Home Blog Page 291

CDSCO: বাতিল হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ

CDSCO: বাতিল হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ
CDSCO: বাতিল হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ

বাতিল কৰা হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ৷ (CDSCO) নিষিদ্ধ সামগ্ৰীৰ তালিকাত ১৯৬টা ঔষধ, বেজী, প্ৰসাধন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ চিডিএছচিঅ’ই প্ৰতি মাহে বিভিন্ন ঔষধৰ গুণগত মানো পৰীক্ষা কৰে৷ এইবাৰ কেন্দ্ৰীয় ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচনে [CDSCO] প্ৰায় ২০০টা ঔষধ আৰু বেজী একেলগে বাতিল কৰিছে৷ বাতিল কৰা কিছুমান ঔষধ জ্বৰ, চৰ্দি, কাহৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ আনহাতে, কিছুমান উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কেৱল সেয়াই নহয়, এই তালিকাত প্ৰসাধন সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে৷

নতুনকৈ বাতিল কৰা প্ৰতিটো ঔষধেই সুপৰিচিত আৰু বহুলভাৱে ব্যৱহৃত ঔষধ৷ নিষিদ্ধ সামগ্ৰীৰ তালিকাত ১৯৬টা ঔষধ, বেজী, প্ৰসাধন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ চিডিএছচিঅ’ই প্ৰতি মাহে বিভিন্ন ঔষধৰ গুণগত মানো পৰীক্ষা কৰে৷ ঔষধৰ এটা গোট পৰীক্ষা কৰা হয় যে ই কিছুমান নিৰ্দিষ্ট মান পূৰণ কৰে নেকি৷ ইয়াৰ পিছত ঔষধৰ অনুমোদন দিয়া হয়৷ চিডিএছচিঅ’ই প্ৰতি মাহে নন-ষ্টেণ্ডাৰ্ড কুৱেলিটি [এনএছকিউ] সামগ্ৰীৰ তালিকাও প্ৰকাশ কৰে৷ এপ্ৰিল মাহৰ এন এছ কিউ তালিকাত অন্তৰ্ভুক্ত কিছুমান ঔষধ হৈছে ‘ফি’ড ড’জ কম্বিনেচন’ [এফ ডি চি] ঔষধ৷ যিবোৰ ঔষধত দুটা বা তাতকৈ অধিক ঔষধৰ উপাদানৰ সংমিশ্ৰণ এটা নিৰ্দিষ্ট অনুপাতত থাকে, সেইবোৰক এফ ডি চি ঔষধ বোলা হয়৷

জনপ্ৰিয় ভাষাত ইহঁতক ‘ককটেল’ ড্ৰাগ্‌ছ বুলিও ক’ব পাৰি৷ এই তালিকাত পেৰাচিটামলৰ দৰে ঔষধৰ লগতে কাহৰ চিৰাপ আৰু এণ্টি এলাৰ্জী ঔষধো সন্নিৱিষ্ট কৰা হৈছে৷ পুনৰ ‘মামাআৰ্থ’ নামৰ প্ৰসাধন কোম্পানীটোৰ সামগ্ৰীসমূহো গুণগত মানৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে বাতিল কৰা হৈছে৷ দেশৰ অন্যতম শীৰ্ষ ঔষধ নিয়ন্ত্ৰণ সংস্থা কেন্দ্ৰটোৱেও ডেকা-ডুৰাবলিন বেজীৰ এটা বেচ নিষিদ্ধ কৰিছে৷ এই বেজীৰে ৰক্তহীনতা নিয়ন্ত্ৰণ কৰা হয়৷ ২০২৫ চনৰ এপ্ৰিল মাহৰ এন এছ কিউ তালিকাত থকা ঔষধৰ নমুনাৰ ভিতৰত ৬০টা কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰত আৰু ১৩৬টা বিভিন্ন ৰাজ্যৰ ঔষধ পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছিল৷

Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল

Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল
Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল

জালুকবাৰীস্থিত অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ত(Covid 19 Assam)আন্তঃৰাষ্ট্ৰীয় মানৰ ৰসায়নাগাৰ মুকলি কৰা হয়৷ এই ৰসায়নাগাৰটো শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে৷ এই লেবত বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ গুণাগুণ পৰীক্ষা কৰা হ’ব৷

