Home Blog Page 2898

ৰৌতাত গাঞ্জাভৰ্তি গাড়ী জব্দ, এজনক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্যৰ নেতৃত্বত  আৰক্ষীৰদলে কালি ৩১ জুলাইত এক গোপন সূত্ৰৰপম খেদি আবেলি প্ৰায় ৪-৩০ বজাত ৰৌতা চাৰিআলি চহৰৰ মাজ মজিয়াতে দুটা গাঞ্জাৰ টোপোলা থকা এখন সৰু গাড়ী জব্দ কৰাৰ লগতে এজনক আটক কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৰৌতাষ্টচনৰ পৰা  ১৫ কিলোগ্ৰামৰ গাঞ্জাৰ টোপোলা দুটা এ এছ ১৩ কে ৫৮৮১ নম্বৰৰ কাৰ এখনেৰে মঙ্গলদৈ অভিমুখে নিৱৰ বাবে ৰাওনা হোৱাৰ সময়তে আৰক্ষীয়ে গাঞ্জাৰে সৈতে কাৰখন জব্দ কৰাৰ লগতে  এই গাঞ্জা সৰবৰাহ কৰা ৰুস্তম আলী নামৰ লোক এজনকো গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ কৰা লোকজনৰ ঘৰ দৰং জিলাৰ ধূলা  আৰক্ষী থানাৰ অন্তৰ্গত চপাইত । সেয়েহে এই মাৰাত্মক চোৰাং ব্যৱসায়ৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰৌতা আৰক্ষী থানাত গোচৰ ৰুজু কৰি  লোকজনক আজি আৰক্ষী থানাৰ  আৰক্ষীয়ে ওদালগুৰি জিলা জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । বাতৰি আৰু ফ’টো প্ৰেৰক: শ্ৰী বলোৰাম পাঠক, ৰৌতাচাৰিআলি , তাৰিখ ১/৮/২০২১, ম ৯৪৩৫৬৫৩৬৪২বিদ্ৰ: বাতৰিটো প্ৰকাশ নোহোৱাৰ বাবে পুনৰ পঠিওৱা হ’ল ।

নামখলাত জল জীৱন আঁচনিৰ ঘৰুৱা পানী যোগানৰ শুভাৰম্ভ

কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নামখলা অঞ্চলৰ আঠিয়াবাৰী খাটত জল জীৱন আঁচনিৰ অধীনত ৩১ জুলাইত নতুনকৈ আৰম্ভ কৰা ঘৰুৱা পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভণি কৰে কলাইগাঁও বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক দূৰ্গা দাস বড়োৱে । বিধায়ক গৰাকীয়ে উদ্বোধনী সভাত অংশগ্ৰহণ কৰি আঁচনি খনে ৰাইজৰ বহু দিনীয়া সমস্যা সমাধান ঘটাব বুলি আশা প্ৰকাশ কৰে। পানী সংৰক্ষণ আৰু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো তেওঁ ৰাইজক সজাগ সচেতন হ’বলৈ আহ্বান জনায়। 

২০২১-২০২২ বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণ

২০২১-২২ বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ হ’ব। দশম শ্ৰেণী (মেট্ৰিক)ত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তি সম্পন্ন হ’ব। ইয়াৰ পাছত স্নাতক শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। নামভৰ্তিৰ বাবে অকল অনলাইন মাধ্যমেৰে আবেদন গ্ৰহণ কৰা হ’ব। এই প্ৰক্ৰিয়া সম্পৰ্কে সকলো তথ্য অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব। উল্লেখ্য, কটন বিশ্ববিদ্যালয়ে ইতিমধ্যে স্নাতক শাখাৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে আৰু ১০ আগষ্টত স্নাতকোত্তৰ শাখাৰ পৰীক্ষাও সম্পন্ন হ’ব। স্নাতকোত্তৰ শাখাৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। নামভৰ্তি তথা অন্য যিকোনো তথ্য, প্ৰক্ৰিয়াৰ বিষয়ে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটযোগে জনোৱা হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে।

