Home Blog Page 2910

প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্ৰি – কোৱাৰ্টাৰত লাভলীনা

প্ৰি – কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ মুখামুখি হ’ব জাৰ্মানীৰ নান্দিন আপেটছৰ বিৰুদ্ধে। অহা ২৭ জুলাইত হ’ব লাভলীনা – নান্দিনৰ মেচ। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকলৈ ন গৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিব সক্ষম হৈছে। ইয়াৰে চাৰি গৰাকী মহিলা আৰু পাঁচজন পুৰুষ।

বৰষুণত ধৰাশায়ী চীন

চীনত বৰষুণ, বৰষুণ আৰু বৰষুণ। প্ৰচুৰ বৃষ্টিপাতৰ ফলত চীন এতিয়া পানীৰ কৱলত। অনবৰত ভাৰতক ৰঙা চকু দেখোৱাই অহা চীন এতিয়া বৰষুণৰ প্ৰকোপত। ধাৰাষাৰ বৰষুণে বানপানী নমাই আনিছে চীনলৈ। চাৰিওফালে পানী কেৱল পানী। প্লাবিত হৈ পৰিছে চীন। মহা প্লাবন সুদৃশ্ পৰিবেশে বিৰাজ কৰিছে চীনত। সম্প্ৰতি বৰষুণৰ সন্মুখত একপ্ৰকাৰ অসহায় হৈ পৰিছে বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ চীন। অতিমাত্ৰা বৃষ্টিপাতৰ বাবে হোৱা বানপানীত এতিয়ালৈকে ২৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নিজকে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ বুলি ভৱা কমিউনিষ্ট ৰাষ্ট্ৰ চীনে ভুগিবলৈ লৈছে প্ৰাকৃতিক দুৰ্যোগ। প্ৰকৃতিৰ ওচৰত হাৰ মানিবলৈ নিবিচৰা চীন এতিয়া প্ৰকৃতিৰ ৰোষত। বিশ্বৰ মহা পৰাক্ৰমী ৰাষ্ট্ৰ চীনে ২২১০৪টাকৈ নদীবান্ধ নিৰ্মাণ কৰিও ৰখাব পৰা নাই বানপানী। বৰষুণৰ পানী, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগত প্ৰায়েই চীনত অসংখ্যক লোকৰ মৃত্যু হয়। ব্যতিক্ৰম নহ’ল এইবাৰো।

ৰাষ্ট্ৰ আৰু মানব কল্যানৰ স্বাৰ্থত আশ্ৰম নিৰ্মানৰ বাবে ভূমি দান

ৰাষ্ট্ৰ তথা মানৱ ও জীৱ কল্যাণৰ বাবে ওদালগুৰি জিলা মাজবাটৰ ৰঙাপানী ভিচিডিচিৰ অন্তৰ্গত নগাঁও বস্তীৰ পতঞ্জলি ভাৰত স্বাভিমান জীৱন দায়িনী সেৱা ব্ৰতী  বিপিন প্ৰসাদ ৰাভাই নিজৰ পৈত্রিক সম্পত্তি ৫ বিঘা ভূমি “আশ্ৰম” নিৰ্মাণৰ বাবে ৰাষ্ট্ৰ ও মানৱ কল্যাণৰ বাবে  যোবা ২০জুলাইত উৎসৰ্গা কৰে। তেওঁৰ মতে আশ্ৰম খনত যোগা, আয়ুৰ্বেদিক জড়িবুটি,গৌ-শালা, গুৰুকুল বিদ্যালয়, জৈৱিক কৃষি অনুসন্ধান কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়,আশ্ৰম নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।সভাত সভাপতিত্ব কৰিছিল  ৰবিৰাম গৌড় দেৱে ।উপস্থিত  থাকে  ওদালগুৰি জিলাৰ একল বিদ্যালয় সহ সম্পাদক  পুষ্প ঢকাল , ৰাভা সমাজৰ  সমাজসেৱাক  ধনেশ্বৰ ৰাভা , বিশ্ব হিন্দু পৰিষদৰ প্ৰচাৰক  ধৰ্মৰাজ জী ,  ৰতন গৌড় ,  সজু কাৰ টংলা, গণেশ গোস্বামী কলাইগাঁও লগতে স্থানীয় ধৰ্মপ্ৰাণ ৰাইজ ।সভাৰ অন্তত ভূমিদাতা বিপিন প্ৰসাদ ৰাভা দেৱক সভাপতি আৰু পুষ্প ঢকাল দেৱক সাধাৰণ সম্পাদক হিচাপে লৈ ১১ জনীয়া আশ্ৰম পৰিচালনা সমিতি গঠন কৰা হয়। ২০জুলাইত ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে হম-যোগ্য,নাম-কীৰ্তন,আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।উক্ত কাৰ্য্যসূচীত ওদালগুৰি জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা সংঘ পৰিয়ালৰ সদস্য,আৰ এচ এচ,বজৰং দলৰ কাৰ্যকৰ্তা উপস্থিত থকাৰ উপৰিও শ্বিলংখুটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক  ৰবিৰাম গোড়,শ্বিলংখুটি বিদ্যাপীঠৰ প্ৰধান শিক্ষক হৰি খনাল দেৱ, ভাৰতীয় জনতা পাৰ্টীৰ হৈ ধনশ্ৰী আৰু ৰৌতা মণ্ডলৰ সভাপতি মিন্টু দৈমাৰী আৰু ৰবীন দৈমাৰী দেৱ উপস্থিতি সহায় সহযোগিতা কৰে ৷

পকী দলংৰ খুটা পুতিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে। নিমাত গড়কাপ্তানী বিভাগ

বিটিএডি ওদালগুৰি জিলাৰ ৭০ নং  মাজবাট  বিধান সভা সমষ্টিৰ  পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ কৰা পকী দলং খন দুটা  বছৰেও সম্পূৰ্ণ হৈ নুঠিল ।  ওদালগুৰি জিলা  গড়কাপ্তানী বিভাগৰ চৰম গাফিলতিৰ বাবেই ঠিকাদাৰ জনে  দলং খনৰ  দুটা খুটা  পুতিযেই সৰহ সংখ্যক ধন আত্মসাত কৰাৰ অভিযোগ তুলিছে সমষ্টি বাসী  ৰাইজে । উল্লেখযোগ্য যে অসম অৰুনাচল সীমান্তৱৰ্তী উওৰ দিশৰ পৰা  দক্ষিণলৈ  বৈ অহা  পাগলাদিয়া নদীৰ ওপত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ডিমাপুৰ, দফলাপোটা, আওনাজুলি, ফুহুৰাবাৰী মাজগাঁও  ইত্যাদি বৃহৎ অঞ্চলৰ ৰাইজে নৈ খনৰ  ফুহুৰাবাৰীৰ ওচৰত  এখন  পকীৰ দলং নিৰ্মাণ কৰি দিবলৈ  বহু বছৰ  ধৰি  চৰকাৰক অনুৰোধ কৰি অহাৰ পিছত ৭০ নং মাজবাট বিধান  সভা সমষ্টিৰ বিধায়ক চৰন বড়োই এলেকাটোৰ ৰাইজৰ এই দাবীক ন্যায়ৰ্যাতা  প্ৰদান কৰি   কেবা লাখ টকা আবন্টন দি দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল । যদিও ঠিকাদাৰ গৰাকীয়ে মাএ দুটা খুটা পুতিযেই দলং নিৰ্মাণৰ কাম সমাপ্ত কৰিলে  । উল্লেখনীয় যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু অৰুনচল ৰুপা পথৰ লগত সংলগ্ন এই দলং খন নিৰ্মাণ হলে  অঞ্চলটোৰ নৈ পৰীয়া ৰাইজৰ যথেষ্ট সুবিধা হলোহেতেন ।কিন্তু এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত যোগাযোগ কৰিবলৈ মাএ ৫০০ মিটাৰ দুৰত্ব  থকাৰ পাছতো নৈ খনৰ ওপৰত দলং খন নিৰ্মাণ নোহোৱাৰ বাবে  ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সৃষ্টি হৈছে। আনহাতে নৈ খনৰ ইটো পাৰে মাএ ২০০ মিটাৰ দুৰত্বত দফলাপোটা হাইস্কুল,মোৱামাৰী উপ স্বাস্থ্য কেন্দ্ৰ, ডাক ঘৰ আৰু এখন সাপ্তাহিক বজাৰ আছে যদিও    দলং নোহোৱাৰ হেতুকে ৰাইজে এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।ছাত্ৰ ছাত্ৰী  সকলৰ লগতে  বাৰীষা সময়ত  ৰোগী সকলক চিকিৎসালয়ত নিবলৈ সক্ষম নহয উক্ত অঞ্চলৰ ৰাইজে। যাৰ বাবে   এই এলেকাৰ ৰাইজে এতিয়া দলং খন নোহোৱাৰ বাবে  ২০০ মিটাৰ পথৰ ঠাইত ৪ /৫ কিলোমিটাৰ   দূৰৈৰ ধনশ্ৰীঘাট হৈ যাতায়ত কৰিব লগীয়া হোৱাত ভীষন সমস্যাৰ সৃষ্টি  হৈছে। আনহাতে বৃহৎ অঞ্চলটোৰ ৰাইজে বিভাৰ্গীয কৰ্তৃপক্ষক দলং খন  নিৰ্মাণ কৰি  দিবলৈ  বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । সেয়েহে চকু মুদা কুলিৰ ভাও যোৰা গড়কাপ্তানী বিভাগক অতি শীঘ্ৰে  দলং খন নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।

