:চৰকাৰক দোষাৰোপ নকৰি বৰপেটাৰ ইচ্ছাপুৰ হাটীৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে আও পুৰণি উপ-পথ ৷ বুধবাৰে স্থানীয় ৰাইজৰ সহযোগত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা দেবে এই পথ মুকলি কৰে আৰু লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে উক্ত কাৰ্য্যসূচীত । ইচ্ছাপুৰ হাটীৰ গান্ধী আলি সংযোগী উপ-পথটোৰ দুৰৱস্থাৰ প্ৰতি লক্ষ ৰাখি নিৰ্মাণৰ বাবে ৰাইজে নিজে সিদ্ধান্ত লয়। পৌৰ সভা, লোক নিৰ্মাণ বিভাগ আদিৰ সু-দৃষ্টি নপৰা ৫০ বছৰ পুৰণি উপ-পথটো নতুনকৈ নিৰ্মাণ কৰিবলৈ অৱশেষত আগবাঢ়ি আহিছিল স্থানীয় ৰাইজ ৷ চৰকাৰ-প্ৰশাসনৰ সহায় নোলোৱাকৈ পথ নিৰ্মাণৰ কামত হাতে কামে লাগিল অঞ্চলটোৰ স্থানীয় বাসিন্দাসকল ৷ ধন আগবঢ়োৱাতেই ক্ষান্ত নাথাকি শ্ৰমদানো কৰিছিল স্থানীয় ৰাইজে ৷ উল্লেখ্য যে বৰপেটা চহৰৰ অন্যতম ব্যস্ত আৰু গুৰুত্বপূৰ্ণ উপ-পথটোৰে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীকে ধৰি শ শ লোক অহা-যোৱা কৰে ৷ কিন্ত প্ৰতি বছৰে বানৰ সময়ত একাঁঠু পৰ্যন্ত পানীত বুৰ যায় উপ-পথটো ৷ খৰালি কালতো উপ-পথটোৰে সম্ভৱ নহয় সুচল যাতায়ত ৷ কেইটিমান শিলগুটি ওলাই থকা জৰাজীৰ্ণ উপ-পথটোৰে খোজকাঢ়ি অহা-যোৱা কৰা লোকসকল সন্মুখীন হয় ভীষণ অসুবিধাৰ ৷ উপ-পথটোৰ দুয়োফাল উন্মুক্ত হৈ থকা বাবে সঘনাই সংঘটিত হৈ আহিছিল দুৰ্ঘটনা ৷ কিন্তু ইমানৰ পিচতো বৰপেটা পৌৰসভাৰ এলেকাধীন উপ-পথটোৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে বিগত পঞ্চাছ বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ-কিম্বা প্ৰশাসনে ৷
ইচ্ছাপুৰহাটী বাসী ৰাইজে পথ নিৰ্মাণ কৰা কাৰ্য্যক বৰপেটা বাসিয়ে সলাগ লয়।
বৰপেটাৰ ইচ্ছাপুৰহাটী বাসি ৰাইজৰ এক প্ৰশংসনীয় পদক্ষেপ : ৰাইজৰ ধনেৰে নিৰ্মাণ অৰ্দ্ধ শতাধিক পুৰণি উপ-পথ
বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰদিপ বৰবৰাৰ দেহাৱসান।
গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ নিবাসী তথা সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰবৰা(৫৯)ৰ ১৮ জুলাইৰ গধুলি প্ৰায় ৭-৪৫ বজাত দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটাত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলটো।জানিব পৰা মতে,বিশিষ্ট ব্যৱসায়ী গৰাকীয়ে যোৱা ৯ জুলাইৰ দিনা দিল্লীৰ গুৰগাঁৱত থকা মেডান্টা হস্পিটেলত লিভাৰ টেন্সপ্লান্ট কৰোৱাইছিল।প্ৰথম অৱস্থাত বৰবৰাৰ স্বাস্থ্য সুস্থিৰ আছিল যদিও যোৱা কেইদিনত তেঁওৰ স্বাস্থ্য অৱনতি ঘটে আৰু তেঁও নিয়তিৰ ওচৰত হাৰ মানে।বৰবৰাৰ মৃতদেহ দিল্লীৰ পৰা বিমানযোগে বুধবাৰে অনা হয়।দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত ভূগি থকা বৰবৰা এগৰাকী সফল ব্যৱসায়ী হোৱাৰ লগতে বৰপথাৰ ব্যৱসায়ী সন্থাৰ সভাপতি হিচাপেও দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি আছিল।মৃত্যুৰ সময়ত বৰবৰাই পত্নী,এটি পুত্ৰ আৰু এগৰাকী কন্যাকে ধৰি অনেক আত্মীয়ক ইহ সংসাৰত এৰি গৈছে।
