Home Blog Page 2901

তামুলপুৰৰ মাজদিয়া হাইস্কুলৰ বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ গৃহ উদ্বোধন

শিক্ষাক বাদ দি সমাজৰ অন্য একো কামে চিন্তা কৰিব নোৱাৰি । বিগত বহু বছৰ ধৰি শিক্ষাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আজি বডোলেণ্ড অঞ্চলত শিক্ষাৰ দিশটো জৰাজীৰ্ণ ৰূপ লৈছে । সেয়েহে আমি শিক্ষাৰ ক্ষেত্ৰত নতুন-পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব । এই ভাষ্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ । তামুলপুৰ ঐতিহ্যমণ্ডিত মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ গৃহ উদ্বোধন কৰি বৃহস্পতিবাৰে বড়োৱে এই মন্তব্য আগবঢ়ায় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে পুনৰ কয় যে উচ্চতম ন্যয়ালয়ৰ সন্মতি লাভ কৰাৰ পিছতে বিটিআৰৰ বিদ্যালয়সমূহত  খালী হৈ থকা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । ইয়াৰ সমান্তৰালভাৱে অহা ডিচেম্বৰ মাহৰ ভিতৰত বিটিআৰৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে । মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়খন পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্ত:গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে বিদ্যালয়খনৰ আন্ত:গাঠনিৰ কাম কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ পুনৰ কয় বিটিআৰৰ বিভিন্ন স্তৰৰ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ আমি অহৰহ চেষ্টা অৱ্যাহত ৰাখিছোঁ । বিদ্যালয়খনৰ সহকাৰী শিক্ষক  তীৰ্থ ৰঞ্জন মহন্তই আঁঁত ধৰা উদ্বোধনী  সভাখনত বিদ্যালয়খনৰ জ্বলন্ত সমস্যা ৰাজিৰ বিষয়ে অৱগত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুনন্দ কলিতাই । ইয়াৰ পিছতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিদ্যালয়খনৰ আন্তঃ গাঠনিৰ সমস্যা সমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়ে । কোভিড প্ৰটকল মানি আয়োজন কৰা  সভাখনত বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে সাম্প্ৰতিক সময়ৰ পৰিস্থিতি আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰে । মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সতে বিদ্যালয়খনত উপস্থিত থাকে তামুলপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া অৰুঞ্জয় খুঙগুৰ ব্ৰহ্ম , বিটিআৰৰ এমচিএলএ দিলীপ বড়ো , মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক চবিন চন্দ্ৰ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক পৰশু ৰাম দাস, শিক্ষা  বিভাগৰ সহকাৰী বিষয়া প্ৰণৱ কলিতা ,  মহেন্দ্ৰ বড়ো, চিআৰচিচি বুবুল পাঠককে ধৰি ভালেকেইগৰাকী শিক্ষাৰ সতে জড়িত বিষয়া কৰ্মচাৰী , স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকল ।

পাঁচখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল উন্নীতকৰণৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ

শালেকীসহ পাঁচখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰিক্ষত বনাঞ্চললৈ উন্নীতকৰণৰ দাবী পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ। গোস্বামীয়ে দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা শালেকী, টিৰাপ  টিপং, দালাই আৰু দেওশালী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰিক্ষত বনাঞ্চল ঘোষণা কৰাৰ দাবীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ জৰিয়তে শুকুৰবাৰে  মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি গোস্বামীয়ে কয় যে যদিহে সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰণ নকৰে তেন্তে এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলকেইখন এদিন নিঃশেষ হৈ পৰিব। উল্লেখ্য যে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ দাবীৰে গোস্বামীয়ে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।  ইয়াৰ প্ৰায় ডেৰমাহৰ পিছতে সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ কথা  ঘোষণা কৰাৰ লগতে ইয়াৰ যাৱতীয় কাম-কাজ আৰম্ভ কৰিছিল। আজিৰ এই স্মাৰক পত্ৰ প্ৰদান কালত গোস্বামীক সংগ দিয়ে লেখক অৰ্ণৱ শইকীয়াই ।

উপায়ুক্তৰ কাৰ্যালয়ত পিক পেলাই বিপদত বৰপেটাৰ ব্যৱসায়ী

বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চিৰিত পিক পেলাই বিপদত পৰিছে বৰপেটাৰে এজন ঠিকাদাৰ। আজি আবেলি কাৰ্যালয়টোৰ  বাওহাতে প্ৰথম মহলালৈ উঠি যোৱা খটখটিৰ কোনত কোনোৱাই তামোলৰ পিক পেলাই লেতেৰা কৰা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ দৃষ্টি গোচৰ হয়। লগে লগে তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈ এই বিষয়ে অনুসন্ধান আৰম্ভ কৰে। পিছত কাৰ্যালয়ত স্থাপন কৰা চি চি টি ভি ফুটেজ পৰীক্ষা কৰি গম পোৱা যায় যে এই কাম ৰাজু দেউৰী নামৰ এজন ঠিকাদাৰে কৰিছে। সেই অনুসৰি  উক্ত ব্যক্তি জনক কাৰ্যালয়লৈ মতাই আনি  উপায়ুক্তই তেওঁক তৎক্ষণাত ঠাইখিনি পৰিস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰুপায় হৈ নিজৰ ভুল স্বীকাৰ কৰি তথাকথিত ভদ্ৰলোক জনে নিজে পানীৰে ধুই পৰিস্কাৰ কৰিবলৈ বাধ্য হয়। এই ঘটনাই উপায়ুক্তৰ কাৰ্যালয়ত সন্ধিয়া আমোদজনক পৰিস্থিতিৰ সৃষ্টি কৰে যদিও উপায়ুক্তৰ এনে দৃঢ় স্থিতিৰ সকলোৱে শলাগ লৈছে। ভৱিষ্যতে  তেনে কাম কৰিবলৈ যিকোনো লোকে কুন্ঠাবোধ কৰিব বুলি আশা কৰা হৈছে।

যমুনামুখৰ সমস্যা সন্দৰ্ভত দুই মন্ত্ৰীৰ সৈতে আলোচনা বিধায়ক ছিৰাজুদ্দিন আজমলৰ

এআইইউডিএফৰ কাৰ্যকৰী সভাপতি তথা যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ২৯ জুলাইত অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় ৷ বৈঠকত ৰাজ্যৰ লগতে যমুনামুখ সমষ্টিৰ কেবাটাও জলন্ত সমস্যা মন্ত্ৰীদ্বয়ৰ সন্মুখত দাঙি ধৰে ৷ সিদিনা প্ৰথমে বিধায়ক ছিৰাজুদ্দিন আজমলে অসমৰ জল সম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাৰ সৈতে সাক্ষাত কৰে ৷ সাক্ষাৎকালত বিধায়ক গৰাকীয়ে যমুনামুখ সমষ্টিৰ টোপগাঁও, ডবকা চহৰত যমুনা নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ বিষয়ে অৱগত কৰে ৷ নিখাৰিমুখ, চাংমাজি, দেৱস্থান বজাৰ, ৪৮ নং ব্লক আদি অঞ্চলত নৈৰ খহনীয়া সম্পৰ্কে মন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে ৷ মন্ত্রী পীযুষ হাজৰিকাই সংশ্লিষ্ট বিভাগৰ বিষয়াক প্রয়োজনীয় পদক্ষেপ লবলৈ নির্দেশ দিয়া বুলি বিধায়ক আজমলে অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বিধায়ক ছিৰাজুদ্দিন আজমলে সমষ্টিৰ বহু কেইগৰাকী সমাজকৰ্মী আৰু শিক্ষাবিদক লগত লৈ দিছপুৰৰ মন্ত্ৰী আবাসত গৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে সাক্ষাত কৰি সমষ্টিৰ শিক্ষা ব্যবস্থাৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে ছিৰাজুদ্দিন আজমলৰ লগতে অন্যন্য প্ৰতিনিধিসকলৰ কথা গুৰুত্ব সহকাৰে শুনি পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলক অসমৰ শিক্ষা ব্যৱস্থা উন্নয়নৰ আশ্বাস দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে ৷ উল্লেখ্য যে, যোৱা ২৭ জুলাইত যমুনামুখৰ বিধায়ক গৰাকীয়ে অন্যান্য বিৰোধী বিধায়কসকলক লগত লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ সৈতে এক বৈঠকত মিলিত হয় ৷ 

