Home Blog Page 2904

দিল্লীয়ে উত্তৰ-পূৱক মাহী আইৰ দৃষ্টিৰে চাই

 “বলিউডৰ বলিষ্ঠ অভিনেতা তথা মডেল মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে নিজৰ ইনষ্টাগ্রাম হেণ্ডেলযোগে উত্তৰ-পূৱ প্ৰান্তৰ লোকসকলৰ সৈতে হোৱা ভেদ-ভাৱৰ কথা মুকলি মুৰীয়াকৈ প্ৰকাশ কৰি দিল্লীৰ এখন সচাঁ ছৱি দাঙি ধৰিছে। অংকিতা কোঁৱৰে কোৱা উত্তৰ-পূৱৰ লোকসকলক তেতিয়াহে ভাৰতীয় বুলি ভাবে যেতিয়া দেশৰ বাবে তেওঁলোকে মেডেল জয় কৰি আনে। স্বাধীনতাৰ ৭৪ বছৰ পাৰ হোৱাৰ পিচতো দিল্লীয়ে উত্তৰ-পূৱক হেয়জ্ঞান কৰি থকাৰ নিৰ্মোহ তথা জীয়া ছৱি দাঙি ধৰিছে অংকিতা কোঁৱৰে” -এক প্ৰেছ বিজ্ঞপ্তিত এনদৰে কয় ৰাজ্যৰ সমন্বয়- সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক দীপক শৰ্মাই। বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই কয়- “দিল্লীয়ে সৰ্বদিশতে উত্তৰ-পূৱক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। চৰম প্ৰতাৰণা। কলিজা কাটি খুৱালেও  মৰম-স্নেহৰ আপডাল নকৰে দিল্লীয়ে। উত্তৰ-পূৱৰ জনসাধাৰণে আন্দোলন নকৰিলে একো এটা নাপায়। ই ধ্ৰুৱ সত্য। চিৰ শাশ্বত।” বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই আৰু কয়- ১৯৬২ চনত আমাৰ অসমখন দিল্লীয়ে তেতিয়াৰ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) ক গতাব খুজিছিল। কিন্তু সাংসদ হেম বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে অসমৰ সৱল নেতাৰ কঠোৰ স্থিতি, অপৰিসীম শ্ৰম, ত্যাগৰ বিনিময়ত অসম ৰক্ষা পৰিছিল। কিমান দুৰ্ভাগ্য আমি অসম তথা উত্তৰ-পূৱৰ জনসাধাৰণ। আমি সমগ্র অসমৰ জনসাধাৰণ দল-মত- সংগঠন নিৰ্বিশেষে একত্রিত হ’ব লাগে। জাতি-জনগোষ্ঠী নিৰ্বিশেষে উত্তৰ-পূৱৰ জনসাধাৰণ একত্রিত হ’ব লাগে।” অংকিতা কোঁৱৰৰ মনোভাৱক একে মুখে শলাগিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েং, অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰমেন কলিতা, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী মহানগৰ কমিটিৰ সভাপতি নিশুতি মজুমদাৰ, গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, জ্ঞান মঞ্জুৰী আলোচনা চক্ৰ , মৰিগাঁৱৰ সভাপতি হৰেন্দ্ৰ বৰা – সম্পাদক জ্যোতিষ বৰ্মন, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বঙৰা আঞ্চলিক মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, শ্রীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক শাখাৰ উপ- সভাপতি জৱাহৰ মেধি, পৰাগজ্যোতি প্ৰকাশন প্ৰভৃতি দল-সংগঠনে।

অ’ এন জি চি’ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে গৰজি উঠিল ‘আছু’

