Home Blog Page 2905

মাজবাটত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্স প্ৰদান বিটিচি প্ৰশাসনৰ

২৬ জুলাইত ওদালগুৰি জিলাৰ  ওৰাং খন্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য  কেন্দ্ৰত এম্বুলেন্স প্ৰদান  বিটিচি প্ৰশাসনৰ। বৃহৎ মাজবাট  অঞ্চলত থকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ  ৰোগী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি প্ৰশাসনে ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দীপক মৌৰৰ জৰিয়তে টাটা এক্সপ্ৰেছ এম্বুলেন্স খন  প্ৰদান কৰে । উক্ত অনুষ্ঠানত ওৰাং খন্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰৰ ‘বিপিএম  পংকজ সভাপণ্ডিত, স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক আৰু বিভাৰ্গীয় বিষয়া কৰ্মচাৰীৰ সকল উপস্থিত থাকে ।

টীয়কত ঘৰে ঘৰে কৰ’না মহামাৰীৰ ওপৰত সজাগতা শিক্ষা কর্মীৰ

সমগ্ৰ ৰাজ্যৰ  লগতে যোৰহাট জিলাত ভয়ানক ধৰণে কৰ’না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে। যোৰহাট জিলাত কভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। জিলা খনৰ বিভিন্ন ঠাইত শিক্ষা কৰ্মী সকলৰ দ্বাৰা জনগণৰ মাজত সজাগতা আনিবৰ বাবে এইবাৰ এক নতুন প্ৰদক্ষেপ হাতত লৈছে যোৰহাট জিলা প্ৰশাসনে। যোৰহাট জিলা প্ৰশাসনৰ আদেশ মৰ্মে আজি পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত বলমা মণ্ডলৰ  সমলকেন্দ্ৰৰ সমন্বয়ক উজ্জ্বল জ্যোতি গগৈৰ উদ্যোগত মণ্ডল তোৰ শিক্ষক শিক্ষয়িত্ৰী,সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা ৰীতা গগৈ, আশা কৰ্মী আদিৰ সহযোগত ঘৰে ঘৰে গৈ কভিড মহামাৰীৰ ওপৰত সজাগতা আৰু কেনেদৰে ক’ভিড মহামাৰীৰ প্ৰতিৰোধ কৰিব পাৰি তাৰ ওপৰত এক কাৰ্যসূচী হাতত লয়। জগদুৱাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি টীয়ক বাগান, বাঁহবাৰী,নগাদেৰা,শ্যাম মিচিং গাওঁ,চাকলিবৰ, নামচেচুকে ধৰি বহু কেইটা অঞ্চলত জন সাধাৰণক সজাগ কৰাৰ উদ্দেশ্য ঘৰে ঘৰে যায়। শিক্ষা কৰ্মী সকলৰ এই প্ৰচেষ্টাক স্থানীয় সচেতন মহলে যথেষ্ট শলাগ লৈছে।

