Breaking

উৰিয়ামঘাট -ঘোলাপানী সংযোগী গড়কাপ্তানী পথৰ মেৰামতি আজিও নহল।

0 1,535

 ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী চি’ চেক্টৰ অন্তৰ্গত ২ নং বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।ৰেংমা নদীৰ গৰা খহনীয়াৰ ফলত অঞ্চলটোৰ বৰদণ্ডী,হাতীডুবি অঞ্চলকে ধৰি বিভিন্ন ঠাইত নদীখনৰ ভৌগোলিক অৱস্থানেই সলনি হৈ পৰিছে।বাৰিষাৰ সময়ছোৱাত নদীখনৰ বাঢ়নী পানীয়ে ফেনে ফুটুকাৰে বিপদ সীমাৰ ওপৰেৰে বৈ অহাৰ ফলত উক্ত অঞ্চল কেইটাত বিশেষকৈ উৰিয়ামঘাটৰ ২ নং বৰদণ্ডী অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানী পথটো নদীৰ গৰাখহনীয়াৰ কবলত পৰি এছোৱা খহাই নিয়াৰ ফলত আজি প্ৰায় কেবাবছৰ ধৰি পথ যোগাযোগ বিচ্ছিন্ন হৈ আছে।বৰ্তমান পৰ্যন্ত উক্ত পথটোৱেদি ১০৮ কে ধৰি কোনো যান বাহন চলাচল কৰিব পৰা নাই।পথ টোৰ ছিগা অংশৰ উপৰিও অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ বাৰী,মাটি ভেটি সম্পূৰ্ণ ৰূপে নদীত জাহ যায়।সীমান্ত অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটো পুনৰৰ্নিমানৰ লগতে অঞ্চলটোৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উঠিছে।বৰ্তমান বাৰিষা সময়।গৰা খহনীয়াৰ কবলত পৰা হাতীডুবি,বৰদণ্ডী আদি অঞ্চল কেইটাত যদি ক্ষিপ্ৰতাৰে প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে উক্ত অঞ্চলকেইটাত জনসাধাৰণ এইবাৰ বাৰিষাত অধিক ক্ষয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্ৰকট কৰি তুলিছে।ইফালে সৰুপথাৰৰ বিধায়ক গৰাকীকো এই ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ হাতত লবলৈ সীমান্ত বাসীয়ে দাবী জনাইছে।

Leave A Reply