ভেজাল বা নিম্ন মানৰ ঔষধ এই লেবত ধৰা পৰিব৷ ইয়াৰ ফলত লাভৱান হ’ব সাধাৰণ ৰাইজৰ৷ এই লেবটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক লেব৷ ২২ কোটি টকাৰ পৰীক্ষণ সা-সঁজুলিৰে নিৰ্মাণ কৰা ৰসায়নাগাৰটোত হাজাৰ হাজাৰ নমুনা পৰীক্ষা কৰিব পাৰিব৷ বজাৰত উপলব্ধ নানাৰঙী ফল-মূলক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী অশোক সিংহলে৷ উক্ত বিষয়ত মন্তব্য কৰি তেওঁ কয় যে যিকোনো ফল-মূলৰ প্ৰথম ছেম্পল টেষ্ট কৰাটো তেওঁলোকৰ দায়িত্ব যদিও দ্বিতীয় চেম্পলটোৰ ক্ষেত্ৰত সম্পূৰ্ণ কৃষি বিভাগৰ দায়িত্বত পৰে৷

এইক্ষেত্ৰত বিক্ৰেতাসকলতকৈ যিসকলে ফল-মূলবোৰ উৎপাদন কৰে তেওঁলোকহে এই ক্ষেত্ৰত দায়ী বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন ঠাইত পুনৰ আগমন ঘটিছে মাৰাত্মক ক’ভিডৰ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ গাইডলাইন বা নিৰ্দেশনা অহা নাই বুলি জনায় মন্ত্ৰীগৰাকীয়ে৷ তথাপি ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈ থকা বুলিও কয় মন্ত্ৰী অশোক সিংহলে৷

sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত

sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত
sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত

দুলীয়াজানৰ এটা পেট্ৰ’ল ডিপো৷ ৰাজ্যৰ আন দহটা(sankarjyoti baruah)পেট্ৰ’ল ডিপোৰ দৰেই দুলীয়াজানৰ সেই পেট্ৰ’ল ডিপোটোৱেই গ্ৰাহকক তেলৰ যোগান ধৰি আহিছিল৷ কিন্তু দুলীয়াজানৰ এই পেট্ৰ’ল ডিপোটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ এই পেট্ৰ’ল ডিপোটোত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ ঘটনাটো ইমানতে অন্ত পৰিলে হয়তো বিষয়টোও তল পৰিলহেঁতেন৷ কিন্তু শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ উজনি অসমতে এতিয়া এক নব্য জাতীয়তাবাদী ঢৌৱে গা কৰি উঠিছে৷ ইয়াৰ ফলতে আজি দুলীয়াজান বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়৷ দুলীয়াজানৰ তেল ডিপোটোত প্ৰথমাৱস্থাত যি কাজিয়াৰ সূত্ৰপাত ঘটিছিল, সেই কাজিৰ সৈতে নিঃসন্দেহে অসমীয়া জাতীয়তাবাদৰ কোনো সম্পৰ্ক নাই৷ কিন্তু ৰাজনৈতিক কাৰণতেই হওক বা আন কোনো কাৰণতেই হওক সেই ঘটনাৰ সৈতে এতিয়া অসমীয়া জাতীয়তাবাদ জড়িত হৈ পৰা পৰিলক্ষিত হৈছে৷ দুলীয়াজানৰ স্থানীয় একাংশ লোকে প্ৰকাশ কৰা তথ্য অনুসৰি তেল ডিপোটোত সংঘটিত কাজিয়াৰ ঘটনাটো সম্পূৰ্ণৰূপে দুগৰাকী অনা-অসমীয়া ব্যৱসায়ীৰ মাজত হোৱা কাজিয়া আছিল আৰু সেই কাজিয়া সম্পূৰ্ণ পাৰিবাৰিক বিবাদৰ ফলশ্ৰুতি আছিল বুলি বহুতে মন্তব্য কৰিছে৷(BN Singh petrol pump)

সেইদিনা আৰ কে সিঙৰ পুত্ৰ ৰিতেশ সিঙৰ পত্নী মুস্কান আৰু কিৰণ সিঙৰ কন্যা তনু শ্বাহীৰ মাজত তেল ডিপোটো লীজত লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল৷ বহুতে অভিযোগ কৰা অনুসৰি ৰিতেশ সিঙৰ ফৈদটোৱে তেল ডিপোটোৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ মাৰপিটৰ ঘটনাত জড়িত হৈ পৰিছিল৷ সেই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ এই কথাৰ পৰা স্পষ্ট হৈ পৰে যে সেই ঘটনাৰ সৈতে অসমীয়া জাতীয়তাবাদীৰ কোনো সম্পৰ্ক নাছিল৷ কিন্তু ঘটনাৰ এজাহাৰত কিদৰে শংকৰজ্যোতি বৰুৱাৰ নাম সোমাল সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে৷ এই কথা বহুতে প্ৰকাশ কৰিছে যে তনু শ্বাহীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ কৰিছে৷ কিন্তু সেইগৰাকী তনু শ্বাহীয়েই পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱা সেই স্থানলৈ অহাৰ বাবে তেওঁ সাহস পোৱা বুলিও বিপৰীতমুখী মন্তব্য কৰিছে৷ এনে কথাৰ পৰা বহুতে অনুমান কৰিছে যে এই ঘটনাৰ সৈতে শংকৰজ্যোতি বৰুৱাক সাঙুৰি লোৱাৰ আঁৰত নিঃসন্দেহে কোনো বিশেষ শক্তিৰ হাত আছে৷ (Duliajan)

দৈনন্দিন বাৰ্তাৰ কাকতত প্ৰকাশিত প্ৰতিবেদনত আমি এই কথা কৈছিলো যে দুলীয়াজানত এতিয়া শংকৰজ্যোতি বৰুৱাৰ উত্থানত বহু লোক শংকিত হৈ পৰিছে৷ বিশেষকৈ ৰাজনৈতিক কাৰণতে তেনেদৰে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সেই বিশেষ চক্ৰটো তৎপৰ হৈ পৰা বুলি বহুতে চৰ্চা কৰিছে৷ এনে সময়তে তেল ডিপোৰ এটা সাধাৰণ ঘটনাক লৈ উজনি অসমত শেহতীয়াকৈ যি জাতীয়তাবাদী ঢৌ প্ৰৱাহিত হৈছে সেয়া নিঃসন্দেহে এক লক্ষণীয় বিষয়৷ আজি দুলীয়াজান বন্ধৰ সময়ত প্ৰতিবাদ কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ ঘটনাক্ৰমক এক নতুন ৰূপ প্ৰদান কৰিছে৷ ইপিনে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে সাধাৰণ চোৰ, ডকাইত অথবা সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰি হেণ্ডকাফ লগোৱাৰ কথাটোৱে বহু অসমীয়াৰ মনত আঘাত দিছে৷ ইয়াৰ পৰিণতিতে সমগ্ৰ উজনি অসমতে অসমীয়া জাতি প্ৰেমে নতুন ৰূপত মূৰ দাঙি উঠিছে৷ লক্ষণীয় কথাটো হ’ল শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ পিছতে বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ খুলি দিবলৈ ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিছিল৷

