Breaking

নাজিৰাত টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন

0 1,559

টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনাৰ বৰগোহাঁইৰ সৰ্বতো সফলতা আৰু বিজয় কামনা কৰি বন্তি প্ৰজ্বলন কৰিলে নাজিৰা জিলা ক্ৰীড়া সন্থাই । অসম অলিম্পিক সন্থাই জনোৱা আহ্বানত নাজিৰা নাট্য মন্দিৰৰ সমুখত “এক ঐতিহাসিক বিজয়ৰ অপেক্ষাত” সমগ্ৰ অসমে বিচৰাৰ দৰেই শুভ কামনা যাচি কালি সন্ধিয়া বন্তি প্ৰজ্বলন কৰিলে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে  । লাভলীনাৰ বিজয় কামনাৰে অনুষ্ঠানত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক গোপাল গগৈ, কাৰ্য্যকৰী সভাপতি আব্দুৰ ৰহমান, উপ সভাপতি শান্তনু গগৈ,  জ্যোতি গোহাঁই, দিপু দাস, জ্যোতি উত্তম বৰা, কাৰ্য্যকৰী সদস্য তুলসী গগৈ, নুৰুল হককে ধৰি শিক্ষাবিদ ৰাজেন শৰ্মা, অসমী গগৈ বৰুৱা, গোপাল বৰুৱা আদি ভিন্ন ক্ষেত্ৰৰ ক্ৰীড়ানুৰাগী সকল উপস্থিত থাকে  । চাহ কৰ্মচাৰী সংঘৰ  সম্পাদক চিন্ময় বৰা, ক্ৰিকেট বিভাগৰ সভাপতি প্ৰাণজিৎ বৰুৱা, বসন্ত ৰাজোৱাৰ, ভাস্কৰজ্যোতি বৰগোহাঁই, বৰুণ ৰাজোৱাৰ প্ৰমুখ্যে ব্যক্তি সকলে হাত চাপৰি আৰু সন্ধিয়াৰ প্ৰাৰ্থনাৰ মাজেৰে লাভলীনালৈ শুভেচ্ছা যাচে । 

Leave A Reply