Breaking

পকী দলংৰ খুটা পুতিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰে। নিমাত গড়কাপ্তানী বিভাগ

0 1,310

বিটিএডি ওদালগুৰি জিলাৰ ৭০ নং  মাজবাট  বিধান সভা সমষ্টিৰ  পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ কৰা পকী দলং খন দুটা  বছৰেও সম্পূৰ্ণ হৈ নুঠিল ।  ওদালগুৰি জিলা  গড়কাপ্তানী বিভাগৰ চৰম গাফিলতিৰ বাবেই ঠিকাদাৰ জনে  দলং খনৰ  দুটা খুটা  পুতিযেই সৰহ সংখ্যক ধন আত্মসাত কৰাৰ অভিযোগ তুলিছে সমষ্টি বাসী  ৰাইজে । উল্লেখযোগ্য যে অসম অৰুনাচল সীমান্তৱৰ্তী উওৰ দিশৰ পৰা  দক্ষিণলৈ  বৈ অহা  পাগলাদিয়া নদীৰ ওপত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ডিমাপুৰ, দফলাপোটা, আওনাজুলি, ফুহুৰাবাৰী মাজগাঁও  ইত্যাদি বৃহৎ অঞ্চলৰ ৰাইজে নৈ খনৰ  ফুহুৰাবাৰীৰ ওচৰত  এখন  পকীৰ দলং নিৰ্মাণ কৰি দিবলৈ  বহু বছৰ  ধৰি  চৰকাৰক অনুৰোধ কৰি অহাৰ পিছত ৭০ নং মাজবাট বিধান  সভা সমষ্টিৰ বিধায়ক চৰন বড়োই এলেকাটোৰ ৰাইজৰ এই দাবীক ন্যায়ৰ্যাতা  প্ৰদান কৰি   কেবা লাখ টকা আবন্টন দি দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল । যদিও ঠিকাদাৰ গৰাকীয়ে মাএ দুটা খুটা পুতিযেই দলং নিৰ্মাণৰ কাম সমাপ্ত কৰিলে  । উল্লেখনীয় যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু অৰুনচল ৰুপা পথৰ লগত সংলগ্ন এই দলং খন নিৰ্মাণ হলে  অঞ্চলটোৰ নৈ পৰীয়া ৰাইজৰ যথেষ্ট সুবিধা হলোহেতেন ।কিন্তু এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত যোগাযোগ কৰিবলৈ মাএ ৫০০ মিটাৰ দুৰত্ব  থকাৰ পাছতো নৈ খনৰ ওপৰত দলং খন নিৰ্মাণ নোহোৱাৰ বাবে  ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সৃষ্টি হৈছে। আনহাতে নৈ খনৰ ইটো পাৰে মাএ ২০০ মিটাৰ দুৰত্বত দফলাপোটা হাইস্কুল,মোৱামাৰী উপ স্বাস্থ্য কেন্দ্ৰ, ডাক ঘৰ আৰু এখন সাপ্তাহিক বজাৰ আছে যদিও    দলং নোহোৱাৰ হেতুকে ৰাইজে এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।ছাত্ৰ ছাত্ৰী  সকলৰ লগতে  বাৰীষা সময়ত  ৰোগী সকলক চিকিৎসালয়ত নিবলৈ সক্ষম নহয উক্ত অঞ্চলৰ ৰাইজে। যাৰ বাবে   এই এলেকাৰ ৰাইজে এতিয়া দলং খন নোহোৱাৰ বাবে  ২০০ মিটাৰ পথৰ ঠাইত ৪ /৫ কিলোমিটাৰ   দূৰৈৰ ধনশ্ৰীঘাট হৈ যাতায়ত কৰিব লগীয়া হোৱাত ভীষন সমস্যাৰ সৃষ্টি  হৈছে। আনহাতে বৃহৎ অঞ্চলটোৰ ৰাইজে বিভাৰ্গীয কৰ্তৃপক্ষক দলং খন  নিৰ্মাণ কৰি  দিবলৈ  বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । সেয়েহে চকু মুদা কুলিৰ ভাও যোৰা গড়কাপ্তানী বিভাগক অতি শীঘ্ৰে  দলং খন নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।

Leave A Reply