মাজুলীৰ মূল প্ৰৱেশ পথ ৰাজপথ নহয় যেন মুকলি শৌচালয়হে
মাজুলীৰ প্ৰধান গেটৱে অৰ্থাৎ প্ৰধান প্ৰৱেশ পথ কমলাবাৰীঘাটৰ পৰা কমলাবাৰী পথটো এই বাৰিষা মুকলি শৌচালয়লৈ যেন পৰিণত হৈছে। পথটোৰ দুয়ো দাঁতিৰে এশ আশী ঘৰ মানুহৰ বসতি। সেইসকলৰ প্ৰস্ৰাৱ-পায়খানাৰ বাবে চল্লিছটা শৌচালয়। ইয়াৰে চাৰিটা ৰাজহুৱা শৌচালয় , দূটা কেচা শৌচালয় , এটা প্ৰস্ৰাৱগাৰ আৰু এয়াই হৈছে মাজুলীৰ এখন শ্ৰেষ্ঠ পঞ্চায়ত বুলি জহ কৰা দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এক বিশেষ এলেকাৰ বিশেষ ছৱি ।বিশেষ ছৱি বুলি এইবাবেই উল্লেখ কৰা হ’ল যে পঞ্চায়তখনৰ সন্মুখত সগৌৰৱেৰে জিলিকি আছে “মুকলিত মলত্যাগ মুক্ত গাঁও পঞ্চায়ত’ ৰ ডাঙৰ চাইনবৰ্ড। কিন্ত প্ৰায় তিনিকি’লমিটাৰ দৈৰ্ঘৰ এই পথচোৱাৰ যি সামান্য অংশত বসতি নাই সেই অংশ হৈছে ৰাজহুৱা মুকলি শৌচালয়। আজিৰ পৰা বিশ-পশিছ বছৰৰ পূৰ্বত বান খহনীয়াত ভেঁটি-মাটি হেৰুৱাই এই পথৰ কাষত বহিবলৈ বাধ্য হোৱা এই জনগোষ্ঠীয় লোকসকলক লৈ বহু ৰাজনীতি বাগৰি গ’ল কিন্ত তেওঁলোকৰ নহ’ল কোনো চকুত লগা পৰিৱৰ্তন। পূৱাৰ পৰা বিয়লিলৈ মৌলিক প্ৰয়োজনীয় কেইটাৰ পিছত দৌৰিও যোগাৰ কৰিব নোৱাৰা মানুহখিনিৰ অৱস্থাই সম্প্ৰতি মাজুলীৰ আৰ্থিক , সামাজিক আৰু পৰিৱেশিক অৱস্থাৰ প্ৰতিয়েই প্ৰত্যাহ্বান হৈ পৰিছে। মাজুলীৰ অতি গুৰুত্বপূৰ্ণ পথটোৰ দুয়োকাষে কোনো পৰিকল্পনা নোহোৱাকৈ বহিবলৈ দিয়াৰ পিছত তেওঁলোকৰ বাবে বিশুদ্ধ পানী আৰু অনাময় ব্যৱস্থাৰ সু- পৰিকল্পনা নকৰি বিষয়া -ঠিকাদাৰৰ জেপ গধুৰ কৰাৰ পৰিণতিত আজি সেই লোকসকলৰ জীৱন দুৰ্বীসহ হোৱাই নহয় সেই পথেৰে আহযাহ কৰা লোকৰো একেই অৱস্থা হৈছে । কংগ্ৰেছৰ দ্বাৰা চৰম প্ৰতাৰিত এই নদী ভগনীয়া লোকসকলক পৃথক স্থানত সংস্থাপন নিদিওঁ থকা ঠাইতেই এক পৰিকল্পনাৰে বসতি উন্নত কৰাব বুলি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰা ৰাইজে বৰ আশা কৰিছিল। স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিৰ প্ৰধান পদূলিটো অন্তত: তেখেতে সজাই তুলিলেহেঁতেন । পথটো পকী কৰা হ’ল কিন্তু পথৰ কাষত কদৰ্যময় ৰাজহুৱা শৌচাগাৰ , মানূহৰ ঘৰৰ চোতালত অৰ্থাৎ পথৰ কাষত মানুহটো ভালকৈ সোমাৱ নোৱাৰা সেই চৰকাৰী লেটিন সহ কি এক বিধ্বস্ত পৰিৱেশ । অতি নিম্ন মানদণ্ডৰ শৌচাগাৰ বিলাক তাতে যিবিলাক পথৰ পৰা কিছু আঁতৰত নিৰ্মাণ কৰা সেইবিলাক বাৰিষা পানীত ডুব গৈ সমগ্ৰ পৰিৱেশ প্ৰদুষিত কৰি পেলাইছে। বিগত পাঁচটা বৰ্ষত মুখ্যমন্ত্ৰীকে ধৰি সকলো বৰমুৰীয়া এই পথেৰে এশ ছবাৰ অহাৰ পিছতো কিন্তু ভবা নহ’ল এই পৰিস্থিতিৰ উন্নতিৰ অৰ্থে ৷ দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰাই আৰম্ভ হোৱা পথৰ দুয়োকাষৰ বসতিৰ ৰাইজৰ বাবে বিশুদ্ধ পানী আৰু অনাময়ৰ অৱস্থা লক্ষ কৰিলেই মাজুলীৰ সংশ্লিষ্ট বিষয়ৰ উন্নতিৰ নিল্লৰ্জ স্বৰূপতো ওলাই পৰিব । সম্প্ৰতি কমলাবাৰীঘাটত বহুকোটি ব্যয়ৰে বিলাসী পৰ্যটন কমপ্লেক্স নিৰ্মাণ হৈছে কিন্তু তাৰপৰা ওলায়েই যেতিয়া পৰ্যটকে পুৰুষ কিম্বা মহিলাই মুকলিত মলত্যাগ কৰা দেখিব আৰু একোগৰাকী গাভৰুৱে পথৰ কাষৰ ৰাজহুৱা শৌচালয়ৰ সন্মুখত শাৰী পাতি থকা দেখিব , তেনে এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ চাবলৈ তেওঁ আকৌ আহিবনে , নে আনক আহিবলৈ ক’ব ? ৰাজ্যৰ মুখ্যমন্ত্ৰীজন বিধায়ক হোৱাৰ পিছতো যিবিলাক হৈ নুঠিল সেয়া জানো কেতিয়াবা হ’ব ? এই ডাঙৰ প্ৰশ্নত আজি ভাৰাক্ৰান্ত মাজুলীৰ উন্নয়ণৰ সপোন দেখা প্ৰতিজন লোক ৷ Attachments area
অসম চৰকাৰৰ ঋণ ৬৭,০৫৪.০২ কোটি টকাঃ বিত্তমন্ত্রী
বিগত ২০২০ চনৰ ৩১ মার্চ পর্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ৬৭,০৫৪.০২ কোটি টকা৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰ দি মঙলবাৰে সদনত এই তথ্য সদৰী কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ তদুপৰি ২০১৯–২০ বিত্তীয় বর্ষৰ ৩১ মার্চত অসম চৰকাৰৰ ৰাজকোষত মুঠ জমা ধনৰ পৰিমাণ ৫,৯১২.২০ কোটি টকা বুলি তেওঁ জানিবলৈ দিয়ে৷
বিত্তমন্ত্রী নেওগে কয় যে অসম চৰকাৰৰ হিচাপ–পত্রবোৰ বিত্তীয় বর্ষ (১ এপ্রিলৰ পৰা ৩১ মার্চ) হিচাপে ৰখা হয়৷ যিহেতু ২০২০–২১ বিত্তীয় বর্ষৰ মহাগাণনিকৰ বছৰেকীয়া প্রতিবেদনৰ তথ্য এতিয়ালৈকে উপলব্ধ নহয়, সেয়েহে ২০২১ চনৰ ৩১ মার্চ পর্যন্ত অসম চৰকাৰৰ ৰাজকোষত জমা থকা ধন আৰু খৰচৰ সঠিক বিৱৰণ উপলব্ধ নহয়৷ কিন্তু ২০১৯–২০ বিত্তীয় বর্ষৰ ৩১ মার্চত মহাগাণনিকৰ তথ্য অনুসৰি অসম চৰকাৰৰ ৰাজকোষত থকা জমাধনৰ পৰিমাণ হ’ল ৫,৯১২.২০ কোটি টকা৷ সেইদৰে মহাগাণনিকৰ তথ্য অনুসৰি ২০২০ চনৰ ৩১ মার্চত অসম চৰকাৰৰ ধাৰৰ পৰিমাণ হ’ল ৬৭,০৫৪.০২ কোটি টকা৷
ইফালে, বিধায়ক আমিনুল ইছলামে ২০২০–২১ বিত্তীয় বর্ষত বিভাগসমূহৰ বাবে ধার্য কৰা ধন আৰু এতিয়ালৈকে মোকলাই দিয়া টকা সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত বিত্তমন্ত্রী নেওগে কয় যে ২০২০–২১ বিত্তীয় বর্ষৰ হিচাপ এইপর্যন্ত মহাগাণনিকৰ দ্বাৰা চূড়ান্ত কৰা হোৱা নাই৷ সেয়েহে মোকলাই দিয়া ধন আৰু খৰচৰ তথ্য দিব পৰা নগ’ল৷ বিধায়ক আমিনুল ইছলামে কৌশলপূর্ণভাৱে তথ্য গাপ দিয়াৰ চেষ্টা কৰা বুলি পৰিপূৰক প্রশ্ণত তোলা অভিযোগ সন্দর্ভত বিত্তমন্ত্রী নেওগে পুনৰ কয়– মই অসম্পূর্ণ তথ্য দিব বিচৰা নাই৷ যেতিয়ালৈকে মহাগাণনিকৰ প্রতিবেদন নাপাওঁ তেতিয়ালৈকে এই তথ্য অসম্পূর্ণ৷
লকডাউনৰ মাজতে ঈদ উদযাপন : সমুহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ
আজি পৱিত্ৰ ঈদ-উল-আজহা! সমগ্ৰ বিশ্বৰ লগতে আজি নদুৱাৰ অঞ্চলতো ইছলাম ধৰ্মালম্বী লোকসকলে ঈদ পালন কৰা দেখা যায়। অৱশ্যে,বিগত দিনৰ পৰম্পৰাগত ভাবে পালন কৰি অহা ঈদ-উল-আজহা ভাগ উলহ মালহৰ পৰিৱৰ্তে অনুষ্ঠুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে। কিয়নো,সম্প্ৰতি ক’ভিড অতিমাৰীৰ ফলত ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বিশ্বনাথ জিলাখনত বৰ্তমানেও কন্টেইনমেণ্ট জ’ন অব্যাহত আছে। ফলস্বৰূপে আন আন অনুষ্ঠান,উৎসৱৰ দৰে এই বেলি ঈদ-উল-আজহা ভাগো সমুহীয়া ভাবে পালন কৰাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। একেদৰে আজি নদুৱাৰ অঞ্চলত বিগত বৰ্ষৰ দৰে চতিয়া,ধলাইবিল,টুপীয়া,ইটাখোলা,বালিডোঙা,হাটিঙা আদিৰ ঈদগাহ সমুহত জাতীয় সাজ পাৰ পৰিধান কৰি বুঢ়াই-ডেকাই,কিশোৰ-শিশুৱে নামাজৰ বাবে ভিৰ কৰা পৰিৱেশ এই বেলি পৰিলক্ষিত নহল। ইয়াৰ পৰিৱৰ্তে এই বেলি ঈদ-উল-আজহা উপলক্ষে ইছলাম ধৰ্মালম্বী লোক সকলে পৰিয়ালৰ লগত ঘৰতে থাকি সম্প্ৰতি ক’ভিড মহামাৰীৰ পৰা মানৱ সমাজক ৰক্ষ্যাৰ্থে আল্লাৰ তথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কথা জানিব পৰা গৈছে। বিশেষকৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ এই ঈদ-উল-আজহা ত সমৰ্থবানলোকে দুখীয়া অসহায়লোকৰ মাজত বস্ত্ৰ,খাদ্য আদি সমূহীয়া দান কৰে যদিও এই বেলি ক’ৰণা মহামাৰীৰ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ক’ভিড বিধিৰ বাবেই উক্ত পৰ্ব্বৰ পৰাও বিৰত থকা দেখিবলৈ পোৱা যায়। ঐক্য আৰু সংহতিৰে বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মালম্বীলোকৰ বসতি স্থান নদুৱাৰ অঞ্চলত ঈদ,বিহু,বৰদিন,পূজা-পাৰ্বনত সামগ্ৰীক ভাবে চৌদিশে এক উৎসৱমূখৰ পৰিৱেশৰ বিপৰীতে ইছলাম ধৰ্মালম্বীলোক সকলৰ অন্যতম উৎসৱ ঈদ-উল-আজহা ত এক নিজম পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।
দহ বছৰে মুকলি নহল ধৰ্মপুৰ সমষ্টিৰ শিমলীয়া পানী যোগান আঁচনি কেন্দ্ৰটো : বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত অঞ্চল বাসী
নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত চামতাৰ শিমলীয়া গাঁওত দহ বছৰ পূৰ্বে নিৰ্মাণ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰটো আজিও মুকলি নহ’ল ।আৰু এতিয়া হাবি- জংঘলে আগুৰি ধৰিছে ইয়াৰ ফলত বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হৈ আছে সমগ্ৰ অঞ্চল টোৰ ৰাইজ । যি সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱা পানী যোগানৰ উদ্দেশ্যে লক্ষ লক্ষ টকা ব্যয়েৰে গাৱে-ভূঞে পানী যোগান আঁচনি নিৰ্মাণ কৰি আহিছে সেই সময়তে ২৬ নং বনগাওঁ পঞ্চায়তৰ অন্তৰ্গত শিমলীয়া পানী যোগান আঁচনি টো দহ বছৰে মুকলি নোহোৱা বিষয় টো এতিয়া চৰ্চিত হৈছে । উল্লেখ্য যে সমগ্ৰ অঞ্চল টোৰ দমকলৰ পানীত আৰ্চেনিক থকাৰ ফলত