Home Blog Page 2903

লাহৰীঘাটৰ দাতিয়ালবড়ী গাঁৱৰ দুই ভাতৃৰ মহানুভৱতা

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে ৰাজ্যত বৰ্তমানেও বলবৎ হৈ আছে লকডাউন। লক-ডাউনত নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই অমানিশা নামি আহিছে বহু দৰিদ্ৰ পৰিয়াললৈ। যি সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বহু দৰিদ্ৰ পৰিয়ালে তেনে সময়তে দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াই মহানুভৱতা পৰিচয় দাঙি ধৰিছে  মৰিগাঁও জিলাৰ  লাহৰীঘাটৰ দাতিয়ালবড়ী গাঁৱৰ ৰাশিদুল হক চৌধুৰী আৰু শ্বাহিন মিজানুল হক চৌধুৰী দুই ভাই-ককাইয়ে। ভাতৃ দ্বয়ে গাঠিৰ ধনেৰে অঞ্চলটোৰ প্ৰায় দুই শতাধিক দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল, ডালি,মিঠাতেল,বিস্কুটকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। দুই ভাতৃৰ এনে মহানুভৱতাৰ শলাগ লয় অঞ্চলটোৰ ৰাইজে। 

ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডল-১ ৰ কাৰ্যালয়ত দালাল ৰাজ

 মুখ্যমন্ত্ৰী হোৱাৰে পৰাই হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিভাগত হৈ থকা দুৰ্নীতি-ভ্ৰষ্টাচাৰ, ড্ৰাগছ,হত্যা-ধৰ্ষণ আদিৰ বিৰুদ্ধে পূৰ্বতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ঠিক সেইদৰে অসমৰ শক্তি মন্ত্ৰী বিমল বৰাই শক্তি বিভাগটোক অধিক শক্তিশালী  আৰু দুৰ্নীতি মুক্ত কৰি তুলিবলৈ বিভাগটোৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদি কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।
মন্ত্ৰী বিমল বৰাই বিল নিদিয়া গ্ৰাহকৰ ইতিমধ্যেই বিদ্যুৎ সংযোগ বিচিন্ন কৰাৰ লগতে গ্ৰাহক জন চৰকাৰী চাকৰিয়াল হলে মাহিলী দৰমহা বন্ধ কৰা পৰ্য্যন্ত নিৰ্দেশ জাৰি কৰিছে । আনহাতে যিবোৰ গ্ৰাহকে বিদ্যুৎ চুৰি কৰি চলি আছিল সেইসকলৰ বিৰুদ্ধে বিভাগটোক বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশৰ পিছতে অসমৰ শক্তি বিভাগত কিছু পৰিবৰ্তনো হোৱা দেখিবলৈ পোৱা গৈছিল । কিন্তু আচৰ্য্যকৰভাৱে ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডল-১ নং কাৰ্যালয়ত সংঘটিত হৈ আহিছে ভয়ঙ্কৰ দুৰ্নতি। সামন্তৰালভাবে চলিছে দুৰ্নীতিৰ বৃহৎ বজাৰ । নতুন বিদ্যুৎ গ্ৰাহক সকলক বিদ্যুৎ সংযোগ আৰু টেষ্ট ৰিপৰ্ট দিয়াৰ নামত সুবল সুত্ৰধৰ নামৰ ব্যক্তি এগৰাকী আৰু এই বিভাগটোৰে দুজন অস্থায়ী কৰ্মচাৰীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিদ্যুৎ সংযোগ দিয়াৰ অভিযোগ উত্থাপন হৈছে। সুবল সুত্ৰধৰে কাৰ্যালয়তোৰ ওচৰতে নাম মাত্ৰ M/s Sus Electricals নামৰ দোকান এখন দি দিনৰ দিনটো দোকানৰ পৰিৱৰ্তে ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডলৰ  কাৰ্যালয়ৰ ভিতৰত সোমায় থাকি বিষয়াৰ অনুমতি অবিহনে বা বিষয়াৰ অনুপস্থিতিত কাৰ্যালয়ৰ ফাইলবোৰ ইফালৰ পৰা সিফাল কৰা আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ অনবৰতে চাই থকা দেখা যায়। কাৰ্যালয়ত নতুনকৈ অহা গ্ৰাহক বোৰক তেওঁ কাৰ্যালয়টোৰে এজন কৰ্মচাৰী বুলি নিজকে পৰিচয় দিয়ে বুলিও অভিযোগ উত্থাপন হয় । কাৰ্যালয়টোৰ ভিতৰতে সুবল সুত্ৰধৰে M/s Sus Electrical ৰ নামত গ্ৰাহক সকলক টেষ্ট ৰিপৰ্ট দিয়াৰ নামত দুই হাজাৰ টকা আৰু কোনোবা নতুন গ্ৰাহকে নতুনকৈ বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে ১৫,০০০/- ( পোন্ধৰ  হাজাৰ ) টকা উৎকোচ লৈ অহা বুলি অভিযোগ উত্থাপন হৈছে । সুবল সুত্ৰধৰে বিচৰা ধন দিলে গ্ৰাহক এজনে কাৰ্যালয়ত নোযোৱাকৈয়ে বিদ্যুৎ সংযোগ লাভ কৰিব বুলি প্ৰলোভন দিয়া ইতিমধ্যে বিদ্যুৎ সংযোগ দিয়াৰ নামত ৰঙিয়াৰ বহু গ্ৰাহকৰ পৰা লাখ লাখ টকা সৰকাইছে বুলি লিখিত অভিযোগ আহিছে । জানিব পৰা মতে বিভাগটোৰ অজ্ঞাতে তেওঁ নিজাববীয়াকৈ  মিটাৰ পৰ্য্যন্ত যোগান ধৰে বুলিও অভিযোগ আছে । ইতিমধ্যে বিদ্যুৎ বিভাগে ৰঙিয়া চহৰত এক তদন্ত কৰি পৰীক্ষা  কৰাত সমিৰ দাস , মনোৰঞ্জন দাস, হামিদ আলি, জামাল হুছেইন, আইকন নেচাকে ধৰি বহুকেইজন গ্ৰাহকৰ ঘৰ আৰু দোকনৰ পৰা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পঞ্জীয়ন নোহোৱা হেতুকে তেওঁলোকৰ মিটাৰসমূহ জব্দ কৰি বিদ্যুৎ সংযোগ কাটি দিয়ে । ইয়াৰে সমিৰ দাসৰ পৰা ২৫০৪৮/- টকা, মনোৰঞ্জন দাসৰ পৰা ১০৪৪০/- টকা, হামিদ আলিৰ পৰা ১৩৬০৮/- টকা, জামল হুছেইনৰ পৰা ২৫০৪৮/- আৰু আইকন নেচাক বিদ্যুৎ বিভাগে ১৩৬০৮/- টকা জৰিমনা বিহে। ভুক্ত ভুগি গ্ৰাহক সকলে উল্লেখ কৰে যে এই কাৰ্যালয়টোৰে অস্থায়ী কৰ্মচাৰী এজনে বৃহৎ পৰিমানৰ ধনৰ বিনিময়ত মিটাৰ দি বিদ্যুৎ সংযোগ প্ৰদান কৰিছিল। গ্ৰাহক কেইজনে তেওক বিদ্যুৎ সংযোগৰ বাবে প্ৰয়োজনীয় নথী-পত্ৰ জমা দিছিল যদিও কৰ্মচাৰী জনে জমা নকৰাৰ ফলত কাৰ্যালয়ত কোনো তথ্যই নাই।
ইতিমধ্যে এই সংক্ৰান্তত গ্ৰাহক ম: ৰফুল আলীয়ে সুবল সুত্ৰধৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি
ৰঙিয়া বিদ্যুৎ উপ সংমণ্ডল-১ কাৰ্যালয়ৰ উপ সংমণ্ডল অভিযন্তা হেমেন মেধীৰ হাতত এখন অভিযোগ পত্ৰ দাখিল কৰে । ৰঙিয়া চহৰৰ মাজ মজিয়াত থকা কৰ্যালয়টোৰ পৰা এই  চক্ৰটোৱে কেনেকৈ কৰ্যালয়টোত পঞ্জীয়ন নকৰাকৈয়ে গ্ৰাহকক মিটাৰ দিবলৈ আৰু বিদ্যুৎ সংযোগ দিবলৈ সক্ষম হয় সেইটো এতিয়া ডাঙৰ প্ৰশ্ন ? নে এই দুৰ্নীতিৰ লগত বিভাগটোৰে কোনোবা বিষয়া-কৰ্মচাৰী জড়িত আছে সেয়াও নুই কৰিব নোৱাৰি। এই কাৰ্যালয়টো নিকা কৰাৰ ক্ষেত্ৰত শক্তি মন্ত্ৰী বিমল বৰা আৰু বিভাগটোৰ উচ্চপদষ্ট বিষয়া সকলে কি পদক্ষেপ লয় সেয়া সময়ত লক্ষণীয় হʼব ।

