Breaking

এছ.এছ.বি.ৰ আন্তঃ ইউনিট ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন

0 1,177

লালপুৰস্থিত ২৩নং এছ এছ বি বেটেলিয়নৰ সৌজন্যত ১৯জুলাইৰ পৰা কাবাডী, বক্সিং, বেডমিণ্টন, ফুটবল, ক্ৰিকেটৰ দৰে বিভিন্ন আন্ত: ইউনিট ক্ৰীড়া প্ৰতিযোগিতা ২৩নং বিএন এছএছবি লাপুলত আৰম্ভ কৰা হৈছে, উক্ত প্ৰতিযোগিতাত চেক্টৰ মুখ্য কাৰ্যালয় বেজপাৰাৰ অধীনৰ  বাহিনীবোৰে অংশগ্ৰহণ কৰিছে।   ২১ জুলাইত   ঈদ উৎসৱৰ মূহূৰ্তত ২৩ বিএন আৰু ৩৭ বিএন মংগলদৈৰ মাজত  ফুটবল খেলখন অনুষ্ঠিত হৈছে।প্লাৰতিযোগিতাত ২৩ নং এছ এছ বি লালপুলে মেচখনত ২-১ গ’লত বিজয়ী হৈছে। চেক্টৰৰ মুখ্য কাৰ্যালয় বেজপাৰা আৰু ৬১ এছএছবি ভৈৰবকুণ্ডৰ মাজত আন এখন ফুটবল খেলত এছ এছ বিৰ ডিআইজি  চান্স কেইচিংয়েও অংশ গ্ৰহন কৰি খেলুৱৈ সকলক উৎসাহিত কৰিছে ।২৩ নং এচ এচ বি লালপুলৰ কমাণ্ডেন্ট  ৰোহিতাচৱাই কয় যে, সকলো বিষয়া আৰু জোৱানে অতি উৎসাহেৰে খেল অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিছে আৰু ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ আৰু বিষয়া সকল কোভিড নেগেটিভ আৰু  দুয়োটা পালি কোভিড ভেকছিন গ্ৰহণ কৰিছে লগতে ক্ৰীড়া অনুষ্ঠানবোৰে কোভিড নীতি-নিৰ্দেশনা  পালন কৰি আয়োজন  কৰা হৈছে।

Leave A Reply