অস্তিত্বহীন হৈ পৰিছে ৰাজ্যৰ এসময়ৰ চহকী দুটা চৰকাৰী কাৰ্যালয়

 “আছে গৰু নেবাই হাল থকাতকৈ নথকাই ভাল” লেখিয়া হৈ পৰিছে  ইটাখোলাৰ আমবাৰীত অৱস্থিত প্ৰায় ২০ বছৰ পূৰ্বে স্থাপিত কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয়টো ৷ বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত ৭০ ৰ দশকতে  বৃহত্তৰ আমবাৰীৰ কৃষক ৰাইজৰ স্থাৰ্থত আমবাৰীত স্থাপন কৰা এই কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয় কেন্দ্ৰটি এতিয়া অস্তিত্বহীন হৈ পৰিছে ৷ এসময়ত উত্তৰ অসমৰ অন্যতম পশু চিকিৎসালয় আৰু কৃষি কেন্দ্ৰ হিচাপে পৰিচিত এই দুটা কেন্দ্ৰটিৰ পৰা শ ,শ কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে এই কেন্দ্ৰটিক সৰোগত কৰি বহু কৃষকে উন্নত প্ৰজাতিৰ গো পালনেৰে উপকৃত হৈছিল ৷ কেন্দ্ৰ দুটা কেইবাগৰাকী পশু চিকিৎসকৰ লগতে ভালে কেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্য্যনিৰ্ব্বাহ কৰি থকা কেন্দ্ৰটি সম্প্ৰতি প্ৰায় ২০ বছৰ ধৰি ভূত-বাংলালৈহে পৰিণত হৈছে ৷ পশু চিকিৎসাৰ লগতে কৃষি কেন্দ্ৰটিৰ সকলো মূল্যৱান তথা  ব্যবহৃত সামগ্ৰী ধ্বংসস্তুূপত পৰিণত হোৱাৰ লগতে জহি খহি গৈছে আৱাসগৃহ সমুহ।এসময়ৰ কৃষি কেন্দ্ৰৰ লগতে পশু বিভাগৰ চহকী এই দুটা চৰকাৰী কাৰ্যালয় দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাৱী তুলিছে বিভিন্ন জনে।

