Breaking

ৰাজগড়ত আটাছুৰ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ প্ৰতিকৃতি দাহ

0 1,549

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় শ্বহীদ বেদী তিনি আলিত অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত হোৱা বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অন্তৰ্গত ৰাজগড় আঞ্চলিক সমিতিয়ে আজি এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ সংগঠনটোৰ ৰাজগড় আঞ্চলিক সমিতিয়ে অসমৰ চাৰিসীমা সুৰক্ষিত কৰক, লাইলাপুৰ কাণ্ডৰ ওপৰত উচিত তদন্ত হওক, দোষীক কঠোৰভাৱে শাস্তি প্ৰদান কৰক, মিজোৰামৰ মুখ্যমন্ত্ৰী মুৰ্দাবাদ, মিজুৰাম পুলিচ হায়-হায়, মিজোৰাম পুলিচ গ’ বেক, অসম পুলিচ জিন্দাবাদ, অসমৰ চাৰিসীমা সুৰক্ষিত কৰিব নোৱাৰা অসম চৰকাৰ হায়-হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায়-হায়, অসমত ইৰ্নালাইন পাৰ্মিত প্ৰৱৰ্তন কৰক ইত্যাদি প্ৰতিবাদী শ্লগানেৰে ৰাজগড়ৰ আকাশ, বতাহ কঁপাই তোলে । লগতে সংগঠনটোৱে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম  থাংগাৰ প্ৰতিকৃতি দাহ কৰে।আটাছু,ৰাজগড় আঞ্চলিক সমিতিয়ে লাইলাপুৰত মিজোৰাম চৰকাৰৰ , মিজোৰাম আৰক্ষীৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । লগতে সেই বৰ্বৰ কাণ্ডৰ ফলত শ্বহীদ হোৱা অসমৰ আৰক্ষী জোৱান কেইজনলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে । লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আঘাট প্ৰাপ্ত হোৱা আৰক্ষী জোৱান সকলৰ আশু আৰোগ্য কামনা কৰে।তদুপৰি সংগঠনটোৱে লাইলাপুৰ কাণ্ডত জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি কঠোৰভাৱে শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অতি সোনকালে উচিত প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আটাছু, ৰাজগড় আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰা তথা ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি ৰিদিপ চোলাধৰা ফুকন,আটাছু, ৰাজগড় আঞ্চলিক সমিতিৰ সভাপতি ৰিন্টু বৰুৱা, সাধাৰণ সম্পাদক লাচিত ফুকন আৰু ৰাজগড় আঞ্চলিক সমিতিৰ অধীনৰ কেবাখনো শাখা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক সদস্য উপস্থিত থাকে।

Leave A Reply