অস্মিতা কাকতিক সম্বৰ্ধনা বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ

 সদ্য ঘোষিত আই চি এছ পৰীক্ষাত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আসাম ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ  ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা বিশ্বনাথ জিলাৰ বৰগাং চাহ-বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নবনীতা কাকতিৰ কন্যা অস্মিতা কাকতিক আজি বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ফাউণ্ডেশ্যনৰ সভাপতি অঞ্জল দাস, উপ সভাপতি সীমান্ত দাস, সম্পাদক প্ৰণৱ কুমাৰ দাস,সহকাৰী সম্পাদক বিদ্যুৎ দাস,বিত্ত সম্পাদক সুৰেশ বৰা,সাংস্কৃতিক সম্পাদক বিমান দাস,প্ৰচাৰ সম্পাদক অৱনী দাস আৰু ফাউণ্ডেশ্যনৰ সুভাকাংক্ষী আভিষেক বৰুৱাৰে সমৃদ্ধ সদস্যবৃন্দ ৰঙাগড় চাহ বাগিচাৰ বাসগৃহত গৈ উপস্থিত হয় আৰু বিৰল কৃতিত্বৰে অসমৰ নাম উজ্জ্বলাই তোলা কৃতি ছাত্ৰী অস্মিতা কাকতিক এখন গামোচা আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি অস্মিতা কাকতিয়ে নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কয় যে,তেওঁৰ জীৱনত এন.জি.অ ৰ পৰা এনেদৰে গামোচা শৰাইৰে সম্বৰ্ধনা লাভ কৰা এইয়ে প্ৰথম আৰু তেওঁৰ ফলাফলত বিহালী অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰাত নিজকে ধন্য মনাৰ কথা কৈ ফাউণ্ডেশ্যনৰ সকলোৰে প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। পিতৃ জ্যোতিৰ্ময় কাকতিয়েও তেওঁৰ জীয়ৰীয়ে শৈক্ষিক ক্ষেত্ৰ খনত দেখুৱা ভাল ফলাফলত ৰাংছালী ফাউণ্ডেশ্যনৰ  যুৱবৃন্দই যি মৰম যাঁচিলে সকলোকে ধন্যবাদ জনাই আৰু ৰাংছালী ফাউণ্ডেশ্যনৰ উত্তৰোত্তৰ কামনা কৰে। অস্মিতা কাকতিয়ে লাভ কৰা নম্বৰ সমূহ হল ইংৰাজীত  ৯৯, বুৰঞ্জীত ১০০, সমাজ বিজ্ঞানত ১০০, মনোবিজ্ঞানত ১০০ আৰু ৰাজনীতি বিজ্ঞানত ৯৮। অস্মিতাৰ পৰবৰ্তী ভাবে দিল্লী বিশ্ব বিদ্যালয়ত পঢ়াৰ ইচ্ছা।

নাজিৰাত টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন

টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন কৰিলে নাজিৰা জিলা ক্ৰীড়া সন্থাই । অসম অলিম্পিক সন্থাই জনোৱা আহ্বানত নাজিৰা নাট্য মন্দিৰৰ সমুখত “এক ঐতিহাসিক বিজয়ৰ অপেক্ষাত” সমগ্ৰ অসমে বিচৰাৰ দৰেই শুভ কামনা যাচি কালি সন্ধিয়া বন্তি প্ৰজ্বলন কৰিলে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে  । লাভলীনাৰ বিজয় কামনাৰে অনুষ্ঠানত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক গোপাল গগৈ, কাৰ্য্যকৰী সভাপতি আব্দুৰ ৰহমান, উপ সভাপতি শান্তনু গগৈ,  জ্যোতি গোহাঁই, দিপু দাস, জ্যোতি উত্তম বৰা, কাৰ্য্যকৰী সদস্য তুলসী গগৈ, নুৰুল হককে ধৰি শিক্ষাবিদ ৰাজেন শৰ্মা, অসমী গগৈ বৰুৱা, গোপাল বৰুৱা আদি ভিন্ন ক্ষেত্ৰৰ ক্ৰীড়ানুৰাগী সকল উপস্থিত থাকে  । চাহ কৰ্মচাৰী সংঘৰ  সম্পাদক চিন্ময় বৰা, ক্ৰিকেট বিভাগৰ সভাপতি প্ৰাণজিৎ বৰুৱা, বসন্ত ৰাজোৱাৰ, ভাস্কৰজ্যোতি বৰগোহাঁই, বৰুণ ৰাজোৱাৰ প্ৰমুখ্যে ব্যক্তি সকলে হাত চাপৰি আৰু সন্ধিয়াৰ প্ৰাৰ্থনাৰ মাজেৰে লাভলীনালৈ শুভেচ্ছা যাচে । 

