Breaking

বঙৰাত পশুধনৰ টিকাকৰণ ও চিকিৎসা শিৱিৰ

0 1,042

পশ্চিম গুৱাহাটীৰ বঙৰা পাচনীয়াপাৰাত এছ.এছ.বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু ৰাজ্যিক পশু চিকিৎসালয়, আজাৰাৰ সহযোগত আজি পশুধনৰ টিকাকৰণ ও চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত অঞ্চলটোৰ প্ৰায় ১৩০ টা পশুধনক জহাৰ বাট ৰোগৰ টিকাকৰণ কৰণ কৰাৰ লগতে বিভিন্ন বেমাৰৰ ঔষধ বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। উক্ত চিকিৎসা শিৱিৰত জিলা পশু পালন বিষয়া ড০ অৰুণ শৰ্মাই উপস্থিত থাকি পশুধনৰ বিভিন্ন বেমাৰৰ সন্দৰ্ভত  ভাষণ প্ৰসঙ্গত উল্লেখ কৰাৰ লগতে গৰু, ছাগলী আৰু মুৰ্গীৰ বাবে নাবাৰ্ড বেংক তথা স্থানীয় বেংকৰ পৰা ঋণ লোৱাৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে। উক্ত অনুষ্ঠানত আজাৰা পশু চিকিৎসালয়ৰ পশু চিকিৎসক ড০ প্ৰদীপ শৰ্মা, ড০ পিংকি বৰ্মন, ক্ষেত্ৰ সহায়ক বিভুতি শৰ্মা, ৰেকট আলী, ভৱানী শৰ্মা, স্থানীয় যুৱক সৰ্বেশ্বৰ দাসৰ লগতে অঞ্চলটোৰ লোকসকল উপস্থিত থাকে।

Leave A Reply