ছোৱাইন ফ্লুৰ সংক্ৰমণ: নাজিৰাৰ গাহৰি পালকৰ মাজত হাহাকাৰ

আফ্ৰিকান ছোৱাইন ফ্লুত অসমৰ শ শ গাহৰি পালকৰ ফাৰ্মত গাহৰি মৃত্যু হোৱাৰ পিছতো অসম চৰকাৰৰ পশুপালন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । উল্লেখযোগ্য যে, অসম চৰকাৰে পশুপালনৰ লগতে মাংসৰ ক্ষেত্ৰত ৰাজ্যখনৰ নিবনুৱাক স্বাৱলম্বী কৰা আৰু বিদেশলৈ মাংস ৰপ্তানি কৰি আয়ৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে যদিও সম্প্ৰতি অসমত আৰম্ভ হোৱা আফ্ৰিকান ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ লোৱাৰ কথা টো পশুপালন বিভাগে গুৰুত্ব সহকাৰে নোলোৱাত পশু পালকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এ পি ই ডি এৰ অধ্যক্ষ ডাঃ এম অংগুমাথু আৰু অসম চৰকাৰৰ পশুপালন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই  অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰচেষ্টাত নাজিৰাত প্ৰতিষ্ঠা হোৱা ” পিগ শ্লটাৰ হাউছ ” টো যোৱা ১২ জুনত উত্তৰ – পূৰ্বাঞ্চল গাহৰি মাংস ৰপ্তানিৰ ক্ষেত্ৰত এক কেন্দ্ৰ হিচাপে গঢ় দি সম্পূৰ্ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰি পৰিদৰ্শন কৰে । কিন্তু এনে উদ্যোগ সমূহ হাতত লোৱাৰ সময়ত অসম চৰকাৰৰ পশুপালন বিভাগৰ লগতে চৰকাৰে আফ্ৰিকান ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ লোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে অনুধাৱন কৰা নাই বুলি বিশেষজ্ঞ সকলৰ মাজত চৰ্চা হৈছে । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা শিৱসাগৰ জিলাৰ লগতে যোৰহাট , তিনিচুকীয়া , গোলাঘাট , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফ্লুৰ কবলত পৰি হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হৈছিল ।

দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে দেখা দিয়া এই ভয়াৱহ ৰোগটো হোৱা বুলি নিশ্চিত কৰিছিল ভূপালৰ ইণ্ডিয়ান ভেটেৰিনেৰী ৰিছাৰ্চ ইনষ্টিটিউটে । প্ৰায় সাতটা মাহত শিৱসাগৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই ৰোগ সংক্ৰমণ হৈ হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হোৱাত বহু পশুপালক সৰ্বস্বান্ত হৈ পৰিছিল । শেহতীয়াকৈ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ইন্দ্ৰজিৎ বৰগোঁহাইৰ ফ্ৰামত বহু গাহৰি আফ্ৰিকান ছোৱাইন ফ্লুত মৃত্যু হোৱাৰ তথ্য প্ৰমাণিত হোৱাত মহকুমা প্ৰশাসনে শিমলুগুৰিত গাহৰি কটা আৰু ক্ৰয় – বিক্ৰয়ত ১৪৪ ধাৰা জাৰি কৰে । বৰ্তমানলৈকে কোনো চিকিৎসা উপলব্ধ নোহোৱা এই ৰোগ অসমৰ পশুপালন অৰ্থনীতিৰ বাবে কিমান ভয়াৱহ সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে । এনে প্ৰতিকূল পৰিস্থিতিত অসম চৰকাৰে নাজিৰাৰ ছানবছাত উজনি অসমৰ  ৯ খন জিলাৰ ১৫ হেজাৰ গাহৰি পালকৰ সহযোগত দৈনিক ৪ হেজাৰ কিলোগ্ৰাম গাহৰি মাংস উৎপাদনৰ দ্বাৰা বিদেশলৈ ৰপ্তানি কৰাৰ যি আচনি হাতত লৈছে , এই আচনি অসম চৰকাৰৰ পশুপালন বিভাগৰ গুৰুত্বহীনতাৰ বাবে আৰু আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণৰ ভয়াৱহতাই ভালুকৰ সাঙীত পৰিণত কৰাৰ আশংকা নুই কৰিব পৰা নাই বিশেষজ্ঞ মহলে ।  

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শুভেচ্ছা

লাহোৱাল সমষ্টিৰ ৰহমৰীয়া পঞ্চায়তৰ অন্তৰ্গত ধোপাবৰ মাইজান গাৱলৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ -ছাত্ৰী সকলক গাৱৰ যুৱসকলৰ উদ্যোগত ঘৰে ঘৰে গৈ এখনি ফুলাম গামোচাৰে শুভকামনা যাচিলে লগতে সকলোৰে উজ্বল ভবিষ্যত কামনা কৰিলে ।

শিংগাওঁ মহাপুৰুষীয়া নামঘৰত পাঁচখলপীয়া গুৰুআসন স্থাপন

ওদালগুৰি জিলাৰ শিংগাওঁত শিংগাওঁ মহাপুৰুষীয়া সমাজ নামঘৰত ৩১জুলাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পাঁচখলপীয়া গুৰুআসন এখনি প্ৰতিষ্ঠা কৰে মহাপুৰুষীয়া সমাজৰ মহন্ত জিৰণ দৈমাৰীয়ে।মহাপুৰুষীয়া সমাজৰ একনিষ্ঠা সেৱিকা জয়া বৈশ্যই আগবঢ়োৱা গুৰুআসন খনি প্ৰতিষ্ঠা কৰি মহাপুৰুষীয়া সমাজৰ মহন্ত দৈমাৰীয়ে কয়-গুৰুদুজনাৰ মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ মহাপুৰুষীয়া সমাজৰ নীতি আদৰ্শৰে প্ৰভাৱিত হ’বলৈ সকলোৰে প্ৰতি  আহ্বান জনায়‌। ধৰ্মীয় অনুভূতিৰে আমাৰ সমাজ প্ৰতিস্থা কৰিব পাৰিব লাগিব।যাৰ জৰিয়তে নতুন যুৱ প্ৰজন্মই সংস্কাৰিত হব পাৰিব।গুৰুআসন দান দিয়া আই জয়া বৈশ্যৰ শলাগ লৈ তেওঁৰ পৰিয়ালৰ প্ৰতি আশীৰ্বাদ সূচক বক্তব্য ৰাখে মহন্ত দৈমাৰীয়ে।উক্ত গুৰু আসন প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকি দাতা জয়া বৈশ্যই কয়- মোৰ পুত্ৰ আৰু নাতিনীৰ মঙ্গলৰ বাবে গুৰু আসন নামঘৰত দান কৰি আহিছো।প্ৰথমখন ২নং গৰৈবাৰী মহানন্দ শাখাত ,দ্বিতীয়খন  তামূলবাৰী ৰামদাস শাখাত আৰু আজি শিংগাওঁ মহানন্দ শাখাৰ নাযঘৰত দিয়া হ’ল।ইয়াৰ জৰিয়তে মোৰ পৰিয়ালৰ লগতে ৰাইজৰ মঙ্গল কামনা কৰিছোঁ।শিংগাওঁ মহাপুৰুষীয়া সমাজ মহানন্দ শাখাৰ সভাপতি হিতেশ ৰাভা আৰু সম্পাদক কনক দৈমাৰীয়ে কয়-জয়া বৈশ্য আই গৰাকীয়ে নামঘৰলৈ গুৰু আসন দান কৰি যি বদান্যতা দেখুৱালে ই সঁচাকৈয়ে আমাৰ মহাপুৰুষীয়া সমাজৰ বাবে আদৰ্শ আৰু গৌৰৱৰ কথা।ইয়াৰ দ্বাৰা ৰাইজ আৰু প্ৰভুভক্ত সকল সন্ত্তুস্ত হোৱা বুলি আশা প্ৰকাশ কৰিছো।হৰিনাম ধ্বনিৰে মুখৰিত হোৱা  ৩১জুলাইৰ  এই গুৰু আসন প্ৰতিষ্ঠা কৰা অনুষ্ঠানত দাতা জয়া বৈশ্য আৰু তেওঁৰ পৰিয়ালক  সম্বৰ্ধনা জনোৱাৰ লগতে মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ সদস্য লোকেন্দ্ৰ ৰাভা,মহানন্দ শাখাৰ সভাপতি বিনু ৰাভা,নামঘৰীয়া ৰবিচন দৈমাৰী,শিংগাওঁ মহাপুৰুষীয়া সমাজ নামঘৰৰ নামঘৰীয়া মণিৰাম ৰাভা আৰু সহযোগী নামঘৰীয়া মনিয়া ৰাভাক সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত শিংগাওঁৰ মহাপুৰীয়া সমাজৰ ২২ টি পৰিয়ালৰ প্ৰায় শতাধিক বাপ-বান্ধৱ,আই-মাতৃ আৰু যুৱক-যুৱতীয়ে অংশ গ্ৰহন কৰে।