গোলাঘাটত ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন

আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল। এই দিনটোতেই চিৰবৈৰী পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা খেদি  পঠিয়াইছিল ভাৰতীয় সেনাই। সেইসময়ত কাৰ্গিলৰ উচ্চ শিখৰত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি শ্বহীদ হৈছিল অসমৰ সু-সন্তান গোলাঘাট খুমটাইৰ কেপ্তেইন জিন্টু গগৈয়ে। ১৯৯৯ চনৰে পৰা বীৰ গৰাকীক সন্মান জনাই প্ৰতিবছৰ ২৬ জুলাই তাৰিখে উদযাপন কৰি আহিছে কাৰ্গিল বিজয় দিৱসটি । এইবাৰো কৰ’ণা ভয়াৱহতাৰ মাজতে খুমটাইৰ কেপ্তেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈৰ অনুপস্থিতিৰ স্বত্বেও গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত  পৰিয়ালৰ আন সদস্য  তথা  জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস। বিজয় দিৱসৰ প্ৰথমটো কাৰ্যসূচীৰ অনুযায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। সমাধিত বন্তি প্ৰজ্বলন কৰে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ উমেশ চন্দ্ৰ হৰব’লা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট গাৰ্লছ এন চি চিৰ কামাণ্ডেন্ট এচ এচ শিৱাটচ। শ্বহীদ গৰাকীৰ পিতৃ মাতৃ গুৱাহাটীত ৰাজ্যিক ভাৱে উদযাপন কৰা কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ বাবে এইবাৰ নিজৰ বাসগৃহত উদযাপন কৰা বিজয় দিৱসত উপস্থিত থাকিব নোৱাৰিলে । পৰিতাপৰ কথা যে পৰিয়ালটোৱে  প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছিল যদিও এইবাৰ গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিলে এই বিজয় দিৱসটো।

নীলবাগানৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস

ক’ভিডৰ সময়ত ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বুজ লৈছে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে ৷সমগ্ৰ দেশতে কবিড অতিমাৰীৰ ভয়ানক পৰস্থিতি সৃষ্টি কৰাৰ সময়ত হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ নেতৃত্বত বিদ্যালয়খনৰ শিক্ষকসকলে এক ব্যতিক্ৰমী প্রয়াস হাতত লোৱা দেখিবলৈ পোৱা গৈছে।বিদ্যালয়খনৰ অধ্যক্ষ সমন্বিতে শিক্ষক গোটে অনলাইন শিক্ষা চলাই যোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় শৈক্ষিক সহায় আগবঢ়োৱাৰ লগতে নিজৰ পকেটৰ ধনেৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক মোবাইল ৰিচাৰ্জ কৰি দিয়া কাৰ্যত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক গোটক ধন্যবাদ জনায় ।শিক্ষকসকলৰ এনে অভিযান কালত আজি স্থানীয় ৰাইজ আৰু অভিভাৱকৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সকলোৱে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে ব্যতিক্ৰমী আৰু অনন্য প্রয়াসক একেমুখে শলাগ লয় ৷এই ক্ষেত্ৰত বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচাৰত তেখেতে কয় -আমি আমাৰ কৰ্তব্য নিষ্ঠাৰে আৰু সততাৰে পালন কৰিবলৈ সদায় যত্ন কৰো আৰু ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শৈক্ষিক আৰু মানসিক সহায় আগবঢ়োৱাৰ অভিযানো নিজ কৰ্তব্য নিয়াৰিকৈ পালনৰ এক অংশ বিশেষ ।অনলাইন পাঠদান নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকাৰ উপৰিও আমাৰ এই কাৰ্যসূচীও অব্যাহত থাকিব । যিহেতু শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক এটা ত্ৰিভুজৰ তিনিটা কোন আৰু তিনিওটা কোন যেতিয়ালৈকে একত্ৰিত নহয় তেতিয়ালৈকে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা সম্পূৰ্ণ নহয় , সেয়েহে আমাৰ অভিযানত এই তিনিওটা কোন একত্ৰিত হব পাৰিছো আৰু এই অভিযানে আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিত এক চকুত লগা প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত বুলি মন্তব্য কৰে ।আজি বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাৰ লগতে বিদ্যালয়ৰ অৰ্থনীতিৰ বিষয় শিক্ষক চিৰাজুল ইছলাম , ইংৰাজী শিক্ষক শ্বৰীফ উদ্দিন লস্কৰ , বিজ্ঞান শিক্ষক মুস্তাফা আল-আমিন বৰভূঞা আৰু অংক শিক্ষক মেহবুব হুছেইন চৌধুৰী উপস্থিত থাকে ।এখন চৰকাৰী বিদ্যালয়ৰ এনে কাৰ্যক সচেতন মহলে শলাগ লয়l

আই চি এছ ইৰ পৰীক্ষাত উজলিল ইটাখোলাৰ অনুস্কা

সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ আই এছ চি ই ৰ অৰ্থাত ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডাৰী এডুকেচন অন্তৰ্গত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ অনুস্কাই সুখ্যাতিৰে উত্তিৰ্ণ হৈ জিলাখনৰ   লগতে ৰাজ্যখনৰে গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ভবিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ  লক্ষ্যৰে অনুস্কা বৰাই উক্ত পৰীক্ষাত বাইঅলজি আৰু বাইঅটেক্নলজি বিষয়ত ১০০ ৰ ভিতৰত ১০০ নম্বৰ পোৱাৰ উপৰিও ফিজিক্সত ৯৯ ,ইংৰাজীত ৯৭  নম্বৰ লাভ কৰি  শতকৰা ৯৯ % নম্বৰ অৰ্জন কৰে ।দিকৰাই চাহ বাগিচাৰ পৰিচালক কুলজীত বৰা আৰু শিক্ষয়ত্ৰী সুৰশ্ৰী বৰাৰ জেষ্ঠ কণ্যা অনুস্কা সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰী আছিল ।শোণিতপুৰ জিলাৰ হাড়চুৰাস্থিত আছামী ভেলীৰ ছাত্ৰী অনুস্কাই নৱম মান শ্ৰেণীৰ পৰাই দৈনিক ৮-৯ ঘণ্টা মনযোগেৰে অধ্যয়ন কৰি এনে সফলতা অৰ্জন কৰে ।পঢ়া শুনাৰ ওপৰিও অনুস্কাই খেলা ধুলা কৰি ভাল পায় । জানিব পৰা মতে তাই এগৰাকী ভাল স্কোৱাছ খেলুৱৈ ।বিদ্যালয়ৰ বহু বাৰ্ষিক সপ্তাহৰ খেলত অংশগ্ৰহণ কৰি বহু মেডেলো অৰ্জন কৰিবলৈ সক্ষম হৈছিল অনুস্কাই। অনুস্কাৰ এই সফলতাৰ বাবে ইটাখোলাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান ক্ৰমে বুনিয়াদ, আটছা,আছা ,আছুকে আদি কৰি কেইবাটাও সংগঠনে গৌৰৱান্বিত অনুভব কৰি অনুস্কাৰ ভবিষ্যত উজ্জ্বল কামনাৰে তাইক উষ্ম অভিনন্দন জনায়।

‘ফাৰ্ষ্ট বি এন এছ এছ বি’ৰ পৰিৱেশ প্ৰেমৰ নিদৰ্শন

বৃহত্তৰ ওৰাং অঞ্চলত নৱেম্বৰ মাহৰ ভিতৰত ১০০০ মূল্যবান গছপুলি ৰোপনৰ লক্ষ্যৰে এক বিৰামহীন অভিযান চলাইছে ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ শিবিৰত থকা ‘ফাৰ্ষ্ট বি এন এছ এছ বি’য়ে ।অঞ্চলটোৰ শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান,অন্যান্য  বিভিন্ন ৰাজহুৱা অনুষ্ঠান আদিত উপস্থিত হৈ সামৰিক কোম্পানীটোৱে সহকাৰী কমাণ্ডেণ্ট অনন্ত কুমাৰ চৌধুৰীৰ  নেতৃত্বত নিজহাতে ইতিমধ্যে মূল্যবান গছপুলি ৰোপণ কৰি প্ৰকৃতি-পৰিৱেশ প্ৰেমৰ নিদৰ্শন প্ৰদৰ্শন কৰি আহিছে । ইয়াৰে আদৰণীয় অংশ ৰূপে আজি স্থানীয় বগৰীবাৰী,চমুৱা গাঁও আৰু ভোগদলত অৰ্জুন,নাহৰ ,বকুল ,নিম ,শিলিখা আদি ২৫০ মূল্যবান গছপুলি ৰোপণৰ হেতু 8 গাঁৱৰ ৰাইজক বিতৰণ কৰে । সামৰিক কোম্পানীটোৰ এই প্ৰকৃতি-পৰিৱেশ প্ৰেমক আদৰণিৰে শলাগ লৈছে অঞ্চলবাসীয়ে ।

