Home Blog Page 2907

দেৱালত চিত্ৰ অংকন কৰি লাভলীনালৈ শুভকামনা জনোৱা হ’ল টীয়কত

 ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম সন্তান লাভলীনা বৰগোঁহাই(Lovelina Borgohain)ক লৈ উচাহৰ ঢল বৈছে । টকিঅ’ অলিম্পিক(Tokyo olympic)ত পদক অৰ্জনৰে যাতে লাভলীনাই অসমলৈ গৌৰৱ কঢ়িয়াই আনে তাৰ বাবে খেলুৱৈ গৰাকীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে টীয়কৰ মাজ মজিয়াত দেৱালত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ যোৰহাট জিলা সমিতিয়ে লাভলীনাৰ চিত্ৰ অংকন কৰিছে । এতিয়া সকলোৱে আশা কৰিছে অসমৰ প্ৰথম মহিলা হিচাপে অলিম্পিকত অংশ গ্ৰহণৰে অসমৰ মান বৃদ্ধি কৰা লাভলীনাই পদক জয় কৰি আৰু অধিক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হওক ৷

নগাঁৱৰ জ্যেষ্ঠ বিজেপি নেতা বকুল শইকীয়াৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু : প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই,বিধায়কদ্বয় ৰূপক শৰ্মা,জিতু গোস্বামীৰ শোক প্ৰকাশ

ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা সমিতিৰ জ্যেষ্ঠ নেতা তথা বিগত দহ বছৰৰ খাগৰিজান মণ্ডলৰ প্ৰাক্তন সভাপতি নগাঁৱৰ ডিমৰুগুড়ি- আনন্দ নগৰ নিৱাসী বকুল শ‌ইকীয়াৰ আজি পুৱতি নিশা ৩:৪৫ বজাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৪ বছৰ ৷ নগাঁও জলসিঞ্চন বিভাগৰ কলং-কলিয়াৱৰ শাখাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অমায়িক,মৃদুভাষী,নম্ৰ স্বভাৱৰ তথা স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী বকুল শ‌ইকীয়াৰ অকাল মৃত্যু নগাঁও জিলা বিজেপিৰ সাংগঠনিক দিশত বাৰুকৈয়ে এক বৃহৎ ক্ষতি ৷ তেখেতৰ মৃত্যুত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,বিজেপি নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ,সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ বৰদলৈ,পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি তথা নগাঁও জিলা অনুসুচীত জাতি পৰিষদৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাস,মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা,যুৱ মৰ্চা,কিষান মৰ্চা,অবিচি মৰ্চা,এছ চি মৰ্চাৰ লগতে অন্যান্য মৰ্চা তথা বিষয়ববীয়া সকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই দুখ প্ৰকাশ কৰি কয় যে, নগাঁও জিলাৰ বিজেপি দলৰ বাবে এক মোক্ষম আঘাট হোৱাৰ লগতে ব্যক্তিগতভাৱে মোৰ ৰাজনৈতিক জীৱনত এক অপূৰণীয় ক্ষতি হৈ ৰৱ। ভাৰতীয় জনতা পাৰ্টিয়ে এগৰাকী নিষ্ঠাবান কায্যকতা হেৰুৱাৰ লগতে মই এগৰাকী জেষ্ঠ  সৰ্তীথক হেৰুৱালোঁ।তেখেতৰ পবিত্ৰ আত্মাই বৈকুণ্ঠত স্থান পোৱাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰিলো ৷ মৃত্যুৰ সময়ত পত্নী,এজন পুত্ৰ,এগৰাকী বিবাহিত জীয়ৰী,বোৱাৰী,জোৱাই,নাতি নাতিনী সহ অনেক ইস্তকুতুম তথা গুণমুগ্ধক ইহঁ সংসাৰত এৰি থৈ যায় ৷ 