বঙাইগাঁওৰ বিদ্যাপুৰত আবদ্ধ বালি কঢ়িওৱা বাহন

বঙাইগাওঁ জিলাৰ বিদ্যাপুৰ অঞ্চলত শুকুৰবাৰে নিশা একাংশ স্থানীয় ৰাইজে তালগুৰি-বাসুগাওঁ গড়কাপ্তানী পথেৰে অবৈধভাৱে বালি সৰবৰাহ কৰা কেইবাখনো বৃহৎ ট্ৰেইলৰ বাহন আৱদ্ধ কৰে । প্ৰাপ্ত তথ্য মতে, দীৰ্ঘদিনৰ পৰা উক্ত পথেৰে দিনে-নিশাই বৃহৎ বৃহৎ  ১৬-২২ চকীয়া গধুৰ বাহনত চম্পাৱতী নৈৰ বালিৰ মহলৰ পৰা বিভিন্ন ঠাইলৈ ৰাজহ ফাঁকি দি শিল-বালিৰ অবৈধ সৰবৰাহ কৰি আহিছে । বিভিন্ন পক্ষক মেনেজ কৰি বালিৰ অবৈধ ব্যৱসায়ীয়ে এই কাৰ্য কৰি অহা বুলি ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ । বৃহৎ বৃহৎ বাহনসমূহ অবাধে দিনে-নিশাই  চলাচল কৰাৰ ফলত গড়কাপ্তানী পথটোও বহু ঠাইত ভাগি-ছিগি গৈছে । পথটোত অবৈধভাৱে এনে বাহনসমূহ চলাচল কৰাৰ পিছতো আৰক্ষী-বন বিভাগ তথা পৰিবহন বিভাগে কোনো ব্যৱস্থা নোলোৱাত স্থানীয় একাংশ ৰাইজে বাহনসমূহ তেনেদৰে যোৱা নিশা আৱদ্ধ কৰে ।

ৰাইজে বি আৰ ১১৬  বি ৯৫৯১, পি বি ১৩ এ এল ৪৭৮৬, পি বি ১৩ এ এল ৫৯৫৫, পি বি ১৩ এ আৰ ৯৬৫৫, পি বি ১৩ এ আৰ ৮৬৫৫, পি বি ১৩ এ এল ৯৬৫৫, পি বি ১৩ বি বি ৯৭৫৫ আৰু পি বি ১৩ এ এল ৮৭৫৫ ধৰি মুঠ সাতখন বাহন আৱদ্ধ কৰে ।  বাহনসমূহত চালানত উল্লেখ থকাৰ বিপৰীতে বহু বেছি পৰিমাণৰ বালি সৰবৰাহ কৰা বুলি লোকসকলে অভিযোগ উত্থাপন কৰি বন বিভাগক খবৰ দিয়ে । বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ  সকলোবোৰ বাহন জব্দ কৰে । বৰ্তমানেও বাহনসমূহৰ ক্ষেত্ৰত বিভাগীয় পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে ।  দীৰ্ঘদিন ধৰি গড়কাপ্তানী পথটোৰে সদায়ে এনেদৰে বৃহৎ বাহনসমূহ চলাচল কৰি থকা স্বত্তেও আৰক্ষী প্ৰশাসন-বন বিভাগ তথা পৰিবহন বিভাগ কি কাৰণত নীৰৱতা অৱলম্বন কৰি আছিল তাকে লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । 

