Home Blog Page 2902

সৰ্ব ভাৰতীয় পৰ্যায়ত সৰ্ব্বোচ্চ স্থান প্ৰাপ্ত শিক্ষাৰ্থীক বিশ্বনাথ জিলা প্ৰশাসনৰ সম্বৰ্ধনা জ্ঞাপন

সদ্য ঘোষিত ফলাফল ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকণ্ডেৰী এডুকেচন (আই চি এছ ই) দ্বাৰা অনুষ্ঠিত দ্বাদশ শ্ৰেণীৰ আই এছ চি পৰীক্ষাত কলা (হিউমেনিটী) শাখাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱা অস্মিতা কাকতিক বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় । জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) ডঃ সূৰ্য কমল বৰা আৰু সহকাৰী আয়ুক্ত ডঃ ভূপালী কাশ্যপে বৰগাং চাহ বাগিচাৰ মুখ্য প্ৰবন্ধক জ্যোতিৰ্ময় কাকতি আৰু নৱনীতা কাকতিৰ সন্তান অস্মিতা কাকতিৰ গৃহলৈ গৈ  ফুলাম গামোছা আৰু এখনি শৰাইৰে মেধাবী ছাত্ৰী গৰাকীক সম্বৰ্ধনা জনায় । বিষয়াদ্বয়ে ছাত্ৰী গৰাকীৰ সুভৱিষ্যৎ কামনা কৰে আৰু অনাগত দিনবোৰত এগৰাকী সুনাগৰিক হৈ আমাৰ ৰাজ্যখনৰ নাম উজলাই তুলিব বুলি আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে বালিপাৰাৰ অসম ভেলী স্কুলৰ পৰা অস্মিতাই উল্লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে বিশ্বনাথ জিলালৈয়ো গৌৰৱ কঢ়িয়াই আনিছিল ।

কাঠেৰে চাইকেল নিৰ্মাণ চামতাৰ জিতু উদ্দিন আহমেদৰ

একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত মানুহে অসাধ্যকো সাধ্য কৰিব পাৰে । নিৰবিচ্ছিন্ন চেষ্টাৰ ফলত বহু জটিল কাম পিছলৈ সহজ হৈ পৰে । এনেকুৱা অসাধ্যকো সাধ্য কৰি দেখুৱাইছে নলবাৰী জিলাৰ  এগৰাকী ছাত্ৰই । নলবাৰী জিলাৰ চামতাৰ আমনি গাঁওৰ  জমিৰ উদ্দিন আহমেদ আৰু মজিদা বিবিৰ পুত্ৰ জিতু উদ্দিন আহমেদে কাঠেৰে এখন চাইকেল নিৰ্মাণ কৰি বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে । এটা ব্যতিক্ৰমী বস্তু সৃষ্টি কৰাৰ দূৰ্বাৰ হেপাঁহ থকা জিতুই ২০১৬ চনত প্ৰথমে চাইকেল নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰে । প্ৰথমে বাঁহেৰে চাইকেল নিৰ্মাণৰ প্ৰস্তুতি কৰা জিতু উদ্দিনে প্ৰথম প্ৰচেষ্টাত সফল হ’ব নোৱাৰিলে । প্ৰথমে সফলতাৰ মুখ দেখা নাপালেও তেওঁ নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল । নিজৰ একাগ্ৰতা আৰু চেষ্টাৰ ফলত জিতু এতিয়া সফল হ’ল । ১০-১২ দিনৰ নেৰা-নেপেৰা প্ৰচেষ্টাত জিতুৱে কাঠৰ চাইকেলখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । জিতুৱে ইতিমধ্যে বাঁহ আৰু কাঠেৰে গীটাৰ, উৰাজাহাজ, ঘৰ, দগা-পাল্লা আদি সাজিবলৈ সক্ষম হৈছিল । উল্লেখযোগ্য যে জিতুৱে কাঠেৰে বৃহৎ আৰু ক্ষূদ্ৰ চাইকেল নিৰ্মাণ কৰি India Book of Record ত নিজৰ নাম লিপিবদ্ধ কৰাৰ প্ৰবল হেপাঁহ । সেইবাবে তেওঁ দিয়াচলাইৰ কাঠিৰে এখন অতি ক্ষূদ্ৰ চাইকেল ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে । তেওঁ চাইকেল দুখনৰ নিৰ্মাণৰ ভিডিঅ’ ইতিমধ্যে India Book Of Record লৈ পঠিয়াইছে।

কোচ ৰাজবংশী ছাত্র সন্থাৰ ৩১তম প্ৰতিষ্ঠা দিৱস উদযাপন

আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰাছু)ৰ আজি ৩১তম কেন্দ্রীয় প্ৰতিষ্ঠা দিৱস।বহলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰিলে এই দিৱস।  এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বহলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই বহলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগনত সম্পূর্ণ ক’ভিড প্ৰটকল মানি উদযাপন কৰিলে এই প্ৰতিষ্ঠা দিবস।

প্ৰতিষ্ঠা দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু অনুষ্ঠপিয়াকৈ এখন সভা অনুষ্ঠিত কৰে।*    *সাংবাদিকৰ আগত কমতাপুৰ ৰাজ্যৰ পুনৰ্গঠন,জনজাতিকৰণ আৰু কে, এ, চিৰ শপথ গ্রহণ অনুষ্ঠান অতিশীঘ্রই অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় আক্ৰাছুৰ বহলপুৰ আঞ্চলিকৰ সভাপতি পুলকেশ ৰায়চৌধুৰীয়ে।

ক’ভিডত মৃত্যু হোৱা এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকলৈ ১০ লাখ টকাৰ চেক প্ৰদান

মহামাৰী ক’ভিড ১৯ ত আক্রান্ত হৈ যোৱা ২১ মে’ত মৃত্যুবৰণ কৰা ভাৰতীয় ষ্টেট বেঙ্ক সৰুপথাৰ শাখাৰ অধীনস্ত উৰিয়ামঘাট গ্ৰাহক সেৱা কেন্দ্রৰ KIOSK Operator দিপাংকৰ কোঁৱৰৰ পৰিয়ালক ২৭ জুলাই তাৰিখে ভাৰতীয় ষ্টেট বেংকৰ কল্যাণমুখি আঁচনিৰ অধিনত দহ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়।২৭ জুলাইত অনুষ্ঠিত এক সভাত KISOK Operator দিপাংকৰ কোঁৱৰৰ পত্নী দিপা কোঁৱৰক ভাৰতীয় ষ্টেট বেংক উত্তৰ পূৱ মণ্ডলৰ মুখ্য মহা প্ৰৱন্ধক ৰমেশ আৰ এছ য়ে চেক খন প্রদান কৰে।উক্ত সভাত উপস্থিত আছিল ভাৰতীয় ষ্টেট বেংক ৰ প্ৰশাসনিক কাৰ্যালয় যোৰহাটৰ উপ মহা প্ৰৱন্ধক শ্ৰী মতি অজন্তা হাজৰিকা। এছ বি আই সৰুপথাৰ শখাৰ মুখ্য প্ৰৱন্ধক অশোক চক্ৰৱৰ্তী।আৰু শিৱসাগৰ শাখাৰ সহকাৰী মহা প্ৰৱন্ধক প্ৰভাত ৰাজবংশী উপস্থিত থাকে।

ৰঙিয়াত আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ,ৰাজপথত উত্তপ্ত পৰিস্থিতি

 অত্যৱশ্যকীয় সামগ্ৰী তথা পেট্ৰʼলজাত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত মাৰুতি গাড়ী ,বাইক ঠেলি ৰঙিয়াৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে ।ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সদস্য সকলে প্ৰধানমন্ত্ৰীৰ “পেট্ৰʼল কি দাম কম হুৱে কি নেহি হুৱে” ভাষণক উপলুঙা কৰি মাইক বজাই ব্যতিক্ৰমী চিন্তাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে । ইয়াকেলৈ ৰঙিয়া আৰক্ষীৰ লগত তীব্ৰ বাক বিতণ্ডা হয় আছু কৰ্মীৰ । প্ৰায় ১०० জন আছু কৰ্মীক আটক কৰি ৰঙিয়া থানালৈ লৈ আনি পৰৱৰ্তী পৰ্যায়ত মুকলি কৰি দিয়ে। এই ঘটনাৰ পিছতে ৰঙিয়া চহৰত তীব্ৰ যানজটৰ সৃষ্টি হয়।