 মহাৰত্ন তৈল – গেছ উদ্যোগ ” তেল আৰু প্ৰাকৃতিক গেছ নিগম ” ( অ’ এন জি চি ) অসম সম্পদত একাংশ বহিৰাগত বিষয়াই দীৰ্ঘদিন ধৰি চলাই অহা থলুৱা বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল সদৌ শিৱসাগৰ জিলা ছাত্র সন্থা । বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে অইলকে ধৰি অ’ এন জি চি অসম সম্পদৰ কেইবাটাও লাভজনক তৈলক্ষেত্ৰ ইতিমধ্যে বহিৰাগত পুজিপতি গোষ্ঠীক নিলাম কৰি অসমৰ আৰ্থ – সামাজিক বুনিয়াদ ধ্বংসৰ গ্ৰাহলৈ ঠেলি দিয়াৰ পৰৱৰ্তী সময়ত শেহতীয়াকৈ নিগমৰ অসম সম্পদক আশ্চৰ্য জনকভাৱে অইল ইণ্ডিয়া লিমিটেডৰ লগত চামিলকৰণৰ সিদ্ধান্ত বাতিল , থলুৱা নিবনুৱা তথা ঠিকাদাৰ – পৰিয়ালক ভাতে মাৰি ঔষধ যোগানৰ ঠিকা এপ’ল’ গোষ্ঠীক অৰ্পনৰ সিদ্ধান্ত বাতিল , জেম ( GeM ) প’ৰ্টেলৰ জৰিয়তে অ’ এন জি চি ৰ নিবিদা সম্পন্ন কৰি পুজিপতি গোষ্ঠীক ৰঙা দলিচা পাৰি দি থলুৱাৰ স্বাৰ্থ বিঘ্নিত কৰা সিদ্ধান্ত বাতিল , অ’ এন জি চি অসম সম্পদত নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰি স্থানীয় নিবনুৱাক মকৰল কৰা  , নিগমৰ খনন – উৎপাদন এলেকাৰ উন্নয়ন সাধনত কৰ্তৃপক্ষই উদাসীন মনোভাৱ পৰিহাৰ কৰা , শিৱসাগৰ জিলাক তৈল নগৰী হিচাপে ঘোষণা কৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা আদিৰ দাবীত আজি পুনৰবাৰ সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই অ’ এন জি চি অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তৈল প্ৰতিষ্ঠানটোৰ থলুৱা বিৰোধী নীতি পৰিহাৰ কৰিবলৈ সকীয়াই দিয়ে ।   জিলাখনৰ শিৱসাগৰ , নাজিৰা , গেলেকী , নামতি , জোকতলি , শিমলুগুৰি , ডিমৌ , দিচাংমুখ , গৌৰীসাগৰ আদি বিভিন্ন আঞ্চলিক ছাত্র সন্থাৰ দুই শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত  অ’ এন জি চি অসম সম্পদত থলুৱা স্বাৰ্থ সুৰক্ষিত কৰক , নিযুক্তি প্ৰক্ৰিয়া শীৰ্ঘ্ৰে মুকলি কৰক , অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৰা বছৰি নিযুক্তি ব্যৱস্থা কৰক , এপ’ল’ প্ৰতিষ্ঠানক দিয়া ঔষধ যোগানৰ ঠিকা বাতিল কৰক , জেপ প’ট্ৰেলৰ জৰিয়তে বহিৰাগত প্ৰতিষ্ঠানক ঠিকা অৰ্পনৰ ব্যৱস্থা বাতিল কৰি থলুৱা নিবনুৱাক ঠিকা যোগানৰ ব্যৱস্থা কৰি থলুৱা স্বাৰ্থ সুৰক্ষিত কৰক , বহিৰাগত বিষয়াৰ ষড়যন্ত্ৰ বন্ধ কৰক , বহিৰাগত বিষয়াৰ দপদপনি সৰ্য্য কৰা নহব , অ’ এন জি চিৰ গুণ্ডামী সৰ্য্য কৰা নহ’ব আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে নিগমৰ চৌহদ । পিছত সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াৰ স্বাক্ষৰিত এখনি বাৰ দফীয়া দাবী চনদ প্ৰদান কৰে অ’ এন জি চি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ হাতত । উক্ত  চনদত উল্লেখিত দাবী সমূহ ১৫ দিনৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে নিগমৰ সমূহ কাম – কাজ এশ ঘণ্টা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি দাবী চনদত লগতে সকীয়াই দিয়ে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই । আছুৰ কেন্দ্ৰীয় উপদেষ্টা উদিপ্ত জ্যোতি গগৈ , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সমীৰণ ফুকন , জিলা সভাপতি মানৱ হাজৰিকা , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিপাংকৰ শ ইকীয়া আদিকে ধৰি ভালেকেইজন বিষয় – ববীয়াই বক্তব্য দাঙি ধৰি অ’ এন জি চি অসম সম্পদৰ থলুৱা বিৰোধী নীতিক তীব্ৰ গৰিহণা দিয়ে ।

 

