Home Blog Page 2900

উচ্ছেদৰ নামত ভেকো-ভাওনা দলগাও ৰাজহ চক্ৰ বিষয়াৰ

দৰঙৰ বালুগাও(আলিকাষ) বজাৰত অবৈধ ভাৱে নিৰ্মাণ কৰা পকী দোকান ঘৰ সমুহ উচ্ছেদ কৰাৰ বাবে সংগঠনৰ দীৰ্ঘদিনীয়া দাবীত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় যদিও উচ্ছেদৰ নামত ভেকো-ভাওনা কৰাৰ অভিযোগ ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামৰ। একাংশ দালাল চক্ৰই বজাৰখনত অবৈধভাৱে নিৰ্মাণ কৰা পকী দোকানৰ ফলত যান যটকে আদি কৰি দেখা দিছিল বিভিন্ন সমস্যাৰ। দলগাও ৰাজহ চক্ৰ বিষয়াই অবৈধ দোকানৰ বিৰূদ্ধে জাননী দি কিছু সংখ্যক দোকান উচ্ছেদ কৰি  সামৰণি মাৰিলে উচ্ছেদ অভিযানৰ ।বালুগাওৰ(আলিকাষ) বজাৰত থকা অবৈধ দোকান সমুহ সম্পূৰ্ণ ভাৱে উচ্ছেদৰ দাবীত ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম আৰু সাধাৰণ সম্পাদক বাহাৰুল আমিনৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী, মূখ্য সচিবলৈ । স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি বালুগাও বজাৰত অবৈধ ভাবে বেদখল কৰি  প্ৰায় তিনিশ ঘৰ বিভা‌গীয় অনুমতি অবিহনে পকা ঘৰ সাজি বজাৰৰ মাটি বেদখল কৰিছে একাংশ অসাধু লোকে।অনূৰূপ ভাবে বেছিমাৰী দৈনিক আৰু সাপ্তাহীক বজাৰখনতো বজাৰৰ মাটি বেদখল কৰি বিভাগীয় অনুমতি নোলোৱাকৈ বলপূৰ্বক ভাবে পকা ঘৰ, বিল্ডিং নিৰ্মাণ কৰি বজাৰৰ গলি আৰু নলা সমূহ বন্ধ কৰাৰ ওপৰিও ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দৈপাম সংযোগী পথৰ কাষত ঘৰৰ সমুহ বাৰান্দা আগুৱাই ৰাস্তাৰ মাটী বেদখল কৰি বিভাগীয় অনুমতি অবিহনে পকা ঘৰ,বিল্ডিং নিৰ্মাণ কৰি ৰাস্তাটো চাপৰ কৰি পেলোৱাত প্ৰচুৰ যান-যটৰ সৃষ্টি হোৱাৰ লগতে এজাক বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হয় বজাৰ খনত।এই সন্দৰ্ভত ইত্তেহাদ ফ্ৰন্ট, আমছু,এন এছ ইউ আই আদি সংগঠন সমূহে বজাৰ সুৰক্ষা সমিতি গঠন কৰি দৰং জিলা উপায়ুক্তক স্মাৰক পত্ৰ দাখিল কৰাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে  বজাৰ দুখন পৰিদৰ্শন কৰি উপায়ুক্তই অবৈধ বেদখল মুক্ত কৰাৰ কথা ঘোষনা কৰিছিল যদিও কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাৰ বাবে ইত্তেহাদ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিয়ে মূখ্যমন্ত্ৰী, মূখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছত মূখ্য সচিবে জিলা উপায়ুক্তক বেদখল মুক্ত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল যাৰ ফলত দলগাও ৰাজহ চক্ৰ বিষয়াই বালুগাওৰ (আলিকাষ) বজাৰখনত অবৈধভাৱে নিৰ্মাণ কৰা প্ৰায় আঢ়ৈ শতাধিক দোকানীৰ বিৰূদ্ধে জাননী প্ৰেৰণ কৰে ।তাৎপৰ্যপূৰ্ণ কথা হল বজাৰৰ একাংশ সৰু সুৰা দোকান উচ্ছেদ কৰি প্ৰভাৱশালী লোকৰ অবৈধ পকী দোকান সমুহ উচ্ছেদৰ পৰা ৰেহাই দিয়ে দলগাও ৰাজহ চক্ৰ বিষয়াজনে । বেদখল মুক্ত কৰাৰ দাবীত চিঞৰ বাখৰ কৰা একাংশ দল সংগঠন এতিয়া নিমাত কিয় ? নে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত চকু মুদা কুলিৰ ভাও ধৰি আছে দল সংগঠনে। তাকে লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।
আলিকাষ(বালুগাও) বজাৰত আংশিক ভাবে উচ্ছেদ কৰি সৰহ সংখ্যাক অবৈধ গৃহ উচ্ছেদ নকৰাত পূণৰ সংগঠনটোৱে চলিত জুলাই মাহৰ ২৫ তাৰিখে ৰাজ্যৰ মূখ্য সচিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি বৃহৎ অংকৰ লেনেদেনৰ বাবে দলগাও ৰাজহ চক্ৰ বিষয়াই বালুগাও(আলিকাষ) বজাৰৰ কিছু অংশ উচ্ছেদ কৰি সৰহ সংখ্যাক অবৈধ গৃহ উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ সন্দেহ হোৱা বুলি কোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে আলিকাষ(বালুগাও) বজাৰ খন সম্পূৰ্ণ ভাবে  বেদখল মুক্ত কৰিবলৈ দাবী জনায় সংগঠটোৱে।