হৰিপুৰত ঘৰে ঘৰে নল, ঘৰে ঘৰে জল পানী যোগান আঁচনি

বৰপেটাৰ বহৰিৰ হৰ্পুৰত আজি চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে এখন পানী যোগান আঁচনি মুকলি কৰে ৷ জল জীৱন আচনিৰ জৰিয়তে ঘৰে ঘৰে নল ,ঘৰে ঘৰে জল শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অনুসৰি আজি বিধায়কগৰাকীয়ে পানী যোগান আচনিখন মুকলি কৰে ৷ পানী যোগান আচনিখন মুকলি উপলক্ষে অনুষ্ঠিত এখন সভাত অংশগিৰহন কৰি বিধায়কগৰাকীয়ে প্ৰদান কৰা ভাষণত উক্ত আঁচনিখনৰ জৰিয়তে অঞ্চলটেৰ ৰাইজ উপকৃত হব বুলি মন্তব্য কৰে ৷ বিধাষকগৰাকীয়ে উল্লেখ কৰা মতে, প্ৰায় ৪২ লাখ ১৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি খনৰ জৰিয়তে হৰিপুৰ গাৱত সদ্যহতে ৩৫২ টা পৰিয়ালত ঘৰে ঘৰে পানী যোগান দিয়া হব ৷ প্ৰায় ৫ কিলোমিটাৰ জুৰি পানী যোগানৰ সুবিধা থকা আঁচনিখনৰ জৰিয়তে পৰৱৰ্তীসময়ত আঞ্চলটোৰ বাকী থকা পৰিয়ালসমুহকো সামৰি লব পৰা যাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন আঁচনিৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত চেঙা সমষ্টিৰ ১০৩ খন গাৱক সামৰি লোৱা হব আৰু ইয়াৰ জৰিয়তে সমষ্টিটোৰ ৪২ হাজাৰ পৰিয়াল উপকৃত হব বুলিও বিধায়কগৰাকীয়ে প্ৰকাশ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে গ্ৰহন কৰা পানী যোগান আঁচনিসমুহ গাৱৰ ৰাইজে গ্ৰহন কৰিব আৰু তাক প্ৰতিপালন কৰিবলৈ জানিব লাগিব বুলি মন্তব্য কৰি পানী যোগান আঁচনিখনলৈ ৰাইজে মৰমৰ দৃষ্টি দিয়ে আৰু উপযুক্ত ৰক্ষণাবেক্ষন দিয়ে তালৈ ৰাইজলৈ আহ্বান জনায় ৷ আনহাতে বিশুদ্ধ পানী যোগানৰ ফলত গাওবাসী বেমাৰ আজাৰৰ পৰাও মুক্ত হব পাৰিব বুলিও ভাষন প্ৰসংগত উল্লেখ কৰে ৷ উদ্ধােধনী সভাখনত জিলাপ্ৰশাসনৰ বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়ায়ো অংশগ্ৰহন কৰে ৷

বঙাইগাঁওত জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনিৰ শুভাৰম্ভ

সমগ্ৰ অসমৰ লগতে বঙাইগাঁও জিলাতো আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰা হয়।জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিতে আজি স্থানীয় বিধায়কে জল জীৱন মিছনৰ অধীনত গৃহ সংযোগেৰে বিশুদ্ধ খোৱাপানী যোগানৰ শুভাৰম্ভ কৰে। জিলাখনৰ আটুগাঁও গাঁও পঞ্চায়তৰ মামুগাঁৱত জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানী ঘৰে ঘৰে দিয়া আঁচনি মুকলি কৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। এই আঁচনিখনৰ জৰিয়তে বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ ১,৩৩১ টা পৰিয়ালত গৃহ সংযোগৰ যোগেদি বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব ৷ শুভ উদ্বোধন অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা,  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আদি উপস্থিত থাকে ৷ জিলাখনত শনিবাৰে মুঠ ১০,১২২ টা পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয়। প্ৰতিঘৰ লোকৰ দুৱাৰডলিত বিশুদ্ধ খোৱাপানী যোগান ধৰাটোৱে আঁচনিখনৰ উদ্দেশ্য । উল্লেখ্য যে জিলাখনৰ মুঠ ৩২,০০০ টা( বত্ৰিছ হেজাৰ) পৰিয়ালত গৃহ সংযোগৰ জৰিয়তে খোৱাপানীৰ যোগান ধৰা হ’ব। কাৰণ পুৰণি পানী যোগান আঁচনিয়েই যথেষ্ট নহয়।