বৰপেটাত “গণ অধিকাৰ ছোচিয়েল চাৰ্কল”ৰ পৰিচালনাত এম্বুলেঞ্চ সেৱা

অসমৰ অন্যতম আগশাৰীৰ অসমীয়া দৈনিক বাতৰি কাকত ‘গণ অধিকাৰ’ কাকতৰ “গণ অধিকাৰ ছোচিয়েল চাৰ্কল”ৰ পৰিচালনাত বৰপেটাত শীঘ্ৰে মুকলি হোৱাৰ দিশে এম্বুলেঞ্চ সেৱা। সমাজৰ শোষিত, বঞ্চিত শ্ৰেণীৰ পক্ষত অনবৰতে থিয় হোৱা গণ অধিকাৰ কাকত গোষ্ঠীয়ে এইবাৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ পৰিকল্পনা হাতত লৈছে। আৰ্থিক অনাটনত ভোগা লোকক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ কাকত গোষ্ঠীয়ে এইবাৰ লোৱা পৰিকল্পনাৰ অন্যতম পদক্ষেপ হিচাপে এম্বুলেঞ্চ সেৱা প্ৰদান কৰি জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়লৈ ৰোগী অনা নিয়া কৰাৰ ব্যৱস্থা কৰিব। সেই উপলক্ষে আজি গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ সম্পাদক ছাহজাহান তালুকদাৰ, সদস্য দেৱান নজৰুল কাদেৰ, সদস্য তথা বৰপেটাৰ সাংবাদিক পুলেন্দ্ৰ দাস, ভেল্লাৰ সাংবাদিক আজিজুল হক, মৌচম নাজিম, বৰপেটাৰ ৰমজান আলীয়ে আজি বৰপেটা জিলা উপায়ুক্ত কাৰ্যলয়ৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন দাসৰ হাতত এম্বুলেঞ্চ আৱন্টনৰ পত্ৰ প্ৰদান কৰে । এই ক্ষেত্ৰত বিষয়া গৰাকীয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰে । অলপতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই এম্বুলেঞ্চ সেৱা ৰাইজৰ মাজত উপলব্ধ হব । ৰাইজে এম্বুলেঞ্চ সেৱাৰ সৈতে জড়িত লোকৰ কেইটামান নম্বৰৰ সৈতে যোগাযোগ কৰি এই সেৱা সকলোৱে লাভ কৰিব পাৰিব। সামাজিক দ্বায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমে এই এম্বুলেঞ্চ সেৱাৰ পৰিসৰ বৃদ্ধি কৰা হব বুলি সম্পাদক ছাহজাহান তালুকদাৰে জনায় । গণ অধিকাৰ কাকত গোষ্ঠীয়ে লোৱা এই পদক্ষেপৰ জড়িয়তে স্বাস্থ্যৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক উপকৃত হব বুলি সাংবাদিক পুলেন্দ্ৰ দাস, আজিজুল হক আৰু ৰমজান আলীয়ে আশা ব্যক্ত কৰে। ইয়াৰ জড়িয়তে যাতে ৰাইজে উন্নত চিকিৎসা লাভ কৰাত সহায় হয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান জনোৱাৰ লগতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই পদক্ষেপ আদৰ্শনীয় বুলিও ব্যক্ত কৰে । উল্লেখ্য যে, উক্ত এম্বুলেঞ্চখন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সাংসদ পুজিৰ এম পি এল এ ডি পুজিৰ জৰিয়তে আৱন্টন দিয়া হৈছে। এই ক্ষেত্ৰত সাংসদ গৰাকীৰ ভূমিকাৰ সলাগ লয় সচেতন মহলে

বকোৰ ছমৰীয়াত বিজেপিৰ মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ সন্মিলন

দক্ষিণ কামৰূপৰ বকো সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি শক্তিশালী  কৰি তোলাৰ সংকল্পৰে বিজেপি দলৰ সংগঠনসমূহে পুণৰাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷  ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ আৰম্ভনীতে পুণৰ কংগ্ৰেছৰ দখললৈ যোৱা বকো সমষ্টিত  বিজেপি দলৰ শক্তি বৃদ্ধিকে ধৰি আগন্তক নিৰ্বাচন সমূহত দলৰ প্ৰদৰ্শনৰ উন্নত কৰাৰ লক্ষৰে বিজেপি মণ্ডলসমূহৰ কাৰ্যকৰ্তা সকলে এতিয়াৰ পৰাই কঁকালত বান্ধিছে টঙালি ৷ ইয়াৰে অংশ হিচাবে আজি বকো সমষ্টিৰ ছমৰীয়াস্থিত কৃষক ভৱনত আজি অনুষ্ঠিত হয় বিজেপি দলৰ ছমৰীয়া মণ্ডলৰ এক্খনি কাৰ্যকৰ্তা সন্মিলন ৷ ছমৰীয়া মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ মজুমদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কাৰ্যকৰ্তাৰ সন্মিলনখনত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি দলৰ সাংগঠনিক দিশ শক্তিশালী কৰি তোলাৰ বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে চৰকাৰৰ উন্নয়নমূলক কামকাজৰ ওপৰত মূল্যৱান বক্তব্য প্ৰদান কৰে ৷ ছমৰীয়া মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ধনঞ্জয় সৰকাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ডাঃ প্ৰহ্লাদ বিশ্বাস, বিজেপিৰ মেডিয়া ছেলৰ ৰাজ্যিক সদস্য অখিল কলিতা, মেডিয়া ছেলৰ জিলা আহ্বায়ক অতুল কলিতা, মহিলা মৰ্চাৰ দক্ষিণ কামৰূপৰ সম্পাদিকা ৰূপা দাইনাপালি, ছমৰীয়া মণ্ডলৰ প্ৰভাৰী বিনোদ দত্ত শৰ্মা, প্ৰাক্তন সভাপতি দীপু বায়ন, সুধীৰ চৌধুৰী,কৰ্ণ সৰকাৰ,ধৰণী শৰ্মা, ছমৰীয়া গাওঁপঞ্চায়তৰ সভাপতি বুদ্ধেশ্বৰ মণ্ডল প্ৰমুখ্যে ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকি সাংগঠনিক দিশ আৰু দলীয় ৰণ কৌশলৰ ওপৰত বক্তব্য ৰাখে ৷

মাজুলীত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

বান-গৰাখহনীয়া সমস্যাত বছৰে বছৰে বিস্তৰ ক্ষতি সাধন হৈ আহিছে মাজুলী জিলা৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটি প্ৰতিনিধি দল  মাজুলীত উপস্থিত হৈ মাজুলীৰ বিভিন্ন অংশৰ খহনীয়াত পতিত অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ বিশেষকৈ মাজুলীৰ শালমৰা, অফলামুখ, কমলাবাৰীঘাট, ভকতচাপৰি, চামগুৰি, মলয়া চাপৰি আৰু দক্ষিণ মাজুলীৰ খহনীয়াৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে৷ লগতে বৰুৱাই কয় যে- খহনীয়াত পতিত পৰিয়াল সমূহক অতিশীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে এই পৰিয়াল সমূহৰ জীৱন, সম্পত্তি নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ খহনীয়া গ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শনৰ পাছতে আছুৰ সম্পাদক গৰাকীয়ে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মানৰ স্থান পৰিদৰ্শন কৰি মাজুলীৰ ৰাইজক শংকাত নেৰাখি অতিশীঘ্ৰে দলং নিৰ্মানৰ কাম আৰম্ভ কৰাৰ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মান কাৰ্য শেষ কৰি মাজুলীৰ শিক্ষা, স্বাস্থ্য আৰু আৰ্থসামাজিক উন্নয়নৰ যাত্ৰা তৰান্বিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে৷ লগতে জিলা চিকিৎসালয় পৰিদৰ্শন কৰি অতিশীঘ্ৰে মাজুলীত প্ৰতিটো বিভাগৰ ডক্তৰ ৰ লগতে পৰ্যাপ্ত পৰিমানৰ ঔষধ যোগান ধৰাৰ বাবে আহ্বান জনাই৷ লগতে মাজুলীৰ মেডিকেলত পৰ্যাপ্ত আইচিইউ আৰু ভেন্টিলেচৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাইছে৷ এই ভ্ৰমণ কালত আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, উপসভাপতি বিনয় ডুবে, সাংস্কৃতিক সম্পাদক তচেন ডেকা, সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, অনিল গগৈ, ৰাণা চোনাৰ, মন্টুৰাজ বৰুৱা, ডেভিড হাজৰিকা, অংকুৰ প্ৰতিম গগৈ, মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শৰ্মা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা সাধাৰণ সম্পাদক কল্যাণ গগৈ, ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্ত, তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক সমৰ গোহাই, উপস্থিত থাকে৷

বৰপথাৰত বিলাতী সুৰা, স্কৰপিঅ’ বাহন সহ আটক দুজন

মদ,জুৱা,তীৰ,ড্ৰাগছ আদি মানৱ জীৱন ধ্বংসকাৰী উপাদানৰ পৰা সমাজখনক মুক্ত কৰা লক্ষ্যৰে জোৰদাৰ অভিযানত নামি পৰা ৰাজ্যৰ আৰক্ষী প্ৰশাসনে শেহতীয়াকৈ নামি পৰিছে দেশী-বিদশী মদ তথা চুলাই মুক্ত সমাজ লক্ষ্যৰে ব্যাপক অভিযানত।ৰাজ্যৰ বিয়াগোম আবকাৰী বিভাগৰ সৰুপথাৰত নিয়োজিত বিষয়া-কৰ্মচাৰী সকল কুম্ভকৰ্ণ নিন্দাত মগ্ন থকা হেতুকে আৰক্ষী প্ৰশাসনেই এতিয়া আবকাৰী বিভাগৰ দায়িত্ব পালন কৰিবলৈ লৈছে।এনে অৱস্থাত বুধবাৰে বিয়লি বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলু চাপৰিত বৰপথাৰ আৰক্ষী থানাৰ এটি আৰক্ষী দলে কৰা এক তালাচিত এখন AS-03-AD-0980 মহিন্দ্ৰা স্কৰপিঅ’ বাহন সহ ছয় কাৰ্টুন (২৮৮ বটল) বিলাতী মদ( IMFL) আৰু দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।আটকাধীন যুৱক দুজন ক্ৰমে বৰপথাৰ পৌৰসভাৰ নিবাসী যোগেন বৰাৰ পুত্ৰ আকাশ বৰা আৰু যোৰহাট জিলাৰ ইটাখোলাৰ মৃত পাওল ব্ৰাউনৰ পুত্ৰ ৰবাৰ্ট ব্ৰাউন বুলি জানিব পৰা গৈছে।ইপিনে আৰক্ষীয়ে সৰুপথাৰৰ আবকাৰী বিভাগক এই সন্দৰ্ভত কঠোৰ আইন প্ৰণয়ন কৰি দোষীৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে জনাইছে বুলি জানিব দিয়ে।