এইবাৰ অসমৰ ভূমিত অৰুণাচলৰ আগ্ৰাসন

অসম- মিজোৰামৰ সীমা বিবাদৰ ফলত সংঘটিত হোৱা ঘটনাই সমগ্র অসমতেই জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তেই অন্য এক আগ্ৰাসনৰ তথ্য পোহৰলৈ আহিছে।এই বহিঃ আগ্ৰাসনৰ ঘটনা পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ লেখাপানীৰ অসম-অৰুণাচল সীমান্তবৰ্তি অঞ্চল সঞ্জু গাঁৱত। এসময়ত অসমৰ ৰাজহ গাওঁ হিচাপে পৰিচিত এই সঞ্জু গাওঁ খনত আছিল এখন চৰকাৰী বিদ্যালয়। গাওঁ খনত বসবাস কৰা লোকসকলে অতীতৰে পৰাই অসমত অনুষ্ঠিত কৰা বিভিন্ন নিৰ্বাচন সমূহত ভোট দান  কৰি আহিছিল।কিন্তু পৰৱৰ্তী সময়ত দেখা গল যে এই সীমামুৰীয়া গাওঁ খনৰ লোক সকলে নিজকে অৰুণাচলৰ বাসিন্দা বুলিহে কৈ গৌৰৱ অনুভৱ কৰে। ইয়াৰ অন্তৰালত আছে অসম চৰকাৰে গাওঁ খনৰ প্ৰতি কৰি অহা চৰম প্ৰতাৰণা। অসম চৰকাৰৰ একাংশ বিষয়া কৰ্মচাৰীৰ সীমান্ত অঞ্চলসমূহত গৈ সীমামূৰীয়া লোক সকলৰ অভাৱ অভিযোগ তথা সমস্যা সমূহ হৃদয়ংগম কৰি সেই সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা নকৰাৰ মানসিকতাই এনে ধৰণৰ সমস্যা সমূহৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে।এই ক্ষেত্ৰত কিন্তু জন প্ৰতিনিধি কিম্বা বিভাগীয় মন্ত্ৰী জনো সমানে জগৰীয়া বুলি অভিযোগ উঠিছে।কেতিয়াও বিদ্যুৎ সংযোগ, চিকিৎসা সেৱা, সুগম বাট-পথৰ সুবিৱস্থা কৰি দিব নোৱাৰা অসম চৰকাৰে গাওঁ খনত থকা একমাত্ৰ অসমৰ পৰিচয় বহন কৰা চৰকাৰী বিদ্যালয় খনো তাৰ পৰা আঁতৰাই নিলে। স্বাভাৱিকতেই অসম চৰকাৰৰ এনে কৰ্ম কাণ্ডই গাওঁ খনৰ ৰাইজৰ মনত আঘাট দিলে আৰু এই আঘাটৰ বেদনাত তেখেত সকলে দিন অতিবাহিত কৰি আহিছে।

পৰৱৰ্তী সময়ত অৰুণাচলৰ গাতে লাগি থকা গাঁও খনৰ লোক সকলৰ দুৰ্বলতাৰ সুযোগ বুজি গাওঁ খনত অৰুণাচল চৰকাৰে সকলো ধৰণৰ সুবিধা প্ৰদান কৰি অহাৰ লগতে বৰ্তমান  অসমৰ ভূমি বেদখল কৰি নিজৰ সীমা নিৰ্ধাৰন কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰা দেখা গৈছে। ইতিমধ্যেই অৰুণাচল চৰকাৰে ইয়াৰ সুযোগ বুজি সঞ্জু গাঁৱৰ মাজেৰে অসমৰ মাটিত প্রায় দহ কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। কেৱল পথেই নহয় কেইবাখনো সৰু-দলং নিৰ্মাণকে ধৰি অৰুণাচল দিশৰ পৰা পথৰ দূৰত্ব নিৰূপণ কৰা মাইল খুটা পৰ্যন্ত পুতি সুগম কৰি তুলিছে। যত অৰুনাচলৰ  মানমৌৰ পৰা সঞ্জুৱাৰালৈ সৰু বৰ সকলো যানবাহন চলাচল আৰম্ভ হৈছে। 