অসম গৌৰৱ অস্মিতা কাকতিক বিশ্বনাথ ষ্টেটপুল শিক্ষক সন্থাৰ সম্বৰ্ধনা

“বিশ্বনাথ ষ্টেটপুল শিক্ষক সন্থা” আৰু  “সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা”ৰ যৌথ উদ্যোগত   সদ্যঘোষিত দ্বাদশ শ্ৰেণীৰ  ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকণ্ডৰী এডুকেচন  চমুকৈ ICSE পাঠ্যক্ৰমৰ পৰীক্ষাৰ কলা শাখাত  ৯৯.৭৫% নম্বৰ লাভ কৰি দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি  বিশ্বনাথ জিলাৰ বৰগাংৰ লগতে অসমলৈ  গৌৰৱ কঢ়িয়াই অনাৰ বাবে অস্মিতা কাকতিক আজি সম্বৰ্ধনা  জনোৱা হয়।”সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা”ৰ উপসভাপতি তথা বিশ্বনাথ ষ্টেটপুল শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা প্ৰেম বৈষ্ণৱৰ নেতৃত্বত,  ছয়জনীয়া এটি সজাতি দলে  অসম গৌৰৱ অস্মিতা কাকতিক ফুলাম গামোচা , সঁফুৰা  আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । বিশ্বনাথ জিলাৰ  বৰগাং চাহ বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু  নৱনীতা কাকতিৰ সুযোগ্যা সন্তান অস্মীতা কাকতিৰ এই  সম্বৰ্ধনা অনুষ্ঠান সম্পূর্ণ ক’ভিড বিধি মানি  অনুষ্ঠিত কৰা হয়। বিশ্বনাথ জিলাৰ সম্পাদক অৰ্নৱজ্যোতি দাহালে আঁত ধৰা সম্বৰ্ধনা কাৰ্যসূচীত  বিশ্বনাথ জিলা সমিতিৰ মুখ্য উপদেষ্টা তথা “সদৌ অসম ষ্টেটপুল শিক্ষক সন্থা”ৰ  উপ-সভাপতি প্ৰেম বৈষ্ণৱে  উপস্হিত জিলা সমিতিৰ বিষয়ববীয়া সকলক  চিনাকি কৰাই দিয়ে। আজিৰ এই কাৰ্যসূচীত বিশ্বনাথ জিলা সমিতিৰ সভাপতি অজয় নাথ ,  কোষাধক্ষ্য দিপেন পৌৰেল , বিশ্বনাথ শিক্ষক নিধিৰ সম্পাদক পুলিন চৰকাৰ আৰু  জামুগুৰিৰ  মণ্ডল সমন্বয়ক মদন মণ্ডল  আৰু   জিলা সমিতিৰ মুখ্য উপদেষ্টা তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰেম বৈষ্ণৱ উপস্হিত থাকি  অসম গৌৰৱ অস্মিতা কাকতিক উৎসাহিত কৰে।

অসম জীয়ৰী লাভলীনাৰ ইতিহাস, অলিম্পিকত অসমৰ পদক নিশ্চিত

লাভলীনাই ইতিহাস ৰচিলে।দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতৰ বাবে নিশ্চিত কৰিলে আৰু এটা পদক।অলিম্পিকৰ ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হ‘ল অসমী আইৰ কন্যা লাভলীনা বৰগোঁহাই। গোলাঘাট জিলাৰ বৰপথাৰৰ এখনি সৰু ঠাই বাৰমুখীয়াৰ পৰা ওলাই যোৱা লাভলীনাৰ বাবে এই যাত্ৰা একেবাৰে সহজ নাছিল।নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নোহোৱা লাভলীনাৰ কঠোৰ সাধনাই অৱশেষত ৰং আনিলে। নিশ্চিত হ‘ল পদক জিকাৰ সপোন। আজি ভাৰতীয় সময় মতে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন নিয়েনক ৪-১ ৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰবেশ কৰে।লাভলীনাৰ এই জয়ে ভাৰতৰ বাবে টকিঅ‘ অলিম্পিকৰ দ্বিতীয়টো পদক নিশ্চিত কৰিলে। পুৱা লাভলীনাৰ এই বিজয়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা গৃহভূমি গোলাঘাটতো এক আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰিছে।বৰপথাৰ বাৰমুখীয়াৰ ঘৰখনটো শুভেচ্ছা জনোৱা মানুহৰ সোঁত বৈছে। উল্লেখ্য যে লাভলীনাৰ পিতৃ – মাতৃয়ে এইপৰ্যন্ত লাভলীনাৰ খেল উপভোগ কৰা নাই। আজি পুৱাৰ ভাগত লাভলীনাৰ মাতৃ মামনি বৰগোঁহাইৰ লগত হোৱা টেলিফ‘নিক বাৰ্তালাপত এই কথা কয় মাতৃ গৰাকীয়ে।কোৱাৰ্টাৰ ফাইনেল ,ছেমিফাইনেল এই দুয়োখন খেল উপভোগ নকৰা পিতৃ-মাতৃয়ে অৱশ্যে দেৰিকৈ চাব বুলিও উল্লেখ কৰে। ২০১২ চনত প্ৰথম বাৰৰ বাবে বক্সিং ৰিংত প্ৰৱেশ কৰা লাভলীনাই ইয়াৰ পূৰ্বে কিক বক্সিং খেলিছিল। আৰু কিকবক্সিংটো লাভলীনাই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক পাবলৈ সক্ষম হৈছিল। অত্যন্ত প্ৰচাৰ বিমুখ লাভলীনাৰ দৃঢ়তাই অবশেষত খেলুৱৈ গৰাকীক লক্ষ্য প্ৰাপ্তি কৰালে। সততে সম্বৰ্ধনা আদি গ্ৰহণৰ পৰা আতৰি থকা লাভলীনাৰ একমাত্ৰ লক্ষ্য আছিল অলিম্পিক খেলা।সেই উদ্দেশ্য আগত ৰাখি সুদীৰ্ঘ সময় নিজকে শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তত কৰি তুলিছিল খেলুৱৈ গৰাকীয়ে। যাৰবাবে বহু কোম্পানীৰ পৰা অহা বিজ্ঞাপনৰ সুযোগো গ্ৰহণ কৰা নাছিল লাভলীনাই।আনৰ জাৰ্চি পিন্ধি বক্সিং ৰিং ত প্ৰবেশ কৰা লাভলীনাই আৰ্থিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰি আজি নিজৰ লক্ষ্যত উপণীত হ‘ল। আৰু প্ৰমাণ কৰিলে নিজৰ লক্ষ্য স্থিৰ থাকিলে যে কোনো বাধা হেঙাৰ হ‘ব নোৱাৰে। এতিয়া দেশবাসীৰ আশা আৰু আৰ্শীবাদ যে অসম জীয়ৰী লাভলীনাই দেশৰ বাবে সোণ পদক কঢ়িয়াই আনিব।

মাজবাটত আক্ৰাছুৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা  (আক্ৰাছু)ৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।২৯ জুলাইত ওদালগুৰি জিলাৰ  মাজবাট আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৌজন্যত মাজবাটত  অনুষ্ঠিত হোবা এই প্ৰতিষ্ঠা দিৱসত আক্ৰাছু পতাকা উত্তোলন কৰে সভাপতি আনন্দ শইকীয়াই। শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  সম্পাদক মিঠুন বৰুৱাই। ক’ভিডৰ সম্পূৰ্ণ নীতি নিয়ম মানি অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত সভাপতি শইকীয়াই আক্ৰাছুৰ লক্ষ্য উদ্দেশ্য আৰু কোচ ৰাজবংশী  সকলৰ দীৰ্ঘদিনীয়া জনজাতি কৰনৰ দাবীৰ লগতে কমতাপুৰ পুনৰ উদ্ধাৰ সম্পৰ্কত চমু ভাষন আগবঢ়াই ।আনহাতে মিজো দুৰ্বৃত্তৰ লগতে মিজোৰাম আৰক্ষীৰ গুলীত নিহত হোৱা অসমৰ ছয়জন কৈ যোৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে  মিজো আৰক্ষীৰ এনে বৰ্বৰ আক্ৰমক   কাপুৰুষৰ আখ্যা দি অসমআৰু মিজোৰামৰ সীমা বিবাদ অতি  শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাইছে ওদালগুৰি জিলা আক্ৰাছুৱে ।

ওদালগুৰিত অব্যাহত জুৱা, চুলাইৰ অবাধ ব্যৱসায় বানিজ্য

ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ ওৰাং,ৰৌতা,মাজবাট,ওদালগুৰি আদি বিভিন্ন স্থান সমুহৰ লগতে মাজবাট , বেটালী, ধনশ্ৰী, লামাবাৰী, বেটিবাৰী, ধনশ্ৰী  চাহ বাগিছা আৰু পাশ্বৰ্বতী গাওঁ অঞ্চল,এলেকা সমুহত  এতিয়াও ৰমৰমীয়া লোকেল চুলাই মদৰ বেহা অব্যাহত আছে । বিশেষকৈ জিলা খনৰ চাহ বাগিচা অধ্যুষিক এলেকা আৰু গাঁও অঞ্চলত বিশেষকৈ সন্ধিয়া ভাগত সান্ধ্য আইন ভংগ কৰি চুলাই ,জুৱা,গাঞ্জা,ভাং ব্যৱসায়ী সকলে অৱকাৰী বিভাগক বুঢ়া আঙুলি দেখুৱাই চুলাই মদ আদিৰ  ৰমৰমীয়া ব্যৱসায় চলাই অহাত চিন্তিত কৰিছে জিলাখনৰ সচেতন নাগৰিক সমিতিয়ে  । মাৰাত্মক ক’ভিড ১৯ ৰ প্ৰতি লক্ষ ৰাখি চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ লগতে বৰ্তমান চলি থকা সান্ধ্য আইনকো কেৰেপ নকৰি নিতৌ চুলাই মদ সৰবৰাহ চলি আহিছে জিলা খনৰ বিভিন্ন প্ৰান্তত । উল্লেখযোগ্য যে উক্ত স্থানত সমূহত আবকাৰী বিভাগৰ আবকাৰী আৰক্ষী সকলেও এই বিষয়ত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ফলত দিনক দিনে এই বেহা ব্যাপক ৰূপত গঢ়  লৈ উঠিছে । আবকাৰী  বিভাগে আজি পৰ্যন্ত এই সমূহত নাকী লগাবৰ বাবে আজিলৈ বিশেষ কাৰ্যকৰী  ব্যৱস্থা গ্ৰহণ গ্ৰহন কৰিব পৰা  নাই । উক্ত অঞ্চল সমূহত পুৱাৰে পৰা  সন্ধিয়া,নিশা  হোৱাৰ লগে লগে চুলাই ,জুৱা,ভাং,গাঞ্জা  আদিৰ ব্যৱসায় আৰু নিচাসক্ত লোকৰ অস্বাভাৱিক আচৰণৰ বাবে দীৰ্ঘ দিন ধৰি ৰাইজৰ বিভিন্ন ধৰণৰ  অসুবিধাৰ সৃষ্টি হৈ পৰিছে । ইয়াৰ প্ৰকোপত পৰি জিলাখনৰ বহু কলেজীয়া ছাত্ৰ সকলকো সন্ধিয়া হোৱাৰ লগে লগে বাইক লৈ এইবোৰ ভাটিত বহি নাইবা কোনো বাগান অঞ্চলৰ কাষত ,নদী পাৰ আদি ঠাইত বহি দৈনিক নিচা কৰাৰ লগতে যুৱ প্ৰজন্মৰ বাবেও ভাবুকি কঢ়িয়াই আনিছে । আবকাৰী বিভাগে এই ক্ষেত্ৰত গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজন হৈ পৰিছে বুলি অঞ্চলৰ ৰাইজে দাবী তুলি আহিছে যদিও আজিলৈ কোনো ধৰণৰ পদক্ষেপ নোলোৱাত চিন্তিত হৈ পৰিছে জিলাখনৰ সচেতন মহল । স্থানীয় সচেতন ৰাইজে এই সকল  চুলাই ব্যৱসায়,ভাং,গাঞ্জা আদিৰ  লগত থকা আবকাৰী বিভাগ    গোপন বুজাবুজি থকাৰ বাবেই ব্যৱসায়ী সকলে সহজতে এই ব্যৱসায় চলাই থাকিব পৰিছে বুলি অভিযোগ বহু দিন ধৰি উত্থাপিত হৈ আহিছে । এইবোৰ চুলাই,ভাং,গাঞ্জা আদি বোৰৰ ঘাটি গাঁৱে গাঁৱে গঢ় লৈ উঠাৰ ফলত জিলা খনৰ বহু অঞ্চলৰ সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে । ৰাইজৰ অভিযোগৰ ভিক্তিত আবকাৰী বিভাগে মাজে মাজে কমিশ্যন লৈ   অভিযান চলোৱাৰ নামত একাংকিকা নাটক  আৰাম্ভ আৰু শেষ কৰে ৷ যদিও  হাজাৰ হাজাৰ টকাৰ  অংকৰ বিনিময়ত সেই অভিযানৰ খবৰ আবকাৰী বিভাগৰ আৰক্ষীয়ে আগতীয়াকৈ চুলাই ব্যৱসায়ীক “আমি উচ্ছেদ  কৰিবলৈ গৈ আছো,মাল পত্ৰবোৰ লুকাই ৰাখিবি“ আৰু  আমাৰ কমিশ্যন আৰু মালটো সাজু কৰি ৰাখিবি’’ আদি ধৰনে খৱৰ দিয়াৰ ফলতেই অভিযানৰ সময়ত চুলাই ব্যৱসায়ী সকলে আঁতৰি যাবলৈ সক্ষম হয় বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ।তদুপৰি চুলাই ঘাটিবোৰ আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে ইতিপূৰ্বে নিৰ্ধাৰণ কৰা মাননী বা কমিশ্যন কম হলে বা নিদিলে চুলাই মদ ঘাটিবোৰ মাজে সময়ে উচ্ছেদ কৰি থকাটো এতিয়া নিতৌ নৈমিত্তিক স্বাভাবিক ঘটনাৰ লগতে এতিয়া সাধু কথাৰ মুখৰোচক কাহিনী  হৈ পৰিছে ৷আনহাতে ওৰাং আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও চুলাই ঘাটিবোৰ উচ্ছেদ কৰিবলৈ সক্ষম হৈছে ৷আৰু ওৰাং আৰক্ষীয়ে  শ শ লিটাৰ চুলাই মদ নষ্ট কৰা দেখিবলৈ পোৱা গৈছে ৷উল্লেখযোগ্য যে চুলাইৰ ক্ষেত্ৰত চৰকাৰ খন কঠোৰ হোৱাৰ পৰিবৰ্তে ওদালগুৰি জিলাৰ ৰাইজক বাৰুকৈ চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে । ভুক্তভোগী ৰাইজে এইসমূহ চুলাই ঘাটিবোৰ স্থায়ী ভাবে উচ্ছদ কৰি কঠোৰ কাৰ্য  ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক  ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে দাবী উত্থাপন কৰিছে । 

চৰকাৰী ধনৰ এটকাও অপচয় নকৰিব : বিত্ত মন্ত্ৰী

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক শ্ৰীযুতা অজন্তা নেওগে বৃহস্পতি বাৰে গোলাঘাট জিলাৰ আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ আধৰুৱা কাম-কাজ আৰু নতুন আঁচনিৰ কাম অধিক দ্ৰুত গতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । বিশেষকৈ জল জীৱন অভিযান আৰু জিলাখনৰ অন্য পানী যোগান প্ৰকল্পসমূহ সঠিকভাৱে ৰূপায়ন কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী চৰকাৰখনৰ অন্যতম ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে পানী লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাক কোনো পৰিয়াল বাদ নপৰাকৈ সঠিকভাৱে পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ জলজীৱন আঁচনিৰ কাম-কাজ ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ গোট গঠন কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে লগতে আঁচনিসমূহৰ কাম-কাজ আৰু অগ্ৰগতি সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলক তৃণমূল পৰ্যায়ত পৰ্যালোচনা কৰাৰ পৰামৰ্শ আগবঢ়ায় । তেওঁ কয় যে গোলাঘাট জিলাখনক আদৰ্শ জিলা হিচাপে গঢ়ি তুলিবলৈ হ’লে ধনৰ প্ৰতি নহয়,  কামৰ প্ৰতি আকৰ্ষিত হৈ সকলোৱে কাম কৰিব লাগিব । গোলাঘাটৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু সতী সাধনী বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় মাটি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় । চৰকাৰী ধনৰ এটকাও অপচয় নকৰিবলৈ আহ্বান জনাই তেওঁ প্ৰতিখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ নিৰ্দেশ দিয়ে । আনহাতে গোলাঘাট নগৰৰ আৱৰ্জনা পেলোৱা স্থান, হাই মাষ্ট লাইট, নৰ্দমা ব্যৱস্থা আদিৰ বৰ্তমানৰ স্থিতিৰো মন্ত্ৰীগৰাকীয়ে বুজ লয় । নৰ্দমা ব্যৱস্থাৰ উন্নীতকৰণ আৰু গোলাঘাট নগৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম তেওঁ তৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে । ইফালে জিলাখনত ড্ৰাগছ, চুলাই মদ আৰু লালিগুড়ৰ প্ৰচলন বন্ধ কৰাৰ বাবে অধিক কঠোৰ হ’বলৈ মন্ত্ৰীগৰাকীয়ে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস আৰু বহুকেইগৰাকী বিষয়া উপস্থিত আছিল । পাছত মন্ত্ৰীগৰাকীয়ে গোলাঘাট নগৰৰ বাট-পথ আৰু কেইবাটাও ৱাৰ্ড পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় ।

ৰঙাপৰাত ৰেলৱে নামঘৰক দৰ্শন আচঁনিৰ পুজিঁ অৰ্পন

ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰঙাপৰাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে ৰেলৱে নগৰখনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান ৰঙাপাৰা ৰেলৱে ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ  হাতত অসম দৰ্শন আঁচনিৰ পুঁজি হস্তান্তৰ কৰে | কভিদৰ নিয়মাৱলী পালন কৰি অনুষ্ঠুপিয়াকে আয়োজন কৰা অনুষ্ঠানটোত কাৰ্য্যকৰী সভাপতি প্ৰসেন ডেকা, সম্পাদক দেবমনি বৰঠাকুৰ, নাম ঘৰীয়া কেশৱ শৰ্মা উপৰিও মুনিন বৈশ্য, জিতেন ডেকা, বনস্মিতা শইকীয়াৰ লগতে নামঘৰৰ কাৰ্য্যকৰী সদস্য সকল উপস্থিত থাকে!  ধৰ্মীয় অনুষ্ঠান সমূহৰ আন্তৰ গাঁথনি উন্নীতকৰণৰ জৰিয়তে সমাজখনক ধৰ্ম আৰু কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চৰকাৰৰ যি এক সদিচ্চা তাক নামঘৰ পৰিচালনা সমিতিয়ে আদৰণি জনাইছে।উল্লেখ্যযে কালি বিধায়ক কৃষ্ণ কমল তাতীয়ে অঞ্চলটোৰ প্ৰায় ১০ খন নামঘৰ পৰিচালনা সমিতিৰ হাতত অসম দৰ্শন আঁচনিৰ পূঁজি হস্তান্তৰ কৰে।