Breaking

পথ নে পথাৰ ধৰিব নোৱাৰা হ’ল দাৰোগাখাট কলবাৰী গাওঁৰ এই পথছোৱা

0 1,307

BTR ওদালগুৰি জিলাৰ টংলা সসীপুৰ দাৰুগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংযোগ হোৱা পথৰ দুৰৱস্থাই, প্ৰতিবছৰে ৰাইজক জ্বলা কলা খুৱাই আহিছে। ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি VCDCৰ অন্তৰ্গত দাৰগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংলগ্ন হোৱা এই পথছোৱাৰ ফলত পথচাৰী এতিয়া এক কথাত যমৰ যাতনাত ভুগিবলগীয়া হৈছে।জৰুৰীকালীনৰ বাবে এম্বুলেন্স এখন যাব নোৱাৰা এই পথছোৱা এজাক বৰুষুণত খেতি পঠাৰলৈ পৰিণত  হয়l ঠায়ে ঠায়ে পুখুৰি সদৃশ গাতl যাৰ ফলত অঞ্চল বাসীয়ে এতিয়া নৰক যান্ত্ৰনাত ভুগিছে। 
অতি পৰিতাপৰ বিষয় যে চৰকাৰ আহে আৰু চৰকাৰ যায় ।কিন্তু ! স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো এজন জনপ্ৰতিনিধিয়ে  আজিলৈ এই দুৰ্গম পথছোৱা পকীকৰণৰ বাবে ব্যৱস্থা কৰি নিদিলে। বৰঞ্চ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিও আজিলৈ এজন জন প্ৰতিনিধিয়ে পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চল বাসী ৰাইজ।।সেয়েহে শেষ আশ্বাষ লৈ আঞ্চল বাসী ৰাইজ এইবাৰ পৰিৱৰ্তন গামী নৱ গঠিত চৰকাৰৰ BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমুদ বড়োৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে যে দাৰোগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ যোৱা  এই দুৰ্গম পথছোৱা অতি শিঘ্ৰেই পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে যেন।

Leave A Reply