ইমানেই নহয় অৰুনাচলে  সঞ্জুৱাৰা গাঁৱৰ পৰা লেখাপানী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে  টিপংৰ দিশে নিৰ্মান কৰি ওলিয়াইছে প্ৰায় তিনি কিলোমিটাৰ পথ। এই পথছোৱাতো ইতিমধ্যে অৰুনাচলে শিলগুটি পেলাই গাড়ী মটৰ চলাচল কৰিব পৰাকৈ সুচল কৰি তুলিছে। জানিব পৰামতে  বিষয়টোৰ সন্দৰ্ভত বন বিভাগে অসম চৰকাৰক অৱগত কৰিছে যদিও অসম চৰকাৰ তথা প্ৰশাসনে বিষয়টোক লৈ বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই। পাৰিবনে অসম চৰকাৰ তথা প্ৰশাসনে অৰুণাচলৰ এই আগ্ৰাসন ৰোধ কৰিবলৈ? নে অসম-মিজোৰামৰ দৰে এক অনাকাংক্ষিত ঘটনাৰ দিশে বিষয়টোৱে গতি কৰিব সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব।

ওৰাং সামুহিক চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ বাবদ ভৰিব লগীয়া হয় অতি কমেও ২০০০ টকা

ৰাজ্যত কৰোণাৰ দৰে মাৰাত্মক ভয়াবহ মহামাৰীৰ বৰ্দ্ধিত সংক্ৰমণৰ ফলত ৰাজ্য বাসী চিন্তিত  হৈ থকা ক্ষণত ,ৰাজ্যৰ সকলো চিকিৎসা কৰ্মীক চৰকাৰ তথা দেশৰ সকলো জনগণই স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত কৰ্মচাৰী সকলক চিকিৎসা  সকলক  ক’ৰনা যুঁজৰ সেৱক হিচাবে সন্মান জনাই আহিছে । চিকিৎসা কৰ্মী সকলৰ বিৰুদ্ধে কোনোবাই কিবা কলেই তাক বিৰোধিতা কৰি কৰোণা কালত চিকিৎসা বিভাগৰ সকলোকে  ভেকচিন আদিৰ ক্ষেত্ৰতো  ক’ৰনা যুঁজৰ সেৱক হিচাপে পৰিচিত স্বাস্থ্য কৰ্মী ,চিকিৎসক সকলক ৰাইজে যথেষ্ট সহায় কৰি  আহিছে ৷সেইদৰে পৰিবেশ সমগ্ৰ অসমতেই ক’ৰনা নিয়ন্ত্ৰণ কৰাৰ পৰিবেশ   গঢ় লৈ উঠিছে । কিন্তু তাৰ বিপৰীতে ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাণ্ড কাৰখানাই অঞ্চলৰ ৰাইজৰ চকু কপালত তুলিছে । ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত কিছু কৰ্মচাৰী ,চিকিৎসকৰ বিৰুদ্ধে অঞ্চলৰ ৰাইজে গৰ্ভৱতী মহিলা সকলৰ পৰা সন্তান জন্ম দিয়াৰ নামত টকা দাবী কৰাৰ এক গুৰুত্বৰ  অভিযোগ উত্থাপিত হৈছে । চিকিৎসালয় খনৰ  চিকিৎসক  ডাঃ ৰাভা সহ উক্ত চিকিৎসালয়ৰ  কৰ্মচাৰী  আদিৰ বিৰুদ্ধেও অঞ্চলৰ ৰাইজে গৰ্ভৱতী মহিলা সকলৰ পৰা সন্তান জন্ম দিয়াৰ নামত অতিকমেও দুই  হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে দীৰ্ঘ দিন ধৰি এইধৰণৰ অভিযোগ উখাপন হৈ আহিছে যদিও বিভাগটোৰ দায়িত্বত থকা বিষয়ববীয়া সকলে বিশেষ ভূমিকা গ্ৰহণ নকৰাত দিনক দিনে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ সুনাম আৰু সুস্থ পৰিবেশ অহৰ্নিশে  নষ্ট হবলৈ ধৰিছে ।উক্ত চিকিৎসালয়ৰ একাংশ কৰ্মচাৰী সকলৰ লগতে চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক হিচাপে পৰিচিত ডাঃ  ৰাভা নামৰ চিকিৎসক  জনেও দৈনিক সংগ্ৰহ কৰি আহিছে গৰ্ভৱতী মহিলা সকলৰ পৰা হাজাৰ হাজাৰ টকা  । বিশেষ সূত্ৰে জানিব পৰা মতে উক্ত চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক হিচাপে পৰিচিত ভাঃ  ৰাভা সৈতে একাংশ  কৰ্মচাৰী সকলৰ বিৰুদ্ধে গৰ্ভৱতী মাতৃ সকলৰ পৰা সন্তান জন্ম দিয়াৰ বাবদ বহু দিনৰ পৰাই অতি কমেও দুই হাজাৰ  টকাকৈ  দাবী কৰি আহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ধনৰ অভাৱত নাৰ্ছিং হোম আদিত লৈ যাবলৈ সক্ষম নোহোৱা সমগ্ৰ মাজবাটৰ দৰে পিছ পৰি থকা গাঁও ,চাহ বাগিছা  অঞ্চলৰ দুখীয়া ঘৰৰ মহিলা সকলে সন্তান প্ৰসৱ দিবলৈ নিজ চিকিৎসালয়ত আহি চৰকাৰে দিয়া সুবিধা মতে চিকিৎসালয়ত  সন্তান জন্ম দিয়াৰ নামতো এইসকল লোকে টকা পইছা দাবী কৰা ঘটনাই লজ্জিত কৰিছে সামাজৰ সচেতন লোকক । যিসময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে মহিলা সকলক নানান ধৰণৰ সুবিধা কৰি আহিছে তেনে সময়ত ওৰাং চিকিৎসালয়ত দাবী  ধমকি দি পইছা দিব নোৱাৰা বা কমকৈ টকা দিয়া  গৰ্ভাৱতী মহিলা সকলৰ কাজগ পত্ৰ দলিয়াই দিয়াৰো অভিযোগ উঠিছে চিকিৎসক ,কৰ্মচাৰীৰ বিৰুদ্ধে  । ওৰাং স্বাস্থ্য কেন্দ্ৰত এওঁলোকৰ বিৰুদ্ধে বহু টকাৰ বিনিময়ত  অবৈধ ভাবে গৰ্ভপাত কৰোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেওঁলোকে দাবী কৰা ধন আদায় গাঁও অঞ্চলৰ পৰা ৰাতি ঠেলা ,বেটাৰী চালিত অটো ৰিক্সা আদিত উঠাই কষ্টেৰে ওৰাং  চিকিৎসালয় চৌহদত উপস্থিত হোৱা মাত্ৰেই দাম দৰ কৰিহে গৰ্ভৱতী মহিলা সকলক গৰ্ভপাত কৰোৱা হয় অন্যথা টকাৰ অংকত আউল লাগিলে ইয়াত কেঁচুৱা জন্ম দিয়া সম্ভৱ নহয় কেঁচুৱা ওলোটা হৈ আছে কেছটো  অলপ জটিল আছে আদি নানান বাহনা কৰি তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ।উক্ত চিকিৎসালয়ৰ চিকিস্যক ডাঃ ৰাভা  এইধৰণৰ কৰ্মৰ লগত জড়িত থকাৰ উপৰিও চৰকাৰে বান্ধি দিয়া নিয়মিত দায়িত্ব পালন কৰাৰ পৰা বিৰত থাকি চিকিৎসালয়ৰ সন্মুখত থকা নিজৰ প্ৰাইভেট চেম্বাৰত বহি দিনৰ দিনটো টকা লৈ চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়োৱা সলনি নিজৰ ব্যৱসায় প্ৰতিষ্ঠান স্বৰূপ চেম্বাৰত গৈ ৰোগী সকলক এটা নিৰ্দিষ্ট ফিছ লৈ থকা ঘটনাই অঞ্চলৰ সচেতন মহলক বাৰুকৈ চিন্তিত কৰি তুলিছে । অঞ্চলৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এইধৰণৰ গৰ্ভৱতী মহিলাৰ পৰা টকা সংগ্ৰহ কৰা আৰু নিজৰ দায়িত্ব পালন নকৰি চিকিৎসকৰ নামত দৰমহা লৈ চিকিৎসাৰ নামত  ৰমৰমীয়া ব্যৱসায় চলোৱা চিকিৎসক সকলক অনতিপলমে কাৰ্যকৰী সুব্যৱহাৰ গ্ৰহন কৰিব লাগে ৷ খালী হৈ থকা পদ সমুহত দক্ষ চিকিৎসা বিষয়া সকলক  যিজনে প্ৰকৃতাৰ্থত  চিকিৎসকৰ মূল বুজি পায়ে তেনে  চিকিৎসকক ওৰাং সামুহিক  চিকিৎসালয়ত প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক দাবী উত্থাপন কৰিছে ।তদুপৰি সামুহিক চিকিৎসালয় ত চিকিৎসা বিষয়া আৰু কৰ্মচাৰী সকলে  পুৱা ৯বজাত আহিব লাগে ৷যদিও  একাংশ বিষয়া ,কৰ্মচাৰী সকলে  ১০/১১বজাত উপস্থিত হৈ চহী মাৰি গুচি যোবাটো এতিয়া নিত্য নৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ আনহাতে এই চিকিৎসালয়ত গৰ্ভবতী মাতৃ সকলে প্ৰসব আদি কৰাবলৈ টকা পইচা দাবী কৰাৰ বাবে আহিবলৈ ভয় কৰা  বুলি এগৰাকী আশা চুপাৰভাইজাৰে  উপায়ুক্তক মৌখিক ভাবে অভিযোগদাখিল কৰিছিল বুলি জানিব পৰা গৈছে ৷