আনহাতে জিলাখনত পুনৰ ১৭৪ টা নতুন আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। পঞ্চায়তৰ লগ হৈ খোৱাপানী ব্যৱহাৰকাৰী লোকসকলে আগলৈ এই আঁচনিখন চলাই নিব লগিব। ইপিনে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ( অনু:জাতি) বিধায়ক প্ৰদীপ সৰকাৰে উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অধীনত বাখলগাঁৱত জল জীৱন মিছনৰ খোৱাপানীৰ আঁচনি মুকলি কৰে ৷ বিধান সভা সমষ্টিটোৰ মুঠ ৬,৫৮৯ টা পৰিয়াললৈ গৃহ সংযোগ ব্যৱস্থাৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব ৷ বিধায়ক সৰকাৰে আঁচনিখন শুভ উদ্বোধন কৰি কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা এই জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছে । অসম চৰকাৰে জলজীৱন মিছন আঁচনিখন  মুকলি কৰাৰ বাবে আজিৰ দিনটো ধাৰ্য কৰিছে আৰু সেই অনুসৰি জিলাখনটো আঁচনিখন মুকলি কৰা হৈছে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে  আমাৰ সমাজৰ সকলো লোকে জল জীৱন মিছন চলাব লাগিব। আমি এবেলা এমুঠি নাখায়ো চলিব পাৰো, কিন্তু বিশুদ্ধ খোৱাপানী অবিহনে আমি চলিব নোৱাৰো। অভয়াপুৰীত বহু গাঁও পঞ্চায়তত বিশুদ্ধ খোৱা পানীৰ অভাৱ। বৰিং কৰিলে বহু তললৈ বৰিং কৰিব লাগে। কিন্তু জল জীৱন মিছনত ধনী-দুখীয়া বুলি কোনো কথা নাই। আমাৰ প্ৰত্যেকৰে খোৱা পানীৰ অসুবিধা আছে। গতিকে প্ৰতিখন গাঁও পঞ্চায়ততে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা দৰকাৰ। আগন্তুক দিনত ৰাইজৰ সুবিধাৰ বাবে ব্যৱস্থা লোৱা হ’ব। এইক্ষেত্ৰত মহকুমাধিপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰো দায়িত্ব আছে। স্থানীয় ৰাইজে এই আঁচনি নিজৰ আঁচনি বুলি ভাৱি ভালদৰে যেন ব্যৱহাৰ কৰে বুলিও কয় বিধায়কগৰাকীয়ে। উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অধীনৰ আঁচনি মুকলি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধৰ,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰী আৰু পঞ্চায়তখনৰ সভানেত্ৰী আৰু বিভাগটোৰ আন বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে চক্ৰভূম গাঁও পঞ্চায়তত জল জীৱন মিছনৰ অধীনত বিধান সভা সমষ্টিটোৰ ২,২০২ টা পৰিয়াললৈ গৃহ সংযোগ ব্যৱস্থাৰ যোগেদি বিশুদ্ধ খোৱাপানী যোগানৰ শুভ উদ্বোধন কৰে ৷ 

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বন্ধন বেংকৰ বিকাশৰ ধাৰা অব্যাহত

দেশৰ এটি আগশাৰীৰ সাৰ্বজনীন বেংক বন্ধন বেংকে আজি ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতেও বেংকে ব্যৱসায়ৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিছে।

