সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাত ভয়ানক ধৰণে কৰ’না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে। যোৰহাট জিলাত কভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। জিলা খনৰ বিভিন্ন ঠাইত শিক্ষা কৰ্মী সকলৰ দ্বাৰা জনগণৰ মাজত সজাগতা আনিবৰ বাবে এইবাৰ এক নতুন প্ৰদক্ষেপ হাতত লৈছে যোৰহাট জিলা প্ৰশাসনে। যোৰহাট জিলা প্ৰশাসনৰ আদেশ মৰ্মে আজি পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত বলমা মণ্ডলৰ সমলকেন্দ্ৰৰ সমন্বয়ক উজ্জ্বল জ্যোতি গগৈৰ উদ্যোগত মণ্ডল তোৰ শিক্ষক শিক্ষয়িত্ৰী,সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা ৰীতা গগৈ, আশা কৰ্মী আদিৰ সহযোগত ঘৰে ঘৰে গৈ কভিড মহামাৰীৰ ওপৰত সজাগতা আৰু কেনেদৰে ক’ভিড মহামাৰীৰ প্ৰতিৰোধ কৰিব পাৰি তাৰ ওপৰত এক কাৰ্যসূচী হাতত লয়। জগদুৱাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি টীয়ক বাগান, বাঁহবাৰী,নগাদেৰা,শ্যাম মিচিং গাওঁ,চাকলিবৰ, নামচেচুকে ধৰি বহু কেইটা অঞ্চলত জন সাধাৰণক সজাগ কৰাৰ উদ্দেশ্য ঘৰে ঘৰে যায়। শিক্ষা কৰ্মী সকলৰ এই প্ৰচেষ্টাক স্থানীয় সচেতন মহলে যথেষ্ট শলাগ লৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি