Breaking

নলবাৰীৰ দহ বছৰীয়া অচিন্তক আপোনাৰ সহায়ৰ প্ৰয়োজন

0 1,020

জিলাৰ গামাৰিমুৰী গাওঁৰ ওজাপাৰা চুবুৰীৰ নগেন বৰ্মন আৰু বিভা বৰ্মনৰ ১০ বছৰীয়া  দ্বিতীয় পুত্ৰ অচিন্ত বৰ্মন আজি প্ৰায় এবছৰ ধৰি ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে ।১ নং কৈঠালকুছি প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত অচিন্ত্য বৰ্মনৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পোহপাল দিয়ে পৰিয়ালটো ৷ যোৱা এবছৰ  আগতে অচিন্তৰ শৰীৰত নলবাৰী আসামৰিক চিকিৎসালয়ত ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছত তেওঁক গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰি প্ৰথমটো অপাৰেচন কৰে ।এইবছৰৰ ১৫ মেত দ্বিতীয়টো অপাৰেচনৰ নিৰ্ধাৰিত তাৰিখ আছিল যদিও তেওঁৰ পৰিয়ালে অৰ্থিক দুৰৱস্থাৰ বাবে আজিলৈ অপাৰেচন কৰিবলৈ সামৰ্থ হোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ তথা স্থানীয় বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। অচিন্ত্যক সুস্থ কৰি তুলিবলৈ সকলো পক্ষৰ পৰা সহায় বিছাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ ইতিমধ্যে  দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উপস্থিত হৈ কিঞ্চিৎ সহায় আগবঢ়াই । অচিন্ত্যক সহায় কৰিব বিচৰা সকলে মাতৃ বিভা বৰ্মনৰ অসম গ্ৰামীন বিকাশ বেংকৰ 7087010009158 নং একাউন্টত আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷ IFSC PUNB0RRBAGB লগতে 8099606379 নংত যোগাযোগ কৰিব পাৰিব ৷ 

Leave A Reply