Breaking

দৰং জিলা সাহিত্য সভাৰ ৪৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালন

0 1,748

১৯৭৩ চনৰ ২১ জুলাই তাৰিখে টংলা চহৰত তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ২৩ জন প্ৰতিনিধিৰ উপস্থিতিত  ৰত্নেশ্বৰ শৰ্মাৰ সভাপতিত্বত মঙলদৈ সাহিত্য পৰিষদ নামেৰে এক সাহিত্যৰ অনুষ্ঠানৰ সৃষ্টি হৈছিল। এই সাহিত্য পৰিষদৰ সভাপতি হিচাপে ৰত্নেশ্বৰ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়াক সম্পাদক হিচাপে বাছনি কৰা হৈছিল। ১৯৮২ চনত অনুষ্ঠিত অসম  সাহিত্য সভাৰ হাইলাকান্দি অধিবেশনত এই মঙলদৈ সাহিত্য পৰিষদক দৰং জিলা সাহিত্য সভা নামেৰে স্বীকৃতি স্বীকৃতি প্ৰদান কৰে।
 এই দৰং জিলা সাহিত্য সভাৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দেশত চলি থকা কৰোনা মহামাৰীৰ বাবে হৈ থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়া কাৰ্যসূচী যে পালন কৰা হয়। অনুষ্টুপীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে। স্মৃতি অৰ্পণ কৰে দৰং জিলা সাহিত্য সভাৰ ৰাজ্য ভাষা-মাতৃ ভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক হৰিচন্দ্ৰ শৰ্মাই। স্মৃতি অৰ্পণ কাৰ্যসূচীৰ অন্তত দৰং জিলাৰ সাহিত্য সভাৰ এক প্ৰতিনিধিৰ দল দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক  সম্পাদক ফুলেন্দ্ৰ নাথ চহৰীয়াৰ বাসভৱনলৈ গৈ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ লগত এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত কৰে। আলোচনাত জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, জিলা সাহিত্য সাহিত্য সভাৰ ৰাজ্য ভাষা-মাতৃ ভাষা  প্ৰয়োগ উপ-সমিতিৰ  আহ্বায়ক হৰিচন্দ্ৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ গ্ৰন্থাগাৰ আৰু গবেষণা কেন্দ্ৰৰ আহ্বায়ক বসন্ত শইকীয়া, জিলা সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক তথা সাংবাদিক প্ৰবীণ বৰুৱা,মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, ইন্ডিয়ান ৰেড ক্ৰছ ছ’ছাইটি দৰং জিলা সমিতিৰ কোষাধ্যক্ষ তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য জয়ন্ত শৰ্মা, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তথা খৰিকাজাঁই সাহিত্য সভাৰ সম্পাদক সুৰেন্দ্ৰ বৰুৱা আদিয়ে। প্ৰতিষ্ঠা কালৰ স্মৃতি ৰোমন্থন কৰি শিক্ষাবিদ তথা জিলা সাহিত্য সভাৰ প্ৰাক্তন পদাধিকাৰ চহৰীয়াই সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা জিলা সাহিত্য সভাক জিলাখনৰ সকলোকে জড়িত কৰি সোণালী জয়ন্তী পালনৰ দিহা কৰিবলৈ আহ্বান জনায়।

Leave A Reply