Home Blog Page 2909

লাহৰীঘাটত ৰাজহুৱা জিৰণি চ’ৰাক ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ একাংশৰ

মৰিগাঁও জিলাৰ লাহৰীঘাট  উন্নয়ন খণ্ডৰ অধীনস্থ লাহৰীঘাট গাঁও পঞ্চায়তৰ ধিঙৰআটি গাঁৱৰ ৫ নং ৱাৰ্ডৰ উপৰিও একেই পঞ্চায়তৰ মৰিতলী গাঁৱৰ ৯ নং ৱাৰ্ডত  এই দুটা ৰাজহুৱা জিৰণি চ’ৰাত আজি কেবা মাহ ধৰি স্হানীয় ৰাইজ বা পথচাৰীয়ে বহি ক্ষন্তেক সময়ৰ বাবেও জিৰণি লোৱাৰ ভাগ্য নাই। কাৰণ এই দুটা ৰাজহুৱা জিৰণি চৰা বৰ্তমান একাংশ ব্যক্তিয়ে যেন পৈত্রিক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে। দুয়োটা জিৰণি চৰা ঘৰতে সম্প্রতি কেবা মাহ ধৰি ধান খেতিৰখেৰেৰে ভৰ্তি কৰি দখল দি আছে। উল্লেখ্য যে এই বিষয়ে স্হানীয় ৰাইজৰ মতামত বিচৰাত কোনোৱেই মুখ নুখুলিলে। মুলতে এনে লাগিল যি সকলৰ ভুমিত জিৰণি চৰা নিৰ্মাণ কৰা হৈছে আওপকীয়াকৈ নিজস্ব ক্ষমতা প্ৰয়োগ কৰিব বিচৰা যেন অনুমান হয়। জিৰণি চৰাৰ নিৰ্মাণ কাৰ্যৰ স্হানো একেবাৰে কম দূৰত্বৰ ভিতৰতে স্হাপন কৰা পৰিলক্ষিত হয়। ৰাইজৰ সুবিধাৰ্থে চৰকাৰে নিৰ্মাণ কৰি দিয়া ৰাজহুৱা জিৰণি চৰাবোৰ ব্যক্তিগত কামত ব্যবহাৰ কৰাৰ  বাবে সাহস কত পালে । এয়াও এক মূল্যৱান প্ৰশ্ন যাৰ উত্তৰ হয়তো জিৰণি চৰাত অবৈধ ভাবে  একাংশ ব্যক্তিয়ে ৰখা  ধান খেতিৰ খেৰ বিলাক খালি কৰাৰ পাছত সম্পূর্ণ হ’ব। 

ভাৰত-ভূটান সীমান্তবৰ্তী ৰাইজৰ সমাদৰ লাভ বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাতীৰ

বিটিআৰৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতিকৈ পিছপৰা ননৈ ছেৰফাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিবলৈ সক্ষম হৈছিল সঞ্জীত তাতীয়ে। বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিয়েই বিজেপি, ইউপিপিএল আৰু গন সুৰক্ষা পাৰ্টিৰ‌ মিত্ৰতাৰ বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য পদ লাভ কৰে তাতীয়ে।বৰ্তমান কভিডৰ ভয়াবহ সময়ৰ মাজতে সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত নিজ হাতেৰে চেনিটাইজেচন কৰাৰ লগতে বিশেষ কৈ ছাহ কৰ্মী সকলৰ মাজত কভিডৰ ভয়াবহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে নবাগত কাৰ্যবাহী সঞ্জীত তাতীয়ে। ইয়াৰ উপৰিও চৰকাৰৰ পৰা বৰ্তমান সময়ত কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি যথেষ্ট সংখ্যক মাক্স চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বৰ্তমান সময়ত কভিডৰ ভয়াবহতাৰ প্ৰতি ৰাইজ আগৰ তুলনাত যঠেষ্ট সজাগ আৰু সচেতন হৈছে। যদি এনেদৰে আৰু কিছু পৰিমাণে সজাগ হয় কভিডৰ সংক্ৰমণ নিশ্চিত ভাবে ৰোধ কৰিব পৰা যাব। আনফালে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অঞ্চল পাহাৰীয়া অঞ্চল য’ত প্ৰায়েই সংঘটিত হয় হাতি মানুহৰ সংঘাত, যাৰ ফলত বিশেষকৈ দুখিয়া দৰিদ্ৰ লোক সকলৰ বাসগৃহ বিনষ্ট হোৱাৰ লগতে বিনষ্ট কৰে খাদ্য সামগ্ৰী। তেনে ক্ষেত্ৰত যিকোনো সময়তে হাতি মানুহৰ সংঘাত ৰোধৰ বাবেও কাম কৰি থকাৰ লগতে হাতিৰ আক্ৰমণৰ সন্মুখীন হৈ বাসগৃহ আদি বিনষ্ট হোৱা ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে নবাগত কাৰ্যবাহী সদস্য সঞ্জীত তাতীক।

