Breaking

অলিম্পিয়ান বক্সাৰ লাভলিনা বৰগোহাঁইৰ গৃহত প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,লাভলীনাৰ পিতৃ-মাতৃক সম্বৰ্ধনা।

0 2,086

টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ যোৱা অসম গৌৰৱ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাসগৃহত মঙ্গলবাৰে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী উপস্থিত হয়।গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ গৃহত সমষ্টিটোৰ প্ৰাক্তন বিধায়িকা ৰ’জলিনা তিৰ্কী,অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য পল্লৱজ্যোতি চেতীয়াৰ লগতে অন্য কেইবাজনো কংগ্ৰেছ কৰ্ম্মী উপস্থিত হৈ বক্সাৰ গৰাকীৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামনি বৰগোঁহায়ক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।উল্লেখযোগ্য যে,লাভলীনাই এচিয়ান বক্সিং চেম্পিয়ন শ্বিপত,বিশ্ব বক্সিং চেম্পিয়ন শ্বিপ আদিত পদক লাভেৰে আগন্তক জুলাই মাহৰ ২৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগা টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।প্ৰাক্তন বিধায়িকা গৰাকীয়ে আশা কৰে যে,টকীঅ’ অলিম্পিকত লাভলীনা বৰগোঁহায়ে পদক অৰ্জন কৰি দেশ বাসীৰ লগতে অসম তথা গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনে।

Leave A Reply