Home Blog Page 2908

গৌৰাংগ বৰাৰ গ্ৰন্থ ‘গদ্য লেখা’ উন্মোচন

‘চ’চিয়েল মিডিয়া বা ইলেকট্রনিক মিডিয়াৰ বহল প্ৰসাৰত ছপা মাধ্যমৰ বিকাশ স্থবিৰ নোহোৱা নহয়। কিন্তু পুনৰ নতুন প্ৰজন্মৰ প্ৰচেষ্টাতে গ্ৰন্থই পোহৰৰ বাট মেলিব । ‘ এই মন্তব্য বিশিষ্ট লেখক – সমালোচক অৰিন্দম বৰকটকীৰ। আজি  যুৱ লেখক, নাট্যকৰ্মী গৌৰাংগ বৰাৰ ‘গদ্য লেখা’শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি  বৰকটকীয়ে এই মন্তব্য আগবঢ়াই।  বৰকটকীয়ে গ্ৰন্থ প্ৰসংগৰ উল্লেখ কৰি  কয় যে ‘ যুৱ লেখক গৌৰাংগ বৰাৰ গদ্য লেখাৰ প্ৰতিটো বিষয়ে গুৰুত্বপূৰ্ণ। চুটি লেখাৰ মাজেৰে গভীৰ বিষয়বস্তু গ্ৰন্থ খনিত পাঠকে বিচাৰি পাব ‘ । নগাঁও ইলেকট্রনিক মিডিয়াৰ কাৰ্যালয়ত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলংপাৰ কাকতৰ মুখ্য সম্পাদক তথা জেষ্ঠ্য সাংবাদিক গুৰুমাইল সিঙে কয় যে ‘ গৌৰাংগ বৰাৰ দৰে নতুন প্ৰজন্মৰ লেখকসকলেই ভৱিষ্যতে অসমীয়া ভাষা সাহিত্যক ধৰি ৰাখিব লাগিব।’ সন্মানীয় অতিথি হিচাপে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই ভাষণ প্ৰসংগত কয় ‘ নতুন প্ৰজন্মৰ লেখক সকলে গ্ৰন্থ ৰচনাত ব্ৰতী হোৱাটো গ্ৰন্থ পঢ়ুৱৈৰ বাবে আশাৰ ৰেঙনি। ‘  ‘ পৱন কুমাৰ বৰাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত গ্ৰন্থ খনিৰ লেখক গৌৰাংগ বৰাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ‘  নতুন প্ৰজন্মক গ্ৰন্থ অধ্যায়নৰ  প্ৰতি আগ্ৰহী কৰি তোলায়ে আমাৰ মূল উদ্দেশ্য। শংকৰদেৱৰ পৰা, জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকৰ লগতে সমাজ আৰু ভাষাৰ প্ৰতিটো দিশ মাথো গ্ৰন্থ খনিত চুই যাবলৈ চেষ্টা কৰিছো। অনুষ্ঠানত সাংবাদিক অজিত শইকীয়া, বিৰেণ বৰা, লেখকৰ পিতৃ নাৰায়ণ বৰা,মিজু বৰাকে প্ৰমুখ্য কৰি নগাঁও ইলেকট্রনিক মিডিয়াৰ সংবাদকৰ্মী সকল গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে।

জামুগুৰিহাটৰ শিল্পীয়ে বাঁহ-কাঠেৰে নিৰ্মাণ কৰে মস্কোৰ আৰ্হিত তিনি মহলীয়া ঘৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শিল্পী,কবি তথা বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শনৰে খ্যাতি অৰ্জন কৰা অৰুপ শইকীয়াই বাঁ‌হ-কাঠ আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰি উলিয়াইছে এটি বিশেষ আৰ্হিৰ তিনিমহলীয়া ঘৰ। যোৱা বৰ্ষৰ ক’ভিড মহামাৰীৰ ফলত হোৱা লকডাউনৰ সময়ত আৰম্ভ কৰা নিজৰ পৰিকল্পনাৰে বাঁ‌হ-কাঠেৰে থলুৱা অসমীয়া আৰ্হিৰ কাৰুকাৰ্যৰ সম্পূৰ্ণভাবে পৰিস্ফূটিত হোৱা এটা সম্পূৰ্ণ ঘৰ। বৰ্তমাণ সময়ত হেৰাই যাব বিচৰা অসমীয়াৰ থলুৱা বাঁহ-কাঠৰ ব্যৱহাৰ যেন পুনৰুজ্জীৱিত কৰি এটি আটক ধূনীয়া ঘৰটিৰ তেওঁৰ পিতৃৰ নামেৰে ‘হেমাপদ্ম আলয়’ নাম ৰাখিছে। দেশ-বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন কৰি জনপ্ৰিয়তা লাভ কৰা অৰুপ শইকীয়াই জানিব দিয়া অনুসৰি প্ৰবাসী পৰ্যটক বা শিল্পীক অসমৰ থলুৱা কাৰিকৰী বিদ্যাৰ সুন্দৰ উপস্থাপন আৰু আৰ্হি প্ৰদৰ্শনৰ বাবে ঘৰটো সাজিছে বুলি কয়। অসমত পৰ্যাপ্ত পৰিমাণে পোৱা বাঁহ-কাঠৰ গুণগত মান বিশ্ববন্দী। বাঁহেৰে নিৰ্মিত ঘৰটোৰ প্ৰথম মহলাৰ চিৰি আৰু তৃতীয় মহলালৈ যোৱা চিৰিটো কাঠেৰে নিৰ্মিত। তৃতীয় মহলাত ক’লা,কৌশলী তথা সংস্কৃতি চৰ্চাৰ বাবে ষ্টুডিঅ হিচাপে ব্যৱহাৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে বুলি জনাই। মস্কু(Moscow) আৰ্হিৰ অসমীয়া থলুৱা কাৰুকাৰ্যৰ সংমিশ্ৰণেৰে গঢ় দিয়া ঘৰটো সঁ‌চাই এক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে জামুগুৰিহাটৰ সংগীয়া মাজৰচুক।

নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ উদ্যোগত “Cheer 4 India Run Tokyo Olympic, 2020”

আজি নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ “Cheers 4 India Run Tokyo Olympic 2020’’ শীৰ্ষক শুভেচ্ছামূলক দৌৰ অনুষ্ঠিত কৰা হয়। দেশক প্রতিনিধিত্ব কৰা লাভলীনা বৰগোঁহাইৰ লগতে ভাৰতীয় দলটিক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচী বিধায়ক ভবেশ কলিতাই পতাকা জোকাৰি শুভাৰম্ভ কৰে। শুভাৰম্ভণি ভাষণ প্ৰসঙ্গত তেওঁ কয় যে ৰাজ্যৰ ক্ৰীড়া ইতিহাসত অলিম্পিকত ভাগ লোৱা অসমৰ প্রথমগৰাকী মহিলা ৰূপে বক্সাৰ লাভলীনাই নাম খোদিত কৰিলে। লাভলীনাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ বাবেই আজিৰ এই অভিযান। তেওঁ খেলুৱৈগৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক্ৰীড়া জগতত সুকীয়া স্থান দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। আজিৰ এই অনুষ্ঠানত কামৰূপ জিলা প্ৰশাসনৰ হৈ উপস্থিত থাকে জিলাৰ সহকাৰী আয়ুক্ত কৌষ্ঠৱ ৰয়। নেহৰু যুৱ বিকাশ কেন্দ্ৰৰ উপ সঞ্চালক তাপছ কুমাৰ প্ৰমানিক, নেহৰু যুৱ বিকাশ কেন্দ্ৰৰ মণ্ডল সঞ্চালক জে ৰাইভা, অসম ৰাজ্যিক পৰিবহনৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত কুশল হাজৰিকাৰ লগতে শতাধিক যুৱ প্ৰতিনিধিয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বাঘজানত পুনৰ জুইঃ পথ অৱৰোধৰে ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলি

গনতান্ত্ৰিক প্ৰতিবাদৰ যেন মূল্য নাই বিজেপি চৰকাৰৰ শাসনৰ দিনত৷ চুৰ- ডকাইত, মাফিয়ালৈ গুলিচালনা কৰি চৰ্চা লাভ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এতিয়া যেন বন্দুকৰ গুলিৰে ৰোধ কৰিব বিচাৰিছে প্ৰতিবাদৰ কণ্ঠ৷ আজি ইয়াৰেই যেন পৰিস্ফুটন দেখিবলৈ পোৱা গল তিনিচুকীয়াৰ বাঘজানত৷ অইলৰ তেল খাদ বিস্ফোৰন হৈ সৰ্বহাৰা হোৱা বাঘজানৰ বহু পৰিয়ালে আজিও নাপালে উচিত ক্ষতিপূৰণ৷ ক্ষতিপূৰণৰ দাবীত গনতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰা বাঘজানৰ নিৰস্ত্ৰ জনতাৰ ওপৰত আজি জপিয়াই পৰিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী৷ প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কৰিলে গুলিচালনা৷ আৰক্ষীৰ এই গুলিচালনাত আহত হৈছে ৬ গৰাকীকৈ লোক৷ উল্লেখ্য যে, ২০২০ বৰ্ষৰ ২৭ মে’ত তিনিচুকীয়া জিলাৰ বাঘজান গাওস্থিত অইলৰ বিজিআৰ-৫ নং তৈলক্ষেত্ৰত বিস্ফোৰণ সংঘটিত হৈছিল৷ ঘটনাটোৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাইজ এতিয়াও ক্ষতিপূৰণ বিচাৰি আজিও হুমুনিয়াহ কাঢ়ি থাকিবলগীয়া হৈছে। ঘটনাৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান নকৰি অইল আৰু জিলা প্ৰশাসনে এচাম সুবিধাবাদী ঠিকাদাৰক বৃহৎ বৃহৎ অংকৰ পুঁজি মোকলাই দিয়েই দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজে বিগত সময়ত বাৰাম্বাৰ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। বাঘজানৰ বিজিআৰ-৫ নং তৈল খাদত বিস্ফোৰণ ঘটি সংঘটিত অগ্নিকাণ্ডই অঞ্চলটোৰ প্ৰায় ১,৬০০ পৰিয়ালে বিস্তৰ ক্ষয়ক্ষতিৰ সন্মুখীন হৈছিল ৷ ক্ষতিগ্ৰস্ত লোকসকলক আশ্ৰয় শিবিৰত ৰাখি অইল আৰু জিলা প্ৰশাসনে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক তৎকালীন ক্ষতিপূৰণ, ক্ষতিপূৰণৰ আগধন আৰু এককালীন ক্ষতিপূৰণ মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিপৰ্যন্ত প্ৰায় ১,২০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণৰ ফুটা কড়ি এটাও নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ বিপৰীতে বাঘজানৰ কেৱল ৬২৫ টা পৰিয়ালকহে অইল আৰু জিলা প্ৰশাসনে পাকে প্ৰকাৰে সকলোধৰণৰ সুবিধা আদায় দিয়া বুলি অভিযোগ তুলিছে। কিছুদিনৰ পূৰ্বে স্থানীয় ৰাইজে বাঘজান স্থিত অইল খাদৰ সা- সৰমঞ্জানসমূহ আবদ্ধ কৰি অইলে ক্ষতিপূৰণ প্ৰদানৰ পিছতহে সা- সৰমঞ্জান সমূহ হস্তান্তৰ কৰিব পাৰিব বুলি হুংকাৰ দিছিল৷ কিন্তু আজি অইলে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বিশাল কনভয় লৈ ঘটনাস্থলীত উপস্থিত হৈ অইলৰ গাড়ীকে ধৰি বিভিন্ন সা সৰমঞ্জানসমূহ নিবলৈ উদ্যত হওতেই গাওবাসীৰ প্ৰতিবাদৰ সন্মূখীন হয়৷ গঞা ৰাইজে পথ অবৰোধ কৰি অইলৰ এই কাৰ্য্যত বাধা প্ৰদান কৰাত ডুমডুমা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰাইজৰ এই আন্দোলন বে আইনী ঘোষনা কৰে৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰে৷ প্ৰতিবাদকাৰী জনতাই উত্তেজিত হৈ আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবৰ বাবে কন্দোৱা গেছ প্ৰয়োগ কৰাৰ লগতে গুলিচালনা কৰে৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি বহুকেইজাই গুলি চালনা কৰে৷ এই ঘটনাত আৰক্ষীৰ মতে, এজন লোক আহত হৈছে যদিও গাওবাসীয়ে ৬ গৰাকীকৈ লোক আহত হৈছে বুলি দাবী কৰিছে৷ আহতসকল ক্ৰমে- ৰন্তু মৰাণ( ২০), বৰ্ণালী মৰাণ( ৩৫), কেহুধৰ হাজৰিকা( ৩৬), ধনেশ্বৰ বৰা( ৪২), বিনোদ মৰাণ( ৪০) আৰু প্ৰকাশ হাজৰিকা( ২৬) বুলি জানিব পৰা গৈছে৷ আহতসকলক ইতিমধ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্টি কৰোৱা হৈছে৷ প্ৰতিবাদকাৰীসকলৰ মটৰ চাইকেল, চাইকেলসমূহ আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায়৷ আনফালে, ৰাইজৰ শিলাবৰ্ষনত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ এখন গাড়ী ক্ষতিগ্ৰস্থ হৈছে৷ পৰবৰ্তী সময়ত পৰিস্থিতি শাম কাটে যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে৷ আৰক্ষীয়ে চুৰ ডকাইটৰ দৰে প্ৰতিবাদী নিৰস্ত্ৰ জনতালৈ গুলিচালনা কৰাতো কিমানদূৰ যুক্তিসংগত বুলি প্ৰশ্ন কৰিছে সচেতন মহলে৷