বাঘবৰৰ ভাতনাপইতিত তালিবানী কায়দাৰে ডকাইতি কাণ্ড

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত ভাতনাপাইতি গাওঁৰ একাব্বৰ আলীৰ ঘৰত নিশা সাত জনীয়া ডকাইতৰ দলে কৰিলে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জানিব পৰা মতে একাব্বৰ আলী ঘৰত নথকা অৱস্থাত যোৱা নিশা ঘৰৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলটি, ঘৰত প্ৰৱেশ কৰিয়েই একাব্বৰ আলীৰ পত্নী আমেলা খাতুনৰ গাত হাত দিয়াত আমেলা খাতুনে টোপনিৰ পৰা সাৰ পাই উঠি চিঞৰ বাখৰ কৰিব খোজতেই মহিলা গৰাকীৰ মুখত সোপা মাৰি ধৰে আৰু হাত ভৰি বান্ধি ল’ই মুখখনো কাপোৰেৰে তালিবানী কায়দাৰে বান্ধি ল’ই টেবুল আৰু ট্ৰাঙ্কৰ চাবি বিচাৰে। পিছত মহিলা গৰাকীয়ে চাবি নিদিয়াতে ক্ষুন্ন হৈ ডকাইতৰ দলে মহিলা গৰাকীক ধৰ্ষণৰ ভাবুকি দি দেহত হাত দিয়া বুলি ভুক্তভোগী মহিলা গৰাকীয়ে প্ৰকাশ কৰে। পিছত ডকাইতৰ দলটোৱে মহিলা গৰাকীক লোৰ ৰডেৰে আঘাত কৰে আৰু ধৰ্ষণৰ কৰাৰ হুমকি দিয়াত ভয়তে মহিলা গৰাকীয়ে চাবিপাত দিয়ে আৰু ডকাইতৰ দলটোৱে নগদ ধন প্ৰায় এক লাখ টকা বিশ হাজাৰ টকাৰ গহনা আৰু প্ৰয়োজনীয় নথি পত্ৰ লৈ যায়।  উল্লেখ্য যে ভুক্তভোগী আমেলা খাতুনে জানিব দিয়া মতে ডকাইতৰ দলত ভাতনাপইতি গাঁৱৰ মদন আলী ওৰফে আবু ছেলিম আৰু ছয়সীমানা গাঁৱৰ জনৈক ইছমাইল নামৰ এজনক চিনি পায় যদিও আন্ধাৰৰ বাবে বাকী বোৰক চিনিব নোৱাৰিলে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে বুলি পৰিয়ালৰ লোকে জনায়।

গহপুৰৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কৰুণ জীৱন সংগ্ৰাম : আজিকোপতি লাভ কৰা নাই চৰকাৰী সাহায্য

দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন জনকল্যানমূলক আঁচনি গ্ৰহণ কৰি আহিছে যদিও আজিকোপতি চৰকাৰৰ উন্নয়ন মূলক আঁচনিয়ে স্পৰ্শ কৰা বহু দৰিদ্ৰ পৰিয়ালক। এই ক্ষেত্রত গহপুৰ মহকুমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম- অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ককিলাৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কথা উল্লেখ কৰিব পাৰি। উক্ত গাঁও খনত দীৰ্ঘ দিন ধৰি বসবাস কৰি মৰিয়া গয়াৰী আৰু বুধবাৰী গয়াৰীৰ এগৰাকী জীয়ৰী আৰু চাৰি পুত্ৰ সন্তানৰ ভিতৰত চাৰি গৰাকী সন্তানেই বিশেষ ভাবে সক্ষম।বিশেষ ভাবে সক্ষম তিনি পুত্ৰ আৰু একমাত্ৰ জীয়ৰীয়ে চকুৰে নেদেখে, কাণেৰে নুশুনে আৰু মাত- বোল কৰিব নোৱাৰে। এনে এক অবৰ্ণনীয় অৱস্থাৰ মাজতে দুবছৰ মান পূৰ্বে বিশেষ ভাবে সক্ষম সন্তান কেইটাক নিঠৰুৱা কৰি মৰিয়া আৰু বুধবাৰীয়ে ইহ সংসাৰ এৰি যায়। পিতৃ- মাতৃৰ বিয়োগৰ পিছতে অধিক অসহায় হৈ পৰা পৰিয়ালটিয়ে জীৱন-জীৱিকাৰ বাবে কঠোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’ব লগা হয়। বৰ্তমান পিতৃ- মাতৃয়ে নিৰ্মাণ কৰি থৈ যোৱা এটা জৰাজীৰ্ণ গৃহত একেলগে বসবাস কৰি থকা দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৱে জীৱিকা নিৰ্বাহৰ ক্ষেত্রত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। উপায়ান্তৰত বিশেষ ভাবে সক্ষম হোৱা স্বত্বেও ডাঙৰ পুত্ৰই সমীপৰ হোটেলত পানী ভাৰীৰ কাম কৰি আৰু জীয়ৰীয়ে খৰি লুৰি- সেইয়া বিক্ৰী কৰি জীৱন- জীৱিকাৰ কঠোৰ তথা কষ্টসাধ্য সংগ্ৰাম অব্যাহত ৰাখিছে। উল্লেখ্য যে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ আটাই কেইগৰাকীয়েই নিৰ্বাচনত ভোট দান কৰি আহিছে যদিও দেশৰ দৰিদ্ৰতম নাগৰিক হিচাবে পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই কোনো ধৰণৰ বিশেষ চৰকাৰী সাহায্য। এনে ক্ষেত্ৰত পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ অজিত গয়াৰীৰ লগতে স্থানীয় ৰাইজে চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ জৰিয়তে দুৰ্দশাগ্ৰস্ত পৰিয়ালটিক সকাহ প্ৰদান কৰিবৰ বাবে বৰ্তমানৰ চৰকাৰ খনক আহ্বান জনাইছে।

ওৰাং -মাজবাটত চুলাই ঘাটি উৎখাত আৰক্ষীৰ : শইকীয়া চুবুৰীত ৩০০ লিটাৰ চুলাই মদ নষ্ট ।

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই  চুলাই ঘাটিৰ পৰাই ক’ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত  ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই জৰুৰী বাৰ্তা পোৱাৰ পাছতে ওদালগুৰি জিলা আবকাৰী বিভাগে স্থানীয় প্ৰশাসনৰ সহযোগত ভিন্ন অঞ্চলত  ইটোৰ পিছত সিটো চুলাই মদৰ  ঘাটি উৎখাত কৰিছে । ওৰাং আৰক্ষীয়ে একেৰাহে  আজি কেবাদিন ধৰি এই চুলাই মদৰ বিৰুদ্ধে তীব্ৰতৰ  অভিযান চলাই  ২৪ জুলাইত আবেলি ২নং শইকীয়া চুবুৰী গাওঁত কেবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰি ৩০০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে  ওৰাং আৰক্ষীয়ে  চমুৱা গাওঁ,ভোগদল গেলাবিল  আন কেইবাঠাইতো  অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰি শ ,শ লিটাৰ চুলাই মদ নষ্ট কৰি পেলোৱাৰ  লগতে বিশাক্ত চুলাই মদ তৈয়াৰ কৰা বহু নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে । ওৰাং আৰক্ষীৰ এই চুলাই মদৰ ঘাটি উচ্ছেদ অভিযান  নিতান্তই প্ৰসংশনীয়  পদক্ষেপ যদিও ওৰাং আৰক্ষী থানা এলেকা ধনশ্ৰীঘাট, দফলাপোটা, পাউৰীপোটা,ওৰাং চাহ বাগিছাৰ ১ নং গেট আৰু হাবিগাওঁতো অবাধে চলি আছে চুলাই মদৰ ৰমৰমীয়া বেহা । ইফালে মাজবাট আৰক্ষী  প্ৰশাসনেও চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই  খুচুৰাবাৰী ,বেটিবাৰী চাহ বাগিছাৰ লগতে মাজবাট থানাৰ  পাৰ্শ্বৱৰ্তী এলেকা ওৰাং চাহ বাগিচা, নিচিলামাৰীত শ শ লিটাৰ চুলাই মদ নষ্ট কৰি  চুলাই  মদৰ ঘাটি সমুহ উৎখাত কৰাৰ লগতে  মদ তৈয়াৰ কৰা  বাচন বৰ্তন সমুহ লণ্ড  ভণ্ড কৰে । আনহাতে ফুলগুৰি, মহলীযাপাৰা,নাহৰঝাৰ,লামাবাৰী চেন্টাৰ  ইত্যাদি অঞ্চলত চুলাই মদৰ অবাদ বেহা চলি থকাৰ উপৰিও মাজবাট, লামাবাৰী,বাহিপুখুৰী ,বেটেৰি, বেটিবাৰী, ধনশ্ৰী আৰু ওৰাং চাহ বাগিছাটো একাংশ লোকে  চুলাই মদৰ ঘাটি স্থাপন কৰি অঞ্চল সমুহত মহামাৰী ক’ৰোনাৰ গন সংক্ৰমণেই নহয়  সমাজিক, শৈক্ষিক, অৰ্থনৈতিক পৰিৱেশ বিনষ্ট কৰি আহিছে ।অতি শীঘ্ৰে এই চুলাই মদৰ ঘাটি সমুহ উৎখাত কৰিবলৈ আবকাৰী তথা স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছে ওৰাঙ আৰু   মাজবাট বাসী ৰাইজে ।