মন্ত্ৰী পীয়ূষ হাজৰিকাইও দুলীয়াজানৰ ঘটনাটোত উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ গৌৰৱ গগৈয়েও এই বিষয়টোত কঠোৰভাৱে মাত মতা পৰিলক্ষিত হৈছে৷ একেদৰে ৰাইজৰ দলৰ নেতা অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰাক্তন আলফা নেতা অনুপ চেতীয়া, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে ধৰি বহুতে শংকৰজ্যোতি বৰুৱাৰ প্ৰতি আৰক্ষীয়ে কৰা আচৰণক গৰিহণা দিছে৷ কিন্তু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই মুখত পিঠা ভৰাই থকাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে৷ সৌ সিদিনালৈকে শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল৷ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগোৱাৰ পিছতো আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক সমীৰণ ফুকন, সভাপতি উৎপল শৰ্মা আদি নেতাসকলে নিৰাপদ দূৰত্বত অৱস্থান কৰি সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে৷ এই কথাই এতিয়া হিন্দী লবীৰ সৈতে আছুৰ এইসকল নেতাৰ কোনো গোপন সম্পৰ্ক থাকিব পাৰে বহুতে সন্দেহ ব্যক্ত পৰিলক্ষিত হৈছে৷ একাংশ নাম প্ৰকাশক অনিচ্চুক প্ৰকাশ কৰা অনুসৰি দুলীয়াজানৰ হিন্দী লবীটোৰ পৰা একাংশ ছাত্ৰ নেতাই বিভিন্ন ধৰণে লাভাৱাম্বিত হৈ থকা বাবেই শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ঘটা ঘটনাত সম্পূৰ্ণ চকু মুদা কুলিৰ ভাওঁ জুৰি আছে৷ তপন গগৈৰ দৰে নেতাইও বিষয়টোত টু শব্দ এটা নকৰাৰ কথাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি এইসকল ছাত্ৰ নেতাই তেওঁলোকৰ পূৰ্বৰ সতীৰ্থক কৰা অপমানৰ সময়ত এষাৰো মাত নিদিয়াৰ পৰাই এই কথা বুজিব পাৰি যে সাধাৰণ অসমবাসীৰ বাবে তেওঁলোকে কি কৰিব৷

আন একাংশ লোকে এইবুলিও কৈছে যে যিটো সময়ত অসমীয়া জাতি প্ৰেমত আঘাত লগাৰ দৰে ঘটনা এটা সংঘটিত হোৱাৰ পিছত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ দৰে ব্যক্তিয়ে জাতিৰ স্বাৰ্থতে সমগ্ৰ ঘটনাটোক গৰিহণা দিছে সেই সময়তো পিছতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে৷ অথচ তেওঁ দুলীয়াজানৰ ঘটনাৰ পিছত ডিব্ৰুগড় ভ্ৰমণ কৰি গৈছে৷ অসমীয়া জাতিৰ হকে মাত মতাৰ বাবেই এটা সময়ত সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ সন্মানেৰে বিভূষিত কৰা হৈছিল৷ কিন্তু সেই জাতীয় নায়কেই আজি কিয় তেওঁৰেই সহোদৰ স্বৰূপ তথা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক এগৰাকীৰ ক্ষেত্ৰত হোৱা অপমানজনক ঘটনাত মৌনতা অৱলম্বন কৰিছে, সেয়া ৰহস্যৰ বিষয় বুলি বহুতে মুকলিকৈয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ একেদৰে জাতি প্ৰেমত উথলি উঠা উজনি অসমৰ জনতাৰ বাবে ঋতুপৰ্ণ বৰুৱাৰ দৰে নেতায়ো এষাৰো মাত নমতাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে৷ দীপাংক নাথৰ দৰে প্ৰাক্তন আছুৰ সভাপতিয়েও বিষয়টোত মুখত পিঠা ভৰাই আছে৷ আছুৰ শীৰ্ষ নেতৃত্ব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰ দৰে ব্যক্তিসকলে অসমতে অসমীয়াৰ ওপৰত হোৱা অপমানজনক ঘটনাৰ কিয় বিৰোধিতা কৰা নাই সেয়া সময়ত স্পষ্ট হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাত প্ৰকাশিত প্ৰতিবেদনক লৈ বিভিন্নমহলত চৰ্চা হৈ থকাৰ সময়তে আজিৰ এই প্ৰতিবেদনে জাতি প্ৰেম উথলি উঠাৰ পিছতো নিৰাপদ দূৰত্বত অৱস্থান কৰা ব্যক্তিসকলৰ চকু মেল খোৱাব বুলি আশা কৰা হৈছে৷

Sanjukta Dutta: ‘কাঁ’ৰ ৰেড কাৰ্পেটত অসমৰ হস্ত-তাঁতক উজলালে অসম কন্যা সংযুক্তা দত্তয়ে

Sanjukta Dutta: 'কাঁ'ৰ ৰেড কাৰ্পেটত অসমৰ হস্ত-তাঁতক উজলালে অসম কন্যা সংযুক্তা দত্তয়ে
Sanjukta Dutta: 'কাঁ'ৰ ৰেড কাৰ্পেটত অসমৰ হস্ত-তাঁতক উজলালে অসম কন্যা সংযুক্তা দত্তয়ে