এজন শাৰীৰিক ভাৱে বিশেষ সক্ষম ব্যক্তিৰ জীৱন গাঁথা

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰঅন্তৰ্গত টংলা ৩ নং খণ্ডৰ নিবাসী গৌতম সাহা (৪৫) শাৰীৰিক ভাৱে বিশেষ সক্ষম ব্যক্তি গৰাকী বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। পৃথিৱীত জন্ম হৈয়ে পৃথিৱীৰ ৰং-ৰূপ নেদেখা গৌতম সাহা জন্মান্ধ হৈয়ো ভিক্ষা বিচাৰি জীৱন যাপন কৰাৰ পৰিবৰ্তে নিজ কষ্টৰে উপাৰ্জন কৰি চলাইছে নিজৰ ঘৰখন। সম্পূৰ্ণভাৱে অন্ধ হোৱাৰ সত্বেও ক্ষুদ্ৰ গেলামাল দোকানেৰে উপাৰ্জনৰ পথ বাচি লৈছে গৌতম সাহাই। জন্মান্ধ এইজন গৌতম সাহাই প্ৰায় ১০ বছৰ ধৰি টংলা কুকুৰাকাটাৰ দৈনিক বজাৰত এখন ক্ষুদ্ৰ গেলামালৰ দোকানেৰে কৰি গৈছে জীৱন সংগ্ৰাম। মানবীয়তাৰ ওপৰত বিশ্বাস কৰা সাহাই দোকানৰ কিছুমান সামগ্ৰী ক্ৰয়ৰ বাবে অকলে গুৱাহাটী পৰ্যন্ত যাত্ৰা কৰে। সকলোবোৰ কাম আনুমানিক ভাবে কৰা সাহাই সামগ্ৰীবোৰ কঢ়িয়াই অনাত বহুখিনি সমস্যাৰ সন্মুখীন হৈ যদিও আজি পৰ্যন্ত কোনো ক্ৰেতাৰ পৰা সামগ্ৰী ওজন নাইবা টকাৰ লেনদেনত অভিযোগ পোৱা নাই বুলি সদৰী কৰে কুকুৰাকাটাৰ দৈনিক বজাৰৰ অন্য ব্যৱসায়ী সকল। জীৱনৰ ৰং নেদেখা এই গৰাকী ব্যক্তিয়ে বহুতো আবেদন-নিবেদন কৰাৰ পিছতো চৰকাৰৰ পৰা অহা বিকলাংগৰ সা-সুবিধা পাবলৈ সক্ষম হোৱা নাই। কেইবাবাৰো বাতৰিত কাকতত সাহাৰ জীৱন সংগ্ৰাম প্ৰকাশিত হোৱাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সমূহৰ দৃষ্টিগোচৰ নোহোৱা এই ব্যক্তিজনৰ অৱশেষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ তেওঁক যেন চৰকাৰৰ পৰা সহায় প্ৰদান কৰে।

টংলাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আধাৰশিলা স্থাপন

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকলোৰে সপোনৰ ঘৰ হ’ব আপোন শীর্ষক মন্ত্ৰক সাৰোগত কৰি শুকুৰবাৰে আবেলি টংলা নগৰৰ এক নং ওৱাৰ্ডত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা-২০২১মাংগলিক কাৰ্যসূচীৰে শুভ উদ্বোধন কৰে।অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰাঞ্চল,অসমৰ অধীনত টংলা পৌৰ সভাৰ জৰিয়তে ৰূপায়ণ কৰিব লগীয়া গৃহৰ প্ৰথমটো গৃহ টংলা নগৰৰ এক নং ওৱাৰ্ডৰ বাসিন্দা শীলা দেৱী নামৰ মহিলা গৰাকীৰ দুই লাখ টকাৰে নিৰ্মাণ হ’ব লগীয়া বাসগৃহ মাঙ্গলিক কাৰ্যসূচীৰে আধাৰশিলা স্থাপন কৰি কয়- ঘৰ নোহোৱা লোকসকলে ঘৰ নিশ্চয় লাভ কৰিব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ বৃহৎ প্ৰকল্পৰ অধীনত দুখীয়া দৰিদ্ৰ সকলোৱে পকী ঘৰ লাভ কৰিব।কিন্তু হিতাধিকাৰীসকলে এই টকা বাইক নতুবা অন্যান্য কামত খৰছ কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে বুলিও জানিব দিয়ে।পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ স’তে আজিৰ আধাৰশিলা অনুষ্ঠানত টংলা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া শান্তুনু দাস,প্ৰধানমন্ত্ৰী আবাস যোজনা নগৰাঞ্চল ,ওদালগুৰিৰ অভিযন্তা ৰফিকুল ইছলাম ,টংলা পৌৰ সভাৰ সহকাৰী অভিযন্তা বিজয় শৰ্মা , খালিংদুৱাৰ পৰিষদৰ এম চি এল এ তথা টংলা পৌৰ সভাৰ অধ্যক্ষ দিলীপ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা ,ওদালগুৰি জিলা বিজেপিৰ জনজাতি মৰ্চাৰ সম্পাদক অৰ্জুন দৈমাৰী ,বিজেপি নেতা জোছৰাং বড়ো প্ৰমুখ্যে ইউ পি পি এল আৰু বিজেপিৰ দলীয় নেতা কৰ্মীসকলে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়ায়।