পলাশবাৰী মাজকুছিত আত্ম সহায়ক গোটৰ শালি ধানৰ খেতি সম্পন্ন

দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা মাটিত শালি ধানৰ খেতি কৰাত ব্যস্ত হৈ পৰিছে। আধুনিক পদ্ধতিৰ ট্ৰেক্টৰৰে হালবোৱাৰ পৰা আদি কৰি যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰি খেতিখিনি কৰিছে গোটটোৰ সদস্যসকলে। উল্লেখ্য যে যোৱা ২০১৯ বৰ্ষত লকডাউনৰ সময়ৰে পৰা অসমৰ বিভিন্ন কোম্পানীত চাকৰি তথা ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত ১০ জন সদস্যই মিলি সোণালী কৃষক আত্ম সহায়ক গোটটো গঠন কৰা হৈছিল। গোটটো গঠন হোৱাৰে পৰা শাক-পাচলি খেতি আদিকে ধৰি বিভিন্ন খেতি কৰি স্থানীয় বজাৰত বিক্ৰী কৰি আহিছে। এডৰা মাটিত তিনিবাৰকৈ খেতি কৰিবৰ বাবে মনত আশা কৰিছিল যদিও জলসিঞ্চনৰ অভাৱত সেয়া বাস্তৱত ৰূপায়িত কৰিব পৰা নাই। এই সন্দৰ্ভত স্থানীয় বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ জড়িয়তে অসম চৰকাৰৰ সহায় সহযোগিতা কৰাৰ বাবে গোটটোৰ সভাপতি জয়ন্ত মহন্ত, সম্পাদক ৰঞ্জন কলিতা আৰু কোষাধ্যক্ষ মণ্টু কলিতাই আহ্বান জনাইছে।আনহাতে বেচৰকাৰী সংস্থা ‘জনসাৰথি’ৰ সভাপতি ৰাজীৱ চৌধুৰী আৰু সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতাই  দক্ষিণ কামৰূপৰ সকলো পথাৰত কৃষক ৰাইজৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। কৃষক ৰাইজে জলসিঞ্চনৰ সুবিধা পালে বহুত উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে বেচৰকাৰী সংস্থাটোৱে।

নাজিৰাৰ প্ৰবীণ এথলেট দণ্ডী ফুকনৰ পৰলোক

নাজিৰাৰ ৰাজপথত শুভ্ৰ ধুতী পাঞ্জাৱী চোলা পৰিধান কৰি নিতৌ চাইকেল চলাই এক ক্ৰীড়াৰ মানসিকতা প্ৰদৰ্শন কৰি অহা শতবৰ্ষমুখী খেলুৱৈ দণ্ডী ফুকনৰ কালি বিয়লি ১২-৪৫ বজাত নগৰৰ ওপৰ নাজিৰা ১ নং ৱাৰ্ডৰ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত প্ৰায় শতবৰ্ষত উপনীত দণ্ডী ফুকনে মাষ্টাৰ্ছ এথলেট হিচাপে ২০১১ চনত চণ্ডীগড়ত অনুষ্ঠিত পাঁচ কিঃমিঃ খোজ কঢ়া প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰি অসম ৰাজ্যলৈ ভাৰতীয় মাষ্টাৰ্ছ এথলেটিকছ ফেদাৰেচনৰ ৰূপৰ পদক কঢ়িয়াই আনিছিল । ২০০৫ চনত বি টি এ ডিত অনুষ্ঠিত অসম ভেটাৰ্ন এমেচাৰ এথলেটিক চেম্পিয়নশ্বিপত দহ কিঃমিঃ খোজ কাঢ়ি সোণৰ পদক, কোকৰাঝাৰৰ কাজলগাঁৱত এশ মিটাৰ আৰু পাঁচ কিঃমিঃ দৌৰত ৰূপৰ পদক, ২০১০ চনত মৰাণত দুশ মিটাৰ দৌৰত সোণ আৰু গৃহ জিলা শিৱসাগৰ, লখিমপুৰ, চিলাপথাৰ আদিকে ধৰি ৰাজ্যৰ ভিন্ন স্থানৰ মাষ্টাৰ্ছ এথলেটিকছত যোগদান কৰি কেইবাটিও পদক জয় কৰিছিল । নিতৌ পুৱা চাইকেল চলোৱা অভ্যাস প্ৰদৰ্শন কৰি নাজিৰা বাসীৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে এক উজ্জল হাঁহিৰে সকলোকে সন্মোহিত কৰিছিল । স্বাধীনতা আন্দোলনক কিশোৰ অৱস্থাত প্ৰত্যক্ষ কৰিবলৈ পোৱা দণ্ডী ফুকনে স্বাধীন দেশৰ চৰকাৰত চিপাহী হিচাপে অন্তৰ্ভূক্ত হৈছিল । ৰাষ্ট্ৰীয় প্ৰবীণ এথলেটৰ স্বীকৃতি  হিচাপে নাজিৰা মহকুমা প্ৰশাসনে ২০০৬চনত  তেওঁক স্বাধীনতা দিৱসত ৰাজহুৱাভাৱে সন্মানিত কৰিছিল । এটি বৃদ্ধ পেনচনৰ স্বীকৃতিৰ বাহিৰে অত্যুৎসাহী ক্ৰীড়া সত্বা দণ্ডী ফুকনক অসম চৰকাৰে কোনো ক্ৰীড়া জলপানি বা ক্ৰীড়া পেনচন জীৱন কালতে প্ৰদান নকৰিলে । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য লোকে তেওঁৰ বাসগৃহত ভিৰ কৰেহি । নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক গোপাল গগৈয়ে সন্থাৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে ।  নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , প্ৰাক্তন মন্ত্ৰী ড০ হেম প্ৰভা শইকীয়া ,  নাজিৰাৰ কেইবাটিও ক্ৰীড়া সংঘ, তাই সাংস্কৃতিক কেন্দ্ৰ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে । এই সংসাৰত তেওঁ শয্যাগত পত্নী প্ৰভাৱতী ফুকন সহ ছয়গৰাকীকৈ জী-জোৱাঁই আৰু নাতি নাতিনীক এৰি থৈ গৈছে । 