বৰপথাৰৰ এগৰাকী ৰোগাক্ৰান্ত শিল্পীৰ কৰুণ গাঁথা

 গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত আজি প্ৰায় ৩৫ বছৰে অবিৰামভাৱে সেৱা আগবঢ়াই অহা মহকুমাটোৰ বৰপথাৰ মৌজাৰ বৰপথাৰ গাঁৱৰ তাপসপ্ৰতীম বৰা বৰ্তমান ক্লান্ত তথা ভাগৰুৱা।বিগত প্ৰায় ২৬ বছৰে তেঁও স্পণ্ডেলাইটিছ নামৰ এক দুৰাৰোগ্য ৰোগত ভূগি পংগু দেহা লৈ জীয়াই আছে।তেঁও এই পংগু দেহাৰে গীটাৰ,কংগো,কি-বৰ্ড আদি বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্ৰ মহকুমাটোৰ শিক্ষাৰ্থী সকলক দি আহিছে।শিল্পী বৰাৰ উদ্যোগতে ধনশিৰি মহকুমাৰ প্ৰথমখন অডিঅ’ কেছেট “প্ৰত্যাহ্বান”ৰ নিৰ্মাণ কৰা হৈছিল,য’ত কণ্ঠ নিগৰাইছিল জে.পি.দাস আৰু সন্ধ্যা মেননৰ দৰে  জনপ্ৰিয় কণ্ঠশিল্পীয়ে।১৯৯০ চনত ” সূৰ্য্য তেজৰ অন্য নাম” নামৰ এখন অসমীয়া বোলছবিটো সহকাৰী সংগীত শিল্পী ৰূপে কাম কৰিছিল।থিয়েটাৰ জগততো বৰাই অলকা,ত্ৰিনয়ণ আৰু প্ৰতিধ্বনিত কাম কৰিছিল।সৰুতে জনপ্ৰিয় কণ্ঠশিল্পী মালবিকা বৰুৱাৰ গীতেৰে অনুপ্ৰাণিত হোৱা আৰু ভুপেনদা,চাৰু গোঁহাই আদিৰ দৰে বহু শিল্পীৰ সান্নিধ্য লাভ কৰা তাপস প্ৰতীম বৰাই ৩৫ বছৰে পংগুত্ব জীৱনেৰে সাংস্কৃতিক ক্ষেত্ৰ খনত বৰ্তমানো নিজ কৰ্ম কৰি থকা এই শিল্পী জনৰ দুখ লগা অৱস্থা।সংগীত তথা বাদ্য যন্ত্ৰই তেঁওৰ নিচা-পেশা।বৰ্তমান ৫৬ টা বৰ্ষ গৰকা এই সংগীত শিল্পী জনে পত্নী আৰু দুটি সন্তানক লৈ জীৱন অতিবাহিত কৰি আহিছে।আৰ্থিক সমস্যাৰ বাবে আজিও উন্নত চিকিৎসা কৰিব নোৱাৰিলে তেঁওৰ স্বাস্থ্য।তেঁও জনাইছে যে,আজি পৰ্যন্ত পোৱা নাই আৰ্থিক সাহাৰ্য চৰকাৰ-প্ৰশাসনৰ পৰা।এই লক্ – ডাউনৰ সময়ত স্থানীয় বিধায়ক আৰু স্থানীয় কিছু লোকৰ পৰা সাহাৰ্য পাইছে যদিও সেইয়া পৰ্যাপ্ত নহয় বুলি কয় দুখেৰে শিল্পীজনে।শেষত তেঁও কুকুৰা বা হাঁহ পালন কৰাৰ ইচ্ছাৰ কথা জনায় আৰু তেঁওক ইয়াৰ বাবে চৰকাৰ বা প্ৰশাসনক আৰ্থিক সাহাৰ্য আগবঢ়াবৰ বাবে অনুৰোধ জনায়।