Home Blog Page 2906

আজি দেশলৈ উভতিব অলিম্পিক পদক জয়ী মীৰাবাঈ চানু

বিয়লি দিল্লীত উপস্থিত হ’ব মীৰাবাঈ চানু◾️ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে জয় কৰিছিল প্ৰথমটো পদক◾️ মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কেজি শাখাত লাভ কৰে ৰূপৰ পদক

অসমৰ দ্ৰুত গতিত চলিত ৰাস্তা পকীকৰণৰ পৰা বঞ্চিত ওৰাং বাসী

মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত অন্যতম বৃত্ত হিচাপে চিহ্নিত ওৰাং চাৰিআলি । আচলতে ওৰাং খনৰ কিছু অংশ চমুৱাগাঁও আৰু তাৰে কিছু অংশ ১ নং শইকীয়া চুবুৰীৰ অন্তৰ্গত এই দুই খন গাঁওৰেই কিছু অংশক লৈ ওৰাং চাৰিআলি অৱস্থিত । বিজেপি নেতৃত্বাধীন চৰকাৰে সমগ্ৰ অসমৰ বাগান সমূহৰ লগতে ৰাজ্যৰ প্ৰায়ে ভিতৰুৱা গাঁও সমূহৰ ৰাস্তা ঘাট যাতায়ত ব্যৱস্থা উন্নত কৰি আহিছে । কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱেই যে ওৰাঙৰ গাতে  লাগি থকা এই দুখন চমুৱাগাঁও আৰু ১ নং শইকীয়া চুবুৰীৰ বাসিন্দা  সকলক বাৰুকৈ চিন্তিত কৰি তুলিছে দৈনিক অহা যোৱা কৰা যাতায়তৰ পথে । ১ নং শইকীয়া চুবুৰী গাঁওখন ওৰাঙৰ গাতে  লাগি থকা বাবে টাউনৰ দৰে  কেইবাটাও গলিত ভিভক্ত হোৱাৰ লগতে ওৰাঙৰ আধা অংশ লাগি থকা চামুচগাওঁ খন  বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মিলন ভূমি হিচাপে চিহ্নিত । ওৰাং বাসী ৰাইজে গাঁও অঞ্চলৰ ৰাস্তা পকী হৈ থকা সময়তো ওৰাঙৰ চমুৱাগাঁও আৰু ১ নং  শইকীয়া চুবুৰীৰ ৰাইজ বঞ্চিত হব লগীয়া হোৱাত দুখ প্ৰকাশ কৰিছে । ওৰাঙৰ চমুৱাগাঁওৰ ৰাস্তা খনৰ বৰ্তমান অতি দুখ লগা অৱস্থা । উল্লেখযোগ্য যে এই চমুৱাগাঁওৰ ওৰাং উচ্চতৰ মাধ্যমিক আৰু ওৰাং চাৰিআলি সংযোগী একমাত্ৰ পথ । যি পথেৰে পাউৰীপোটা, ৰৌমাৰী , ভোগদল ইত্যাদি গাঁওৰ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে দৈনিক যাতায়ত কৰা সাধাৰণ ভুক্তভোগী ৰাইজে বিভিন্ন গাঁওৰ লগত সংযোগ থকা চমুৱাগাঁওৰ ৰাস্তা খন আজিৰ তাৰিখতো পকী নোহোৱাত চৰকাৰক কাতৰ অনুৰোধ জনোৱাৰ  ওৰাং বাসী ৰাইজে । লগতে গাঁওখনৰ ৰাইজে অতিশীঘ্ৰে ৰাস্তা পকীকৰণ কৰাৰ কাম হাতত লবলৈ দাবী উত্থাপন কৰিছে  । এইখন গাঁওত বসবাস কৰা দুখীয়া  ভাড়া মাৰি জীৱন নিৰ্বাহ কৰা আটো চালক , ই-ৰিক্সা চালক সকলে প্ৰতিবছৰে  বাৰিষা  আৰম্ভ হোৱাৰ পৰাই কিদৰে ঘৰ চলাব সেই বিষয় চিন্তিত হৈ পৰে কাৰণ ৰাস্তাৰে তেওঁলোকৰ অটো , ই ৰিক্সা , ভাড়া মৰা সৰু গাড়ী আদিবোৰ ঘৰৰ পৰা ওৰাং চাৰিআলিলৈ ৰাস্তাৰ দুৰৱস্থাৰ ফলত ওলাই লৈ যোৱা সম্ভৱ হৈ নুঠে ।  খালি হাতেৰে খোজ কাঢ়ি যোৱাটোৱেই অসম্ভৱ হৈ পৰে । বাৰিষা কালত এইখন  ৰাস্তাত চাইকেল ,মটৰ চাইকেল আদিৰো চলাচল সম্পূৰ্ণ স্তব্ধ হৈ পৰাত বছৰ বছৰ ধৰি বহু সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে এইখন ৰাস্তাৰ লগত সংলগ্ন থকা সাধাৰণ ৰাইজ । ওৰাংৰ গায়ে লাগি থকা চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱা পথৰ দুয়োকাষে ঘৰ থকা একমাত্ৰ  পথ  চমুৱাগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা জিতেন বড়োৰ ঘৰ লৈ পকী কৰি ৰাইজক যাতায়তৰ সুবিধা কৰি দিবলৈ অঞ্চলৰ ভুক্তভোগী সকলৰ লগতে বিভিন্ন দল সংগঠনেও দাবী তুলিছে ।মাজবাটৰ বিজেপিৰ যুব নেতা কিশোৰ শৰ্মাই এইটো পথ অনতিপলমে পকীকৰণৰ কৰাৰ সুব্যৱস্থা গ্ৰহন কৰাৰ বাবে আহ্বান জনাইছে ৷