ৰাইজৰ দলৰ তৃণমূল কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদঃ অখিল গগৈক বিনাদোষত জে’লত ভৰাই থোৱাৰ বাবে বিগত দুটা বছৰ দাঢ়ি-চুলি নকটাকৈ প্ৰতিবাদ সাব্যস্ত :

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক হল   ধনজিৎ বৰ্মন । পিছে  সৰ্থেবাৰীৰ  লচিমাৰ এইগৰাকী ধনজিৎ বৰ্মনে তেওঁৰ  প্ৰিয় নেতা অখিল গগৈক জে’লত ভৰাই থোৱাৰ বাবে নিজৰ দাঢ়ি -চুলি নকটাৰ লৈছিল সংকল্প । যেতিয়ালৈকে অখিল গগৈক মুকলি কৰি দিয়া নহ’ব তেতিয়ালৈকে চুলি -দাঢ়ি নকটাৰ সংকল্প লৈ বিগত প্ৰায় দুটা বছৰে এইদৰে ভোবোকাৰ দাঢ়ি- চুলিৰে ফুৰিছিল  সাংগঠনিক  কাম কৰি । আৰু ইতিমধ্যেই  জে’লৰ পৰা অখিল গগৈ মুকলি হোৱাত আনন্দিত হৈ আজি আনুষ্ঠানিকভাবে  নিজৰ দাঢ়ি চুলি কাটি প্ৰতিবাদৰ সামৰণি মাৰিলে বৰ্মনে। এই প্ৰতিবাদস্থলিত উপস্থিত  হৈ  সৰুক্ষেত্ৰীৰ ৰাইজৰ দলৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত  অধ্যাপক  পৰেশ  ভূঞা , মানব অধিকাৰ সংগ্ৰাম  সমিতিৰ  অধ্যক্ষ  আদিত্য লহকৰ আদিয়ে ভাষণ প্ৰদান কৰে । আৰু এইদৰেই আজি নিজৰ দাঢ়ি চুলি কাটি এইদৰে নিজৰ প্ৰতিজ্ঞা সমাপ্ত কৰা কাৰ্যই বিভিন্ন মহলত চৰ্চিত হৈছে

ওৰাঙৰ শ্ৰী সত্য সাই সেৱা কমিটিৰ উদ্যোগত তেজপুৰ চিকিৎসালয়ত ২৫০গৰাকীক ফলমুল বিতৰণ

২৪জুলাইত  গুৰু পূৰ্ণিমা উপলক্ষে অসম শ্ৰী সত্য সাই সেৱা কমিটীৰ ৰাজ্যিক সভাপতি  সত্যেন শৰ্মা দেবৰ তত্বাৱধানত তেজপুৰ, বিশ্বনাথ চাৰিআলি, ওৰাং, দৰং আৰু তামুলপুৰ শ্ৰী সত্য সাই সেৱা কমিটীৰ নেতৃত্বত তেজপুৰ মেডিকেল কলেজ ত ২৫০ গৰাকী কভিড ৰোগী সকলৰ মাজত ফলমূল, গাখীৰ, খেজুৰ, বিস্কুট আৰু ORS বিতৰণৰ ব্যবস্থা কৰা হয় । উক্ত বিতৰণ অনুষ্ঠানত ভাগ লৈ তেজপুৰ সত্য সাই সেৱা কমিটিৰ তৰফৰ পৰা ডক্তৰ পি কে শৰ্মা, ডাঃ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা,(কনভেনৰ)  বিজয় বৰা, (তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ জিলা সভাপতি) আৰু  অংশুমান শৰ্মা । ওৰাং, শিঙৰী আৰু তামোল পুৰ  কমিটিৰ তৰফৰ পৰা ক্ৰমে  ধৃতিমান বৰুৱা (দৰং ওদালগুৰিৰ জিলা সভাপতি) পংকজ শৰ্মা, ভূপেশ ডেকা, ঝুলন শৰ্মা, দীপক নেৱাৰ, কৃষ্ণ বছনেত, জিতুমণি গায়ন আৰু  জিংকুমনি গায়ন । তিনিবাৰ কৰি ঔম কাৰ  ব্ৰহ্ম গায়ত্ৰী আৰু শ্ৰী সাই গায়ত্ৰী মন্ত্ৰৰে এই বিতৰণ কায্যসুচিৰ অনুষ্ঠান আৰম্ভণি কৰা হয় ।  এই বিতৰণ কায্য সূচি অনুষ্ঠানত সহযোগ কৰে  তেজপুৰ মেডিকেল কলেজৰ তৰফৰ পৰা  ডক্তৰ মাধৱ ৰাজবংশী (মুখ্য তত্বাৱধায়াক তেজপুৰ মেডিকেল কলেজ ) ডক্তৰ,  নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী সকলে ।

