Breaking

বহি: ৰাজ্যত সাপেখাতীৰ যুৱকৰ ৰহস্যজনক মৃত্যু

0 1,025

সংস্থাপন বিচাৰি গৈ বহি: ৰাজ্যত  মৃত্যুক সাৱটিলে অসমৰ এজন যুৱকে । চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাৱঁৰ  নিৰ্বাসী   উপেন হাজৰিকা আৰু দুলুমণি হাজৰিকাৰ পুত্ৰ প্ৰশান্ত হাজৰিকাই (২৭) সংস্থাপন বিচাৰি ২০১২ চনতে  বাংগালুৰৰ  এখন ব্যক্তিগত প্ৰতিস্থানৰ কৰ্ম ৰত হৈ আছিল।কামৰ মাজতে আজৰি সময় উলিয়াই অভিনয় কৰি সামাজিক মাধ্যমৰ মাজেৰে নিজৰ প্ৰতিভাৰে চিনাকি  দিবলৈ সক্ষম হোৱা আমায়িক স্বভাৱৰ  যুৱক জন যোৱা  নিশা   হঠাৎ  আত্মহত্যা কৰাৰ  বাতৰি পাই হতভম্ভ  হৈ পৰে পৰিয়ালৰ লোক ।  পৰিয়ালৰ লোকে জনোৱা অনুসৰি ব্যক্তিগত প্ৰতিস্থান এচ ,চি ,এম ই  চিকিউৰৰিটি  ছাৰ্ভিছ  ৰ স্বত্বাধিকাৰী মৰিগাঁওৰ নিৰ্বাসী নজৰুল ইছলামৰ সৈতে  হোৱা কথা বতৰাত সন্দেহ জনক হোৱাৰ লগতে  মৃত প্ৰশান্ত হাজৰিকাৰ ফটো দেখাৰ পাছতে পৰিয়ালৰ লোকে আচলতে আত্মহত্যা নহয় ,পৰিকল্পিত  ভাৱে হত্যা কৰিছে   বুলি  দাবী কৰিছে  । আনহাতে মৃত প্ৰশান্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ অসীম হাজৰিকাই   এই হত্যা কাণ্ডৰ উচিত  তদন্ত বিচাৰি আজি চৰাইদেউ  জিলা উপায়ুক্তৰ  লগতে জিলা  আৰক্ষী অধীক্ষক লিখিত আবেদন জনাইছে।

Leave A Reply