ধনশ্ৰীৰ মনাই গাওঁত ডাইনী আৰু ক’ৰোণাৰ সজাগতা সভা

ওদালগুৰি জিলাৰ চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত অঞ্চল যিবোৰ আওঁহতীয়া গাঁও বস্তি ডাইনী  বিভিন্ন অন্ধ বিশ্বাসেৰে ভাৰাক্ৰান্ত তেনে কিছু গাঁও চিনাকি কৰি সেইবোৰত সজাগতা সভা অব্যাহত ৰাখিছে ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাই । ইয়াৰে অংশ হিচাপে মাজবাট ধনশ্ৰী চাহ বাগিছাৰ   ননকে মনাই প্ৰাথমিক বিদ্যালয়ত ২৭ জুলাইত ডাইনী কৰোণা আৰু স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয় । ওদালগুৰি জিলাৰ চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি ৰাম কৰণ গৌড়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক হেমন্ত কুমাৰ মাহাতোৱে ।কভিড প্ৰটকল মানি আয়োজন কৰা সভাখনত ডাইনী , অন্ধবিশ্বাস ,শিক্ষা দীক্ষাত কেনেদৰে আগবাঢ়ি যাব পাৰি আদি বিষয়ত বিস্তৃত ভাবে আলোকপাত কৰে শিক্ষক অৰুণ প্ৰধানে । শিক্ষক বিহুৰাম চাওঁতাল, সুকমল কচলা ,ননকে মনাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিকোলাছ খৰায়েও এই বিষয়ত বক্তব্য আগবঢ়াই । জিলা সম্পাদক হেমন্ত মহাতোৱে গৰ্ভৱতী মাতৃ সকলৰ খোৱা খাদ্য, শিশুৰ পৰিচর্চা বিষয় বুজাই কয় । লগতে সকলো উপস্থিত গাঁওবাসীক ক’ৰোণা সংক্ৰান্তত সজাগতা অনাৰ লগতে ভেকচিন লবলৈ আহ্বান জনায় । লগতে মাস্ক,চেনিটাইজৰ আদি বিতৰণ কৰা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পঙ্কজ সভাপণ্ডিতলৈ কৃতজ্ঞতা জ্ঞাপন কৰি শলাগ লয় ।  সভাৰ সামৰণিত  সভাপতি গৰাকীয়ে মহিলা সবলীকৰণৰ বিশেষ ভূমিকা পালন কৰা মহিলা আত্ম সহায়ক গোট গঠন , পৰিচালনা,আৰ্থিক ভাৱে স্বাৱলম্বী হবলৈ তামোল পান ,নাৰিকল তথা মূল্যবান গছ গছনি ৰোপণ কৰিবলৈ আহ্বান জনায় । সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰা ৰঞ্জীত গোড়ক ধন্যবাদ জ্ঞাপন কৰে ।

জিলা উপায়ুক্তই ঘৰত গৈ সম্বৰ্ধনা পত্ৰ আৰু গছপুলি উপহাৰ দি সম্বৰ্ধনা জনালে মুক্তিযুঁজাৰুক

গোলাঘাট জিলা প্ৰশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী, দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু দিৱস আজি *দেশভক্তি দিৱস* হিচাপে পালন কৰা হয় । ক’ভিড-19ৰ নীতি-নিৰ্দেশনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপিয়াকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি অৰ্পণ কৰাৰ ব্যৱস্থা কৰা হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই বন্তি প্ৰজ্জ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ইয়াৰ পাছতেই উপায়ুক্তগৰাকীৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত কুলদ্বীপ হাজৰিকা আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গ তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পার্ঘ নিবেদন কৰে । অনুষ্ঠানত দিয়া ভাষণত জিলা উপায়ুক্তগৰাকীয়ে কয় যে দেশসেৱাৰ মানসেৰে দেশভক্ত তৰুণৰাম ফুকনে কৰা ত্যাগ আৰু আদৰ্শক আজিৰ প্ৰজন্মই অনুধাৱন কৰিব পৰিলেহে এই দিৱস পালন সাৰ্থক হ’ব । তেওঁ কয় যে দেশভক্ত তৰুণৰাম ফুকন কেৱল এগৰাকী স্বাধীনতা সংগ্ৰামী নাছিল, বৰং দেশৰ যুৱ প্ৰজন্মক স্বদেশ প্ৰেমৰ ধাৰণাৰে উদ্বুদ্ধ কৰাত তেওঁ অন্যতম গুৰুদায়িত্ব বহন কৰিছিল । তেখেতৰ মৃত্যু দিৱসটিক দেশভক্তি দিৱস হিচাপে পালন কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তক তেওঁ আদৰণি জনায় । অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত আৰু অনুষ্ঠানৰ শেষত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় । ইয়াৰ পাছতেই জিলাখনৰ ছ’চিয়েলিষ্ট পথাৰৰ মুক্তিযুঁজাৰু শ্ৰীযুত পোনাৰাম চুতীয়া আৰু বাৰিচোৱা হাবিচুকীয়া গাঁওনিৱাসী শ্ৰীযুত পূৰ্ণকান্ত ফুকনৰ বাসগৃহত উপস্থিত হৈ গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুতা পম্পী দেৱীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে একোখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু একোটা গছপুলিৰে সম্ভাষণ জনায় । দেৰগাঁৱৰ আফুৱা গাঁৱৰ মুক্তিযুঁজাৰু শ্ৰীযুত গণেশ হাজৰিকাক দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত চিৰঞ্জিত দাস আৰু কমাৰবন্ধাৰ বকটিয়াল গাঁওনিবাসী মুক্তিযুঁজাৰু শ্ৰীযুত তোলন তামুলীক গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত গোপাল শৰ্মাই তেওঁলোকৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে । জিলা বন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা আটাইকেইজন মুক্তিযুঁজাৰুলৈ একোটা গছপুলি আগবঢ়োৱা হয় ।

বৰপেটাত প্ৰশাসনৰ উদ্যোগত ‘দেশভক্ত দিৱস’ উদযাপন

 “তৰুণ ৰাম ফুকন আছিল অসমত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী তথা বুনিয়াদ গঢ়োতা। বিৰল প্ৰতিভাধৰ এই ব্যক্তি গৰাকীৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি অতুলনীয়।” আজি বৰপেটাৰ তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত “দেশ ভক্তি দিৱস” অনুষ্ঠানৰ উদ্ধোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে কয়। তেওঁ কয় যে, এনে এগৰাকী মহান ব্যক্তিক স্মৰণ কৰাটো আৰু তেওঁৰ আদৰ্শৰ চৰ্চা কৰাটো আমাৰ নৈতিক কৰ্তব্য। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে যশস্বী সাহিত্যিক, শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ‌ই। তৰুণ ৰাম ফুকনৰ জীৱন  আৰু ব্যক্তিত্বৰ বিভিন্ন দিশৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰি তেওঁ কয় যে এসময়ত ৰাষ্ট্ৰীয় স্তৰত অসম বুলিলেই তৰুণ ৰাম ফুকনকে মানুহে জানিছিল। তেওঁ কয়, একেধাৰে সু-সাহিত্যিক, চিকাৰী, সু-বক্তা হিচাপে পৰিচিত তৰুণ ৰাম ফুকন আছিল সাহসী অসমীয়াৰ সাহসী প্ৰতিনিধি। ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা জনসংযোগ বিষয়া শৰ্মাই তৰুণ ৰাম ফুকনৰ সৈতে বৰপেটা জিলাৰ সম্পৰ্কৰ ঐতিহাসিক দিশটোৰ বিষয়ে ভালেমান তথ্য সদৰি কৰে। দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক স্মৃতি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত ভূচালে ফুকনৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। বৰপেটাৰ তৰুণ ৰাম ফুকন স্মৃতি ভৱন ৰঙ্গমঞ্চৰ সহযোগত আয়োজিত অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ব্ৰজেন্দ্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস আৰু লখিমী দত্ত‌ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। সম্পূৰ্ণ কো’ভিড নীতি-নিয়মৰ মাজেৰে আয়োজিত সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে।

ৰাজগড়ত আটাছুৰ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ প্ৰতিকৃতি দাহ

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় শ্বহীদ বেদী তিনি আলিত অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অন্তৰ্গত ৰাজগড় আঞ্চলিক সমিতিয়ে আজি এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ সংগঠনটোৰ ৰাজগড় আঞ্চলিক সমিতিয়ে অসমৰ চাৰিসীমা সুৰক্ষিত কৰক, লাইলাপুৰ কাণ্ডৰ ওপৰত উচিত তদন্ত হওক, দোষীক কঠোৰভাৱে শাস্তি প্ৰদান কৰক, মিজোৰামৰ মুখ্যমন্ত্ৰী মুৰ্দাবাদ, মিজুৰাম পুলিচ হায়-হায়, মিজোৰাম পুলিচ গ’ বেক, অসম পুলিচ জিন্দাবাদ, অসমৰ চাৰিসীমা সুৰক্ষিত কৰিব নোৱাৰা অসম চৰকাৰ হায়-হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায়-হায়, অসমত ইৰ্নালাইন পাৰ্মিত প্ৰৱৰ্তন কৰক ইত্যাদি প্ৰতিবাদী শ্লগানেৰে ৰাজগড়ৰ আকাশ, বতাহ কঁপাই তোলে । লগতে সংগঠনটোৱে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম  থাংগাৰ প্ৰতিকৃতি দাহ কৰে।আটাছু,ৰাজগড় আঞ্চলিক সমিতিয়ে লাইলাপুৰত মিজোৰাম চৰকাৰৰ , মিজোৰাম আৰক্ষীৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । লগতে সেই বৰ্বৰ কাণ্ডৰ ফলত শ্বহীদ হোৱা অসমৰ আৰক্ষী জোৱান কেইজনলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে । লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আঘাট প্ৰাপ্ত হোৱা আৰক্ষী জোৱান সকলৰ আশু আৰোগ্য কামনা কৰে।তদুপৰি সংগঠনটোৱে লাইলাপুৰ কাণ্ডত জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি কঠোৰভাৱে শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অতি সোনকালে উচিত প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আটাছু, ৰাজগড় আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰা তথা ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি ৰিদিপ চোলাধৰা ফুকন,আটাছু, ৰাজগড় আঞ্চলিক সমিতিৰ সভাপতি ৰিন্টু বৰুৱা, সাধাৰণ সম্পাদক লাচিত ফুকন আৰু ৰাজগড় আঞ্চলিক সমিতিৰ অধীনৰ কেবাখনো শাখা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক সদস্য উপস্থিত থাকে।

ধুবুৰীত জনসংযোগৰ উদ্যোগত ‘দেশভক্ত দিৱস’ উদযাপন

দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ধুবুৰী আৱৰ্ত ভৱনৰ ‘নেতাই ধুবুনী প্ৰেক্ষাগৃহ’ত ‘দেশভক্ত দিৱস’ উদযাপন কৰা হয়৷ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধা নিবেদন কৰা হয়৷ অনুষ্ঠানত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য মিহিৰকান্তি দাসে ‘স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকন’ শীৰ্ষক বিষয়ত আৰু ধুবুৰী শাখা সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইনে ‘তৰুণৰাম ফুকনঃ ব্যক্তি আৰু ব্যক্তিত্ব’ শীৰ্ষক বিষয়ত  বক্তব্য প্ৰদান কৰে৷ তেওঁলোকে তৰুণৰাম ফুকনৰ ৰাজনৈতিক, সামাজিক, সাহিত্যিক জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে ধুবুৰী জিলাৰ সৈতে থকা দেশভক্ত তৰুণৰাম ফুকনৰ সম্পৰ্কৰ বিষয়েও বহলাই ব্যাখ্যা কৰে৷ সভাত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস মুখ্য অতিথি হিচাপে আৰু জিলা কোষাগাৰ বিষয়া ধীৰেন্দ্ৰ কলিতা, আবকাৰী অধীক্ষক অনন্ত কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সভাত মুক্তিযুঁজাৰু আব্দুৰ ৰছিদ আল ফাৰুকৰ নাতি তথা সমাজকৰ্মী আব্দুল নাছেৰ আল ফাৰুক উপস্থিত থাকি ভাষণ দিয়ে৷ ধুবুৰীৰ বিভিন্ন ক্ষেত্ৰৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, সাংবাদিকসহ প্ৰায় ৫০জন  লোক উপস্থিত থকা সভাখনৰ আৰম্ভণিতে মিজোৰাম সীমাত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ  ছয়জন বীৰ জোৱানৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷

বিকাশ আৰু পৰিবৰ্তনে ঢুকি নোপোৱা টীয়কৰ এখন গাঁও

দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰৰ পিছতো যমৰ যাতনা ভুগি আছে টীয়কৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দাই । কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া বিকাশ আৰু বিজেপিৰ পাঁচবছৰীয়া পৰিবৰ্তনেও  স্পৰ্শ কৰিব নোৱাৰিলে টীয়কৰ ১০ নং গাখীৰখোৱা পঞ্চায়তৰ লাহিং ইটাখুলি বাসীক ।  এখন দলংৰ অভাৱত এই অঞ্চল গাঁওবাসীয়ে পুঠি নদীৰ পানীৰ মাজেৰেই বিপদ সংকুল ভাৱে খোজকাঢ়ি পাৰ হব লাগে ।  শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে ভৰা পুঠিনদীৰ বুকুৱেদি নিজৰ প্ৰয়োজনীয়ত পাৰাপাৰ হৈ আহিছে । যেতিয়া বাৰিষা নদীখন ফেনেফুটুকাৰে বাঢ়ি  আহে তেতিয়া এই সকল লোক ‌বহি‌ জগতৰ পৰা বিচ্ছিন্ন হৈ নদী খনৰ  সিটোপাৰে বন্দী হব লগা হয় ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তে এই সকল লোকে এখন দলঙৰ অভাৱত কেনেদৰে এক ভয়াবহ যন্ত্ৰণাৰ মাজত দিন কটাইছে স্ব চক্ষে নেদেখিলে উপলব্ধি কৰিব নোৱাৰিব । নিৰ্বাচন আহে আৰু যায় । নিৰ্বাচন আগত কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই নিৰ্বাচনত অৱৰ্তীন হোৱা বিভিন্ন দলৰ প্ৰাৰ্থী সকলে ।কিন্তু নিৰ্বাচিত হোৱাৰ পিছত এই সকল দুৰ্ভগীয়ালৈ পিঠি দিয়ে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ।  প্ৰায় ২০১৩ চন মানতে স্থানীয় পঞ্চায়তে সৰুকৈ কাঠেৰে এখন দলং নিৰ্মান কৰিছিল কিন্তু কিছুদিনৰ পিছত পুঠী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলংখন ৷ তাৰ পাছৰে পৰা যমৰ যাতনা ভুগি আহিছে এই সকল স্বাধীন দেশৰ নাগৰিকে । ৰাস্তা পদূলিটো বাদেই স্বাধীনতাৰ পিছৰে পৰা সৰ্ব দিশতে অৱহেলিত এই অঞ্চল সমূহ ।  সততে উন্নয়নৰ কথা কোৱা এই খন চৰকাৰৰ  প্ৰকৃত উন্নয়ন আলিবাটৰ বিলাসী হাৰ্ডিঙতে সীমাবদ্ধ থাকিবনে উন্নয়নৰ এখন বাস্তৱ ছবি দেখিবলৈ পাব গাঁও সমূহে । ৰজাঘৰীয়া সকলৰ চকু পাৰিবনে লাহিং ইটাখুলি অঞ্চলত ?