ইটাখোলাৰ খেৰবাৰীৰ ঠাণ্ডা পানীৰ উঁ‌হ সংৰক্ষণৰ দাবী

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত গেলাহাটিঙাৰ খেৰবাৰীত এক ইতিহাস বিজড়িত ঠাণ্ডা পানীৰ উঁ‌হক পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী অসম অৰুনাচল সীমান্তৱৰ্তীৰ চিজুছালৈ যোৱা মূল পথৰ দাঁ‌তিত থকা ঠাণ্ডা পানীৰ উঁ‌হ ওলোৱা দুটাকৈ স্থানত গেলাহাটিঙা বাগিচা কৰ্তৃপক্ষই ৰাইজৰ খোৱা পানীৰ সুবিধাৰ্থে কোঁ‌ৱা ৰিং বহুৱাই দিছিল যদিও বৰ্তমান ৰিং দুটা ভাঙি-চিঙি যোৱা পৰিলক্ষিত হৈছে। ভিতৰুৱা অঞ্চলৰ ঠাই হিচাপে স্থানীয় লোকে প্ৰতি মূহূৰ্তত ঠাণ্ডা পানীৰ উঁ‌হ ওলাই থকাত গোলাঘাটৰ গৰম পানীৰ উঁ‌হৰ দৰে উক্ত স্থানটোকো অলৌকিক বুলি ভাবি আহিছে যদিও অঞ্চলটোৰ ইতিবৃ্‌ত্ত অনুসৰি ১৯৫০ চনৰ অসমত হোৱা বৰ ভুমিকম্পৰ ফলত ঘটা অভিকেন্দ্ৰৰ বাবে কোনো নৈৰ সুতৰ পানী উক্ত স্থানত সকলো সময়তে উলাই থকা দেখা যায়। ঠাইখনৰ স্থানীয় লোকৰ মতে উক্ত স্থানত বুৰ-বুৰকৈ ওলাই থকা পানীৰ উঁ‌হৰ বাবে বৰ্তমান ঠাইখন বুৰবুৰি বুলি পৰিচিত হৈ পৰিছে। খেৰবাৰী বুৰবুৰিৰ ঠাণ্ডা পানীৰ উঁ‌হ বাৰ মাহে নুশুকুৱাকৈ ২৪ ঘন্টাই পানী ওলাই থকাত বহু সময়ত বহু লোকে আচৰ্য প্ৰকাশ কৰাৰ লগতে অলৌকিক ভাবে পূজা অৰ্চনা কৰাও দেখিবলৈ পোৱা যায়। বৰ্তমান উক্ত ঠাণ্ডা ফটফটীয়া দেখাত পৰিস্কাৰ পানীৰ উঁ‌হৰ পৰা উলোৱা পানী নিকটৱৰ্তীত বসবাস কৰা লোকে খোৱা পানী হিচাপে ব্যৱহাৰ,গা ধোৱা,কাপোৰ ধোৱা পানী হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও স্থানীয় লোকসকলৰ নদী ঘাটৰ মাংগলীক কামসমুহ উক্ত উঁ‌হৰ পানীত কৰি অহা দেখা যায়। ইফালে আজি কিছু বছৰ পূৰ্ব্বৰ পৰা উক্ত বুৰবুৰিৰ উঁ‌হৰ পানীত প্ৰতিবছৰে পূজা-অৰ্চনাৰ ঘাট হিচাপে স্থায়ী স্থান হিচাপে স্থাপন কৰা পৰিলক্ষিত হৈছে। দীৰ্ঘকাল ধৰি ঠাইখনত ঠাণ্ডা পানীৰ উঁ‌হে পথচাৰীৰ লগতে স্থানীয় লোকৰ খোৱা পানীৰ অভাব পূৰণ কৰি আহিছে সেইহে ঠাইখন পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী  জনাইছে স্থানীয় ৰাইজে। 

উদং পথাৰ, খৰাং বতৰ, আৰু বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ কৃষক