যোৱা আৰ্থিক বছৰৰ তুলনাত বেংকৰ মুঠ ব্যৱসায় (জমা আৰু অগ্ৰিম ) ১৭ শতাংশ বৃদ্ধি হৈ ৩০ জুন, ২০২১ তাৰিখে ১.৫৭ লাখ কোটি টকাত উপনীত হৈছে। দেশ জুৰি বেংকে ইয়াৰ ষষ্ঠ বৰ্ষৰ কাৰ্যকালত, ৫৫৭৪ টা বেংকিং আউটলেট আৰু শাখাৰ জৰিয়তে ২.৩৫ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে ৷ এতিয়ালৈকে বন্ধন বেংকত কাম কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৫১০৫৪ জন ।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত, বেংকৰ জমা বহী আগৰ বছৰৰ একে তিনিমাহৰ তুলনাত ২৮% বৃদ্ধি হৈছে। বৰ্তমান মুঠ জমাৰ পৰিমাণ ৭৭,৩৩৬ কোটি টকা।যোৱা বিত্তীয় বৰ্ষৰ তুলনাত কাৰেন্ট একাউণ্ট আৰু সঞ্চয় একাউণ্ট (চিএএছএ) ৪৮ শতাংশ বৃদ্ধি হৈছে, আৰু সামগ্ৰিক জমা বহীৰ মাজত এতিয়া (CASA) ৰ অনুপাত হ’ল ৪৩ শতাংশ। এই সময়ছোৱাত, বেংকৰ খুচুৰা জমা বহী যথেষ্ট বৃদ্ধি পাইছে, যোৱা বিত্তীয় বৰ্ষৰ তুলনাত সেইটো ৩৬ শতাংশ বৃদ্ধি হৈ ৪৭,০৮৫ কোটি টকা হৈছে। মুঠ জমাৰ মাজত খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৮৩ শতাংশ ৷

বন্ধন বেংকৰ ঋণৰ খাতাতো অগ্ৰগতি হৈছে ৷যোৱা বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰদত্ত ঋণৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত প্ৰদত্ত ঋণৰ পৰিমাণ ৮% বৃদ্ধি পাইছে । মুঠ প্ৰদত্ত ঋণৰ পৰিমাণ এতিয়া ৮০,১২৮ কোটি টকা। মূলধন পৰ্যাপ্ততা অনুপাত (চিএআৰ), বেংকৰ স্থিৰতাৰ এক ইঙ্গিত, বন্ধন বেংকৰ চি এ আৰ এতিয়া ২৪.৮ শতাংশ ৷ যিটো প্ৰয়োজনীয় মাত্ৰাৰ তুলনাত যথেষ্ট বেছি।

বিকাশৰ পৰৱৰ্তী অংশ হিচাবে বন্ধন বেংকে সকলো ভাৰতীয়ৰ বিভিন্ন ক্ষেত্ৰত বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এটি প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে , যিবোৰ সামগ্ৰী আৰু সেৱা তেওঁলোকৰ বাবে আৱশ্যক, যিবোৰ তেওঁলোকৰ বাবে আধাৰিত আৰু লেনদেনৰ কোনটো মাধ্যমক তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে – শাৰীৰিক অথবা ডিজিটেল ৷

বেংকে এই পৰিৱৰ্তনত যথেষ্ট পৰিমাণে বিনিয়োগ কৰি আছে, যাৰ লাভালাভ অনাগত বছৰবোৰত দেখা পোৱা যাব । বেংক এছএমই ঋণ, সোণ ঋণ, ব্যক্তিগত ঋণ আৰু অট ঋণৰ দৰে ক্ষেত্ৰত ইয়াৰ সামগ্ৰীৰ পৰ্টফলিঅ’ বৃদ্ধি কৰি আছে।সমগ্ৰ দেশৰ অধিক ভাৰতীয়লৈ বিশ্বমানৰ বেংকিং সেৱা অনাৰ বাবে পূব আৰু উত্তৰ-পূবৰ বাহিৰৰ অঞ্চলবোৰত শাখা নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে। বেংকে এটা উন্নত প্ৰযুক্তিৰ আন্তঃগাঁথনিও ৰূপায়ণ কৰি আছে, যিয়ে গ্ৰাহকসকলক নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত বেংকিং সেৱা উপভোগ কৰাত সহায় কৰিব।

বন্ধন বেংকৰ আৰ্থিক ফলাফল সন্দৰ্ভত এম ডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, “চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক ত বন্ধন বেংকৰ ব্যৱসায় বৃদ্ধি আমাৰ সন্মানীয় গ্ৰাহক সকলে আমাৰ ওপৰত ৰখা নিৰন্তৰ বিশ্বাসৰ বাবে সম্ভৱ হৈছে। আমি আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ, মই ভাবোঁ আমাৰ গ্ৰাহক সকলৰ তেওঁলোকৰ সমৰ্থনৰ বাবে ও তেওঁলোকৰ সহায়ৰ বাবে বন্ধন বেংক লাখ লাখ ভাৰতীয়ৰ বাবে এক পছন্দৰ বেংকিং অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰি তুলিব ”।