মিচিং ভাষাক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ

মিচিং ভাষাক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম চৰকাৰ ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত মিচিং ভাষাৰ লগতে অসমৰ অন্য জনজাতীয় ভাষাসমূহ জীয়াই ৰখা তথা উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল যদিও চৰকাৰখনে মিচিং ভাষা আৰু অন্যান্য জনজাতীয় ভাষা সমূহক অস্তিত্বহীন কৰি তোলাতহে উঠি পৰি লাগিছে ৷ এই মন্তব্য মিচিং আগম কৗবাং
( মিচিং সাহিত্য সভা)ৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃটিত মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন টাইদ আৰু সচিব ডিম্বেশ্বৰ দলেয়ে এইদৰে কয় ৷ বিবৃটিত তেওঁলোকে উল্লেখ কৰা মতে মিচিং আগম কৗবাঙৰ লগতে মিচিং সকলৰ সকলো জাতীয় সংগঠনে ১৯৭৯ চনৰ পৰাই মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰিবৰ বাবে চৰকাৰক দাবী জনাই আহিছে ৷ কিন্তু অসম চৰকাৰে উক্ত দাবী আজিকোপতি পুৰণ কৰা নাই ৷ ইয়াৰ বিপৰীতে অতি সম্প্ৰতি চৰকাৰে মিচিং ভাষাক ব্ৰিড্‌জিং বা মেটেৰিয়েলছ ভাষা হিচাপেহে প্ৰয়োগ কৰিবলৈ উঠি পৰি লাগিছে আৰু মিচিং ভাষাক তিল তিলকৈ হত্যা কৰিবলৈ উঠি পৰি লাগিছে ৷ যিটো মিচিং আগম কৗবাঙে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে ৷ তেওঁলোকে কয়- মিচিং সকলে অসমীয়া মূলসূঁতিৰ লগত থাকি মিচিং ভাষাক জীয়াই ৰখাৰ স্বাৰ্থত মিচিং ভাষাক নিম্ন প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ চকাৰক দাবী জনাই আহিছে ৷ এই ক্ষেত্ৰত ২০২০ চনৰ ৰাষ্ট্ৰীয় ভাষা নীতিও ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমূহ জীয়াই ৰখাৰ স্বাৰ্থত এনেধৰণৰ মাধ্যমৰ ব্যৱস্থা কৰিছে ৷ বিবৃটিখনৰ মতে চলিত বৰ্ষত জোনাইত অনুষ্ঠিত হোৱা মিচিং জাতীয় সংগঠন টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰিছিল যে, মিচিং ভাষাৰ লগতে অসমৰ অন্য জনজাতীয় ভাষাসমূহ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা হ’ব ৷ আনকি বহুকেইটা নিৰ্বাচনী সভাতো তেওঁ উক্ত কথা ব্যক্ত কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিশ্ৰুতি পালন কৰা নাই ৷ আগম কৗবাঙে চৰকাৰক স্পষ্ট কৰি দি কয়- আমি ব্ৰিড্‌জিং বা মেটেৰিয়েলছ ভাষা হিচাপে মিচিং ভাষাক প্ৰয়োগ কৰাটো কেতিয়াও মানি নলওঁ আৰু এইয়া সম্ভৱ নহয় ৷ আমি ২০২২ বৰ্ষৰ পৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰয়োগ কৰিবলৈ চৰকাৰক দাবী জনাইছো ৷ মিচিং ভাষাত উপযুক্তভাৱে শিক্ষাদান দিব পৰাকৈ তেওঁলোকে অতি শীঘ্ৰে মিচিং ভাষাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও চৰকাৰক দাবী জনাইছে আৰু পাঠ্যক্ৰম প্ৰণয়নৰ কাম ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত কৰিলেহে মিচিং আগম কৗবাঙে চৰকাৰক সহযোগ কৰিব ৷ তেওঁলোকে বিবৃটিত কয়- ২৮ জুলাইত ধেমাজিত কাড়িচুকস্হিত মিচিং আগম কৗবাঙৰ এখনি সভা অনুষ্ঠিত কৰিছিল আৰু উক্ত সভাতে উপৰিউক্ত দাবী প্ৰস্তাৱ তথা সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয় ৷

তামুলপুৰত কৃষি বান্ধৰ লগতে খেতি পথাৰ পৰিদৰ্শন বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ

বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে তামুলপুৰত উপস্থিত হৈ কুমাৰীকাটাৰ আমবাৰী, তামুলপুৰৰ কলবাৰী, গান্ধীবাৰী, গেৰুৱা, হাবিবাৰীকে আদি কৰি বিভিন্ন অঞ্চলৰ খেতি পথাৰত থকা পানীযোগান আঁঁচনিৰ বিভিন্ন বান্ধসমূহ পৰিদৰ্শন কৰে । খেতিৰ প্ৰয়োজনীয় পানী যোগানৰ বাবে নিৰ্মাণ কৰা উক্ত বান্ধ সমূহ সঠিক ৰূপত নিৰ্মাণ কৰা হৈছে নে নাই সেয়া চাবলৈ তামুলপুৰত উপস্থিত হয় বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকী । কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি খেতিয়ক সকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰো বুজ লয়। সংবাদিকৰে হোৱা বাৰ্তালাপত কৃষি বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে নৱ প্ৰজন্মক খেতিৰ বাবে অধিক আগ্ৰহী হোৱাৰ লগতে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৱলৈ আহ্বান জনায় । কাৰ্যবাহী সদস্য  গৰাকীয়ে প্ৰকাশ কৰে যে এইবাৰ কৃষিৰ বাবে প্ৰয়োজনীয় ধান কটা মেচিন, মৰণা মৰা যন্ত্ৰ, ধান চাফ কৰা যন্ত্ৰকে ধৰি ট্ৰেক্টৰ আদি কৃষকৰ সুবিধাৰ বাবে ফাৰ্ম মেচিনাৰী বেংকৰ পৰা যোগান ধৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ পি ভি সিন্ধুৰ

পি ভি সিন্ধুৱে পোনপটীয়া খেলত জাপানৰ আকানে য়ামাগুচিক পৰাস্ত কৰি মহিলাৰ ব্যক্তিগত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত নিজৰ স্থান অৰ্জন কৰে। খেলখন এক ঘণ্টাৰ পৰা ৪ মিনিট কম সময় চলিছিল, সিন্ধুৱে নিজৰ মনোবল বজাই ৰাখি প্ৰথম খন খেল২১-১৩ ত জিকিছিল। দ্বিতীয় খন খেলত য়ামাগুচিৰ পৰা কঠিন যুঁজ পাইছিল কিন্তু সিন্ধু আগবাঢ়ি গৈ আছিল আৰু খেলখন ২২-২০ ত জিকিছিল, এনেদৰে মেচখন জিকিছিল। এইটোৱে টকিঅ’ অলিম্পিকত সিন্ধুৰ একেৰাহে ৪ৰ্থ পোনপটীয়া খেলৰ বিজয় চিহ্নিত কৰে। সিন্ধুৱে প্ৰতিযোগিতাখনত এটাও খেল হেৰুৱানাই।৩১ জুলাইত ছেমি ফাইনেলত পি ভি সিন্ধুৱে বিশ্বৰ ৬ নং টাইৱানৰ টাই জু য়িং ৰ মুখামুখি হ’ব।

চেমি ফাইনেলত প্ৰৱেশ লাভলীনাৰ ;আৱতৰীয়া বিহু বৰপথাৰত

পুনৰ বাৰ বক্সিং ৰিঙত অপ্ৰতিৰোধ্য হৈ ৰ’ল অসম কন্যা লাভলীনা বৰগোঁহাই।চীনৰ শক্তিশালী প্ৰতিদ্বন্দী চেন নিয়েন চিনক ধৰাশায়ী কৰি টকীঅ’ অলিম্পিকৰ বক্সিঙৰ চেমি ফাইনেলত প্ৰৱেশ কৰিলে  লাভলীনাই।আজি পুৱা অনুষ্ঠিত হৈছিল টকিঅ অলিম্পিকৰ  ৬৯ কেজি শাখাৰ বক্সিং ৰিঙৰ কোৱাটাৰ ফাইনেল খেলখন।লাভলীনাৰ বাবে আজিৰ খেলখনেই আছিল বেছিকৈ  কষ্টকৰ,কিয়নো আজিৰ প্ৰতিদ্বন্দী চেন নিয়েন চিনৰ হাতত পূৰ্বতে তিনি বাৰকৈ পৰাস্ত হৈছিল লাভলীনা।কিন্তু পূৰ্বৰ পৰাজয়ৰ পোতক তুলিবলৈকে যেন দৃহমনা হৈছিল লাভলীনা।লাভলীনাৰ যাদুকৰী পান্সৰ আগত তিষ্টি থাকিব নোৱাৰিলে চীনৰ খেলুৱৈ গৰাকী।৪-১ ব্যৱধানত পৰাজয় স্বীকাৰ কৰিলে চেন নিয়েন চিনে।ইয়াৰ লগে লগে লাভলীনাই চেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে।আজি পুৱাৰে পৰা কোটি কোটি ভাৰতীয়ৰ চকু নিবদ্ধ আছিল লাভলীনা ওপৰত।লাভলীনাৰ গৃহভূমি বৰপথাৰত পুৱাৰে পৰা অধীৰ আশাৰে ৰৈ আছিল অগণন অনুৰাগী।সকলোৰে মুখত এটাই কথা লাভলীনা জিকিব।আৰু কিছু সময়ৰ পাছতে যেতিয়া টকিঅ’ৰ সেই বিশেষ বক্সিং ৰিঙত ৰেফাৰীয়ে লাভলীনাৰ হাত ওপৰলৈ দাঙি দিলে তেতিয়াই গৃহভূমি বৰপথাৰত দেখা গল আৱতৰীয়া বিহু।শ শ অনুৰাগীয়ে আনন্দতে এপাক বিহু নাচিলে,কোনোৱে আকৌ ফটকা ফুটাই মনৰ আনন্দ প্ৰকাশ কৰিলে।পুৱাৰে পৰা বৰপথাৰত দেখা গৈছিল স্থানীয় অনুৰাগী আৰু সংবাদ কৰ্মীসমূহৰ এক ব্যস্ততাপূৰ্ণ  পৰিৱেশ।লাভলীনাৰ জয়ে এতিয়া সমগ্ৰ ভাৰতীয়ৰ আশাবোৰক আৰু এখোপ আগুৱাই লৈ গ’ল।ইপিনে লাভলীনাৰ আজিৰ খেলখনত জয়ৰ পাছতেই উৎফুল্লিত হৈ পৰে পিতৃ টিকেন বৰগোঁহায়।আনহাতে আজি সাংবাদিকৰ ওচৰত পিতৃয়ে কিয় লাভলীনাৰ খেল নাচাই তাকো প্ৰকাশ কৰিলে।উল্লেখ্য যে,বিগত কমনৱেল্থ গেমছত লাভলীনাৰ এখন খেল পিতৃ টিকেন বৰগোঁহায়ে টিভিত চাইছিল আৰু উক্ত খেলখনত লাভলীনাই পৰাজয় বৰণ কৰিছিল,তেতিয়াই পৰাই পিতৃ  টিকেন বৰগোঁহায়ে লাভলীনাৰ খেল নাচাই বুলি জনায়।লগতে পিতৃ আশাবাদী যে লাভলীনাই সোণৰ পদক আজুৰি আনি ভাৰতবাসীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব।

তামুলপুৰৰ মাজদিয়া হাইস্কুলৰ বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ গৃহ উদ্বোধন

শিক্ষাক বাদ দি সমাজৰ অন্য একো কামে চিন্তা কৰিব নোৱাৰি । বিগত বহু বছৰ ধৰি শিক্ষাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আজি বডোলেণ্ড অঞ্চলত শিক্ষাৰ দিশটো জৰাজীৰ্ণ ৰূপ লৈছে । সেয়েহে আমি শিক্ষাৰ ক্ষেত্ৰত নতুন-পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব । এই ভাষ্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ । তামুলপুৰ ঐতিহ্যমণ্ডিত মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ গৃহ উদ্বোধন কৰি বৃহস্পতিবাৰে বড়োৱে এই মন্তব্য আগবঢ়ায় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে পুনৰ কয় যে উচ্চতম ন্যয়ালয়ৰ সন্মতি লাভ কৰাৰ পিছতে বিটিআৰৰ বিদ্যালয়সমূহত  খালী হৈ থকা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে অহা ডিচেম্বৰ মাহৰ ভিতৰত বিটিআৰৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে । মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্ত:গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ আন্ত:গাঠনিৰ কাম কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ পুনৰ কয় বিটিআৰৰ বিভিন্ন স্তৰৰ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ আমি অহৰহ চেষ্টা অৱ্যাহত ৰাখিছোঁ । বিদ্যালয়খনৰ সহকাৰী শিক্ষক  তীৰ্থ ৰঞ্জন মহন্তই আঁঁত ধৰা উদ্বোধনী  সভাখনত বিদ্যালয়খনৰ জ্বলন্ত সমস্যা ৰাজিৰ বিষয়ে অৱগত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুনন্দ কলিতাই । ইয়াৰ পিছতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিদ্যালয়খনৰ আন্তঃ গাঠনিৰ সমস্যা সমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়ে । কোভিড প্ৰটকল মানি আয়োজন কৰা  সভাখনত বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে সাম্প্ৰতিক সময়ৰ পৰিস্থিতি আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰে । মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সতে বিদ্যালয়খনত উপস্থিত থাকে তামুলপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া অৰুঞ্জয় খুঙগুৰ ব্ৰহ্ম , বিটিআৰৰ এমচিএলএ দিলীপ বড়ো , মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক চবিন চন্দ্ৰ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক পৰশু ৰাম দাস, শিক্ষা  বিভাগৰ সহকাৰী বিষয়া প্ৰণৱ কলিতা ,  মহেন্দ্ৰ বড়ো, চিআৰচিচি বুবুল পাঠককে ধৰি ভালেকেইগৰাকী শিক্ষাৰ সতে জড়িত বিষয়া কৰ্মচাৰী , স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকল ।