Breaking

ট’কিঅ অলিম্পিকত ভাৰতে অৰ্জন কৰিলে প্ৰথমটো পদক

0 1,531

টকিঅ’ অলিম্পিক ২০২০ত ভাৰতৰ প্ৰথমটো পদক অৰ্জন কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰীয়ে। মণিপুৰৰ মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে টকিঅ’ত। ভাৰ উত্তোলনেৰে ৰূপ জয় মণিপুৰৰ খেলুৱৈগৰাকীৰ। চীনৰ ঝিহু হৌৱে স্বৰ্ণ লাভ কৰে। চানুৱে সফলতাৰে ৮৪ কিলোগ্ৰাম আৰু ৮৭ কিলোগ্ৰাম উত্তোলন কৰে কিন্তু ৮৯ কিলোগ্ৰাম উত্তোলন কৰিবলৈ ব্যৰ্থ হয়। আনহাতে চীনৰ ঝিহুৱে ৯৪ কিলোগ্ৰাম উত্তোলন কৰি অলিম্পিকৰ অভিলেখ গঢ়ে। নতুন অলিম্পিক ৰেকৰ্ড মতে মীৰাবাই চানুৱে ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰামৰ সফল উত্তোলনৰ সৈতে অভিলেখ গঢ়ে।

Leave A Reply