পথ নে পথাৰ ধৰিব নোৱাৰা হ’ল দাৰোগাখাট কলবাৰী গাওঁৰ এই পথছোৱা

BTR ওদালগুৰি জিলাৰ টংলা সসীপুৰ দাৰুগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংযোগ হোৱা পথৰ দুৰৱস্থাই, প্ৰতিবছৰে ৰাইজক জ্বলা কলা খুৱাই আহিছে। ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি VCDCৰ অন্তৰ্গত দাৰগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংলগ্ন হোৱা এই পথছোৱাৰ ফলত পথচাৰী এতিয়া এক কথাত যমৰ যাতনাত ভুগিবলগীয়া হৈছে।জৰুৰীকালীনৰ বাবে এম্বুলেন্স এখন যাব নোৱাৰা এই পথছোৱা এজাক বৰুষুণত খেতি পঠাৰলৈ পৰিণত  হয়l ঠায়ে ঠায়ে পুখুৰি সদৃশ গাতl যাৰ ফলত অঞ্চল বাসীয়ে এতিয়া নৰক যান্ত্ৰনাত ভুগিছে। 
অতি পৰিতাপৰ বিষয় যে চৰকাৰ আহে আৰু চৰকাৰ যায় ।কিন্তু ! স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো এজন জনপ্ৰতিনিধিয়ে  আজিলৈ এই দুৰ্গম পথছোৱা পকীকৰণৰ বাবে ব্যৱস্থা কৰি নিদিলে। বৰঞ্চ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিও আজিলৈ এজন জন প্ৰতিনিধিয়ে পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চল বাসী ৰাইজ।।সেয়েহে শেষ আশ্বাষ লৈ আঞ্চল বাসী ৰাইজ এইবাৰ পৰিৱৰ্তন গামী নৱ গঠিত চৰকাৰৰ BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমুদ বড়োৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে যে দাৰোগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ যোৱা  এই দুৰ্গম পথছোৱা অতি শিঘ্ৰেই পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে যেন।

এটুকুৰা ৰহস্যজনক কাঠক লৈ মেলেঙত তীব্ৰ কৌতুহল

এটুকুৰা ৰহস্যময় পৌৰাণিক কাঠক লৈ  সৃষ্টি হৈছে তীব্ৰ কৌতুহল।কাঠটুকুৰা চাৱলৈ ভিৰ লাগিছে ৰাইজৰ।টীয়কৰ মেলেং বৰখেলীয়া গাৱত মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে এডাল পৌৰাণিক  কাৰুকাৰ্য্যগঠিত এটুকুৰা কাঠ আৰু কাঠটুকুৰাক লৈ এতিয়া তীব্ৰ কৌতুহল সৃষ্টি হৈছে সমগ্ৰ অঞ্চলতটোত ।৭ ফুট দীঘল অদ্ভুত কাঠটুকুৰা চাৱলৈ ভীৰ লাগিছে স্থানীয় ৰাইজৰ।গোৱিন বৰা নামৰ ব্যক্তিজনে পুখুৰী খাণ্ডোতে প্ৰায় ১২ ফুট মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল এই অদ্ভুত কাঠটুকুৰা।কাঠটুকুৰা কোনো সাধাৰণ যেন লগা কাঠ নহয়।কাৰণ কাঠটুকুৰাত খোদিত হৈ আছে নিপুন হাতৰ কোনো অপূৰ্ব কাৰুকাৰ্য্য ,আৰু তাৎপৰ্য্য কথাতো হ’ল যে যি টুকুৰা ঠাইত কাঠটুকুৰা ওলাইছে সেই ঠাই শ শ বছৰ ধৰি কৃষি ভূমি হিচাপে ব্যৱহাৰ হৈ আহিছে।তাত নাই কোনো জনবসতি। কাঠটুকুৰাৰ ওজন প্ৰায় ৪০ কেজি আৰু স্থানীয় জ্যেষ্ঠ লোক সকলৰ মতে কাঠটুকুৰা প্ৰায় ৪০০ বছৰ পুৰণি।একাংশৰ মতে এইয়া হাটীবন্ধা কাঠ,একাংশৰ মতে ফাঁচী শাল আৰু একংশৰ মতে ঐতিহাসিক ১১আলিৰ কোনো বংশধৰৰ সম্পদ।বৰ্তমান গোবিন বৰা ঘৰত সংৰক্ষিত অৱস্থাত থকা কাঠটুকুৰা পুৰাতত্ত্ব বিভাগে গুৰুপ্ত দিয়া উচিত বুলি মত পোষন কৰিছে স্থানীয় ৰাইজে।