‘কাঁ’ৰ ৰেড কাৰ্পেটত উজলিল অসমৰ হস্ত-তাঁত শিল্প। (Sanjukta Dutta)

ফেশ্বন ডিজাইনা সংযুক্তা দত্তয়ে ডিজাইন কৰা সাজপাৰ পৰিধান কৰিলে তিনি প্ৰসিদ্ধ মডেলে।

মিচেছ ৱৰ্ল্ড কংগনিয়ালিটি, মিছেছ ইটালী তথা গ্ল’ব ছুপাৰমডেল মিৰ্কা হাৱাৰ্ড, ছুপাৰ মডেল জেছলিন ছ’নিয়ে পিন্ধিলে আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্তয়ে ডিজাইন কৰা সাজপাৰ।

Rupam Asom: আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ

Rupam Asom: আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ
Rupam Asom: আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ

আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ।(Rupam Asom)

অৰুণাচল প্ৰদেশত গ্ৰেপ্তাৰ।

ৰূপম অসমৰ ঘৰ গোলাঘাটত।

দীৰ্ঘদিনে সেনা-আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছিল ৰূপমে।

আৰক্ষীৰ বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযোগ ৰূপমৰ বিৰুদ্ধে।

তিনিমাহ অৰুণাচলত আত্মগোপন কৰি আছিল দুৰ্ধষ ৰূপম।

Covid-19: ভেকচিনৰ প্ৰভাৱ শেষ হৈছে নে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰিছে, ভাৰতত পুনৰ কভিডৰ সন্ত্ৰাস !

Covid-19: ভেকচিনৰ প্ৰভাৱ শেষ হৈছে নে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰিছে, ভাৰতত পুনৰ কভিডৰ সন্ত্ৰাস !
Covid-19: ভেকচিনৰ প্ৰভাৱ শেষ হৈছে নে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰিছে, ভাৰতত পুনৰ কভিডৰ সন্ত্ৰাস !

বৰ্তমান পুনৰ কভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। ভাৰততো কৰ’নাত আক্ৰান্তৰ ব্যাপক উত্থান ঘটিছে। ভাৰতত কিয় কৰ’না ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰিছে?(Covid-19)

সমগ্ৰ বিশ্বতে পুনৰ বাঢ়িছে কৰ’নাৰ ভয়ৰ পৰিৱেশ। থাইলেণ্ড, ছিংগাপুৰৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহত ইয়াৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰততো ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। ‘টি অ’ আই’ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ স্বাস্থ্য বিষয়াসকলে বহু ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। পূৰ্বৰ ঢৌতকৈ সামগ্ৰিকভাৱে কম হ’লেও চেন্নাই, মুম্বাই, আহমেদাবাদৰ দৰে চহৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।(Corona Outbreak)

‘TOI’ৰ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে মুম্বাইতে ৯৫জন Coronaত আক্ৰান্ত হৈছে। জানুৱাৰী মাহৰ পৰা মহাৰাষ্ট্ৰত মাত্ৰ ১০৬ গৰাকী ক’ৰনাত আক্ৰান্ত হৈছে। সম্প্ৰতি কমেও ১৬ জন কৰ’না আক্ৰান্ত লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ইনফ্লুৱেঞ্জাত আক্ৰান্ত ৰোগীৰ বাবেও কৰ্তৃপক্ষই ক’ৰ’না পৰীক্ষা আৰম্ভ কৰিছে।

‘টি অ’ আই’ৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল সংক্ৰমণ বৃদ্ধি আৰু মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পোৱা। একে সময়তে আধাতকৈ অধিক লোক ইতিমধ্যে সংক্ৰমণ আৰু টিকাকৰণৰ জৰিয়তে কোৰোনা ভাইৰাছৰ সংস্পৰ্শলৈ আহিছে। সেই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা সুৰক্ষা সময়ৰ লগে লগে কমি আহিছে।

Mamang Dai: পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্মেৰ দাই সোঁৱৰণী বঁটা, অৰুণাচলৰ পাছিঘাটত ১ জুনত লুম্মেৰ দাই জন্ম জয়ন্তী অনুষ্ঠানত প্ৰদান কৰিব এই বঁটা

Mamang Dai: পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্মেৰ দাই সোঁৱৰণী বঁটা
Mamang Dai: পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্মেৰ দাই সোঁৱৰণী বঁটা

২০২৫ বৰ্ষৰ সাহিত্যসূৰ্য্য লুম্বেৰ দাই সোঁৱৰণী বঁটা(Mamang Dai)অহা ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ গান্ধী ছেকেণ্ডেৰী স্কুল তিনিআলিত সাহিত্য সভাই সাহিত্যসূৰ্য্য লুম্বেৰ দাইৰ ৮৫ সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে পদ্মশ্রী মামাং দাইক প্রদান কৰিব। অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই আজি কাকতলৈ প্রেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে মামাং দাই অৰুণাচল প্রদেশৰ ইটানগৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। উপন্যাস ‘দ্যা ব্লেক হিল’-ৰ বাবে ২০১৭ চনত তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাদেমি বঁটা লাভ কৰে।

১৯৫৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত জন্ম লাভ কৰা মামাং দাই ‘আদি জনগোষ্ঠী’ক প্রতিনিধিত্ব কৰা আৰু ভাৰতীয় প্রশাসনিক সেৱাৰ বাবে নির্বাচিত অৰুণাচল প্রদেশৰ প্রথমগৰাকী মহিলা। সাংবাদিক হিচাপে কাম কৰাৰ সময়ত তেওঁ ‘দ্যা টেলিগ্রাফ’, ‘হিন্দুস্থান টাইমছ’ আৰু ‘দ্যা ছেন্টিনেল’ কাকতত সেৱা আগবঢ়ায়। তেওঁ ৰেডিঅ’ৰ লগতে টি.ভি. এয়াৰ আৰু ইটানগৰ দূৰদৰ্শন কেন্দ্রটো কাম কৰিছিল। তেওঁ ইটানগৰ প্ৰেছ ক্লাবৰ প্রাক্তন সম্পাদক তথা বর্তমান অৰুণাচল সাংবাদিক সংগঠনৰ সভাপতি। ২০১১ চনত তেওঁ অৰুণাচল প্রদেশৰ পাব্লিক ছার্ভিচ কমিশ্যনৰ সদস্যৰূপে নিযুক্ত হয়। ২০০৬ চনত তেওঁৰ প্রথম উপন্যাস ‘দ্যা লেজেন্ড অফ পেনচাম’ প্রকাশ পায়। তাৰ পৰৱৰ্তী সময়ত ‘স্টুপিড কিউপিড’, ‘দ্যা ব্লেক হিল’, ‘বিভাৰ পয়েমছ’, ‘দ্যা বাল্ম অফ টাইম’, ‘হেমব্রেলাইচ লুম’ আৰু মিডচামাৰ চাৰভাইভেল লিৰিক্স’ প্রকাশ পায়।

‘দ্যা বাল্ম অফ টাইম’ কিতাপখন অসমীয়ালৈ অনূদিত হৈছে। ‘দ্যা স্কাই কুইন’ আৰু ‘বান্‌ছ আপন এ মুনটাইম’ তেওঁ দ্বাৰা ৰচিত লোককথাৰ চিত্রিত গ্রন্থ। তেওঁৰ অ-কাল্পনিক ৰচনাবলীসমূহ হৈছে- ‘অৰুণাচল প্রদেশ: দ্যা হিডেন লেও’ আৰু ‘মাউন্টেইন হাৰভেষ্টঃ দ্যা ফুড অফ অৰুণাচল প্রদেশ’ আদি। অৰুণাচল প্রদেশ লিটাবেৰী ছচাইটিৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূব লেখক ফ’ৰামৰ সদস্য, সাহিত্য আৰু সংগীত-নাটক অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য পদত সেৱা আগবঢ়োৱা ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা প্রাপক পদ্মশ্রী মামাং দাইক এই বঁটা প্রদানেৰে অসম সাহিত্য সভাই অসম আৰু অৰুণাচল প্রদেশৰ ভাতৃত্ববোধক অধিক শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰিছে। উল্লিখিত যে, এই বঁটা প্রাপক নিৰ্বাচনৰ বাবে সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অলপতে অনুষ্ঠিত এখন সভাত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্য ড° সমূদ্রগুপ্ত কাশ্যপ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচাৰ্য্য ড’ হিতেশ ডেকা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্রশান্ত চক্রৱর্তী, অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক তথা সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক গিৰীণ তামুলী আৰু সভাৰ প্রধান সম্পাদক দেবজিৎ বৰা উপস্থিত থাকে।।

