গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মাজৰ বাহৰৰ স্থায়ী বাসিন্দা তথা স্বৰ্ণপদক প্ৰাপক জ্যোতিষ শাস্ত্ৰী নৰেন্দ্ৰ নাথ শৰ্মাক এইবছৰ ৱৰ্ল্ড এষ্ট্ৰ’ ছচাইটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে । জ্যোতিষ ৰত্ন তথা চন্দ্ৰগুপ্ত পঞ্জিকাৰ সহকাৰী গণনাকাৰী নৰেন্দ্ৰ নাথ শৰ্মাই কলকাতাৰ অভিজ্ঞ জ্যোতিষী ডঃ বেণী মাধৱ চক্ৰৱৰ্তীৰ অধীনত “জ্যোতিষ তন্ত্ৰ বাস্তু” শীৰ্ষক গৱেষণা কাৰ্য সম্পাদন কৰে । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এল এইছ বি মঞ্জুলা দেৱীৰ স্বামী তথা গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ স্বাস্থ্য কৰ্মী জি এন এম ৰূপশিখা শৰ্মা আৰু পশ্চিম গুৱাহাটী ছাত্র সন্থাৰ সভাপতি জিন্টুমণি শৰ্মাৰ পিতৃ নৰেন্দ্ৰ নাথ শৰ্মাৰ এনে সাফল্যত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল – সংগঠনে সন্তোষ প্রকাশ কৰাৰ লগতে জ্যোতিষ ৰত্ন শৰ্মাক আদৰণি জনাইছে ।
বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈ
খিলঞ্জীয়া অসমীয়াৰ আধিপত্য আৰু প্ৰভুত্ব প্ৰতিষ্ঠাৰ বাবে আপোচবিহীন ভাবে জাতীয় দায়বদ্ধতাৰে স্বজাতিৰ হকে মাত মাতি অহা জাতীয় সংগঠন বীৰ লাচিত সেনাৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সামাজিক গণমাধ্যমত ষড়যন্ত্ৰমূলকভাবে উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল স্বয়ম্ভু জাতীয়তাবাদী নেতা হিমাংশু গগৈ ৷ বিগত বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পৰাজিত কৰিবলৈ আহোপুৰুষাৰ্থ কৰি বিফল হোৱা হিমাংশু গগৈয়ে শেহতীয়াকৈ কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া ৰূপজ্যোতি কূৰ্মীক বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ নাম মৰিয়ণী সমষ্টিত ৰাইজৰ দলৰ সম্ভাব্য প্ৰাৰ্থী ৰূপে চৰ্চিত হোৱাৰ পাছতে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে হিমাংশু গগৈয়ে ষড়যন্ত্ৰমূলক ভাবে অপপ্ৰচাৰ আৰম্ভ কৰে আৰু যাৰ বাবে বীৰ লাচিত সেনাৰ লগতে জাতীয়তাবাদী শিৱিৰটো অসন্তুষ্টহৈ বিজেপি আৰএছএছৰ এজেণ্ডামতে কাম কৰা ভুৱা জাতীয়তাবাদী নেতাগৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানা আৰু গৌৰিসাগৰ থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰে আৰু বীৰ লাচিত সেনাৰ গোচৰৰ ভিত্তিত ছদ্মৱেশী স্বঘোষিত জাতীয়তাবাদী নেতা গৰাকীক শিৱসাগৰ আৰক্ষীয়ে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট গোষ্ঠী সংঘৰ্ষৰ বাবে উচতনিমূলক বক্তব্য আৰু বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰি 153A/384/500/66 IT গোচৰত শিৱসাগৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈক গ্ৰেপ্তাৰ কৰা বাবে বীৰ লাচিত সেনাই শিৱসাগৰ আৰক্ষীক ধন্যবাদ দিয়ে আৰু সাম্প্ৰদায়িক মন্তব্যৰে সামাজিক গণমাধ্যম কলংকিত কৰি অহা হিমাংশু গগৈৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈয়ো আহ্বান জনায় বীৰ লাচিত সেনাই ৷ সংগঠনটোৰ নেতৃত্বৰ ভাষ্য মতে -অসমৰ জাতীয়তাবাদী শিৱিৰটোক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমাংশু গগৈয়ে৷অসমৰ জাতীয় জীৱনলৈ হিমাংশু গগৈৰ অৱদান কি বুলি প্ৰশ্ন কৰি তেওঁলোকে কয় যে অসমৰ জনগণে ইতিমধ্যে হিমাংশু গগৈৰ কাম কাজ প্ৰত্যক্ষ কৰি তেওঁক চৰকাৰ তথা আৰএছএছ বিজেপিৰ এজেণ্ট ৰূপে চিহ্নিত কৰিছে ৷ কা আন্দোলনৰ সময়ত ধুমকেতুৰ দৰে আবিৰ্ভাৱ হোৱা হিমাংশু গগৈয়ে কা আন্দোলনৰ সময়টো কা আন্দোলনৰ নেতৃত্ব লোৱা আছু নেতা সকলৰ বিৰুদ্ধেও ধাৰাবাহিক অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ আছে ৷ শিৱসাগৰ নিৰ্বাচনৰ সময়ত তেওঁ অখিল গগৈক বিৰোধিতা কৰা আৰু মৰানত ৰাইজৰ দল গঠনৰ সময়ত দলটোৰ নেতৃত্বই দলীয় বিষয় বাব উপযুক্ত ব্যক্তিক নিদিয়া বুলি কোৱাৰ কথাও জাতীয়তাবাদী শিৱিৰে পাহৰি যাব পৰা নাই ৷কেৱলমাথো সামাজিক গণমাধ্যমত তথ্য প্ৰমাণ নোহোৱাকৈ উদ্দেশ্যপ্ৰণোদিত ভাবে বাৰে বাৰে অপপ্ৰচাৰত লিপ্ত হোৱা হিমাংশু গগৈৰ দৰে ভণ্ড জাতীয়তাবাদী নেতাক অসমীয়া জাতিয়ে ক্ষমা নকৰে বুলিও বীৰ লাচিত সেনাই স্পষ্ট কৰি দিয়ে ৷ আমি হিমাংশু গগৈৰ বিৰুদ্ধে এইবাবেই আইনৰ আশ্ৰয় লৈছো যাতে সামাজিক গণমাধ্যমত তৃতীয়পক্ষৰ শ্ৰতলিপিমতে তেওঁ যিবোৰ ভিত্তিহীন অভিযোগ কৰিছে সেই অভিযোগবোৰ প্ৰমান কৰক ৷ ফেচবুক একাউণ্ট এটা আছে বাবে বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে যি মন যায় লিখিব সেইকথা কোনো কাৰনতে সহ্য কৰা নহব ৷ বীৰ লাচিত সেনাক আইন কোষে ভণ্ড জাতীয়তাবাদী হিমাংশু গগৈৰ বিৰুদ্ধে পাঁচ কোটি টকাৰ মানহানী গোচৰ দিয়াৰ কথাও চিন্তা কৰিছে বুলি কয় ৷ বীৰ লাচিত সেনাই কয় যে আমি বাক স্বাধীনতাক সন্মান কৰো কিন্তু বাক স্বাধীনতাৰ নামত ষড়যন্ত্ৰমূলক অপপ্ৰচাৰ কোনো কাৰনতে সহ্য কৰা নহব৷যিসকলে বীৰ লাচিত সেনাক সমালোচনা কৰিছে তেওঁলোকৰ ৰাজনৈতিক সুবিধাবাদ ভণ্ডামি চৰিত্ৰ কেলেংকাৰী সকলো সমাগত সময়ত ৰাইজৰ আদালত উদঙাই দিয়াৰ লগতে আইনৰ আশ্ৰয়লয়ো তেওঁলোকৰ মুখা খুলি দিয়া হব ৷ আমি ৰাইজৰ পক্ষত আছো৷অসমৰ জনগণ বীৰ লাচিত সেনাৰ লগত আছে ৷ প্ৰতিজন খিলঞ্জীয়াৰ বাবে বীৰ লাচিত সেনা জাতীয় স্বাভিমান ৷গতিকে অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বীৰ লাচিত সেনাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰিব আৰু খিলঞ্জীয়া অসমীয়া মনে মনে বহি থাকিব সেইকথা হব নোৱাৰে ৷ যাতে জাতিদ্ৰোহীহঁতৰ বিচাৰ ৰাইজে ৰাইজৰ আদালত নকৰে তাৰ বাবে আমি আইনৰ আশ্ৰয় লৈছো , কিন্তু ষড়যন্ত্ৰকাৰীসকলক ৰাইজে যদি ভৱিষ্যতে ৰাজপথত আঠুকঢ়াই ৰাজহুৱা বিচাৰ কৰে তেন্তে কিন্তু বীৰ লাচিত সেনা জগৰীয়া নহব ৷ বীৰ লাচিত সেনাই জাতীয়তাবাদী শক্তিৰ উত্থানক বাধা দিব বিচৰা অপশক্তিক শেষবাৰৰ বাবে সকীয়াই দিয়ে৷Attachments areaবীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈবীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ।
ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশনৰ নেতৃবৰ্গই। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মণ্টু দে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ, চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰকে আদি কৰি বিটিআৰৰ চাৰিখন জিলাৰ পৰা মুঠ সাতজনীয়া দল এটাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে গুৱাহাটী অভিমুখে ৰাওনা হয়। মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিয়েই যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিদৰ্শন মূলক কৰ্মৰাজিৰ বাবে মুখ্যমন্ত্ৰীক নেতাজীৰ প্ৰতিকৃতিৰ সৈতে অভিনন্দন জ্ঞাপন কৰাৰ লগতে এন.আৰ.চি, ডি ভোটাৰ, কা কেন্দ্ৰীক বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা বোৰৰ সমাধান বাবে আলোচনাত মিলিত হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ উদ্দেশ্যে বেংগলী মাধ্যমৰ বিদ্যালয় সমূহৰ বিদ্যায়তনিক পৰিবেশৰ উন্নীতকৰণ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহত বিষয় হিচাপে বেংগলী অন্তৰ্ভুক্তিকৰণ, জিলা ভিত্তিক বাৰ্ষিক গ্ৰন্থ মেলা আৰু কেৰিয়াৰ পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা আদি বিষয় কেন্দ্ৰীক এক পৰ্যাপ্ত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ আগবঢ়ায় আৰু উল্লেখনীয় ভাৱে মুখ্যমন্ত্ৰীয়ে পৰ্যায় ক্ৰমে সম্ভাৱ্য সকলো সমস্যা অনতিপলমে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়াৰ কথা সংগঠনটোৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।
গহপুৰৰ ছাত্ৰী কাজল মহন্তৰ ব্যতিক্ৰমী প্ৰতিভা : আঁহতৰ পাতত চিত্ৰ অংকন: গুটি ধানেৰে গহনা প্ৰস্তুত
গহপুৰ মহকুমাৰ এগৰাকী ছাত্ৰীয়ে স্বকীয় প্ৰতিভাৰে আঁহতৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰি চিত্ৰানুৰাগী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।ব্যতিক্ৰমী প্ৰতিভাৰে জিলিকি উঠা এই ছাত্ৰী গৰাকী হ’ল পূব ডুবিয়াৰ চেংমৰাৰ নিবাসী দীপেন মহন্ত আৰু ৰিপু মহন্তৰ জীয়ৰী কাজল মহন্ত। ২০২০ চনত কৃতিত্বৰে স্নাতক ডিগ্ৰী অৰ্জন কৰা তথা সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি যথেষ্ট ৰাপ থকা কাজলে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ত চিত্ৰ অংকনৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ বাবে এটা শৈক্ষিক প্ৰতিষ্ঠানত নাম ভৰ্তি কৰিছিল যদিও তাত তেওঁ মাত্ৰ দুটা বছৰহে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ নহ’ল যদিও কাজলে নিজা প্ৰচেষ্টাৰে ঘৰতে চিত্ৰ অংকনৰ চৰ্চা অব্যাহত ৰাখে। আৰ্ট পেপাৰত গুণী-জ্ঞানী ব্যক্তিসকলৰ প্ৰতিচ্ছবি আঁকি কম বয়সতে শিল্পী প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হোৱা কাজল মহন্তই শেহতীয়াকৈ তেওঁৰ এই প্ৰতিভাৰ পূৰ্ণ বিকাশৰ বাবে বাছি লয় পেলনীয়া বটল, গুটি ধান আৰু আঁহত গছৰ পাত। তেওঁৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে বিশেষভাৱে সমাদৰ লাভ কৰিছে আঁহত গছৰ পাতত অংকন কৰি উলিওৱা বিভিন্ন চিত্ৰই।