ওদালগুৰি জিলাত ১৬০৯৭০ হিতাধিকাৰীক ভেকচিন প্ৰদান

ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ২২ জুলাইত   ওদালগুৰিত  ৩৮ গৰাকী  ক’ৰণাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা ২২ জুলাইলৈ  আক্ৰান্তৰ সংখ্যা ৪৩৪৪ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ২২ জুলাইত  ৩৯০৬গৰাকীক পৰীক্ষা কৰাৰ পিছত  ৩৮ গৰাকীৰ দেহত  কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪৩৪৪ ক’ভিড আক্ৰান্তৰ  ভিতৰৰ  ৪১১৮ জনক ক’ভিড মুক্ত ঘোষনা কৰাৰ লগতে  ওদালগুৰিৰ বিভিন্ন  চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ   ১২৭ আইচিলেচনত, ১৬০ সক্ৰিয় ৰোগী  চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা  ২২ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা  ৬৬ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত   ১৬০৭৯০গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে  ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ৪০৪ গৰাকীক ৰেট পৰীক্ষাত ৮ গৰাকী  ক’ভিড চিনাক্ত কৰা হৈছে ৷

খোল-তাল-বাদ্যলৈ খ্ৰীষ্টধৰ্মক আগ্ৰাসন কৰা কাৰ্যক গৰিহনা

খোল তাল-বাদ্যলৈ খ্ৰীষ্টধৰ্মক আগ্ৰাসন কৰিবলৈ ওলোৱাটো এক গৰিহনাৰ যোগ্য।।মহাপুৰুষ গুৰু দুজনাৰ ধৰ্মীয় ৰীতি-নীতি,সত্ৰীয়া সংস্কৃতিক বিকৃত কৰণৰ চেষ্টা একাংশ খ্ৰীষ্টান ধৰ্মীয়লোকৰ।বৈষ্ণৱ ধৰ্মীয় ৰীতি-নীতি,সত্ৰীয়া সংস্কৃতিক বিকৃত নকৰিবলৈ সকীয়নি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ।২৩জুলাইত  মহন্ত বাপজনাই এক বিবৃতিত কয়-ইয়াৰ গুৰুজনাৰ  কলা-সংস্কৃতিক  অপমান কৰা হৈছে আৰু অপমান কৰা কাৰ্যক মহাপুৰুষীয়া সমাজৰ  সহ্যৰ অতীত।সেয়ে গুৰু জনাৰ অমৰ সৃষ্টি ৰাজিক ভেঙুচালি কৰা কাকোৱেই ক্ষমা কৰা নহ’ব।সত্ৰীয়া কলা-সংস্কৃতিৰ ওপৰত এয়া মোক্ষম আঘাত।মৰাণৰ প্ৰাৰ্থনা সভাত সত্ৰীয়া কলা- সংস্কৃতিক অপমান আৰু বিকৃত কৰা সন্দৰ্ভত বিভিন্ন জনৰ গৰিহণা,ধিক্কাৰ জনোৱাৱাৰ লগতে আমি অসম সত্ৰ মহাসভাই তীব্ৰ ভাষাৰে গৰিহনা জনাইছো আৰু গুৰুজনাক লৈ কৰা এনে ভেঙুচালি কাৰ্য  অতিশীঘ্ৰ বন্ধ কৰিবলৈ দাবী জনালো অন্যথা আইনৰ আশ্ৰয় লবলৈ বাধ্য হম বুলি তেওঁ লগতে উল্লেখ কৰে।