Bimal Borah: ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগ সন্মিলনত উদ্যোগ মন্ত্রী বিমল বড়া

নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়াকৈ আয়োজিত ‘ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫'(Bimal Borah) শীর্ষক অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই অংশ গ্ৰহণ কৰে।


প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱেআজি পুৱা উদ্বোধন কৰা এই বিনিয়োগকাৰী সন্মিলনৰ কাৰী কৰি সত্ৰত অংশ গ্ৰহণ কৰি উদ্যোগ মন্ত্রী বড়াই যোগীঘোপাত অসম চৰকাৰে স্হাপন কৰা মাল্টি মডেল লজিষ্টিক পাৰ্ক খনৰ কথা উল্লেখ কৰি এই পাৰ্ক খনে বিনিয়োগকাৰী সকলক কিদৰে লাভৱান্বিত কৰিব এই সন্দৰ্ভত বাখ্যা কৰে।


ভাষণ প্ৰসংগত মন্ত্রী বড়াই এই পাৰ্ক খনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগতে দেশ সমূহে ইয়াৰ পৰা লাভ কৰিব পৰা সুবিধা সন্দৰ্ভতো অৱগত কৰে। অসমত সম্প্ৰতি সৃষ্টি হোৱা বিনিয়োগৰ পৰিৱেশ তথা দেশ বিদেশৰ বহূ বিনিয়োগকাৰীয়ে শেহতীয়াকৈ অসমত অনুষ্ঠিত এডভান্টেজ অসম ২.০ত ৰাজ্যখনত বিনিয়োগৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সমূহৰ ওপৰতো আলোকপাত কৰে।


উদ্যোগ মন্ত্রী বড়াই ইয়াৰ পাছতে কেবাগৰাকীও বিনিয়োগকাৰীৰ সৈতে বিনিয়োগ সন্দৰ্ভত বাৰ্তালাপ কৰাৰ লগতে প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। ইয়াতে অংশগ্ৰহণকাৰী কেবাটাও প্ৰতিষ্ঠানৰ সৈতেও তেও মত বিনিময় কৰে।

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি: বীৰ লাচিত সেনাৰ শতাধিক নেতা-কর্মী আটক

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি: বীৰ লাচিত সেনাৰ শতাধিক নেতা-কর্মী আটক
দুলীয়াজানত উত্তপ্ত পৰিস্থিতি: বীৰ লাচিত সেনাৰ শতাধিক নেতা-কর্মী আটক

ডিব্ৰুগড়, ২৩ মে’:
১৭ মে’ তাৰিখে দুলীয়াজানত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ প্ৰতিক্ৰিয়াত আজি দুলীয়াজান আৰু সমগ্ৰ ডিব্ৰুগড় জিলা জুৰি যুদ্ধ সদৃশ পৰিৱেশ দেখা গৈছে। পেট্ৰ’ল পাম্পত হোৱা এই সংঘৰ্ষৰ পাছতে একাধিক দল-সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচীৰ মাজতেই আৰক্ষীয়ে ব্যাপকভাৱে বীৰ লাচিত সেনাৰ নেতা-কর্মী আৰু সমৰ্থকক আটক কৰিছে।

ডিব্ৰুগড় জিলাৰ মৰাণ, বৰবৰুৱা, লাহোৱাল, টেঙাখাত, দুলীয়াজানসহ প্ৰতিখন থানাতে বীৰ লাচিত সেনাৰ সদস্যসকলক আটক কৰা হৈছে। দুলীয়াজানলৈ আগবাঢ়ি থকা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা, সাংগঠনিক সচিব হৰ কুমাৰ গগৈ আৰু ক্ৰীড়া সচিব অংকুৰ গগৈকো আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়লৈ লৈ গৈছে। শৃংখল চলিহাক বৰ্তমান ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবদ্ধ কৰি ৰখা হৈছে।

বন্দীত্বৰ মাজতেই সেনাৰ সদস্যসকলে চৰকাৰৰ ওপৰত কঠোৰ সমালোচনা কৰি কয়, “এই ফেচিষ্টবাদী চৰকাৰে খিলঞ্জীয়াৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ৰাজপথৰ পৰা প্ৰতিবাদকাৰী আটক কৰি ভয় সৃষ্টি কৰিব খোজে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহিছিলো, কিন্তু আমাক জোরেৰে আটক কৰা হৈছে।”

উল্লেখযোগ্য যে, ১৭ মে’ৰ সংঘৰ্ষৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। তেওঁৰ হাতত হেণ্ডকাফ লগাই আদালতলৈ নিয়া ঘটনাই অসমজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে, সংঘটনসমূহে এই ঘটনাৰ সময়ত BN Singh পেট্ৰ’ল পাম্পত গালি গালাজ কৰা যুৱতী তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যজুৰি এজাহাৰ দাখিল কৰিছে।

বীৰ লাচিত সেনাৰ নেতাসকলে স্পষ্টকৈ সদৰী কৰে, শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিয়া আৰু তনু শ্বাহীক গ্ৰেপ্তার নকৰা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। অৱস্থাৰ গুৰুত্ব বিচাৰি দুলীয়াজানত অধিক সংখ্যক আৰক্ষী আৰু সেনা বাহিনী মোতায়েন কৰা হৈছে।

গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh

গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh
গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh

২২ মে’২০২৫ঃ- Gogamukh । গোগামুখ নগৰখনৰ লগতে নগৰখনৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়ন আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ নিকা তথা পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা গেগামুখ উন্নয়ন সমিতি চমুকৈ জি ডি চিয়ে তেওঁলোকৰ উন্নয়নমুখী যাত্ৰা অব্যাহত ৰাখিছে ৷

এই উন্নয়ন মুখী যাত্ৰাৰ অংশ হিচাপে চলিত মাহৰ ২৫ মে’ত জি ডি চি উদ্যোগত আৰু আবতানি ন্যাসৰ সহযোগত গোগামুখত  এখনি সচেতন নাগৰিক সভাৰ আহ্বান কৰিছে ৷ ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিতব্য উক্ত সচেতন নাগৰিক সভাত গ্ৰীন গোগামুখ, ক্লীন গোগামুখ শীৰ্ষক সাংস্কৃতিক জি  অনুষ্ঠানৰো আয়োজন কৰিছে ৷ জি ডি চিৰ তৰফৰ পৰা আমাক জনোৱা মতে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শৰ ভিত্তিত আয়োজিত উক্ত সচেতন নাগৰিক সভা মুলতঃ  গোগামুখবাসীৰ সাম্প্ৰতিক সমস্যা আৰু ইয়াৰ বিজ্ঞানসন্মত তথা দীৰ্ঘস্থায়ী সমাধানৰ  ওপৰত বিতংকৈ আলোচনা হ’ব ৷ 

তেওঁলোকে লগতে জনোৱা মতে উক্ত দিনা  সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ উক্ত  সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই ৷ অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব গোগামুখ গণ নাট্য বাহিনী, দুমৗৰ নাট্যগোষ্ঠী, বৃহত্তৰ গোগামুখ নাৰী মঞ্চ, কবি-গীতিকাৰ মুহিৰাম পেগু, পূণ্যপ্ৰসাদ শৰ্মা,   নাট্যকাৰ- পৰিচালক দীবাকৰ পেগু, দিব্যজ্যেতি ভৰালী,  আকাশদ্বীপ, পঞ্চজ্যেতি বৰদলৈ, উদয় স্বৰ্গীয়াৰী, ভেৰনীকা স্বৰ্গীয়াৰী, জ্যোৰ্তিময় বৰা আৰু দেব টাইদে ৷ গোগামুখ উন্নয়ণ সমিতিৰ তৰফৰ পৰা উক্ত সচেতন নাগৰিক সভা আৰু সাংস্কৃতিক অনুষ্ঠানত সমূহ গোগামুখবাসীৰ উপস্থিত আৰু সহায়-সহযোগ কামনা কৰিছে ৷