তেওঁ আঁহত গছৰ পাতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি,জনপ্ৰিয় কণ্ঠশিল্পী জুৱিন-পাপনৰ লগতে বিভিন্ন ব্যক্তিৰ নাম অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি কাজল মহন্তই গুটি ধানত আঠা লগাই গহণা বনোৱা,গামোছাত ফুল তোলাৰ উপৰিও পেলনীয়া বটলৰ ওপৰত ৰং-তুলিকাৰে চকুত লগাকৈ বিভিন্ন চিত্ৰ আঁকি নিজৰ শিল্পী প্ৰতিভা দাঙি ধৰিছে। গহপুৰৰ চিত্ৰ – ভাস্কৰ্য প্ৰেমী ৰাইজে প্ৰতিভাবান কাজল মহন্তৰ উজ্জ্বলতৰ ভবিষ্যত কামনা কৰিছে।
এছ.এছ.বি.ৰ আন্তঃ ইউনিট ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন
লালপুৰস্থিত ২৩নং এছ এছ বি বেটেলিয়নৰ সৌজন্যত ১৯জুলাইৰ পৰা কাবাডী, বক্সিং, বেডমিণ্টন, ফুটবল, ক্ৰিকেটৰ দৰে বিভিন্ন আন্ত: ইউনিট ক্ৰীড়া প্ৰতিযোগিতা ২৩নং বিএন এছএছবি লাপুলত আৰম্ভ কৰা হৈছে, উক্ত প্ৰতিযোগিতাত চেক্টৰ মুখ্য কাৰ্যালয় বেজপাৰাৰ অধীনৰ বাহিনীবোৰে অংশগ্ৰহণ কৰিছে। ২১ জুলাইত ঈদ উৎসৱৰ মূহূৰ্তত ২৩ বিএন আৰু ৩৭ বিএন মংগলদৈৰ মাজত ফুটবল খেলখন অনুষ্ঠিত হৈছে।প্লাৰতিযোগিতাত ২৩ নং এছ এছ বি লালপুলে মেচখনত ২-১ গ’লত বিজয়ী হৈছে। চেক্টৰৰ মুখ্য কাৰ্যালয় বেজপাৰা আৰু ৬১ এছএছবি ভৈৰবকুণ্ডৰ মাজত আন এখন ফুটবল খেলত এছ এছ বিৰ ডিআইজি চান্স কেইচিংয়েও অংশ গ্ৰহন কৰি খেলুৱৈ সকলক উৎসাহিত কৰিছে ।২৩ নং এচ এচ বি লালপুলৰ কমাণ্ডেন্ট ৰোহিতাচৱাই কয় যে, সকলো বিষয়া আৰু জোৱানে অতি উৎসাহেৰে খেল অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিছে আৰু ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ আৰু বিষয়া সকল কোভিড নেগেটিভ আৰু দুয়োটা পালি কোভিড ভেকছিন গ্ৰহণ কৰিছে লগতে ক্ৰীড়া অনুষ্ঠানবোৰে কোভিড নীতি-নিৰ্দেশনা পালন কৰি আয়োজন কৰা হৈছে।
ওদালগুৰি সাহিত্য সভাত লেখিকা ঊষাৰাণী বায়নৰ “যুৰীয়া জীৱনৰ সুৰীয়া গীত” গ্ৰন্থ উন্মোচন
ওদালগুৰি শতদল সাহিত্য সভা ভৱনত লেখিকা তথা বগৰীগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঊষাৰাণী বায়নৰ ৰচিত যুৰীয়া জীৱনৰ সুৰীয়া গীত গ্ৰন্থখনি ঔদালগুৰি সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মাই উন্মোচন কৰে।ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি তথা প্ৰধান শিক্ষক গৌতম জ্যোতি তালুকদাৰে সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা গ্ৰন্থখনি উন্মোচন কৰি উন্মোচক শৰ্মাই লগতে কয়-এয়া সাহিত্যৰ সম্পদ।ঐতিহ্যপূৰ্ণ সমাজ জীৱনৰ আধাৰত ৰচিত বিয়া নামৰ গ্ৰন্থখনে সাহিত্য-সাংস্কৃতিক সমাজত সমাদৰ লাভ কৰিব বুলি আশা কৰিব পাৰি।লেখিকাৰ এনে প্ৰথম প্ৰচেষ্টা শলাগীবলগীয়া।লেখিকা ঊষাৰাণী বায়নে সভাৰ উদ্দেশ্য বাখ্যা আৰু অতিথি সকলক আদৰণি জনোৱাৰ পিছতে আমন্ত্ৰিত অতিথি তথা শিশু সাহিত্যিক যতীন দাসে কয়- গাৱে- ভূঞে সিচৰিত হৈ থকা এনে বিষয় বস্ত্তূৱে হৈছে প্ৰকৃত সাহিত্য- সংস্কৃতিৰ বাহক।বিয়াগীতবোৰ এতিয়া যেন নষ্টালজিয়া হৈ পৰিছে।ম’বাইল সংস্কৃতিয়ে শিশু সকলক বিপথগামী তোলাৰ লগতে ভাষা-সাহিত্য-সংস্কৃতিক ক্ষতি সাধন কৰি তুলিছে বুলি উল্লেখ কৰে।লেখিকা সংস্থাৰ উপদেষ্টা মেঘমালা সূত্ৰধাৰে কয়- অসমীয়া সমাজৰ আপুৰুগীয়া লোক সাহিত্যৰ সম্পদ বিয়ানাম সমূহ আজিও আমাৰ সমাজত সমাদৃত হৈ আছে।উক্ত উন্মোচনী সভাত উপস্থিত থাকি সাংবাদিক গুণজিৎ দাস,কবি ভবেশ দত্ত, দীপক সূত্ৰধাৰ,শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱা,প্ৰদীপ বৈশ্য আৰু লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী প্ৰতিভা চহৰীয়াই বিলুপ্ত হ’ব ধৰা বিয়া নামবোৰ একত্ৰিত কৰি প্ৰকাশ কৰাটো এক অনুপম সৃষ্টি।য’ত গবেষক সকলৰ বাবে সমল হ’ব পাৰে।ভিন্ন জনগোষ্ঠীৰ জীৱনধাৰাৰ সম্পৰ্কে জ্ঞান আহৰণ কৰিব পৰা যায়।এয়া আমাৰ সমাজৰ বাবে লেখিকাৰ অনবদ্য অৱদান বুলি উল্লেখ কৰে।গ্ৰন্থখনৰ প্ৰকাশক ৰণজিৎ দাসে লেখিকাৰ আশাশুধীয়া প্ৰচেষ্ঠাক উৎসাহিত কৰি প্ৰকাশৰ দায়িত্ব লৈ মই নিজকে ধন্য হৈছো বুলি অনুভৱ কৰিছো আৰু গ্ৰন্থখনে পঢ়ুৱৈ সমাজত সমাদৰ পালে লেখিকাৰ প্ৰচেষ্টা সাৰ্থক হ’ব।উন্মোচনী অনুষ্ঠানতে লেখিকাৰ এটি বিয়াগীত পৰিবেশন কৰে ক্ৰমে-ঊষাৰাণী বায়ন,মেঘমালা সূত্ৰধাৰ,তুলিকা তালুকদাৰ,ভবানী ডেকাই।উক্ত উন্মোচনী সভাতে বৰঙ্গাজুলি সত্ৰৰ ওদালগুৰি ৰত্ন ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ প্ৰয়াণত বিদেহ আত্মাৰ সদগতি কামনা কৰি সভাই এক মিনিট সময় মৌন প্ৰাৰ্থণা জনাই শোক প্ৰকাশ কৰে।শেষত অসম সংগীতেৰে সভাৰ সামৰণি পৰে।
নাজিৰাত পৰীক্ষামূলক ভাৱে কঠিয়া ৰূপন কাৰ্য্যসূচী
নাজিৰা মহকুমাৰ চণ্টক চেংধৰাত চৰকাৰী ভাৱে পৰীক্ষামূলক ভূইৰূপণ কায্যৰ্সূচী ৰূপায়ন কৰে । বিভিন্ন সময়ত প্ৰকৃতিৰ তাণ্ডৱৰ বাবে গঞা ৰাইজে যি সমূহ ফচল উৎপাদন কৰাত বাধাৰ সন্মুখীন হয় তাৰ সমান্তৰালকৈ সেই সমূহ বাধা তথা প্ৰত্যাহ্বানৰ সন্মুখত ভৱিষ্যত দিনত মুকাবিলা কৰিব পৰাকৈ আজি চণ্টক চেংধৰা গাওঁত শিৱসাগৰ জিলাৰ কৃষি বিভাগ, এপাৰ্ট(APART) আৰু INTERNATIONAL RESEARCH INSTITUTE ৰ উদ্যোগত প্ৰায় দহ বিধ উন্নত প্ৰজাতিৰ কঠিয়া ৰুপণৰ কায্যসূচী হাতত লয় ! বিশষকৈ বানপানীৰ সৈতে যুঁজিব পৰা ক্ষমতা থকা ৰঞ্জিত ছাব 1 ,স্বৰ্ণ ছাব 1 আৰু বাহাদুৰ ছাব 1 ৰ কঠিয়া ৰুপণ কৰে ! তাৰোপৰি থলুৱাভাৱে উৎপাদিত কণ জহা, মালভোগ জহা ,কেতেকী জহা ধানৰো কঠিয়া ৰুপণ কৰে , উক্ত অনুস্হানতিত নাজিৰা মহকুমাধিপতি সাব্যসাচী কাশ্যপৰ লগতে কৃষিবিভাগৰ কেইবাজনো বিষয় ববীয়া উপস্হিত থাকে । এই ফচলবোৰ একেটা সময়তে একেলগে চপোৱাৰ লগতে বিজ্ঞান সন্মতভাৱে ইয়াৰ মূল্যাংকন কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
অলিম্পিয়ান বক্সাৰ লাভলিনা বৰগোহাঁইৰ গৃহত প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,লাভলীনাৰ পিতৃ-মাতৃক সম্বৰ্ধনা।
টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা অসম গৌৰৱ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাসগৃহত মঙ্গলবাৰে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী উপস্থিত হয়।গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ গৃহত সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য পল্লৱজ্যোতি চেতীয়াৰ লগতে অন্য কেইবাজনো কংগ্ৰেছ কৰ্ম্মী উপস্থিত হৈ বক্সাৰ গৰাকীৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামনি বৰগোঁহায়ক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।উল্লেখযোগ্য যে,লাভলীনাই এচিয়ান বক্সিং চেম্পিয়ন শ্বিপত,বিশ্ব বক্সিং চেম্পিয়ন শ্বিপ আদিত পদক লাভেৰে আগন্তক জুলাই মাহৰ ২৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগা টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।প্ৰাক্তন বিধায়িকা গৰাকীয়ে আশা কৰে যে,টকীঅ’ অলিম্পিকত লাভলীনা বৰগোঁহায়ে পদক অৰ্জন কৰি দেশ বাসীৰ লগতে অসম তথা গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনে।
উৰিয়ামঘাট -ঘোলাপানী সংযোগী গড়কাপ্তানী পথৰ মেৰামতি আজিও নহল।
৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী চি’ চেক্টৰ অন্তৰ্গত ২ নং বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।ৰেংমা নদীৰ গৰা খহনীয়াৰ ফলত অঞ্চলটোৰ বৰদণ্ডী,হাতীডুবি অঞ্চলকে ধৰি বিভিন্ন ঠাইত নদীখনৰ ভৌগোলিক অৱস্থানেই সলনি হৈ পৰিছে।বাৰিষাৰ সময়ছোৱাত নদীখনৰ বাঢ়নী পানীয়ে ফেনে ফুটুকাৰে বিপদ সীমাৰ ওপৰেৰে বৈ অহাৰ ফলত উক্ত অঞ্চল কেইটাত বিশেষকৈ উৰিয়ামঘাটৰ ২ নং বৰদণ্ডী অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানী পথটো নদীৰ গৰাখহনীয়াৰ কবলত পৰি এছোৱা খহাই নিয়াৰ ফলত আজি প্ৰায় কেবাবছৰ ধৰি পথ যোগাযোগ বিচ্ছিন্ন হৈ আছে।বৰ্তমান পৰ্যন্ত উক্ত পথটোৱেদি ১০৮ কে ধৰি কোনো যান বাহন চলাচল কৰিব পৰা নাই।পথ টোৰ ছিগা অংশৰ উপৰিও অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ বাৰী,মাটি ভেটি সম্পূৰ্ণ ৰূপে নদীত জাহ যায়।সীমান্ত অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটো পুনৰৰ্নিমানৰ লগতে অঞ্চলটোৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উঠিছে।বৰ্তমান বাৰিষা সময়।গৰা খহনীয়াৰ কবলত পৰা হাতীডুবি,বৰদণ্ডী আদি অঞ্চল কেইটাত যদি ক্ষিপ্ৰতাৰে প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে উক্ত অঞ্চলকেইটাত জনসাধাৰণ এইবাৰ বাৰিষাত অধিক ক্ষয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্ৰকট কৰি তুলিছে।ইফালে সৰুপথাৰৰ বিধায়ক গৰাকীকো এই ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ হাতত লবলৈ সীমান্ত বাসীয়ে দাবী জনাইছে।
দৰং জিলা সাহিত্য সভাৰ ৪৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালন
১৯৭৩ চনৰ ২১ জুলাই তাৰিখে টংলা চহৰত তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ২৩ জন প্ৰতিনিধিৰ উপস্থিতিত ৰত্নেশ্বৰ শৰ্মাৰ সভাপতিত্বত মঙলদৈ সাহিত্য পৰিষদ নামেৰে এক সাহিত্যৰ অনুষ্ঠানৰ সৃষ্টি হৈছিল। এই সাহিত্য পৰিষদৰ সভাপতি হিচাপে ৰত্নেশ্বৰ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়াক সম্পাদক হিচাপে বাছনি কৰা হৈছিল। ১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ হাইলাকান্দি অধিবেশনত এই মঙলদৈ সাহিত্য পৰিষদক দৰং জিলা সাহিত্য সভা নামেৰে স্বীকৃতি স্বীকৃতি প্ৰদান কৰে।
এই দৰং জিলা সাহিত্য সভাৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দেশত চলি থকা কৰোনা মহামাৰীৰ বাবে হৈ থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়া কাৰ্যসূচী যে পালন কৰা হয়। অনুষ্টুপীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে। স্মৃতি অৰ্পণ কৰে দৰং জিলা সাহিত্য সভাৰ ৰাজ্য ভাষা-মাতৃ ভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক হৰিচন্দ্ৰ শৰ্মাই। স্মৃতি অৰ্পণ কাৰ্যসূচীৰ অন্তত দৰং জিলাৰ সাহিত্য সভাৰ এক প্ৰতিনিধিৰ দল দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ফুলেন্দ্ৰ নাথ চহৰীয়াৰ বাসভৱনলৈ গৈ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ লগত এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত কৰে। আলোচনাত জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, জিলা সাহিত্য সাহিত্য সভাৰ ৰাজ্য ভাষা-মাতৃ ভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হৰিচন্দ্ৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ গ্ৰন্থাগাৰ আৰু গবেষণা কেন্দ্ৰৰ আহ্বায়ক বসন্ত শইকীয়া, জিলা সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক তথা সাংবাদিক প্ৰবীণ বৰুৱা,মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, ইন্ডিয়ান ৰেড ক্ৰছ ছ’ছাইটি দৰং জিলা সমিতিৰ কোষাধ্যক্ষ তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য জয়ন্ত শৰ্মা, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তথা খৰিকাজাঁই সাহিত্য সভাৰ সম্পাদক সুৰেন্দ্ৰ বৰুৱা আদিয়ে। প্ৰতিষ্ঠা কালৰ স্মৃতি ৰোমন্থন কৰি শিক্ষাবিদ তথা জিলা সাহিত্য সভাৰ প্ৰাক্তন পদাধিকাৰ চহৰীয়াই সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা জিলা সাহিত্য সভাক জিলাখনৰ সকলোকে জড়িত কৰি সোণালী জয়ন্তী পালনৰ দিহা কৰিবলৈ আহ্বান জনায়।











