Breaking

বৰপথাৰৰ এগৰাকী ৰোগাক্ৰান্ত শিল্পীৰ কৰুণ গাঁথা

0 1,234

 গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত আজি প্ৰায় ৩৫ বছৰে অবিৰামভাৱে সেৱা আগবঢ়াই অহা মহকুমাটোৰ বৰপথাৰ মৌজাৰ বৰপথাৰ গাঁৱৰ তাপসপ্ৰতীম বৰা বৰ্তমান ক্লান্ত তথা ভাগৰুৱা।বিগত প্ৰায় ২৬ বছৰে তেঁও স্পণ্ডেলাইটিছ নামৰ এক দুৰাৰোগ্য ৰোগত ভূগি পংগু দেহা লৈ জীয়াই আছে।তেঁও এই পংগু দেহাৰে গীটাৰ,কংগো,কি-বৰ্ড আদি বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্ৰ মহকুমাটোৰ শিক্ষাৰ্থী সকলক দি আহিছে।শিল্পী বৰাৰ উদ্যোগতে ধনশিৰি মহকুমাৰ প্ৰথমখন অডিঅ’ কেছেট “প্ৰত্যাহ্বান”ৰ নিৰ্মাণ কৰা হৈছিল,য’ত কণ্ঠ নিগৰাইছিল জে.পি.দাস আৰু সন্ধ্যা মেননৰ দৰে  জনপ্ৰিয় কণ্ঠশিল্পীয়ে।১৯৯০ চনত ” সূৰ্য্য তেজৰ অন্য নাম” নামৰ এখন অসমীয়া বোলছবিটো সহকাৰী সংগীত শিল্পী ৰূপে কাম কৰিছিল।থিয়েটাৰ জগততো বৰাই অলকা,ত্ৰিনয়ণ আৰু প্ৰতিধ্বনিত কাম কৰিছিল।সৰুতে জনপ্ৰিয় কণ্ঠশিল্পী মালবিকা বৰুৱাৰ গীতেৰে অনুপ্ৰাণিত হোৱা আৰু ভুপেনদা,চাৰু গোঁহাই আদিৰ দৰে বহু শিল্পীৰ সান্নিধ্য লাভ কৰা তাপস প্ৰতীম বৰাই ৩৫ বছৰে পংগুত্ব জীৱনেৰে সাংস্কৃতিক ক্ষেত্ৰ খনত বৰ্তমানো নিজ কৰ্ম কৰি থকা এই শিল্পী জনৰ দুখ লগা অৱস্থা।সংগীত তথা বাদ্য যন্ত্ৰই তেঁওৰ নিচা-পেশা।বৰ্তমান ৫৬ টা বৰ্ষ গৰকা এই সংগীত শিল্পী জনে পত্নী আৰু দুটি সন্তানক লৈ জীৱন অতিবাহিত কৰি আহিছে।আৰ্থিক সমস্যাৰ বাবে আজিও উন্নত চিকিৎসা কৰিব নোৱাৰিলে তেঁওৰ স্বাস্থ্য।তেঁও জনাইছে যে,আজি পৰ্যন্ত পোৱা নাই আৰ্থিক সাহাৰ্য চৰকাৰ-প্ৰশাসনৰ পৰা।এই লক্ – ডাউনৰ সময়ত স্থানীয় বিধায়ক আৰু স্থানীয় কিছু লোকৰ পৰা সাহাৰ্য পাইছে যদিও সেইয়া পৰ্যাপ্ত নহয় বুলি কয় দুখেৰে শিল্পীজনে।শেষত তেঁও কুকুৰা বা হাঁহ পালন কৰাৰ ইচ্ছাৰ কথা জনায় আৰু তেঁওক ইয়াৰ বাবে চৰকাৰ বা প্ৰশাসনক আৰ্থিক সাহাৰ্য আগবঢ়াবৰ বাবে অনুৰোধ জনায়।

Leave A Reply