সন্ধানহীন গহপুৰৰ ২ বছৰীয়া সন্তান সহ বোৱাৰী আৰু যুৱতী

বিশ্বনাথ  জিলাৰ  গহপুৰ মহকুমা হাৱাজান আৰক্ষী  চকী অন্তৰ্গত আউনীবাৰী গাঁওৰ এগৰাকী মহিলা  ২ বছৰীয়া সন্তানৰ লগতে এগৰাকী ২২ বছৰীয়া  যুৱতী বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা ঘটনা পোহৰলৈ আহিছে৷ গহপুৰ মহকুমা হাৱাজান আৰক্ষী চকী অন্তৰ্গত আউনীবাৰী  গাঁৱৰ ৰাজীৱ দলে  নামৰ ব্যক্তিজনৰ পত্নী পুনিমা বড়ো দলে ২ বছৰীয়া সন্তান আৰু ৰাজীৱ দলে ২২ বছৰীয়া ভনীয়েক নিটুমণি দলে   যোৱা ১২ জুলাইত গহপুৰ কলাবাৰী ছেন্টাৰত  ২ বছৰীয়া সন্তানটো  চেইন এডাল বনাবলৈ যাও বুলি তিনিও  ঘৰৰ পৰা যি উলাই গ’ল আজিলৈকে ঘৰলৈ ঘূৰি নাহিল তিনিও।
বৰ্তমানলৈকে  ৰাজীৱ দলে পত্নী পুণিমা বড়ো দলে আৰু ২ বছৰীয়া সন্তানৰ লগতে ভনীয়েক নিটুমণি দলে   নিৰুদ্দেশ হৈ আছে।
ৰাজীৱ দলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা লগতে হাৱাজান আৰক্ষী চকীত দিয়া এজাহাৰ অনুসৰি পত্নী পূনিমা বড়ো দলে নিজৰ জন্ম  ঘৰ ওদালগুৰি টংলাৰ  শিষ্টানবস্তিত বুলি প্ৰকাশ কৰে।উল্লেখযোগ্য যে যোৱা ১২ জুলাইত পূৱা ৯ মান বজাত গহপুৰ কলাবাৰী ছেন্টাৰত ২ বছৰীয়া সন্তানটো চেইন বনাবলৈ যাওঁ বুলি ঘৰৰ পৰা পত্নী আৰু ৰাজীৱ দলে ২২ বছৰীয়া ভনীয়েক ঘৰৰ পৰা উলাই গৈছিল যদিও পত্নী আৰু  ভনীয়েক ঘৰৰ পৰা উলাই যোৱা বিষয়টো স্বামী ৰাজীৱ দলেক অৱগত কৰা নাছিল পত্নী আৰু ভনীয়েকে। কিন্তু যি সময়ত পত্নী ভনীয়েক ঘৰৰ পৰা উলাই গৈছিল সেই সময়ত ৰাজীৱ দলে ব্যস্ত আছিল পথাৰত।
কিন্তু ৰাজীৱ দলে পথাৰৰ পৰা  ঘৰলৈ আহি খবৰ লয় পত্নী সন্তান আৰু ভনীয়েকৰ ।ঘৰত কাকো দেখা নাপায় পত্নী ভনীয়েক  ক’ত গৈছে বুলি  ৰাজীৱ দলে পত্নী সৈতে যোৱা ভনীয়েক ফোন কৰে। ফোন কৰাত  ভনীয়েক নিটুমণিয়ে  বিষয়টো অৱগত কৰে ককায়েক  আমি কলাবাৰীত আছোঁ বৌ সৈতে।লৰাটো বাবে চেইন বনাবলৈ আহিছোঁ 
ককায়েক  ৰাজীৱ দলে কৈছে লকডাউন চলি আছে তহঁত শুনাকালে ঘৰলৈ আঁহ। কিন্তু সন্ধিয়ালৈকে ভনীয়েক পত্নী সন্তান সহ ঘৰলৈ ঘুৰি নাহিল। হাহাকাৰ পৰিস্থিতি ঘৰ খনত।উপায়ন্ত হৈ পাছত পত্নী নিজৰ পিতৃ মাতৃ   ওদালগুৰি ঘৰ পৰা ফোন আহিল পত্নী পূণিমা বড়ো দলে ।  স্বামী ৰাজীৱলৈ।ৰাজীৱক পত্নীয়ে  কয়  আমি মা ঘৰ  ওদালগুৰি টংলাত  আছোঁ লগতে পত্নী পুণিমা বড়ো দলে পৰিয়াল সদস্য ই ৰাজীৱ দলে সৈতে কথা পাতে । তেতিয়া ৰাজীৱ দলে স্পষ্ট হ’ল পত্নী সন্তান ভনীয়েক শাহুমাক ঘৰত আছে ।
ইফালে  পুনিমা বড়ো পৰিয়ালে যোৱা  বুধবাৰে বিয়লি টংলা  ৰেল ষ্টেচনত পৰিয়ালে গহপুৰ ঘৰলৈ বুলি টংলা ৰেল ষ্টেচনত আগবঢ়াই দিয়ে ।
ইফালে আগবঢ়োৱা খবৰ লাভ কৰি ৰাজীৱ দলেয়ে  নিশালৈকে  গহপুৰ ৰেল ষ্টেচনত পত্নী সন্তান ভনীয়েকৰ  অপক্ষা কৰি থাকিল যদিও কোনো এখন ৰেলত   পত্নী সন্তান ভনীয়েক অহা দেখা নাপালে  । ৰাজীৱ দলে উপায়হীন হৈ অৱশেষত  উপস্থিত হয় গহপুৰত হাৱাজান আৰক্ষী চকীত।উপস্থিত হৈ  পত্নী সন্তান ভনীয়েক নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।লগতে ৰাজীৱ দলে কয় কালি পৰা ভনীয়েক মোবাইল ফোনটো ও অফ দেখুৱাই আছে ।তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজীৱ দলে । ৰাজীৱ  দলে আহ্বান এই বিপদৰ সময়ত কোনো সদাশয় লোকে যদি তেওঁ  পৰিয়ালটো দেখা পাই সহায় কৰা লগতে স্থানীয় আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনা

ইফালে আগবঢ়োৱা খবৰ লাভ কৰি ৰাজীৱ দলেয়ে  নিশালৈকে  গহপুৰ ৰেল ষ্টেচনত পত্নী সন্তান ভনীয়েকৰ  অপক্ষা কৰি থাকিল যদিও কোনো এখন ৰেলত   পত্নী সন্তান ভনীয়েক অহা দেখা নাপালে  । ৰাজীৱ দলে উপায়হীন হৈ অৱশেষত  উপস্থিত হয় গহপুৰত হাৱাজান আৰক্ষী চকীত।উপস্থিত হৈ  পত্নী সন্তান ভনীয়েক নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।লগতে ৰাজীৱ দলে কয় কালি পৰা ভনীয়েক মোবাইল ফোনটো ও অফ দেখুৱাই আছে ।তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজীৱ দলে । ৰাজীৱ  দলে আহ্বান এই বিপদৰ সময়ত কোনো সদাশয় লোকে যদি তেওঁ  পৰিয়ালটো দেখা পাই সহায় কৰা লগতে স্থানীয় আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনায়।

বিহালী নদীৰ খহনীয়া প্রতিৰোধৰ বাবে পার্কুপাইন

 বিহালী বিধান সভা সমষ্টি অন্তর্গত চেৰেলীয়া গাঁও পঞ্চায়তৰ কেটেলা চাহ বাগিছা ৯নং লাইন আৰু বিজুলি জাৰণি গাঁৱত বিহালী নদীৰ গড়াখহনীয়া অব্যাহত আছিল l চেৰেলীয়া গাও  পঞ্চায়তৰ সভাপতি বিকু কেওটৰ তৎপৰতাত যোৱা বছৰ  JCBৰে নদী খন্দাত কিছু পৰিমানে গড়াখহনীয়াৰ পৰা ৰক্ষা  পৰিছিল l এইবাৰ পুনৰ খহনীয়া হোৱাৰ বাবে  উক্তস্থানতে  পার্কোপাইনৰ ব্যৱস্হা কৰিছে l লগতে খেল পথাৰৰো ব্যৱস্থা কৰি দিয়াত অঞ্চলটোৰ যুৱক সকলে সভাপতিক ধন্যবাদ জনাইছে l

চাপৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ নামত ভয়াৱহ দুৰ্নীতি

ধুবুৰী জিলাৰ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসীপাৰা সংমণ্ডলৰ অধীনত  চাপৰ উন্নয়ন খণ্ডৰ  সকলো গাঁও পঞ্চায়তৰ অঞ্চলবাসী  বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ  যি আঁচনিৰ কাম চলি আছে তাতেই ভয়াবহ দুৰ্নীতি হৈছে।
ৰাইজে দাবী কৰা মতে চৰকাৰে কাম কৰিবলৈ দিছে এটা কিন্তু ৰফিকুল ইছলাম নামৰ  ঠিকাদাৰ জনে নিজাববীয়াকৈ কৰি আছে কাম আন এটা। চৰকাৰৰ মতে মেইন পাইপৰ গভিৰতা হ’ব লাগিব ২ (দুই) ফুটৰ পৰা কমচেকম ৩(তিনি) ফুট  কিন্তু ঠিকাদাৰ জনে নিজাববীয়াকৈ পাইপ লাইন বোৰ ৫(পাছ) ইঞ্চিৰ পৰা ৮(আঠ) ইঞ্চি মান মাটিৰ তলত দি আছে।
আৰু কনো কোনো ঠাইত যেনে খেৰডুবী বেতবাৰী ৰৌমাৰীত গাত তো দুৰেৰেই কথা মাটিৰ ওপৰত দিছে মেইন পাইপ।
আৰু ঘৰে ঘৰে পাইপৰ যি কানেকচন তাতেও ঠিকাদাৰ জনে কৰি গৈছে বহু পৰিমাণে দুৰ্নীতি, যেন  বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ  যি আঁচনি তাৰ নামত চলিছে লৰা ধেমালী।

এইয়াই নেকি অসম চৰকাৰৰ ৰাইজক ঘৰে ঘৰে পাইপৰ মাধ্যমেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ আঁচনি ?
এতিয়া প্রশ্ন  হয় অসম চৰকাৰৰ তথা বিভাগিয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

বহি: ৰাজ্যত সাপেখাতীৰ যুৱকৰ ৰহস্যজনক মৃত্যু

সংস্থাপন বিচাৰি গৈ বহি: ৰাজ্যত  মৃত্যুক সাৱটিলে অসমৰ এজন যুৱকে । চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাৱঁৰ  নিৰ্বাসী   উপেন হাজৰিকা আৰু দুলুমণি হাজৰিকাৰ পুত্ৰ প্ৰশান্ত হাজৰিকাই (২৭) সংস্থাপন বিচাৰি ২০১২ চনতে  বাংগালুৰৰ  এখন ব্যক্তিগত প্ৰতিস্থানৰ কৰ্ম ৰত হৈ আছিল।কামৰ মাজতে আজৰি সময় উলিয়াই অভিনয় কৰি সামাজিক মাধ্যমৰ মাজেৰে নিজৰ প্ৰতিভাৰে চিনাকি  দিবলৈ সক্ষম হোৱা আমায়িক স্বভাৱৰ  যুৱক জন যোৱা  নিশা   হঠাৎ  আত্মহত্যা কৰাৰ  বাতৰি পাই হতভম্ভ  হৈ পৰে পৰিয়ালৰ লোক ।  পৰিয়ালৰ লোকে জনোৱা অনুসৰি ব্যক্তিগত প্ৰতিস্থান এচ ,চি ,এম ই  চিকিউৰৰিটি  ছাৰ্ভিছ  ৰ স্বত্বাধিকাৰী মৰিগাঁওৰ নিৰ্বাসী নজৰুল ইছলামৰ সৈতে  হোৱা কথা বতৰাত সন্দেহ জনক হোৱাৰ লগতে  মৃত প্ৰশান্ত হাজৰিকাৰ ফটো দেখাৰ পাছতে পৰিয়ালৰ লোকে আচলতে আত্মহত্যা নহয় ,পৰিকল্পিত  ভাৱে হত্যা কৰিছে   বুলি  দাবী কৰিছে  । আনহাতে মৃত প্ৰশান্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ অসীম হাজৰিকাই   এই হত্যা কাণ্ডৰ উচিত  তদন্ত বিচাৰি আজি চৰাইদেউ  জিলা উপায়ুক্তৰ  লগতে জিলা  আৰক্ষী অধীক্ষক লিখিত আবেদন জনাইছে।

