Breaking

অস্তিত্বহীন হৈ পৰিছে ৰাজ্যৰ এসময়ৰ চহকী দুটা চৰকাৰী কাৰ্যালয়

0 1,057

 “আছে গৰু নেবাই হাল থকাতকৈ নথকাই ভাল” লেখিয়া হৈ পৰিছে  ইটাখোলাৰ আমবাৰীত অৱস্থিত প্ৰায় ২০ বছৰ পূৰ্বে স্থাপিত কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয়টো ৷ বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত ৭০ ৰ দশকতে  বৃহত্তৰ আমবাৰীৰ কৃষক ৰাইজৰ স্থাৰ্থত আমবাৰীত স্থাপন কৰা এই কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয় কেন্দ্ৰটি এতিয়া অস্তিত্বহীন হৈ পৰিছে ৷ এসময়ত উত্তৰ অসমৰ অন্যতম পশু চিকিৎসালয় আৰু কৃষি কেন্দ্ৰ হিচাপে পৰিচিত এই দুটা কেন্দ্ৰটিৰ পৰা শ ,শ কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে এই কেন্দ্ৰটিক সৰোগত কৰি বহু কৃষকে উন্নত প্ৰজাতিৰ গো পালনেৰে উপকৃত হৈছিল ৷ কেন্দ্ৰ দুটা কেইবাগৰাকী পশু চিকিৎসকৰ লগতে ভালে কেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্য্যনিৰ্ব্বাহ কৰি থকা কেন্দ্ৰটি সম্প্ৰতি প্ৰায় ২০ বছৰ ধৰি ভূত-বাংলালৈহে পৰিণত হৈছে ৷ পশু চিকিৎসাৰ লগতে কৃষি কেন্দ্ৰটিৰ সকলো মূল্যৱান তথা  ব্যবহৃত সামগ্ৰী ধ্বংসস্তুূপত পৰিণত হোৱাৰ লগতে জহি খহি গৈছে আৱাসগৃহ সমুহ।এসময়ৰ কৃষি কেন্দ্ৰৰ লগতে পশু বিভাগৰ চহকী এই দুটা চৰকাৰী কাৰ্যালয় দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাৱী তুলিছে বিভিন্ন জনে।

Leave A Reply