ডিমাকুছি আঞ্চলিক (ABSU ) ৰ প্ৰশংসনীয় পদক্ষেপ

ক’ৰোনা মহামাৰীৰ লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰী সকলৰ স্কুল কলেজ বন্ধ হোৱাত ছাত্ৰ-ছাত্ৰী সকলে ঘৰতে বহি  থাকিব লগিয়া হৈছে।তেনেহেন  সময়তে ডিমাকুছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা, চমুকৈ ABSU য়ে  ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা সম্পৰ্কে অধিক সচেতন আৰু উৎসাহিত কৰিবলৈ ডিমাকুছি আৱাস্থা প্ৰেক্ষাগৃহত আজি সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুসৰণ কৰি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক একগোট কৰি motivational  কাৰ্যসূচী অনুস্থিত কৰে.উক্ত অনুষ্ঠানট উপস্থিত থাকে ক্ৰমেওদালগুৰি জিলা সাধাৰণ সম্পাদ  নিজোমছা বড়ো,ডিমাকুছি আঞ্চলিক এবছুৰ সভাপতি মনোজ বসুমতাৰিলগতে উপস্থিত থাকে  এম বি বি এছ ডঃ আদিটি বড়ো,বঙাইগাওঁ কলেজৰ সহকাৰী অধ্যাপক ডঃ দৈথোন বড়োসহ  ডিমাকুছি এবছুৰ সমূহ কৰ্মকৰ্তাৰ লগতে এন আই টি ৰাইপুৰৰ B.tech  ৰনচাই বড়ো উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা সম্পৰ্কে আৰু আত্মনিৰ্ভৰশীল হবলৈ কেনেদৰে শিক্ষা আহৰণ কৰা উচিত সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।

এএছচিপিচিআৰ অধ্যক্ষৰ চিৰাং জিলা প্ৰশাসনে উদ্ধাৰ কৰা শিশুসকলৰ বাবে বৈঠক

এএছচিপিচিআৰ (শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আয়োগ) আৰু অন্যান্য সদস্যসকলে মঙলবাৰে চিৰাং জিলা ভ্ৰমণ কৰে আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলনগৃহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু সমাজ কল্যাণ, জিলা শিশু সুৰক্ষা, শিক্ষা, খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।   ছিকিম আৰু পশ্চিম বংগ ৰাজ্যৰ পৰা শেহতীয়াকৈ উদ্ধাৰ হোৱা ২ জন প্ৰাপ্তবয়স্কৰ সৈতে ৪০ টা শিশুৰ পুনৰ্সংস্থাপনৰ বিষয়ে আলোচনা কৰে ।
বৈঠকত সভাপতিত্ব কৰি এএছচিপিচিআৰৰ অধ্যক্ষগৰাকীয়ে চিৰাঙৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক আৰু তেওঁলোকৰ দলৰ সদস্যসকলক ছিকিম আৰু পশ্চিম বংগৰ দুৰ্বল শিশুসকলৰ উদ্ধাৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে অভিনন্দন জনায় আৰু চিৰাং আৰক্ষীক এই গোচৰত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে অভিযোগপত্ৰ পূৰণৰ বাবে অধিক প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায় যাতে এনে অপৰাধ অতি শীঘ্ৰেই বন্ধ হয়।
অধ্যক্ষ গৰাকীয়ে ভুক্তভোগী শিশুৰ ঘৰ আৰু ভুক্তভোগী পৰিয়ালৰ অৱস্থাৰো বুজ লয়।

অধ্যক্ষ, এএছচিপিচিআৰ আৰু ইএম-এ জিলা শিশু সুৰক্ষা বিষয়া আৰু শিশু কল্যাণ সমিতিৰ বিষয়াসকলক দুৰ্বল শিশুসকলক নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিবলৈ আৰু শীঘ্ৰেই তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিবলৈ কয়। অধ্যক্ষজনে আৰক্ষীক আবেদন কৰে যেন তেওঁলোকে শিশুৰ সৈতে শোধা-পোছা কৰোঁতে অসামৰিক পোছাকত থাকে। লগতে  এইটোও পৰামৰ্শ দিয়ে যে শিশুসকলে অস্থায়ী আশ্ৰয়ত থাকোঁতে অধিক আৰামদায়ক হৈ থাকিব লাগে আৰু যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজনৰ ক্ষেত্ৰত উদ্ধাৰ হোৱা শিশুসকলক পুনৰ্সংস্থাপন প্ৰদান কৰাৰ বাবে সঠিক পৰিকল্পনাৰ বাবে সমাজ কল্যাণ বিভাগ, বিটিচি আৰু উপায়ুক্তৰ লগতে জিলা প্ৰশাসনক শিশুসকলৰ বাবে দক্ষতা বিকাশ কাৰ্যসূচী আয়োজন কৰিবলৈ কয়।

শিশুসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰাৰ বাবে, ভুক্তভোগী পৰিয়ালবোৰৰ বাবে সমাজ কল্যাণ আঁচনিৰ ব্যৱস্থা কৰিবলৈ কয় লগতে ড্ৰপআউট শিশুসকলক যিকোনো প্ৰকাৰে তেওঁলোকৰ শিক্ষাৰ সুবিধা নিশ্চিত জৰীপ কৰাৰ বাবে পদক্ষেপ ল’বলৈ,
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত তেওঁলোকৰ পৰিয়ালৰ অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ কয়।
ইয়াৰ উপৰিও চিডব্লিউচি, চিৰাঙক এএছচিপিচিআৰ ছিকিম আৰু পশ্চিম বংগ লৈ শিশু সুৰক্ষা আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে সৰব ভূমিকা পালনৰ বাবে আৱেদন পত্ৰ লিখিবলৈ কয়।

ইটাখোলাত বৃহৎ পৰিমাণৰ চোৰাং ভেজাল ডিজেল জব্দ

 বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা-চৈবাৰী সংযোগী পথত বৃহৎ পৰিমাণৰ ভেজাল চোৰাং ডিজেল আৰক্ষীয়ে জব্দ কৰে। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি ইটাখোলা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে ইটাখোলা-চৈবাৰী যোৱা সংযোগী পথত চৈবাৰীৰ পৰা ইটাখোলালৈ আহি থকা বলেৰ’অ পিকাপ নং এ চ-১২ বি চি-১৯৫৭ ৰে সাতটা বেৰেলত মুঠ ১৫৪০ লিটাৰ চোৰাং ভেজাল ডিজেল যোৱা নিশা কঢ়িয়াই আনি থকা অৱস্থাত জব্দ কৰে। লগতে বলে’ৰ পিকাপখনৰ চালকক আটক কৰে। আৰক্ষীৰ পৰা জানিব পৰা মতে উক্ত ভেজাল ডিজেল কেৰাচিনত কিবা ৰাসায়নিক পদাৰ্থ মিহলাই ডিজেললৈ ৰূপান্তৰিত কৰে আৰু এই ডিজেলসমুহ গাঁও অঞ্চলৰ হোজা খেতিয়কসকলক বিক্ৰী কৰাৰ কথা জানিব পৰা গৈছে। ইপিনে খেতিয়ক ৰাইজে বেংকৰ পৰা লোন লৈ খেতিৰ বাবে লোৱা পাউৱাৰ টিলাৰ,ট্ৰেক্টৰ আদি ক্ৰয় কৰে কিন্তু এই দুষ্ট চক্ৰই উক্ত গঞা হোজা খেতিয়কক ভেজাল ডিজেল যোগান ধৰে যাৰ ফলত অতি কম দিনৰ ভিতৰতে কৃষক ৰাইজৰ পাউৱাৰ টিলাৰ,ট্ৰেক্টৰ সমুহ নষ্ট হবলৈ ধৰে। গতিকে এই দুষ্ট চক্ৰক উৎখাত কৰিবলৈ স্থানীয় আৰক্ষী প্ৰশাসনক কৃষক ৰাইজে দাবী জনাইছে।

টিংখাঙত ধুমুহাই ভাঙিলে বিদ্যুতৰ খুঁটা,অন্ধকাৰত সমগ্ৰ অঞ্চল

২৮জুলাই বিয়লি প্ৰায় ৪-৩০বজাত হোৱা এজাক প্ৰচণ্ড ধুমুহাই ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলত বিস্তৰ ক্ষতি সাধন। জানিব পৰা মতে অঞ্চলটোৰ বিভিন্ন ঠাইত ধুমুহা জাকৰ ফলত বিদ্যুৎ বিভাগৰ বহু কেইটা খুঁটা ভাগি পৰে।তদুপৰি বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ গছনি ভাগি পৰাৰ ফলত সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান বন্ধ হৈ আছে।বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী অঞ্চলটোত বিদ্যুৎ যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।অঞ্চলটোৰ ৰতনপুৰ,ফেটেঙীবৰ,উদয়পুৰ,শালমাৰী, কদমণি,সৰোজিনী আদি অঞ্চলত বিদ্যুৎ বিভাগৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

এই অঞ্চলত ব্যাপক হাৰত গছ গছনি ভাগি পথত পৰা বাবে বহু কেইটা গুৰুত্বপূৰ্ণ পথত যাতায়তৰ বন্ধ হৈ পৰিছে। পথ বিলাকৰ পৰা ধুমুহাত ভাগি পৰা গছ গছনি বিলাক আঁতৰ কৰিবলৈ স্থানীয়লোকে তৎপৰতা গ্ৰহণ কৰিছে।আনহাতে ধুমুহাৰ ফলত ৰতনপুৰত কেবাটা বাসগৃহৰ আংশিক ক্ষতি সাধন হৈছে।বাসগৃহত গছ গছনি পৰাৰ ফলতে ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি মতে ধুমুহাত অঞ্চলটোৰ কোনো লোক আঘাট প্ৰাপ্ত হোৱা নাই।

মালতী হাজৰিকাৰ পুখুৰীত উপঙা হোটেল-ৰেষ্টুৰেন্ট

 যিটো সময়ত এটা চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলে হাহাঁকাৰ কৰি থকাৰ সময়তে নগাঁও জিলাৰ পশ্চিমাঞ্চল ভালুকমাৰীৰ এগৰাকী উদ্যমী উচ্চ শিক্ষিতা মহিলাই চৰকাৰী চাকৰিৰ আশা বাদ দি নিজকে কেনেদৰে স্বাৱলম্বী হ’ব পাৰি তাৰে এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ মহিলা গৰাকীৰ ঘৰ হৈছে নগাঁৱৰ ভালুকমাৰী গাৱঁত ৷ ভালুকমাৰী গাৱঁৰ নুমল হাজৰিকাৰ উচ্চ শিক্ষিতা কমোৰ্দমী পত্নী মালতী হাজৰীকাই জীৱিকাৰ বাবে গ্ৰহণ কৰিছে  সুন্দৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ সমগ্ৰ ৰাজ্যতে ক’ভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰি বহু পৰিয়ালক আৰ্থিকভাৱে কোঙা কৰি তোলাৰ সময়তে এই মহিলা গৰাকীয়ে দেখুওৱা নিদৰ্শন এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ জীৱিকাৰ বাবে ক’ভিডসৃষ্ট পৰিবেশে আৰ্থিকভাৱে জুৰুলা কৰাৰ সময়ত ব্যৱসায়ৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে ভালুকমাৰীৰ এই মহিলা গৰাকীয়ে সাহসেৰে নামি পৰিছে জীৱন সংগ্ৰামত ৷ স্বামী নুমল হাজৰিকা আৰু কঁহিগুৰি হাইস্কুলত সপ্তমমান শ্ৰেণীত অধ্যয়ণত একমাত্ৰ পুত্ৰ দেৱজিৎ হাজৰিকাৰে বৰ্তমান এখন সুখৰ সংসাৰৰ দায়িত্ব বহন কৰি আহিছে মালতী হাজৰিকাই ৷ ক’ভিড সৃষ্ট পৰিবেশে প্ৰায় সকলোকে প্ৰায় জুৰুলা কৰি যোৱাৰ পাছত শেহতীয়াকৈ ক’ভিডৰ আতংক কিছু পৰিমাণে হ্ৰাস পোৱাৰ সময়তে নিজৰ সম্পূৰ্ণ আত্মবিশ্বাসৰে ভালুকমাৰী নিৱাসী মালতী হাজৰীকা নামৰ মহিলাগৰাকীয়ে “মা”  নামেৰে এখন ৰেষ্টুৰেন্ট  খুলি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে । নগাঁও – মৰিগাঁও সংযোগী ৰাজ্যিক পথৰ কঁহিগুৰিত পথৰ দাঁতিতে এই ৰেষ্টুৰাখন অৱস্থিত ৷ পথৰ কাষৰ এটা বৃহৎ আকাৰ পুখুৰীৰ ওপৰত প্ৰায় পাঁচ মাহ পূৰ্বতে স্থাপন বাহঁ আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল এই ৰেষ্টুৰাখন ৷ ক’ভিডসৃষ্ট পৰিবেশৰ বাবে বন্ধ থকা ৰেষ্টুৰাখন পুনৰ আৰম্ভ কৰা হৈছে শেহতীয়াকৈ ৷ প্ৰায় ৭ বিঘা মাটিৰে জোৰা এটা বৃহৎ পুখুৰীৰ মাজত আটক ধুনীয়াকৈ এক দৃষ্টি নন্দন পৰিবেশৰে বাঁহ কাঠৰ সহায়ত সজাই তোলা হৈছে ৰেষ্টুৰেণ্ট খন । এই ৰেষ্টুৰেণ্ট খনতে আগ্ৰহী তথা চৌখিন অতিথি সকলৰ বাবে আছে আধুনিক নৌকা বিহাৰ আৰু বৰশী বোৱাৰ সু- ব্যৱস্থাও ৷

এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰেস্তোৰা খনত  এতিয়া দুৰদুৰনিৰ পৰা বহু লোকৰ আগমন ঘটিছে ৷ উজনি-নামনিৰ অহা যোৱা কৰা প্ৰায় সকল আৰোহীয়েই মালতীৰ এই ৰেষ্টুৰেণ্টত ক্ষন্তেক হলেও জিৰণি লৈ একাপ চাহ-কফিৰ লগতে অন্যান্য থলুৱা খাদ্য সামগ্ৰীৰ সুৱাদ লৈ যায় অসংখ্য লোকে ৷ কেৱল ইমানেই নহয় বৃহৎ পুখুৰীটোত চলিছে মাছ পালন, হাঁহ-কুকুৰাও পালন কৰে মালতী হাজৰীকাই আৰু তাৰ জৰিয়তে   মহিলাগৰাকীয়ে নিজৰ  লগতে স্থানীয় আন পাঁচ-ছয় জন লোককো সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ বৰ্তমানলৈকে সকলো খৰছ নিজাকৈ কৰা অসমীয়া এই গৰাকী বোৱাৰী বহু মহিলাৰ বাবে এতিয়া হৈ পৰিছে অনান্য আদৰ্শ ৷ নিজৰ উদ্যম আৰু আত্মবিশ্বাসৰেও যে এটা সৰু ব্যৱসায় আৰম্ভ কৰি বহু নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাট দেখুওৱা এই মহিলা গৰাকীয়ে আজিলৈকে পোৱা নাই কোনো চৰকাৰী সুবিধা ৷ গাঠীৰ ধন ভাঙি স্বনিৰ্ভৰশীল হব বিচৰা মহিলা গৰাকীক চৰকাৰে কিছু পৰিমাণে অৰ্থ সাহায্য আগবঢ়ালে  নিশ্চয় মহিলা গৰাকীয়ে নিজৰ ব্যৱসায়ত কিছু পৰিমাণে হলেও সকাহ হল হেতেঁন ৷ এইক্ষেত্ৰত
সচেতন মহলে মালতীৰ লগতে এনে উদ্যমী মহিলা সকলক আৰ্থিক সকাহ দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ৷