Breaking

ধুবুৰীত জনসংযোগৰ উদ্যোগত ‘দেশভক্ত দিৱস’ উদযাপন

0 1,028

দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ধুবুৰী আৱৰ্ত ভৱনৰ ‘নেতাই ধুবুনী প্ৰেক্ষাগৃহ’ত ‘দেশভক্ত দিৱস’ উদযাপন কৰা হয়৷ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধা নিবেদন কৰা হয়৷ অনুষ্ঠানত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য মিহিৰকান্তি দাসে ‘স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকন’ শীৰ্ষক বিষয়ত আৰু ধুবুৰী শাখা সাহিত্য সভাৰ সম্পাদক জাকিৰ হুছেইনে ‘তৰুণৰাম ফুকনঃ ব্যক্তি আৰু ব্যক্তিত্ব’ শীৰ্ষক বিষয়ত  বক্তব্য প্ৰদান কৰে৷ তেওঁলোকে তৰুণৰাম ফুকনৰ ৰাজনৈতিক, সামাজিক, সাহিত্যিক জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে ধুবুৰী জিলাৰ সৈতে থকা দেশভক্ত তৰুণৰাম ফুকনৰ সম্পৰ্কৰ বিষয়েও বহলাই ব্যাখ্যা কৰে৷ সভাত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস মুখ্য অতিথি হিচাপে আৰু জিলা কোষাগাৰ বিষয়া ধীৰেন্দ্ৰ কলিতা, আবকাৰী অধীক্ষক অনন্ত কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সভাত মুক্তিযুঁজাৰু আব্দুৰ ৰছিদ আল ফাৰুকৰ নাতি তথা সমাজকৰ্মী আব্দুল নাছেৰ আল ফাৰুক উপস্থিত থাকি ভাষণ দিয়ে৷ ধুবুৰীৰ বিভিন্ন ক্ষেত্ৰৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, সাংবাদিকসহ প্ৰায় ৫০জন  লোক উপস্থিত থকা সভাখনৰ আৰম্ভণিতে মিজোৰাম সীমাত প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ  ছয়জন বীৰ জোৱানৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷

Leave A Reply