ICSE আৰু ISC ৰ ফলাফল ঘোষণা

ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদ, চি.আই.এছ.চি.ই.য়ে ২৪জুলাই, ২০২১ তাৰিখে ঘোষণা কৰে আই.চি.এছ.ই., আই.এছ.চি.২০২১ৰ ফলাফল । ইয়াৰ সৈতে সম্পৰ্কিত, চি.আই.এছ.চি.ই.-য়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল আবেলি ৩ বজাত মুকলি কৰে। পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা শিক্ষাৰ্থীসকলে cisce.org তেওঁলোকৰ ফলাফল অনলাইন লাভ কৰিব পাৰে।

লাহৰীঘাটত অব্যাহত ক’ৰনাৰ RAT টেষ্ট

সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ দ্বাৰা দৈনিক কৰোনা RAT টেষ্টৰ কাম অব্যাহত ৰাখিছে। আজিও লাহৰীঘাট আৰক্ষী থানাৰ ভিতৰত কৰোনাৰ RAT টেষ্ট কৰাৰ শিবিৰ পাতি আৰক্ষী প্ৰশাসনৰ সহযোগিতাত দুপৰীয়া ১২ বজালৈকে ৫৭ জন ব্যক্তিক RAT টেষ্ট কৰাত এজনো Positive পোৱা নাই বুলি কৰ্তব্যৰত হস্পিটেলৰ ষ্টাফে জনাইছে। জানিব পৰা মতে আজি RAT টেষ্ট কৰাৰ মুঠ লক্ষ্য ২০০ জন ব্যক্তি। এই ক্ষেত্ৰত অৱশ্যে আৰক্ষী প্ৰশাসনৰ ভুমিকা অতুলনীয় পৰিলক্ষিত হৈছে। সকলো ধৰণৰ যানবাহন ৰখাই চালক হেন্ডিমেনৰ লগতে যাত্রী সকলকো কৰোনা RAT টেষ্ট কৰোৱা হৈছে। অৱশ্যে ইয়াৰ বাহিৰেও পথযাত্রী সকলকো  RAT টেষ্ট কৰা হৈছে। 

নগৰবেৰাত আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত

দক্ষিণ কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে শুক্ৰবাৰে নিশা অভিযান চলাই দুজনকৈ দুধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা আৰক্ষীৰ দল এটাই ডকাইত দুজনৰ বিপৰীতে ৰুজু – ১২৮/২০, ১৫৩/২০ গোচৰৰ ভিত্তিত অভিযান চলাই আলোপতিচৰ আৰক্ষীৰ সহযোগত দুয়োকে ক্ৰমে কালাইৰদিয়া আৰু মাজৰচৰৰ নিজগৃহৰ পৰা আটক কৰে। জানিব পৰা মতে ডকাইতদ্বয় ক্ৰমে-বাঘবৰৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰদিয়া গাঁৱৰ আহম্মদ আলীৰ পুত্ৰ আবুল কালাম আজাদ (৩৬) আৰু মাজৰচৰ গাঁৱৰ হুৰমুজ আলীৰ পুত্ৰ কলম আলী (৩৪)। দুয়োজনে অঞ্চলটোৰ বিভিন্ন চুৰি-ডকাইতি কাণ্ডৰ সতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে নগৰবেৰাৰ মালঞ্চাত দিন দুপৰতে ব্ৰীজৰ ওপৰত এগৰাকী বিড়ি ব্যৱসায়ীৰ পৰা প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকা লুটি নিয়া ডকাইতি কাণ্ডৰ সতে জড়িত আছিল ধৃত ডকাইতদ্বয়ে। শনিবাৰে পুৱাই দুয়োকে নগৰবেৰা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।

শ্যামপুৰৰ বদলি চৰত ভয়াবহ অগ্নিকাণ্ড

দৰঙৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বদলি চৰ গাঁৱত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । আব্দুল গফুৰৰ ঘৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হয় । যোৱা কালি ( শুক্ৰবাৰে ) দিনৰ ১ মান বজাত সংঘটিত অগ্নি কাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় কেইবাটাও বাসগৃহৰ লগতে ঘৰত থকা বিভিন্ন আজবাব , গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে নগদ ধন  জুইত জাহ যায় । লগে লগে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক । অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নোমোৱাবলৈ সক্ষম হয় যদিও প্ৰায় ৭ লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি ভোক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে । আনহাতে জুই নোমোৱাবলৈ আগবাঢ়ি যোৱাত ছহিদুল ইছলাম নামৰ যুৱক এজন গুৰুতৰ ভাৱে আহত হয় । আহত যুৱক জনক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।  বিস্ফোৰণ হোৱা গেছ চিলিণ্ডাৰৰ কিছু অংশ চিটিকি যুৱক জনৰ হাতত লগাত হাতৰ দুখন আঙুলি চিঙি যায় ।  বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ছহিদুল ইছলাম ।  উল্লেখযোগ্য যে আব্দুল গফুৰৰ ঘৰত লগা জুই কাষৰ ছাইদুৰ ৰহমানৰ ঘৰতো বিয়পি পৰে । দুটাকৈ পৰিয়ালৰ  ঘৰত থকা ধান চাউল সম্পূৰ্ণ জুইত জাহ যায় । বৰ্তমান পৰিয়াল দুটাৰ ঘৰত খাবলৈ এমুঠি চাউল পৰ্যন্ত নাই । শ্যামপুৰ গাওঁ পঞ্চায়তৰ সভাপতি মফিদুল ইছলাম উক্ত ঠাইত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে কিছু আৰ্থিক অনুদান আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে । পৰিয়াল দুটাক আৰ্থিক বাবে সহায় সহযোগিতা আগবঢ়াবলৈ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলাৰ সাধাৰণ সম্পাদক নুৰ মহাম্মদ আলীয়ে ।

ট’কিঅ অলিম্পিকত ভাৰতে অৰ্জন কৰিলে প্ৰথমটো পদক

টকিঅ’ অলিম্পিক ২০২০ত ভাৰতৰ প্ৰথমটো পদক অৰ্জন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰীয়ে। মণিপুৰৰ মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে টকিঅ’ত। ভাৰ উত্তোলনেৰে ৰূপ জয় মণিপুৰৰ খেলুৱৈগৰাকীৰ। চীনৰ ঝিহু হৌৱে স্বৰ্ণ লাভ কৰে। চানুৱে সফলতাৰে ৮৪ কিলোগ্ৰাম আৰু ৮৭ কিলোগ্ৰাম উত্তোলন কৰে কিন্তু ৮৯ কিলোগ্ৰাম উত্তোলন কৰিবলৈ ব্যৰ্থ হয়। আনহাতে চীনৰ ঝিহুৱে ৯৪ কিলোগ্ৰাম উত্তোলন কৰি অলিম্পিকৰ অভিলেখ গঢ়ে। নতুন অলিম্পিক ৰেকৰ্ড মতে মীৰাবাই চানুৱে ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰামৰ সফল উত্তোলনৰ সৈতে অভিলেখ গঢ়ে।

অ’এন জি চি পাইপ লাইনৰ খাৰুৱা তেলেৰে প্লাৱিত ৰোৱতী পথাৰ

নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী  সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ’এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ  সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ ।  কৃষকৰ ভৰষাৰ থলী মেছাগড় বৰপথাৰৰ মলাগাঁও অংশত যোৱা কালি নিশাৰেপৰা পথাৰত বৈ পৰা প্ৰচুৰ খাৰুৱা তেলৰ প্ৰাদুৰ্ভাৱে ৰুই যোৱা মাটি কলা তেলৰ চামনিৰে ঢাকি পেলাইছে । জতকীয়া চাৰিআলি জি জি এচ আৰু মঠিয়াছিগা দিখৌ জাংশ্যন পইণ্ট (ডি জে পি) সংযোগী পাইপ লাইনতে এনেদৰে তেল নিৰ্গত হয় । কালি পুৱাৰ ভাগতে স্থানীয় সাংবাদিককে ধৰি কাষৰ খেতিয়ক ৰাইজৰ পথাৰত নামি প্ৰত্যক্ষ কৰাৰ সময়ত কৃষকৰ চকু সেমেকি উঠে  । আগদিনা ভূঁই ৰুই যোৱা মাটিত ক্ৰুড অইলৰ প্ৰভাৱে সেউজীয়া ৰোৱাক খেৰৰ দৰে শুকুৱাই পেলোৱাৰ দৃশ্যই খেতিয়কৰ অৰ্থনীতিক মন্দাৱস্থালৈ ঠেলি দিয়াৰ তীব্ৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । কৃষি কৰ্ম সম্পাদন কৰি ঘৰৰ চাহিদা পূৰণ কৰি অহা মাটিৰ গৰাকী তথা কৃষকে দুখ প্ৰকাশ কৰি কয় যে প্ৰচণ্ড ৰ’দত শুকাই শৰীৰৰ ঘাম মাটিত পেলাই আৰু পাৱাৰ টিলাৰৰ উচ্চ দৰৰ খৰছ বহন কৰি ৰুই উঠা মাটিত খাৰুৱা তেলৰ প্ৰৱাহে তেওঁলোকৰ কৃষিৰ ওপৰত ভৰষাক আশাহত কৰি পেলাইছে । আনহাতে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে ঘটনাৰ বিষয়ে জানিয়েই ততাতৈয়াকৈ মেছাগড় আৰু মলাগাঁও পথাৰ অংশত উপস্থিত হয়গৈ । শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ঞু কমল বৰাই অ’এন জি চি কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে তেলৰ নিগৰ্মণ  নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সংশ্লিষ্ট কৃষক সকলৰ ক্ষয় ক্ষতিক উপযুক্ত ভাৱে মূল্যায়ন কৰি সকাহ দিবলৈ আহ্বান জনায় । অ’ এন জি চিৰ জি জি এচৰ ব্যৱস্থাপনাৰ লগতে সুৰক্ষা বিভাগৰ বিষয়া সকল ঘটনাৰ বিষয়ে জানি উঠাৰ  পাছতে বৰপথাৰৰ সংশ্লিষ্ট এলেকাত ততাতৈয়াকৈ উপস্থিত হয়গৈ আৰু তাৎক্ষণিকভাৱে পাইপ লাইনটোৰ মাটিৰ গভীৰত এটা ক্লেম্প বিজুতি ঘটাৰ বাবেই তেল নিৰ্গত হোৱাৰ পৰিস্থিতি হোৱা বুলি প্ৰকাশ কৰে । আজি দ্বিতীয় দিনাও বৃহৎ কৃষি পথাৰত খাৰুৱা তেল প্লাৱিত হৈ থকাত কৃষক ৰাইজ চিন্তিত হৈ পৰিছে । অ’ এন জি চি কৰ্মচাৰীয়ে প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও তেল নিৰ্গমণ নিয়ন্ত্ৰণ কৰিব পৰা নাই  ।

 বিগত ২০-২৫ দিনে তেল নিৰ্গত হোৱা স্বত্বেও গম পোৱা নাছিল অ’এন জি চিয়েঃ –  পাইপ লাইনৰ খাৰুৱা তেল নিৰ্গত হৈ  কৃষকৰ পথাৰ তৈলময় কৰি তোলাৰ ঘটনাই অ’ এন জি চিৰ দায়িত্বহীনতাক দাঙি ধৰিছে । যোৱা বিশ – পঁচিশ দিনে নিৰ্গত হৈ আছিল খাৰুৱা তেল । পৰহি নিশাৰ বৰষুণে তেলৰ সম্প্ৰসাৰণ অধিক বঢ়াই তুলিলে । এজন সংযোগী থলুৱা ঠিকাদাৰক পাইপ লাইনৰ দায়িত্ব দিয়েই বিষয়া সকলে দূৰত অৱস্থান কৰাৰ ফলত পাইপ লাইনৰ অৱস্থাৰ বিষয়ে অৱগতই নহ’ল ।  ফলত কালি জিলা আৰু মহকুমা প্ৰশাসনীয় বিষয়া সকলে অৱগত কৰাৰ পৰিস্থিতিৰ মুখামুখি হৈ অ’এন জি চিৰ বিষয়া সকলে মাথো এঘণ্টাৰ পূৰ্বেহে জানি উঠা বুলি প্ৰকাশ কৰে । আনহাতে  সেই স্থানত নিৰ্গত তেল নিয়মীয়াকৈ সংশ্লিষ্ট ঠিকাদাৰ জনেহে টিনৰ আধাৰেৰে সংগ্ৰহ কৰি সাতটাকৈ ড্ৰামত ভৰাই ৰখাৰ দৃশ্যই সকলোকে আচৰিত কৰে । যদি অ’ এন জি চি কৰ্তৃপক্ষই নেজানেই তেন্তে সেই সমূহ ড্ৰামত তেল ভৰাই ৰাখিবলৈ ঠিকাদাৰক কোনে অনুমতি দিলে ? ইয়াৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে , এনেদৰেই অ’এন জি চিৰ ৰীগৰ পৰা খাৰুৱা তেলৰ চোৰাং কাৰ্য অব্যাহত ৰাখিছে দীৰ্ঘদিন ধৰি ।   প্ৰাপ্ত এক অভিযোগ মতে পাইপ লাইনৰ বিকৃতি ঘটা বিষয়টো অ’ এন জি চিৰ একাংশ বিষয়া কৰ্মচাৰীয়ে জানি আহিছিল । সংশ্লিষ্ট কৰ্মচাৰী সকলে কেৱল ঠিকাদাৰজনকে দায়িত্ব দি নিজে ক্ষেত্ৰ চাবলৈ নগৈ ওপঙি যোৱা তেলখিনিকে ঠিকাদাৰৰ হতুৱাই সংগ্ৰহ কৰি আহিছে । দীৰ্ঘদিনে পথাৰৰ প্ৰচুৰ প্ৰদূষণ সৃষ্টি কৰি অহা কাণ্ডক অ’ এন জি চিৰ  এচাম বিষয়া কৰ্মচাৰীয়ে প্ৰৰোচিত কৰি সংঘটিত কৰা বুলিয়েই এক অভিযোগ উঠিছে । এনেদৰেই খাৰুৱা তেল চোৰাংকৈ বিক্ৰী হোৱাৰো সন্দেহ ঘনীভূত হৈছে ৰাইজৰ  । কৃষকৰ প্ৰতি দেশৰ মহাৰত্ন কোম্পানী কিমান দায়ৱদ্ধ ইয়াৰ পৰিচয় ৰাইজে দেখা পাব অ’ এন জি চিৰ পৰৱৰ্তী ভূমিকাত।