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খৰাং বতৰে কৃষকসকলৰ মাজত সৃষ্টি কৰা হাহাঁকাৰ অৱস্থাৰ সমান্তৰালভাৱে মহুৰামুখৰ উত্তৰ অংশৰ কৃষক সকলৰ মাজতো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে৷কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত বিধান সভাৰ মহুৰামুখৰ গেলাবিল নৈৰ উত্তৰ অংশৰ বানক্ষতিগ্ৰস্ত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অফলা,ৰোহিতা,কেমেৰি,বৰবালি,ভলুকাগুৰি,চেলেক,টিকিৰাই,পাঠৰীকে ধৰি অৰ্ধশতাধিক গাঁৱৰ পথাৰসমুহ উকা হৈ পৰি ৰৈছে পানীৰ অভাৱত৷নৈ পৰীয়া অঞ্চলতোৰ প্ৰধান খেতিতো কৰিবৰ বাবে অতি আগ্ৰহেৰে কৃষক সকলে কপালৰ ঘাম মাটিত পেলাই মাটি চহাই শালি খেতিৰ বাবে প্ৰস্তুত কৰি এতিয়া থমকি ৰ’ব লগাত পৰিছে৷কৃষকসকলে এতিয়া আশাৰে বাট চাই ৰৈছে এজাক বৰষুণলৈ৷কৃষকসকলে চহোৱা মাটি আৰু ক্ৰমান্বয়ে বুঢ়া হব ধৰা কঠীয়াখিনিলৈ চাই হা-হুমুনীয়া কাঢ়ি থকাৰ বাহিৰে একোৱেই কৰাৰ উপায় নথকা অৱস্থাৰ সৃষ্টি হৈছে৷কিয়নো কৰোণাৰ প্ৰকোপৰ বাবে ক্ৰমাগত ভাৱে হোৱা লকডাউননে ইতিমধ্যেই কোঙা কৰা কৃষকসকলে ডিজেলৰ অত্যাধুনিক মূল্যৰ বাবে ডিজেল চালিত পানী পাম্পেৰে খেতি কৰাৰ আশা ইতিমধ্যে ত্যাগ কৰিছে৷ইফালে ২৪ ঘন্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিয়া পৰিবৰ্তনকামী চৰকাৰখনৰ বিদ্যুতবিভাগৰ ব্যৰ্থতাইও জ্বলাকলা খোৱাইছে কৃষক ৰাইজক৷কৃষি বিভাগে কৃষক সকলক সুবিধাৰ বাবে চালিত মটৰ দিছে যদিও বিদ্যুতৰ লুকাভাকুৰ বাবে মটৰ সমূহ প্ৰদৰ্শনী হিছাপে পথাৰত ৰখাৰ দৰে হৈ পৰিছে৷এফাল কৰোণাৰ প্ৰকোপ আনফালে খৰাং বতৰে অনাগত দিনবোৰক লৈ অনিশ্চয়তাৰ সৃষ্টি কৰিছে দুখীয়া কৃষক সকলৰ মাজত৷এনে খৰাং পৰিস্থিতিত ৰাজ্যৰ কৃষি বিভাগৰ মন্ত্ৰী তথা স্হানীয় বিধায়ক গৰাকীয়ে কৃষক সকলক কেনেদৰে সকাহ দিব অথবা শক্তি মন্ত্ৰী বিমল বৰাই কি ব্যবস্থা গ্ৰহণ কৰিব সেইয়া লক্ষনীয় হব যদিও কৃষক ৰাইজে সকলো আশা ত্যাগ কৰি এতিয়া অপেক্ষা কৰিছে ভগৱানৰ কৃপা দৃষ্টিৰ ওপৰত৷

ওৰাং,মাজবাট,ৰৌতাৰ স্বাস্থ্য কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি

প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।”” সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ অহৰহ কষ্ট  কৰি  আহিছে।আৰু জনসাধাৰণক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণৰ বাধ্যতামূলক কৰিছে যদিও।ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাং খণ্ড প্ৰাথমিক  স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ  কভিড ভেকচিন কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি দেখা গৈছে।সীমিত সংখ্যকে পাই দৈনিক ভেকচিন, বহু সংখ্যকে নিতৌ পুৱা ৫ বজাৰে পৰা দীঘলীয়া শাৰীত অপেক্ষা কৰি ভেকচিন নাপাই ঘূৰি যাব লগা হৈছে। অধিকাংশই মাস্ক পাৰিধান নাই , নাই কোনো সামাজিক দূৰত্ব,  শাৰী শাৰীকৈ লাইন  পাতি ভেকচিন নাপাই উভটি যাব  লগা হোৱাত ক্ষোভিত হৈছে জনসাধাৰণ।
সেয়েহে  অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাই যে অতিশীঘ্ৰেই  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  অধীনস্থ ভেকচিন কেন্দ্ৰ সমুহত পৰ্যাপ্ত পৰিমানৰ ভেকচিন নাটনিৰ সমস্যা দূৰ কৰিবলৈ ৰাইজৰ   লগতে ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষক আহ্বান জনাইছে ৷  যুৱ চামে ক’ভিড ভেকচিন লবলৈ  অধিক আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে ৷

ওদালগুৰি জিলাত ১৭১২৮৮ হিতাধিকাৰীক ভেকচিন প্ৰদান

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ২৭জুলাইত   ওদালগুৰিত  ২৭ গৰাকী  ক’ৰণাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা  ২৭ জুলাইলৈ  আক্ৰান্তৰ সংখ্যা ৪৪৬১ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ২৭জুলাইত  ৩০২৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত  ২৭ গৰাকীৰ দেহত  ক’ৰণা ধৰা পৰে।জিলা খনৰ মুঠ ৪৪৬১ কভিড আক্ৰান্তৰ  ভিতৰৰ ৪২২৭জনক ক’ভিড মুক্ত ঘোষনা কৰাৰ লগতে  ওদালগুৰিৰ বিভিন্ন  চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ   ১২৫ আইচিলেচনত, ১৬৭ সক্ৰিয় ৰোগী  চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা  ২৭ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা  ৬৭ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত   ১৭১২৮৮গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে  ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত  ১১০১ গৰাকীক ৰেট পৰীক্ষাত ৯ গৰাকী  ক’ভিড চিনাক্ত কৰা হৈছে ৷ইতিমধ্যে ক’ভিডৰ দ্বিতীয় পৰ্যায়ৰ  ২৭জুলাই লৈ  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা আদি অঞ্চল সমুহত ৩৫ গৰাকী গৰ্ভবতী মহিলা  ক’ভিড পজিটিভ বুলি চিনাক্তকৰণ কৰা হৈছে ৷উল্লেখযোগ্য  ক’ভিড পজিটিভ হোবা  গৰ্ভবতী  মহিলাৰ  কোনো এগৰাকীয়েও ক’ভিড ভেকচিন লোৱা নাই বুলি জানিব পৰা গৈছে ৷

কালভাৰ্ট নিৰ্মাণৰ দাবীত শিঙৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ শিঙৰীত  কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷দক্ষিণ শিঙৰী গাওঁ পঞ্চায়ত এলেকাৰ শিঙৰী স্বাস্থ্য কেন্দ্ৰৰ পৰা শিঙৰী বঙালী গাৱঁলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথৰ মধ্যভাগত থকা ভগা কালভাৰ্ট নিৰ্মাণৰ দাবীত সংগঠনটোৰ সীমিত সংখ্যক সদস্যই চৰকাৰৰ নীতি নিৰ্দেশনা মানি সামাজিক দুৰত্ব বৰ্তাই ৰাখি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা সকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক,শিঙৰীৰ পৰা শিঙৰী বঙালী গাৱঁলৈ যোৱা সংযোগী পথৰ মধ্যভাগত থকা ভগা কালভাৰ্ট  নিৰ্মাণৰ ব্যৱস্থা কৰক,ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো জৰাজীৰ্ণ ভগা কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থা কৰক,বিধায়ক গনেশ কুমাৰ লিম্বু হায় হায়,গনেশ কুমাৰ লিম্বু মুৰ্দাবাদ,সাংসদ পল্লৱ লোচন দাসৰ কাম নাই,অসম চৰকাৰৰ কাম নাই,কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদস্থলীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত সামান্যতমো মিল নোহোৱা হৈছে৷ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰক তোষামোদ কৰি ফাকি ফোকাৰ্ আশ্ৰয় লৈ এখন মেৰুদণ্ডহীন চৰকাৰ চলিছে৷প্ৰশান্ত বৈশ্যই লগতে কয় যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিখন বাটপথৰ লগতে জৰাজীৰ্ণ দলং,কালভাৰ্ট সমূহ নিৰ্মাণ কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই ফুৰিছে তেনে সময়তে শিঙৰীৰ পৰা শিঙৰী বঙালী গাৱঁলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ মধ্যভাগত   থকা পকী ভগা কালভাৰ্ট আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথৰ লগতে দলং,কালভাৰ্ট নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত জিয়া ছবিখন পোহৰলৈ আহিছে৷লগতে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয় বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ পৰা শিঙৰী বঙালী গাৱঁলৈ যোৱা পথটোৰে এলেকাটোৰ কেইবাটাও গাৱঁৰ শ শ লোকৰ লগতে গৰু,ছাগলী,সৰু সৰু যানবাহন  অহাযোৱা কৰে যদিও সাতবছৰ মানৰ পূৰ্বে  লক্ষাধিক টকা ব্যয় সাপেক্ষে শিঙৰী বঙালী গাৱঁত  নিৰ্মাণ কৰা পকী কালভাৰ্টখন বিগত দুমাহৰ পূৰ্বেই সম্পূৰ্ণ ভাগি বিধ্বস্ত হৈছে৷ফলত পথচাৰীয়ে অহাযোৱা কৰাৰ অৱস্থাত উক্ত কালভাৰ্টৰ মধ্যভাগত সৃষ্টি হোৱা গাতত পৰি আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে৷কিন্তু ইমানৰ পিচতো আজিলৈকে শিঙলী বঙালী গাৱঁত ভাগি থকা কালভাৰ্টটো মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় অকৰ্মণ্য বিধায়ক গনেশ কুমাৰ লিম্বুক সমষ্টিটোৰ জৰাজীৰ্ণ দলং,কালভাৰ্ট সমূহ নিৰ্মাণৰ বাবে কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা দাবী জনোৱাৰ পিছতো আজিলৈকে ভগা দলং,কালভাৰ্ট সমূহ  নিৰ্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি বৈশ্যই উল্লেখ কৰে৷ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈ থকা অৱস্থাত চৰকাৰখনে সংবাদ মাধ্যমত বাট-পথ উন্নয়নৰ শ্ল’গান দি থকা বিষয়টো  অতিকৈ আমোদজনক আৰু চৰকাৰৰ এনে প্ৰচাৰে ৰাইজৰ মাজত এতিয়া হাঁহিৰ খোৰাক যোগাইছে বুলি কৃষক নেতা বৈশ্যই কয়৷চৰকাৰৰ সংবাদ মাধ্যমত কৰা বাট-পথৰ উন্নয়নে প্ৰকৃত দুৰ্ভগীয়া জনতাক স্পৰ্শ কৰিব পৰা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷সেয়েহে চৰকাৰখনে সংবাদ মাধ্যমত উন্নয়নৰ শ্ল’গান দিয়া বন্ধকৰি প্ৰকৃততে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত গুৰুত্ব দি শিঙৰীৰ পৰা শিঙৰী বঙালী গাৱঁলৈ সংযোগী পথৰ মধ্যভাগত থকা ভগা কালভাৰ্টখন মেৰামতি কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ দলং,কালভাৰ্ট সমূহ অতি শীঘ্ৰে নিৰ্মাণৰ দাবী জনায় কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৷ অহা ৭ দিনৰ ভিতৰত উক্ত ভগা কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থা নকৰিলে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু সংগঠনটোৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই  চৰকাৰক সকীয়াই দিয়ে৷

আত্মসমৰ্পণ কৰা সকলো কেডাৰকে সমমৰ্যাদা প্ৰদানৰ দাবী এন ডি এফ বি আৰ ডি গ্ৰুপৰঃ কৰ্মসংস্থাপন অবিহনে শান্তি আলোচনা সফল নোহোৱাৰ আশংকাঃ

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মসমৰ্পণ কৰা আৰু শান্তি আলোচনাত বহা সকলো এন ডি এফ বি কেডাৰকে সম মৰ্যাদা প্ৰদান কৰা উচিত ৷ অসমৰ শান্তি বাৰ্তাা ৰখাৰ স্বাৰ্থথ আৰু বড়ো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা শান্তিপূৰ্ণ সমাধানৰ স্বাৰ্থত এন ডি এফ বিৰ সকলোবোৰ গ্ৰুপে চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰিছে ৷ কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তি আলোচনাত বহা এন ডি এফ বিৰ সকলো কেডাৰ তথা গ্ৰুপক সমমৰ্যাদা প্ৰদান নকৰাৰ লগতে প্ৰতিশ্ৰুতি অনুযায়ী কাৰ্য ৰূপায়ণ পৰৰ নাই ৷ এই মন্তব্য এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰিংছা বসুমতাৰী আৰু সম্পাদক হৰেশ্বৰ বসুমতাৰীৰ ৷ তেওঁ লোকে কয় যে- শান্তি আলোচনালৈ অহা এন ডি এফ বিৰ সকলো কেডাৰকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৪ লাখকৈ পুনঃ সংস্হাপনৰ বাবে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰে এন ডি এফ বিৰ একাংশ কেডাৰক এই ধন দিছে যদিও ৰঞ্জন দৈমাৰী গোটৰ সহস্ৰাধিক কেডাৰক এতিয়াও উক্ত ধন মুকলি কৰি দিয়া নাই আৰু ইয়ে কেডাৰ সকলৰ মাজত হতাশা আৰু ক্ষোভৰ সৃষ্টি কৰিছে ৷ নেতাদ্বয়ে লগতে কয়- এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটে শান্তি আলোচনাত বহাৰ বহু চৰ্তৰ ভিতৰত গুৰুত্বপূৰ্ণ চৰ্ত আছিল ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া, ৰঞ্জন দৈমাৰীৰ লগতে ৰঞ্জন দৈমাৰী গোটৰ এন এফ বি কেডাৰৰ সকলো গোচৰ উঠাই দিয়া, পুনঃ সংস্হাপন দিয়া, আৰু বি টি চি চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা ৷ কিন্তু চৰকাৰে সকলোবোৰ চৰ্ত পূৰণৰ ক্ষেত্ৰত পলম কৰাৰ লগতে বিষয়বোৰৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ লোৱাা নাই ৷ চৰকাৰৰ এনে ভুমিকাৰ বাবে এন ডি এফ বিৰ লগত শান্তি আলোচনা কিমান দীঘলীয়া হ’ব তাক লৈ আমি সন্দিহান হৈ পৰিছো বুলিও এন ডি এফ বিৰ নেতাদ্বয়ে বিবৃটিখনত উল্লেখ কৰিছে ৷ তেওঁলোকে এন ডি এফ বিক দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনোৱাৰ লগতে বড়ো-কছাৰী অট’নমাছ কাউঞ্চিলত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ পৰা এগৰাকী প্ৰতিনিধি চৰকাৰৰ ফালৰ পৰা মনোনীত কৰাৰ লগতে বি টি আৰৰ বাহিৰৰ এন ডি এফ বি কেডাৰ সকলক কাউঞ্চিলখনত সকলো কামৰ ভাগ দিবলৈ দাবী উত্থাপন কৰিছে ৷

নাট্যকাৰ-সাংবাদিক-যুৱ সমাজকৰ্মী অনিৰ্বাণ বৰগোঁহাইৰ অকাল বিয়োগঃ গোগামুখত শোকৰ ছাঁঃ

নাট্যকাৰ, পৰিচালক, যুৱ সমাজকৰ্মী, গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি, সাংবাদিক তথা গোগামুখ বালিগাঁও নিৱাসী অনিৰ্বাণ বৰগোঁহাইৰ আজি অকাল বিয়োগ ঘটিছে ৷ জানিব পৰা মতে ভিন্ন প্ৰতিভা সম্পন্ন অনিৰ্বাণ বৰগোঁহাই দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ কালি তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেওঁক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসাদিন অৱস্থাতে আজি দুপৰীয়া প্ৰায় ১১-৩০ বজাত তেওঁৰ দেহাৱসান ঘটে ৷ উল্লেখনীয় যে, প্ৰয়াত অনিৰ্বাণ বৰগোঁহাইৰ জন্ম হৈছিল ১৯৭৮ চনত ৷ তেওঁৰ পিতৃৰ নাম হৈছে ভদ্ৰেশ্বৰ বৰগোঁহাই আৰু মাতৃৰ নাম হৈছে বুলুমাই বৰগোঁহাই ৷ প্ৰয়াত বৰগোঁহাই সৰুৰে পৰা সাহিত্য-সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত জৰিত আছিল ৷ বৈদ্যুতিক মাধ্যম ডি ৱাই ৩৬৫, দৈনিক অগ্ৰদূত কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকতা জীৱন আৰম্ভ কৰা বৰগোঁহায়ে মৃত্যুৰ মূহূৰ্তলৈকে অসমীয়া প্ৰতিদিন কাকতৰ গোগামুখৰ সংবাদাতা হিচাপে দায়িত্ব পালন কৰি আহিছিল ৷ তেওঁ গোগামুখ প্ৰেছ ক্লাবৰ দুবাৰকৈ সভাপতিৰ আসনত বহাৰ লগতে গোগামুখ ডেনডুন নাট্যগোাষ্ঠীৰ প্ৰতিস্হাপক সভাপতি, গোগামুখ গণনাট্য বাহিনীৰ সম্পাদক আৰু গোগামুখৰ চিনাকি আলোচনীৰ অন্যতম পদপ্ৰদৰ্শক আছিল ৷ নদীবান্ধ বিৰোধী সংগঠন পি এম এছ বি ভি আৰু স্বেচ্ছাসেৱী সংস্হা পৰিবৰ্তনৰো তেওঁ আছিল অন্যতম বাটকটীয়া ৷ তেওঁ গোগামুখত নাট্য আন্দোলনৰ সৃষ্টি কৰি বহিঃ ৰাজ্যৰ গোৱা, কলকাতা আদিত অসমীয়া আৰু মিচিং ভাষাৰ নাট প্ৰদশৰ্ন কৰি গোগামুখৰ লগতে সমগ্ৰ ধেমাজি জিলালৈ সু-নাম কঢ়িয়াই আনিছিল ৷ বিভিন্ন কাকত-আলোচনী ভিন্ন স্বাদৰ প্ৰৱন্ধ, কবিতা লিখিও প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ ছমাহ পূৰ্বে লখিমপুৰ জিলাৰ ৰূপহী চাউলধোৱাত পৰম্পৰা নামৰ থলুৱা খাদ্যৰ ৰেষ্টুৰেণ্ট এখন খুলি অসমীয়া থলুৱা খাদ্য সম্ভাৰেৰে গ্ৰাহকক আপ্যায়নৰ ব্যৱস্থা কৰাৰ লগতে বনষৌধি গছ-লতা বিক্ৰী কৰি অসমৰ ঔষধি গুণযুক্ত গছ-লতা তথা উদ্ভিদ সমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰিছিল ৷ এইগৰাাকী ভিন্ন প্ৰতিভা সম্পন্ন প্ৰয়াত বৰগোঁহাইৰ দেহাৱসানত সমগ্ৰ গোগামুখত গভীৰ শোকৰ ছাঁ পৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা
জ্ঞাপন কৰিছে ৷ অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনিৰ্বাণ বৰগোঁহাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গোগামুখ আঞ্চলিক ছাত্ৰ সন্হা, টি এম পি কে, মিচিং আগম কৗবাং, এবছু, সদৌ টাই আহোম ছাত্ৰ সন্হা. গোৰ্খা ছাত্ৰ সন্হাৰ গোগামুখ আঞ্চলিক সমিতি সমূহ, লখিমপুৰ জিলা ছাত্ৰ সন্হাৰ হৈ ধনমণি দত্ত, গোগামুখ ছেম্বাৰ্চ অৱ কমাৰ্চ, সোৱণশিৰি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ, এন চি ডি মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু গোগামুখ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বৰগোঁহাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবগৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

খৈৰাবাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড ভেকচিনৰ নাটনি

প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।”” সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ অহৰহ কস্ত কৰি  আহিছে।আৰু জনসাধাৰণক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণৰ বাধ্যতামূলক কৰিছে যদিও।ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড ভেকচিনৰ নাটনি দেখা গৈছে।সীমিত সংখ্যকে পাই দৈনিক ভেকচিন, বহু সংখ্যকে নিতৌ পুৱা ৫ বজাৰে পৰা দিঘলীয়া শাৰিত অপেক্ষা কৰি ভেকচিন নাপাই ঘূৰি যাৱ লগা হৈ পৰিছে।নাই কনো মাস্ক পাৰিধান নাই কনো সামাজিক দূৰত্ব প্ৰায় ৩০০ জনীয়া শাৰী পাতি ভেকচিন নাপাই উলটি যাৱ লগা হোৱাত ক্ষোভিত হৈ পৰিছে জনসাধাৰণ।
সেয়েহে  অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাই যে অতিশীঘ্ৰেই খৈৰাবাৰীৰ সামুহিক স্বাস্থ্যকেন্দ্ৰৰ ভেকচিন নাটনিৰ সমস্যা দূৰ কৰিবলৈ আহ্বান জনাই সচেতন ৰাইজে।