মান্দাকাটা সাতগাঁওত সন্ধানহীন ক্ষুদ্ৰ ব্যৱসায়ী

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটা গাঁও পঞ্চায়তৰ সাতগাঁওৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী তিনি দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰলোকে জনোৱা অনুসৰি দুই সন্তানৰ পিতৃ দিলনুৰ আলীয়ে (৪৭)  আনদিনাৰ দৰে ২৩ জুলাই দিনাও ব্যৱসায়ী সামৰি ঘৰলৈ আহি নিশা ভাত খোৱাৰ পিছত নিশা প্ৰায় ১২ বজাত পত্নী টোপনী গৈ থকা অৱস্থাত শোৱা বিচনাৰ পৰাই সন্ধানহীন হৈ আছে  । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰে যদিও কোনো সন্ধান পোৱা নাই দিলনুৰ আলীৰ । আজি বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে   পৰিয়ালৰ লোকে।

সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ বৰগাং চাহ-বাগিচাৰ অস্মিতা কাকতিৰ

সদ্য ঘোষিত আই এছ চি ৰ চুড়ান্ত পৰীক্ষাত উচ্চতৰ মাধ্যমিকত ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান দখল কৰি বৰগাং চাহ বাগিচাৰ অস্মিতা কাকতিয়ে অসমৰ নাম উজ্জ্বলাই তোলা এক সু-খৱৰে অঞ্চলটিত আনন্দৰ লহৰ বোৱা পৰিলক্ষিত হৈছে। অস্মিতা কাকতিয়ে বালিপাৰাৰ আসাম ভেলী স্কুলৰ পৰা ক’লা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অস্মিতাই  ইংৰাজীত ৯৯,বুৰঞ্জীত ১০০,ৰাজনৈতিক বিজ্ঞানত ৯৮,সমাজ বিদ্যাত ১০০,মনঃতাত্বিকত ১০০ ( বেষ্ট অফ ফ’ৰ বাচনি কৰা হয় ) নম্বৰ লাভ কৰি এই খিতাপ লাভ কৰে। অস্মিতাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জানিব দিয়ে যে,অতি মনযোগেৰে পঢ়ি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ভাল ফলাফল এটি লাভ কৰিব বুলি আশা আছিল যদিও সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰিব বুলি ভবা নাছিল। আজি এই স্থান লাভ কৰি পিতৃ-মাতৃ- ককাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা সঁচাকে বহুত সুখী বুলি নিজৰ অনুভৱ প্ৰকাশ কৰে। বৰগাং চাহ বাগিচাৰ মুখ্য পৰিচলক জ্যোতিৰ্ময় কাকতি আৰু মাতৃ নৱনীতা কাকতিয়ে নিজৰ নিজৰ সুকীয়া সুকীয়া অভিব্যক্তি প্ৰকাশ কৰি জীয়ৰীৰ এই বিৰল কৃতিত্বত সঁচাকে অভিভূত আৰু অস্মিতা আৰু আগলৈ আগবাঢ়ি যোৱাত অসমবাসীয়ে যাতে আশীৰ্বাদ দিয়ে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। অস্মিতা কাকতিৰ ককাক প্ৰাক্তন উপায়ুক্ত নগাওঁ শংকৰ মিছন পথৰ চন্দ্ৰ মোহন কাকতিয়ো নাতিনীয়েকৰ সাফল্যত অতন্ত্য সুখী বুলি উৎফুল্লিত হৈ পৰে। ছাত্ৰী গৰাকীৰ এই সাফল্যত প্ৰাক্তন মন্ত্রী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তইয়ো গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ভৱিষ্যতেও এনেদৰে বিৰল কৃতিত্বৰে অসমৰ নাম উজ্জ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰি শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। অস্মিতা পঢ়া শুনাৰ লগতে খেলা ধূলা , কবিতা আবৃতি আৰু সাংস্কৃতিক জগত খনতো সুন্দৰ দখল আছে।কবিতা আবৃতি কৰাৰ উপৰি ইংৰাজী গীতৰ লগতে অসমীয়া গীত গাই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা অস্মিতাই অষ্ট্রেলিয়াত সুধাকণ্ঠৰ “দোলা হে দোলা একা বেকা বাটেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা’ শীৰ্ষক গীতটি পৰিৱেশন কৰি পুৰস্কৃত হোৱাৰ উপৰি প্ৰচুৰ খ্যাতি লাভ কৰে। অস্মিতাই পৰবৰ্তী সময়ত দিল্লী ইউনিভাৰ্চিটিত অধ্যয়ন কৰিব বুলি জানিব দিয়ে। অস্মিতাৰ প্ৰতি ‘দৈনন্দিন বাৰ্তা’ কাকতৰ লগতে স্থানীয় দল সংগঠন তথা বিশ্বনাথ জিলা আটছা তৰফৰ পৰাও অভিনন্দন আৰু শুভেচ্ছা জনায়।

“গ’ ফৰ গ্ল’ৰী, লাভলীনা”: নাজিৰাৰ ৰাজপথত মটৰ চাইকেল ৰেলী

অসমৰ প্ৰথম গৰাকী মহিলা এথলেট হিচাপে জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱা অলিম্পিকত অংশ গ্ৰহণৰ বাবে  ইতিমধ্যে জাপানত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছা জনাই নাজিৰাৰ ৰাজপথত মটৰ চাইকেল ৰেলী । ডেৰ শৰো অধিক মটৰ চাইকেলেৰে যুৱক, মহিলা তথা ক্ৰীড়ামোদী সকলে ক’ভিড আচৰণ বিধি মানি চলি অসম চৰকাৰে উদ্দীপনা যোগোৱা “গ’ ফৰ গ্ল’ ৰী, লাভলীনা”ৰ পাছতেই লাভলীনাক লৈ সৃষ্টি হোৱা নতুন শ্ল’গান আৰু সুৰীয়া ধ্বনিময় বাক্যৰে ৰাজপথ মুখৰ হৈ উঠে ।  কঠোৰ অনুশীলনৰ বাবেই সীমিত সুবিধাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ জগতখনত স্ব-প্ৰতিভাৰে জিলিকি উঠা লাভলীনাই ভাৰত তথা অসম ৰাজ্যলৈ গৌৰৱ কঢিয়াই আনিব বুলি আশা প্ৰকাশ কৰে ৰেলীৰ ফ্লেগ-অফ কৰা অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজসেৱী প্ৰবীন কুমাৰ বৰগোহাঁইয়ে।অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে লাভলীনাক সদিচ্ছা আৰু উৎসাহ জনাই পেইণ্টিং, গীত, শ্ল’গান, ৰেলী, প্ৰাৰ্থনাৰ ঐক্যতান আদি প্ৰসাৰ হৈ উঠাৰ মাজতে সদৌ বৰগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতি আৰু শতবৰ্ষীয় বৰগোহাঞি বংশাৱলী আদৰণী সমিতি আৰু নাজিৰাৰ ৰাইজৰ সমৰ্থনত বাহিৰ হোৱা এই সমদলে মেছাগড়ৰ পৰা আৰম্ভ কৰি মঠিয়াছিগা, নাওশলীয়া, নমাটি, নাজিৰা নগৰ, কপহুৱা, ৰেৱতী, মাদুৰি আদি এলেকা ভ্ৰমণ কৰি যায় । সাধৰণ সম্পাদক দিগন্ত বৰগোহাঁই, কাৰ্য্যকৰী সভাপতি বিনোদ বৰগোহাঁই, ইন্দ্ৰজিৎ বৰগোহাঁই, হিমাংশু প্ৰসাদ বৰগোহাঁই, ৰঞ্জন বৰগোহাঁই বিষয় – ববীয়া সকলৰ লগতে কিৰণ কোঁৱৰ, ধৰ্ম কোঁৱৰ আদি ব্যক্তি সকলে ৰেলীত অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে প্ৰথম ৰাউণ্ডৰ খেলত  “বাই” পাই লাভলীনাই মঙ্গলবাৰে জাৰ্মানীৰ নেদাইন এপেজৰ বিৰুদ্ধে প্ৰথমখন প্ৰিকুৱাৰ্টাৰ ফাইনেল খেলিব ।

দৰংৰ কটৰাত “আশা”ৰ স্বাস্থ্য সম্বন্ধীয় বয়বস্তু বিতৰণ

অসমৰ অগ্ৰণী বেচৰকাৰী সামাজিক স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান হাৰ্ট কেয়াৰ চচাইটি অসমৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান “আশা”ৰ সহযোগত কটৰা অঞ্চলৰ ১ নং গংগাপুখুৰী প্ৰাথমিক বিদ্যালয়ত ১৫৫ ঘৰ দুখীয়া পৰিয়ালৰ মাজত ক’ভিদ সাহায্য বিতৰণ কৰা হয় ৷ হাৰ্ট কেয়াৰ ছচাইটিৰ গুৱাহাটী শাখাৰ সম্পাদক ডা° বিকাশ ৰায় দাসৰ নেতৃত্বত হাৰ্ট কেয়াৰ ছচাইটিৰ কোষাধ্যক্ষ বেলাডাউকা, সহকাৰী সম্পাদকদ্বয় প্ৰাঞ্জল কুমাৰ শৰ্মা, মনশ্ৰী প্ৰকাশ,অনুষ্ঠান সমন্বয়ক পৰিতোষ দে অনুষ্ঠানত উপস্থিত থাকে ৷ খাদ্য সামগ্ৰীকে ধৰি স্বাস্থ্য সম্বন্ধীয় বস্তু মুখ বন্ধনী ছেনিটাইজাৰ কাপোৰ আদি বিতৰন কৰা হয় ৷ এই কাৰ্য্যত স্থানীয় যুৱক উদয় ভাস্কৰ হাজৰিকা ৰাজীৱ কলিতা, মানৱ, অভিজিত,মহিবুল, আদিয়ে সহায় সহযোগ আগবঢ়ায় ৷ সম্পূৰ্ণ ক’ভিদ নিয়ম মানি আয়োজন কৰা এই অনুষ্ঠান দ্বাৰা বহুতো দুখীয়া পৰিয়ালৰ সাময়িক সকাহ হোৱা বুলি স্থানীয় ৰাইজে মতামত দিয়ে আৰু হাৰ্ট কেয়াৰ ছচাইটিৰ সদস্যসকলক ভূয়সী প্ৰশংসা কৰে ৷

বৰালিমাৰী খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰীত আজি কিছু দিনৰ পৰা সংঘটিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেবাটাও পৰিয়ালৰ ঘৰ ভেটি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে বৰালিমাৰীৰ কালি মন্দিৰটোও খহনীয়াত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত যোৱা ২৩ জুলাইত  বৰালিমাৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল টো পৰিদৰ্শন কৰে ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াই। ৰাজহ চক্ৰ টোৰ নৱনিযুক্ত ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বলিয়াই অঞ্চল টো পৰিদৰ্শন কৰি কয় যে – বৰালিমাৰী অঞ্চল টোত চলি থকা খহনীয়া প্ৰতিৰোধৰ বাবে অস্হায়ী প্ৰতিৰোধ ব্যৱস্হা সম্পৰ্কে জিলা উপাযুক্তই  বিভাগীয় কৰ্তিপক্ষৰে ইতিমধ্যে আলোচনা কৰিছে। সদ্যহতে অঞ্চলটো ৰক্ষাৰ বাবে পাৰ্যমানে চেষ্টা কৰা হব। উল্লেখ্য যে বৰালিমাৰী অঞ্চল টোত দীৰ্ঘদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। আৰু প্ৰতি বছৰে অঞ্চল টোৰ ন – ন পৰিয়ালে খহনীয়াত আক্ৰান্ত হৈ ঘৰ ভেটি হেৰুৱাই আহিছে। বিগত সমষ চোৱাত বৰালিমাৰীৰ লগতে বৰালিমাৰী সমিপৱৰ্তী জেংপৰি আদি অঞ্চলতো বহু লোক সৰ্বস্বান্ত হৈছে খহনীয়াত।

ৰঙিয়া পৌৰসভা আৰু ‘সাধনা’ৰ উদ্যোগত চাফাইকৰ্মীৰ সৈতে মত বিনিময় অনুষ্ঠান

 স্বচ্ছ, নিকা আৰু সেউজ ৰঙিয়া গঢ়িবলৈ ‘ৰঙিয়া পৌৰসভা’ আৰু স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ৰ যুটীয়া উদ্যোগত পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাৰ সভাপতিত্বত ৰঙিয়া কৃষক শ্বহীদ ভৱন চাফাই কৰ্মীসকলৰ লগত এখনি সভা অনুষ্ঠিত হয়। কাৰ্যক্ৰমত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পালে ৰঙিয়া চহৰখনক সৰ্বতোপ্ৰকাৰে চাফচিকুণকৈ ৰাখিবলৈ গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায় আৰু চাফাই কৰ্মীসকলৰ লগত এক মত-বিনিময় কাৰ্যক্ৰমৰ দ্বাৰা তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ আলোচনা কৰে।     স্বচ্ছ ভাৰত অভিযানৰ বিষয়া নেহাৰ চামাদ আৰু সাধনাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই ৰঙিয়া নগৰৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালে যাতে শুকান আৰু ভিজা জাৱৰ পৃথককৈ ৰখাৰ অভ্যাস কৰে আৰু চাফাই কৰ্মীসকলে পৃথকীকৰণৰ ওপৰত গুৰুত্ব দি যাতে পেলনীয়া সামগ্ৰীবোৰ সংগ্ৰহ কৰে এই বিষয়ত সুন্দৰকৈ নীতি নিৰ্দেশনা আগবঢ়ায়।    কাৰ্যক্ৰমত পৌৰসভাৰ অন্তৰ্গত লোকসকলৰ ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰা ড্ৰাইভাৰ যতীন বড়ো, সহায়ক/হৰিজন অশোক বাচফোৰ, নলা নিস্কাশক,চেনিটাইজেছন কৰ্মীদ্বয় কুলেন দাস আৰু নেকিবৰ ৰহমান, স্ট্ৰীট চুইপাৰ সুমিত্ৰা বাচফোৰ আৰু পুতুলী বাচফোৰক শ্ৰেষ্ঠ কৰ্মী হিচাপে মহকুমাধিপতিৰ দ্বাৰা ফুলাম গামোচাৰে সন্মানীত কৰা হয়।

লাহৰীঘাটৰ বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ

 মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বৰালিমাৰীত  বিগত এটা সপ্তাহে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত গৃহহীন হৈছে বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন কেইবাটাও পৰিয়াললৈ। খহনীয়াৰ আতংকত বিনীদ্ৰ ৰজনী অতিবাহিত কৰিব লগা হৈছে নৈপৰীয়া ৰাইজে। কিন্তু এই ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসন তথা জিলা জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া লোকে। উল্লেখ্য স্বাধীনতাৰ পিছৰে পৰাই লাহৰীঘাট অঞ্চলত অব্যাহত থকা খহনীয়াৰ ফলত লাহৰীঘাট-ভূৰাগাঁও ৰাজহচক্ৰ অন্তৰ্গত ৫০খনতকৈ অধিক গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত নি:শেষ হৈছে যদিও আজিলৈকে কোনো এখন চৰকাৰে লাহৰীঘাট অঞ্চলৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহল।খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

বঙৰাত পশুধনৰ টিকাকৰণ ও চিকিৎসা শিৱিৰ

পশ্চিম গুৱাহাটীৰ বঙৰা পাচনীয়াপাৰাত এছ.এছ.বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু ৰাজ্যিক পশু চিকিৎসালয়, আজাৰাৰ সহযোগত আজি পশুধনৰ টিকাকৰণ ও চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত অঞ্চলটোৰ প্ৰায় ১৩০ টা পশুধনক জহাৰ বাট ৰোগৰ টিকাকৰণ কৰণ কৰাৰ লগতে বিভিন্ন বেমাৰৰ ঔষধ বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। উক্ত চিকিৎসা শিৱিৰত জিলা পশু পালন বিষয়া ড০ অৰুণ শৰ্মাই উপস্থিত থাকি পশুধনৰ বিভিন্ন বেমাৰৰ সন্দৰ্ভত  ভাষণ প্ৰসঙ্গত উল্লেখ কৰাৰ লগতে গৰু, ছাগলী আৰু মুৰ্গীৰ বাবে নাবাৰ্ড বেংক তথা স্থানীয় বেংকৰ পৰা ঋণ লোৱাৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে। উক্ত অনুষ্ঠানত আজাৰা পশু চিকিৎসালয়ৰ পশু চিকিৎসক ড০ প্ৰদীপ শৰ্মা, ড০ পিংকি বৰ্মন, ক্ষেত্ৰ সহায়ক বিভুতি শৰ্মা, ৰেকট আলী, ভৱানী শৰ্মা, স্থানীয় যুৱক সৰ্বেশ্বৰ দাসৰ লগতে অঞ্চলটোৰ লোকসকল উপস্থিত থাকে।