গৌৰাংগ বৰাৰ গ্ৰন্থ ‘গদ্য লেখা’ উন্মোচন

‘চ’চিয়েল মিডিয়া বা ইলেকট্রনিক মিডিয়াৰ বহল প্ৰসাৰত ছপা মাধ্যমৰ বিকাশ স্থবিৰ নোহোৱা নহয়। কিন্তু পুনৰ নতুন প্ৰজন্মৰ প্ৰচেষ্টাতে গ্ৰন্থই পোহৰৰ বাট মেলিব । ‘ এই মন্তব্য বিশিষ্ট লেখক – সমালোচক অৰিন্দম বৰকটকীৰ। আজি  যুৱ লেখক, নাট্যকৰ্মী গৌৰাংগ বৰাৰ ‘গদ্য লেখা’শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি  বৰকটকীয়ে এই মন্তব্য আগবঢ়াই।  বৰকটকীয়ে গ্ৰন্থ প্ৰসংগৰ উল্লেখ কৰি  কয় যে ‘ যুৱ লেখক গৌৰাংগ বৰাৰ গদ্য লেখাৰ প্ৰতিটো বিষয়ে গুৰুত্বপূৰ্ণ। চুটি লেখাৰ মাজেৰে গভীৰ বিষয়বস্তু গ্ৰন্থ খনিত পাঠকে বিচাৰি পাব ‘ । নগাঁও ইলেকট্রনিক মিডিয়াৰ কাৰ্যালয়ত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলংপাৰ কাকতৰ মুখ্য সম্পাদক তথা জেষ্ঠ্য সাংবাদিক গুৰুমাইল সিঙে কয় যে ‘ গৌৰাংগ বৰাৰ দৰে নতুন প্ৰজন্মৰ লেখকসকলেই ভৱিষ্যতে অসমীয়া ভাষা সাহিত্যক ধৰি ৰাখিব লাগিব।’ সন্মানীয় অতিথি হিচাপে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই ভাষণ প্ৰসংগত কয় ‘ নতুন প্ৰজন্মৰ লেখক সকলে গ্ৰন্থ ৰচনাত ব্ৰতী হোৱাটো গ্ৰন্থ পঢ়ুৱৈৰ বাবে আশাৰ ৰেঙনি। ‘  ‘ পৱন কুমাৰ বৰাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত গ্ৰন্থ খনিৰ লেখক গৌৰাংগ বৰাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ‘  নতুন প্ৰজন্মক গ্ৰন্থ অধ্যায়নৰ  প্ৰতি আগ্ৰহী কৰি তোলায়ে আমাৰ মূল উদ্দেশ্য। শংকৰদেৱৰ পৰা, জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকৰ লগতে সমাজ আৰু ভাষাৰ প্ৰতিটো দিশ মাথো গ্ৰন্থ খনিত চুই যাবলৈ চেষ্টা কৰিছো। অনুষ্ঠানত সাংবাদিক অজিত শইকীয়া, বিৰেণ বৰা, লেখকৰ পিতৃ নাৰায়ণ বৰা,মিজু বৰাকে প্ৰমুখ্য কৰি নগাঁও ইলেকট্রনিক মিডিয়াৰ সংবাদকৰ্মী সকল গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে।