাম্পটো।

ঘটনাৰ বাবে বৰ্তমানো ৰঙাঘৰত আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱা।

ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় দিনাত অসমৰ উদ্যোগৰ সম্ভাৱনা উজাগৰ: কাঁহৰ বাচন, নেমুটেঙাৰ ৰপ্তানি আৰু চাহ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ । Bimal Borah:

ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় দিনাত অসমৰ উদ্যোগৰ সম্ভাৱনা উজাগৰ: কাঁহৰ বাচন, নেমুটেঙাৰ ৰপ্তানি আৰু চাহ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ । Bimal Borah:

গুৱাহাটী, ২৪ মে’ ২০২৫: Bimal Borah ।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে আয়োজিত “ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন”ৰ দ্বিতীয় দিনাত অনুষ্ঠিত এক গুৰুত্বপূর্ণ আলোচনা সত্ৰত অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বড়াই ৰাজ্যৰ বৰ্ণাঢ্য উদ্যোগ সম্ভাৱনাৰ কথা গভীৰভাৱে উজাগৰ কৰে।

মন্ত্রী বড়াই তেওঁলোকৰ ভাষণত অসমত নিৰ্মিত কাঁহৰ বাচনসমূহৰ জিআই (Geographical Indication) টেগ লাভ কৰাৰ উল্লেখ কৰি কয় যে এই উন্নয়নে ৰপ্তানি বাণিজ্যৰ দিশে নতুন দুৱাৰ খুলিছে। তেওঁ লগতে কয় — নেমুটেঙাৰ দৰে কৃষিজাত সামগ্ৰীৰ লণ্ডনলৈ ৰপ্তানি ইতিমধ্যে আৰম্ভ হৈছে, যিয়ে অসমৰ আঞ্চলিক উৎপাদনক বিশ্ববাজারত স্থায়ী স্থান দিব পাৰিব।

উল্লেখযোগ্যভাৱে, মন্ত্ৰী বড়াই অসমৰ চাহ, হাতে বোৱা বস্ত্ৰ, কৃষিজাত সামগ্ৰী আৰু হস্তশিল্প আদিৰ সম্ভাৱনীয় ৰপ্তানি ক্ষেত্ৰবোৰৰ ওপৰত আলোকপাত কৰি অসমৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত ইয়াৰ গুৰুত্ব দাঙি ধৰে।

এই আলোচনা সত্ৰত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা লগতে ভাষণ প্ৰদান কৰি উত্তৰ-পূবৰ হাতে বোৱা বস্ত্ৰ শিল্পৰ চহকী পৰম্পৰা, ঐতিহ্য, আৰু বিশ্ববাজারত ইয়াৰ সম্ভাৱনীয়তা বিষয়ে মত ব্যক্ত কৰে। তেওঁ কয় –
“উত্তৰ-পূৱৰ থলুৱা বস্ত্ৰই দেশৰ ঐতিহ্য বহন কৰে। সঠিক পৰিকাঠামো, বিপণন আৰু নীতি-সহায়ৰ জৰিয়তে ইয়াক এক বিশ্বমানৰ বাণিজ্যিক সম্পদ ৰূপে গঢ়ি তোলা সম্ভৱ।”

অসমৰ চাহ উদ্যোগী প্ৰভাত বেজবৰুৱাই সাম্প্ৰতিক চাহ উদ্যোগৰ পৰিস্থিতি, ৰপ্তানিত মুখামুখি হোৱা চেলেঞ্জ আৰু সম্ভাৱনাৰ দিশত এক পৰিস্ফুট দৃষ্টিপাত কৰে।

এই আলোচনাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদও অংশগ্ৰহণ কৰি উত্তৰ-পূবৰ লগত কেন্দ্ৰীয় উদ্যোগ আৰু বিনিয়োগ নীতিৰ সংহতিৰ ওপৰত মত প্রকাশ কৰে।

উল্লেখযোগ্য যে এই দুদিনীয়া ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনত মন্ত্ৰী বিমল বড়াই বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ বিনিয়োগকাৰীসকলৰ সৈতে কেবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশ গ্ৰহণ কৰে। বৈঠকসমূহত তেওঁ অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ উদ্যোগ আৰু বাণিজ্যিক ক্ষেত্ৰত বিনিয়োগৰ সম্ভাৱনাৰ ওপৰত আলোচনা কৰে।

এই আলোচনাৰ জৰিয়তে ৰাজ্যখনৰ পৰম্পৰাগত আৰু আধুনিক উদ্যোগ একেলগে আগবাঢ়ি যোৱাৰ পথ উন্মোচন হৈছে বুলি মন্তব্য কৰিছে অংশগ্ৰহণকাৰীসকলে।

কৰ্ম জীৱনৰ পৰা ললে অৱসৰ ল’লে বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হাছেনে । Beshimari Madhya English School

কৰ্ম জীৱনৰ পৰা ললে অৱসৰ ল'লে বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হাছেনে । Beshimari Madhya English School
কৰ্ম জীৱনৰ পৰা ললে অৱসৰ ল'লে বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হাছেনে । Beshimari Madhya English School

২৪ মে’ ২০২৫ঃ Beshimari Madhya English School । দৰং জিলাৰ দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে ললে কৰ্ম জীৱনৰ পৰা অৱসৰ। শনিবাৰে ৰাতিপুৱা দহ বজাত বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় বিদায়ী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।

সভাত বৃহত্তৰ,শিলবৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধই শিক্ষক গৰাকীৰ অতীতৰ কৰ্মজীৱনৰ অতিবাহিত কৰা কথা স্মৰণ কৰি আবেগিক হৈ পৰে। বৃহত্তৰ শিলবৰীত ০১-০১-১৯৮৭ চন প্ৰতিষ্ঠিত বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ত পোন প্ৰথমে ১৯-০৩-১৯৯০ সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আব্দুল হাছেন যদিও কিছু দিন পিছত তেখেতে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিবলগীয়া হয়।খুব দুখ দূৰ্গতিৰ মাজেৰে বিনা চৰকাৰী বেতনে অঞ্চল খনৰ ছাত্ৰ ছাত্ৰী দি গ’ল শিক্ষা। সুদীৰ্ঘ ২৪ বছৰ চৰকাৰী মাননী নপোৱাকৈ শিক্ষক গৰাকীয়ে দি গল ছাত্ৰ-ছাত্ৰীক পাঠদান।

অৱশেষত ০১-০১- ২০১৩ চনত বিদ্যালয় প্ৰাদেশিক হ’ল।প্ৰধান শিক্ষকৰ দায়িত্ব ভাৰ লৈ অতিবাহিত কৰিলে ১২ বছৰীয়া চাকৰি জীৱন। এগৰাকী সহজ-সৰল,নম্ৰ প্ৰবৃত্তিৰ,শুৱলা কন্ঠৰ অধিকাৰী আৰু দায়িত্ববান ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয়ৰ মাজত আছিল অতি প্ৰিয় আছিল প্ৰধান শিক্ষক আব্দুল হাছেন মহাশয়। সুদীৰ্ঘ ছয়ত্ৰিশ বছৰ তেখেতৰ একনিষ্ঠা কৰ্মৰ ফলস্বৰূপে আজি সমাজত আলোকিত হৈছে বহুজন।কৰ্মজীৱনৰ অন্তিম বেলাত নিজৰ প্ৰিয় শিক্ষক গৰাকীক শ শ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নে বিদায় দি আবেগিক হৈ পৰে আৰু প্ৰিয় শিক্ষক গৰাকীক বিভিন্ন উপহাৰে উপচাই পেলায় ।

শনিবাৰে অনুষ্ঠিত এই বিদায়ী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক আব্দুৰ ৰহিম, সহকাৰী শিক্ষক ওমৰ আলী, বিজ্ঞান শিক্ষক নাজিৰ উদ্দিন আহমেদ,বিপিন চন্দ্ৰ নাথ, ফাতেমা বেগম,এলিজা বেগম,ছবিকুল ইছলাম,বেছিমাৰী প্ৰাথমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কাশেম আলী, নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফজৰ আলী, কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক ছামচুল হক,ছিৰাজুল হক হাইস্কুলৰ সহকাৰী শিক্ষক ওমৰ আলী,কেৰামত আলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কিয়ামত আলী,১নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাল উদ্দিন, শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুৰ ৰহমান, দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক আব্দুল বাৰি, আব্দুল ছাত্তাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাইফুল ইছলাম,ছাদিক জাহিৰ আব্বাছ,স্থানীয় সমাজকৰ্মী ৰফিকুল ইছলাম,ফক্কৰ উদ্দিন, আদি কৰি বহুকেইজন বিশিষ্ট মন্য গন্য ব্যক্তি, বিদ্যালয় খনৰ শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা, সহস্ৰাধিক স্থানীয় ৰাইজ আৰু বিদ্যালয় খনৰ বহু কন কন ছাত্ৰ ছাত্ৰী।

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

২৪ মে', কলিয়াবৰ :kaliabor । "ছাত্ৰ- ছাত্ৰীসকলে বিদ্যা অৰ্জনত অধিক গুৰুত্ব দিব লাগে। কিয়নো বিদ্যাই পৰম ধন।" কলিয়াবৰত আজি এই মন্তব্য কৰে বিশিষ্ট কবি তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে। কলিয়াবৰৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি আয়োজন কৰা অভিনন্দন অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যী অতীতৰ জ্ঞান অৰ্জনৰ প্ৰসঙ্গৰে বিদ্যা অৰ্জনৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ সভাপতি ৰবীন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে সমজিলা আযুক্ত ৰাজ বৰুৱাই।
শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

২৪ মে’, কলিয়াবৰ :kaliabor । “ছাত্ৰ- ছাত্ৰীসকলে বিদ্যা অৰ্জনত অধিক গুৰুত্ব দিব লাগে। কিয়নো বিদ্যাই পৰম ধন।” কলিয়াবৰত আজি এই মন্তব্য কৰে বিশিষ্ট কবি তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে।
কলিয়াবৰৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা অভিনন্দন অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যী অতীতৰ জ্ঞান অৰ্জনৰ প্ৰসঙ্গৰে বিদ্যা অৰ্জনৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ সভাপতি ৰবীন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে সমজিলা আযুক্ত ৰাজ বৰুৱাই।

বৰুৱাই বৰ্তমান সময়ৰ লগত খাপ খোৱাই নিজকে প্ৰস্তুত কৰি ন-ন উদ্ভাৱনী প্ৰক্ৰিয়াৰ দ্বাৰা অনাগত দিনত মানৱ সম্পদ ৰূপে গঢ় দিবলৈ উচ্চ শিক্ষা গ্ৰহণৰ দুৱাৰ দলিত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীসকল আহ্বান জনায়। তাৰ বাবে হাতত থকা ম’বাইল ফোনটো সততাৰে এক উপযুক্ত সমল হিচাপে ব্যৱহাৰ কৰিব পাৰি বুলিও কয়। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শ‌ইকীয়া, সম্পাদক মোহন শইকীয়া, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি নৱীন বৰঠাকুৰ, প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মা, বিদ্যালয়ৰ অধ্যক্ষা ৰাণু শ‌ইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসহ গণ্য-মান্য ব্যক্তিয়ে অংশ লোৱা সভাখনিত শিক্ষাবিদ ৰেৱন চন্দ্ৰ নাথ স্মৃতি ন্যাস বঁটা প্ৰদান কৰা হয় কলিয়াবৰ সমজিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰী স্বীকৃতি বৰা (চেন্ট ৰবাৰ্টছ স্কুল), সুস্মিতা ভূঞা স্মৃতি ন্যাসৰ বঁটা প্ৰদান কৰা হয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰ হেমন্ত ভাগৱতী আৰু বিদ্যালয়ৰে সমজিলাৰ উচ্চতৰ মাধ্যমিকৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰী হিমাশ্ৰী পাঠকক বিদ্যালয়খনৰ ৰেক্টৰ তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই আগবঢ়োৱা নগদ মাননিৰ বিশেষ বঁটাৰে অভিনন্দন জনোৱা হয। সভাত বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰী মুঠ ৬১ গৰাকী আৰু প্ৰথম বাৰ অৱতীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিকৰ ৩৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয। শিক্ষক, ছাত্ৰ, অভিভাৱকে অংশ লোৱা সভাখনিত উদীয়মান গায়ক জিষ্ণুব্ৰত শ‌ইকীয়া আৰু শিক্ষক হিমন্ত গোস্বামীয়ে গীত পৰিৱেশন কৰি শ্ৰোতাক বাৰুকৈ মুগ্ধ কৰে। সমবেত সংগীতে আৰম্ভ হোৱা সভাখনিৰ বিভিন্ন কাৰ্যক্ৰমনিকাৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক দেৱাশিস গোস্বামী আৰু শঙ্কৰ বৰঠাকুৰে।

USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)

USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)
USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)

২৪ মে’ ২০২৫:University of Science and Technology Meghalaya (USTM)-এ আজিৰ দিনটোত ৰূপালী জয়ন্তীৰ অংশ হিচাপে এক বিশেষ অনুষ্ঠান — Parents-Management Meet— আয়োজন কৰি পিতৃ-মাতৃ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত সহযোগিতা আৰু বিশ্বাসৰ বন্ধন অধিক সুদৃঢ় কৰাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিলে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে এই সভাত অংশগ্ৰহণ কৰে। সভাত বিশ্ববিদ্যালয়ৰ মাননীয় আচার্য মহবুবুল হক, উপাচাৰ্য প্ৰফেছাৰ জি. ডি. শৰ্মা, উচ্চপদস্থ বিষয়া, শিক্ষকবৃন্দ আৰু পৰিচালন পৰিষদৰ সদস্যসকলেও উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অঞ্জু হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰি পিতৃ-মাতৃসকলক স্বাগতম জনায় আৰু USTM-লৈ যি ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এই সভাৰ মূল উদ্দেশ্য আছিল – পিতৃ-মাতৃ আৰু বিশ্ববিদ্যালয়ৰ মাজত সৰল সংলাপৰ মাধ্যমত শিক্ষাৰ গুণমান, ছাত্ৰ-ছাত্ৰীৰ মানসিক, শারীৰিক আৰু নৈতিক বিকাশ, লগতে ভবিষ্যৎ পেচাগত জীৱনৰ বাবে যৌথভাৱে আগবাঢ়ি যোৱা পথবোৰক দৃঢ় কৰা।

উপাচাৰ্য প্ৰফেছাৰ জি. ডি. শৰ্মাই কয়:
“অভিভাৱকসকলৰ আন্তৰিক সহযোগিতা আৰু আগ্ৰহেই বিশ্ববিদ্যালয়ক উচ্চতালৈ আগবঢ়াই লৈ গৈছে।”

আচার্য মহবুবুল হকে তেওঁৰ ভাষণত উল্লেখ কৰে:
“এই ধৰণৰ বৈঠকে বিশ্বাস, সঁজুলিৰ বিনিময় আৰু সহানুভূতিৰ এক পৰিৱেশ গঢ়ি তোলে, যিয়ে অভিভাৱক আৰু প্ৰতিষ্ঠানৰ মাজত যোগাযোগ অধিক মজবুত কৰে।”
তেওঁ লগতে কয় – “পিতৃ-মাতৃসকলে এই মঞ্চৰ জৰিয়তে নিজৰ সন্তানৰ শিক্ষাগত অগ্ৰগতি, ব্যৱহাৰ আৰু বিশ্ববিদ্যালয়ত কৰা গঠনমূলক কাৰ্যসূচীৰ বিষয়ে জানিবলৈ সক্ষম হৈছে।”

এই অনুষ্ঠানত পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানে UGC-NET পৰীক্ষাত কৰা সফলতাৰ বাবে বিশ্ববিদ্যালয়ৰ অধ্যাপনা আৰু পৰিচালন পদ্ধতিক গভীৰ প্ৰশংসা কৰে। তেওঁলোক কয় – “এই ধৰণৰ গুণগতমানৰ শিক্ষা আৰু সম্পূর্ণ বিকাশৰ বাবে USTM উত্তৰ-পূবৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এক আদৰ্শ শিক্ষা প্ৰতিষ্ঠান।”

এক অভিভাৱকে মন্তব্য কৰে:
“শিক্ষাৰ সৈতে সংগতি ৰাখি খেলাধুলাৰ ক্ষেত্ৰতো সমান্তৰাল উন্নয়ন হওয়া উচিত। USTM-ৰ একাডেমিক মান উচ্চ, এতিয়া আমিও বিচাৰো এই প্ৰতিষ্ঠানৰে পৰা অলিম্পিকলৈ যোৱাৰ পথ প্ৰস্তুত হৌক।”
তেওঁলোকে মেঘালয় চৰকাৰলৈ আহ্বান জনায়, ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কিছু অংশ যেন USTM ৰ ক্ৰীড়া ময়দানত অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানখনত বিশেষভাৱে উদ্বোধন কৰা হয় “PIMC Health Card”। এই কাৰ্ডৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকে PA Sangma International Medical College and Hospital-ত ৰেহাই মূল্যত স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব।

এই Parents-Management Meet-এ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে – পিতৃ-মাতৃ আৰু শিক্ষাপ্ৰতিষ্ঠানৰ মাজত সহযোগিতা থাকিলে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন অধিক উজ্জ্বল আৰু সাফল্যমণ্ডিত হয়। USTM-এ এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা ক্ষেত্ৰত এক নতুন দিশ দাঙি ধৰিছে।

Yoga and mental stress relief: ৰাণীত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক শিবিৰ

Yoga and mental stress relief: ৰাণীত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক শিবিৰ
Yoga and mental stress relief: ৰাণীত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক শিবিৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(Yoga and mental stress relief)চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয় চৌহদত অমৃতা বিশ্ববিদ্যালয়ৰ উদ্যোগত ২৩ মে’ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক এক শিবিৰ অনুষ্ঠিত হয়।

১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট আৰু অভিজ্ঞ প্ৰশিক্ষক ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ভাগ লোৱা সকলোকে শৰীৰ ভালে ৰাখি যোগাসনৰ দ্বাৰা মানসিক চাপ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰ কলা কৌশল প্ৰদান কৰা হয়। শিবিৰত আধুনিক যুগৰ মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ যোগাভ্যাসক দৈনন্দিন জীৱনৰ এক অংগ কৰাৰ লগতে ইয়াৰ পৰা লাভ কৰা উপকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইয়াৰ উপৰিও শিবিৰত ভাগ লোৱা সকলোকে আসন , প্ৰণায়াম আৰু ধ্যান আদিৰ কৌশল সমূহ কেনেকৈ আয়ত্ব কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হয়। এই সন্দৰ্ভত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই কয় যে – পৰিবৰ্তিত পৃথিৱীখনত মানসিক চাপ কিদৰে নিয়ন্ত্ৰণত ৰাখি এটা সুস্থ – সৱল জীৱন কটাব পাৰি তাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছিল। অমৃতা বিশ্ববিদ্যালয়ে আমাৰ ইয়াত আহি এনে ধৰণৰ শিবিৰৰ আয়োজন কৰা বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শিবিৰত চি আৰ পি এফৰ বহু বিষয়া – জোৱানে ভাগ লয়।

AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া

AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া
AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া

প্ৰথমবাৰৰ বাবে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া প্ৰকাশ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই বহু কয়-(AASU)

‘যৌন নির্যাতন চলোৱা নেতাৰ পক্ষত নাথাকে আছু’

‘বহিষ্কাৰৰ ভয়ত আছুৰ পৰা একপ্ৰকাৰে পলাই যাব লগা হৈছিল শংকৰজ্যোতি বৰুৱা’

‘বিয়াৰ প্রলোভনেৰে এগৰাকী আছু কর্মীক যৌন নির্যাতন চলাইছিল তেওঁ’

‘আপোনালোকে হেণ্ডকাফ ডাল দেখিছে, আমি যুৱতীগৰাকীৰ ছীপজৰীডালো দেখিছো’

‘বিয়াৰ প্রলোভনেৰে তেওঁ এগৰাকী আছু কর্মীক যৌন নির্যাতন চলাইছিল’

‘তেওঁ আছু এৰিলেও ছাত্ৰীগৰাকী এতিয়াও আছুতে আছে’

‘তেনেস্থলত শংকৰজ্যোতি বৰুৱাই আছুৰ পৰা একো আশা নকৰাই ভাল’

‘যৌন নির্যাতন চলোৱা যুৱকৰ প্ৰতি আছু দায়ৱদ্ধ নহয়’

‘হেণ্ডকাফ ডাল সকলোৱে দেখিছে, আমি যুৱতীগৰাকীৰ ছীপজৰীডালো দেখিছো’

‘জাতিক লৈ যদি যুৱতীগৰাকীয়ে মন্তব্য কৰিছে তাৰ শাস্তি তেওঁ পাব লাগিব’

এনে প্ৰেক্ষাপটত আছুৰ পৰা প্ৰতিক্ৰিয়া আশা নকৰিবলৈ আহ্বান উৎপল শৰ্মাৰ।


India Pakistan News: আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম

India Pakistan News: আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম
India Pakistan News: আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম

সিন্ধু জল চুক্তিক লৈ পুনৰ ভাৰতক ভাবুকি পাকিস্তানৰ৷ (India Pakistan News) শেহতীয়াকৈ পাকিস্তান সেনাৰ মুখপাত্ৰ লেফ্‌টেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে এটা কাৰ্যসূচীত ভাষণ দি ভাৰতক কয় যে, ‘আপোনালোকে যদি আমাৰ পানী বন্ধ কৰি দিয়ে তেন্তে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম৷’ প্ৰসংগক্ৰমে শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছয়ীদে একে সুৰতে ভাৰতক সকীয়াই দিয়া শুনা গৈছিল৷ নতুন দিল্লীয়ে পাকিস্তানী সেনাপ্ৰধানগৰাকীৰ এই হিংসাত্মক মন্তব্যক প্ৰৰোচনা হিচাপে লৈছে৷ অৱশ্যে এই বিষয়ত ভাৰতে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজে বাৰে বাৰে ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে উত্তেজক মন্তব্য আগবঢ়াইছে৷(Will Stop India’s Breath)

ভাৰতৰ বহুতেই বিশ্বাস কৰে যে তেওঁৰ মন্তব্য আৰু পাকিস্তানৰ এজন শীৰ্ষ সামৰিক বিষয়াৰ মন্তব্যৰ সঠিক মিলে সেই দেশত উগ্ৰপন্থী-সামৰিক গোপন বুজাবুজিৰ অনস্বীকাৰ্য প্ৰমাণ৷ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত চ্ছজন লোক নিহত হৈছিল৷ এই ঘটনাত পাকিস্তানৰ পৃষ্ঠপোষকতাত উগ্ৰপন্থী জড়িত থকাৰ ইংগিত পোৱাৰ পিছত নতুন দিল্লীয়ে ইছলামবাদৰ সৈতে সিন্ধু জল ভাগ-বতৰা চুক্তি স্থগিত ৰাখিছিল৷ এই চুক্তিখন দুয়োখন দেশৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হৈছিল যাতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানী দুয়োখন দেশৰ মাজত কেনেদৰে বিতৰণ কৰা হ’ব সেইটো চূড়ান্ত কৰা হয়৷ এই চুক্তিত বিশ্ব বেংকে মধ্যস্থতাৰ ভূমিকা পালন কৰিছিল৷ চুক্তি অনুসৰি দুয়োখন দেশে পানী ধৰি ৰখা আৰু এৰি দিয়াৰ পৰিসংখ্যা ইজনে সিজনৰ লগত ভাগ-বতৰা কৰাৰ কথা৷ কিন্তু পেহেলগাম কাণ্ডৰ পিছত ভাৰতে স্পষ্ট কৰি দিছে যে একে সময়তে তেজ আৰু পানী বৈ যাব নোৱাৰে৷ ভাৰতৰ এই কূটনৈতিক কৌশলৰ বাবে ইছলামবাদ কিছু অসুবিধাৰ সন্মুখীন হৈছে৷

দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি থকাৰ পিছতো ভাৰতে এই চুক্তি পুনৰ কাৰ্যকৰী কৰাৰ কথা এতিয়াও ঘোষণা কৰা নাই৷ সিন্ধু জল সন্ধি সন্দৰ্ভত পাকিস্তানে দিয়া ভাবুকি নতুন নহয়৷ এপ্ৰিল মাহৰ শেষৰ ফালে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে পাকিস্তানৰ শাসকীয় মিত্ৰজোঁটৰ মিত্ৰ পাকিস্তান পিপ’লছ পাৰ্টীৰ নেতা বিলোৱাল ভূট্টো জৰ্দাৰীয়ে কয় যে সিন্ধ আমাৰ৷ ‘হয়তো আমি প্ৰাপ্য পানী সিন্ধু নদীৰ মাজেৰে আহিব, নহয় তেওঁলোকৰ [ভাৰতীয়] তেজ সিন্ধু নদীৰ মাজেৰে বৈ যাব৷’ এইবাৰ পাকিস্তান সেনাৰ মুখপাত্ৰই প্ৰায় একে ধৰণৰ সতৰ্কবাণী দিয়াৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