Breaking

ধনশ্ৰীৰ মনাই গাওঁত ডাইনী আৰু ক’ৰোণাৰ সজাগতা সভা

0 1,236

ওদালগুৰি জিলাৰ চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত অঞ্চল যিবোৰ আওঁহতীয়া গাঁও বস্তি ডাইনী  বিভিন্ন অন্ধ বিশ্বাসেৰে ভাৰাক্ৰান্ত তেনে কিছু গাঁও চিনাকি কৰি সেইবোৰত সজাগতা সভা অব্যাহত ৰাখিছে ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভাই । ইয়াৰে অংশ হিচাপে মাজবাট ধনশ্ৰী চাহ বাগিছাৰ   ননকে মনাই প্ৰাথমিক বিদ্যালয়ত ২৭ জুলাইত ডাইনী কৰোণা আৰু স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয় । ওদালগুৰি জিলাৰ চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি ৰাম কৰণ গৌড়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক হেমন্ত কুমাৰ মাহাতোৱে ।কভিড প্ৰটকল মানি আয়োজন কৰা সভাখনত ডাইনী , অন্ধবিশ্বাস ,শিক্ষা দীক্ষাত কেনেদৰে আগবাঢ়ি যাব পাৰি আদি বিষয়ত বিস্তৃত ভাবে আলোকপাত কৰে শিক্ষক অৰুণ প্ৰধানে । শিক্ষক বিহুৰাম চাওঁতাল, সুকমল কচলা ,ননকে মনাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিকোলাছ খৰায়েও এই বিষয়ত বক্তব্য আগবঢ়াই । জিলা সম্পাদক হেমন্ত মহাতোৱে গৰ্ভৱতী মাতৃ সকলৰ খোৱা খাদ্য, শিশুৰ পৰিচর্চা বিষয় বুজাই কয় । লগতে সকলো উপস্থিত গাঁওবাসীক ক’ৰোণা সংক্ৰান্তত সজাগতা অনাৰ লগতে ভেকচিন লবলৈ আহ্বান জনায় । লগতে মাস্ক,চেনিটাইজৰ আদি বিতৰণ কৰা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পঙ্কজ সভাপণ্ডিতলৈ কৃতজ্ঞতা জ্ঞাপন কৰি শলাগ লয় ।  সভাৰ সামৰণিত  সভাপতি গৰাকীয়ে মহিলা সবলীকৰণৰ বিশেষ ভূমিকা পালন কৰা মহিলা আত্ম সহায়ক গোট গঠন , পৰিচালনা,আৰ্থিক ভাৱে স্বাৱলম্বী হবলৈ তামোল পান ,নাৰিকল তথা মূল্যবান গছ গছনি ৰোপণ কৰিবলৈ আহ্বান জনায় । সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰা ৰঞ্জীত গোড়ক ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply