Breaking

বৰপেটাত প্ৰশাসনৰ উদ্যোগত ‘দেশভক্ত দিৱস’ উদযাপন

0 1,298

 “তৰুণ ৰাম ফুকন আছিল অসমত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী তথা বুনিয়াদ গঢ়োতা। বিৰল প্ৰতিভাধৰ এই ব্যক্তি গৰাকীৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি অতুলনীয়।” আজি বৰপেটাৰ তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত “দেশ ভক্তি দিৱস” অনুষ্ঠানৰ উদ্ধোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে কয়। তেওঁ কয় যে, এনে এগৰাকী মহান ব্যক্তিক স্মৰণ কৰাটো আৰু তেওঁৰ আদৰ্শৰ চৰ্চা কৰাটো আমাৰ নৈতিক কৰ্তব্য। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত সভাখনত আমন্ত্ৰিত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে যশস্বী সাহিত্যিক, শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ‌ই। তৰুণ ৰাম ফুকনৰ জীৱন  আৰু ব্যক্তিত্বৰ বিভিন্ন দিশৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰি তেওঁ কয় যে এসময়ত ৰাষ্ট্ৰীয় স্তৰত অসম বুলিলেই তৰুণ ৰাম ফুকনকে মানুহে জানিছিল। তেওঁ কয়, একেধাৰে সু-সাহিত্যিক, চিকাৰী, সু-বক্তা হিচাপে পৰিচিত তৰুণ ৰাম ফুকন আছিল সাহসী অসমীয়াৰ সাহসী প্ৰতিনিধি। ইয়াৰ পূৰ্বে দিয়া আদৰণি ভাষণত জিলা জনসংযোগ বিষয়া শৰ্মাই তৰুণ ৰাম ফুকনৰ সৈতে বৰপেটা জিলাৰ সম্পৰ্কৰ ঐতিহাসিক দিশটোৰ বিষয়ে ভালেমান তথ্য সদৰি কৰে। দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক স্মৃতি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত ভূচালে ফুকনৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। বৰপেটাৰ তৰুণ ৰাম ফুকন স্মৃতি ভৱন ৰঙ্গমঞ্চৰ সহযোগত আয়োজিত অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ব্ৰজেন্দ্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস আৰু লখিমী দত্ত‌ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। সম্পূৰ্ণ কো’ভিড নীতি-নিয়মৰ মাজেৰে আয়োজিত সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে।

Leave A Reply