নৱ সূৰ্য যুৱক সংঘৰ উল্লেখনীয় পদক্ষেপ

এফালে ক’ৰোনাকালীন সমস্যা আৰু আন্ফালে সামূহিকভাৱে আজি এশৰো অধিক ৰোৱনীয়ে ৰং-ৰহইচৰ মাজেৰে ভূঁই ৰুই গহপুৰত এক উল্লেখনীয় নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। গহপুৰৰ উত্তৰ ডুবিয়া নৱ সূৰ্য যুৱক সংঘৰ উদ্যোগত প্ৰখৰ ৰ’দকো আওকাণ কৰি যুৱক-যুৱতীৰ লগতে ভালেসংখ্যক বয়োজ্যেষ্ঠ ব্যক্তি, মহিলাই পথাৰৰ কৃষিকৰ্মত এইদৰে মনোনিৱেশ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  পৰম্পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টাত যুৱক সংঘৰ সদস্য-সদস্যাসকলে যোৱা তিনিটা বৰ্ষ ধৰি স্থানীয় লোকৰ কৃষি পথাৰ আধিত লৈ পৰিয়ালসমূহক সকাহ দিয়াৰ লগতে সংঘও আৰ্থিকভাৱে সবল হৈ পৰিছে। এইবেলি বৃহত্তৰ অঞ্চলটোৰ সাত-আঠটি পৰিয়ালৰ মুঠ ৪২ বিঘা মাটি যুৱক সংঘই আধিত লৈ সামূহিক কৃষি-কৰ্মত নামি পৰিছে গহপুৰ মহকুমাৰ উত্তৰ ডুবিয়াৰ এই নৱ সূৰ্য যুৱক সংঘ। উত্তৰ ডুবিয়াৰ বৃহত্তৰ অঞ্চল সামৰি সংগঠিত হোৱা যুৱক-যুৱতীসকলৰ প্ৰচেষ্টাক সহাৰি জনাই অঞ্চলটোৰ মহিলা সকলেও পথাৰত ভূঁই ৰুই অন্যবাৰৰ দৰে এইবাৰো সহায় আগবঢ়াই আহিছে। নিজৰ কৃষিকৰ্মৰ মাজতে যুৱক সংঘক সহায় কৰিবলৈ প্ৰখৰ ৰ’দকো নেওচি আজি একেলগে প্ৰায় ১০-১২ বিঘা মাটিত এশৰো অধিক ৰোৱনীয়ে ৰং-ৰহইচেৰে ভূঁই ৰুই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে নৱ সূৰ্য যুৱক সংঘই মাজে সময়ে অঞ্চলটোত কেতবোৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালকো বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াই অহা সংঘটোৰ নিজা কাৰ্যালয় নথকাৰ লগতে চৰকাৰী সুবিধাও লাভ নকৰাত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে নৱ সূৰ্য যুৱক সংঘৰ নামত অনতিপলমে কৃষি সঁজুলি প্ৰদান কৰাৰ লগতে বিভাগীয় মহল আৰু স্থানীয় বিধায়ক উৎপল বৰাক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

নলবাৰীৰ দহ বছৰীয়া অচিন্তক আপোনাৰ সহায়ৰ প্ৰয়োজন

জিলাৰ গামাৰিমুৰী গাওঁৰ ওজাপাৰা চুবুৰীৰ নগেন বৰ্মন আৰু বিভা বৰ্মনৰ ১০ বছৰীয়া  দ্বিতীয় পুত্ৰ অচিন্ত বৰ্মন আজি প্ৰায় এবছৰ ধৰি ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে ।১ নং কৈঠালকুছি প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত অচিন্ত্য বৰ্মনৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পোহপাল দিয়ে পৰিয়ালটো ৷ যোৱা এবছৰ  আগতে অচিন্তৰ শৰীৰত নলবাৰী আসামৰিক চিকিৎসালয়ত ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছত তেওঁক গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰি প্ৰথমটো অপাৰেচন কৰে ।এইবছৰৰ ১৫ মেত দ্বিতীয়টো অপাৰেচনৰ নিৰ্ধাৰিত তাৰিখ আছিল যদিও তেওঁৰ পৰিয়ালে অৰ্থিক দুৰৱস্থাৰ বাবে আজিলৈ অপাৰেচন কৰিবলৈ সামৰ্থ হোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ তথা স্থানীয় বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। অচিন্ত্যক সুস্থ কৰি তুলিবলৈ সকলো পক্ষৰ পৰা সহায় বিছাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ ইতিমধ্যে  দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উপস্থিত হৈ কিঞ্চিৎ সহায় আগবঢ়াই । অচিন্ত্যক সহায় কৰিব বিচৰা সকলে মাতৃ বিভা বৰ্মনৰ অসম গ্ৰামীন বিকাশ বেংকৰ 7087010009158 নং একাউন্টত আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷ IFSC PUNB0RRBAGB লগতে 8099606379 নংত যোগাযোগ কৰিব পাৰিব ৷