হুগলতলী গাঁৱৰ শতাধিক দৰিদ্ৰ পৰিয়ালক দুই ভ্ৰাতৃদ্বয়ৰ খাদ্য সামগ্রী বিতৰণ

সম্প্ৰতি দেশত ক’ৰণা মহামাৰী আৰু লকডাউন চলি থকাৰ বাবে সাধাৰণ মানুহৰ অৱস্থা জুৰুলা হোৱাটো পৰিলক্ষিত হৈছে । লকডাউনত দৰিদ্ৰ  লোকৰ দুখ কোলাই পাচিয়ে নধৰা হৈছে।  তেনে সংকট সময়তে  শতাধিক দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে  মৰিগাঁও জিলাৰ  ধিং সমষ্টিৰ হুগলতলী গাঁৱৰ শিক্ষিত তথা সচেতন সমাজ সেবক ভ্ৰাতৃদ্বয় ক্ৰমে ৰাশিদুল হক চৌধুৰী আৰু শ্বাহিন মিজানুল হক চৌধুৰীৰ নেতৃত্বত আজি তেওঁ লোকৰ নিজা বাসগৃহত শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্রী আৰু অত্যাবশ্যকীয় সামগ্রী আদি বিতৰণ কৰি মহানুভবতাৰ পৰিচয় দাঙি ধৰে । এই কাৰ্যসূচীত উপস্থিত থাকে তেওঁ লোকৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ বাকি সদস্য সকল। উল্লেখ্য যে তেওঁলোকে  পূৰ্বতেও বহু আৰ্তজনৰ কাষত থিয় দি আহিছে । তেখেতসকলৰ এনে সাহাৰ্য্য প্ৰদান কাৰ্যত উক্ত গাঁওৰ স্থানীয় লোকে ভূয়সী প্ৰশংসা কৰিছে ।

মৰিগাঁৱত দেশভক্ত দিৱস উদযাপন

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড বিধি মানি অনুষ্টুপীয়াকৈ দেশভক্তি দিৱস উদযাপন কৰা হয় | জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ পৌৰাহিত্যত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পমাল্য প্ৰদানেৰে অনুস্থিত আজিৰ সভাত মৰিগাঁও জিলাৰ বিশিষ্ট গৱেষক সাহিত্যিক মনেশ্বৰ দেউৰী আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লগতে মৰিগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ কাৰ্যকৰী সভাপতি যিতেন শৰ্মা আৰু সাংবাদিক বিৰিঞ্চি শৰ্মায়ো ভাষণ প্ৰদান কৰে | সভাত অতিৰিক্ত উপায়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, মহকুমাধিপতি সদৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থকে |