বিভিন্ন অচিন ৰোগে দেখা দিছে । তৎসত্বেও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি টো কাৰ্যক্ষম নকৰাত ক্ষোভিত হৈছে অঞ্চল টোৰ ৰাইজ । আনহাতে মুকলি নৌহতেই পানী যোগান আঁচনিটো হাবি জংঘলে আগুৰি ধৰাত গৃহ সমূহৰ লগতে পানীৰ পাইপ সমূহ ভাঙি চিঙি গৈছে । মুকলি নৌহওঁতেই ধ্বংস হব নেকি পানী যোগান আঁচনি টো ? সেই লৈ ৰাইজৰ মাজত এতিয়া প্ৰশ্ন উদয় হৈছে । অতি সোনকালে আঁচনি টো কাৰ্যক্ষম কৰি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ ৰাইজে দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক ।
দুমুনীচকীৰ ঈদগাহ ময়দান আৰু মছজিদ সমূহত দেখা গল এক নিমাও মাও পৰিবেশ
আজি পবিত্ৰ ঈদ-উল-আজহা। ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে ঘৰুৱাভাবে আদায় কৰিলে ঈদৰ নামাজ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মাৰুৱাচকী ইদগাহ ময়দানত কোনো লোক উপস্থিত নোহোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে ঘৰৰ পৰাই ঈদৰ নামাজ আদায় কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে বৃহত্তৰ দুমুনিছকী অঞ্চলৰ মছজিদ সমূহতো দেখা পোৱা গল এক নিমাওমাও পৰিবেশ । কভিদ মহামাৰী যাতে নিৰ্মূল হয় তাৰ বাবে দোৱা কৰিছে অঞ্চলবাসী ৰাইজে।
বৰছলাৰ তেলীয়াগাৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা-খহনীয়া৷খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ
শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাৱঁত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছে৷বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷
খহনীয়াগ্ৰস্ত তেলীয়াগাৱঁত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ দুৰ্ভগীয়া কৃষক ৰাইজৰ সমস্যাৰ বুজ লয়৷খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈ দিকবিদিক হেৰোৱা ৰাইজৰ দুখ-দুৰ্দশা চাই ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷
খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা উক্ত অঞ্চলৰ দুৰ্ভগীয়া ৰাইজৰ খবৰ লবলৈ আহৰি নোপোৱা জলসম্পদ বিভাগৰ দায়িত্বহীনতাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ক্ষোভ প্ৰকাশ কৰি তেলীগাৱঁৰ ক্ষতিগ্ৰস্ত কৃষক ৰাইজক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনায়
শাওনৰ পথাৰৰ নাঙলৰ শিৰলুত সপোন ৰচাত ব্যস্ত মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী
যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ’বৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ , মুৰ্গী পালন ওপৰিও চাহ খেতিত ব্যস্ত থাকি দেখুৱাইছে আদৰ্শ ।যি সময়ত ৰাজ্যত বহু শিক্ষিত যুৱক – যুৱতীয়ে কৰ্ম সংস্থাপনহীনতাত ভূগিছে৷ চাকৰি বিচাৰি বহিঃৰাজ্যলৈ ধাপলি মেলিছে সই সময়তে এক ব্যতিক্ৰমী চিন্তাৰে ৰিমঝিমে পুৰুষৰ সমানে পাৱাৰ টিলাৰে পথাৰত হালবোৱা,মৰণা মৰা,মুৰ্গী পোহাপাল দিয়া , মৎস্য পালনকে ধৰি তাঁতত কাপোৰ বোৱালৈকে স্বাৱলম্বী হ’ব পৰা সকলো কামেই কৰি গৈছে অনায়সে । সৰুৰে পৰা নিজৰ পিতৃ আৰু খুড়াকক কৃষি কৰ্মৰে জড়িত হোৱা দেখি অহা ৰিমঝিমে কান্ধত কোৰ লৈ ,পাৱাৰ টিলাৰে হাল বাই কৃষি কৰ্মত পিতৃৰ সমান্তৰালভাৱে ব্যস্ত থাকে ৰিমঝিম ।নৱ প্ৰজন্মৰ বাবে আদৰ্শ এই গৰাকী ৰিমঝিমৰ আছে বহু পৰিকল্পনা । ৰিমঝিমৰ স্পষ্ট মত কামৰ কোনো ভাগ নাই পুৰুষ অথবা মহিলাৰ । এই অতিমাৰীৰ সময়ত নিজকে ব্যস্ত কৰি ৰাখিবলৈ এনে কামৰে জড়িত থকাৰ কথা উল্লেখ কৰি ৰিমঝিমে কয় যে চৰকাৰী চাকৰিৰ বাবে চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰি সময় নষ্ট কৰাতকৈ কৃষি কৰ্ম,পশুপালনৰে জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি । শিক্ষিতা যুৱতী ৰিমঝিম এতিয়া ৰাজ্যৰ আন যুৱক-যুৱতীৰ বাবে হৈ পৰিছে এক আদৰ্শ ।
বিশ্বনাথ জিলাত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস
ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলা খনত ৮০% লোকে ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে। জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জৰিত হৈ আছে ৩০ হেজাৰ ৰৰো অধিক লোক” কিন্তু এই চাহ খেতিয়ক সকলে চলিত বৰ্ষৰ জুন মাহৰ পৰা কেঁচা পাতৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ কৰিছে বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি আৰু সম্পাদককে। অভিযোগ কৰা মতে মে’ মাহত কেঁচা পাতৰ উৎপাদন কম থকা অৱস্থাত প্ৰতি কেজিত ৩৭ টকালৈকে লাভ কৰিছিল যদিও জুন মাহত কেঁচাপাতৰ উৎপাদন বৃদ্ধিৰ লগে লগে কেঁচা পাতৰ মূল্য ধাৰাবাহিক ভাবে কম হ’বলৈ ধৰে। জুলাই মাহত কেঁচাপাতৰ মূল্য ১৭টকালৈহ্ৰাস পায়। যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ আঞ্চলিক চাহ খেতিয়ক সন্থা সভাপতি ৰাজীৱ শইকীয়া, আৰু বিহালী ক্ষুদ্ৰ আঞ্চলিক চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাতুল দাসে প্ৰকাশ কৰা অনুসৰি যোৱা জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিতি হৈ যোৱা টি মনিতৰিং কমিটিৰ আলোচনাত (Tea Monitoring bord) সৰ্বসন্মতি ক্ৰমে২৮.৭২নিৰ্ধাৰণ কৰাৰ পিছতে বটলিফ ফেক্টৰী সমূহে চাহৰ মূল্য হ্ৰাস কৰে আৰু নিৰ্ধাৰণ কৰি দিয়া মূল্য আজিও কৃষক দিয়া নাই কলঘৰ স্বতাধিকাৰী সকলে ।যাৰ বাবে উচিত মূল্য পৰা বঞ্চিত হৈছে চাহ খেতিয়কক ।আন হাতে এই মূল্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বিষয়টো অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল কিন্তু কোনো গুৰুত্ব নিদিলে কোনো এটা কল ঘৰৰ মালিকে। ইফালে পুনৰ চাহ খেতিয়ক উচিত মূল্য দাবীত মঙলবাৰে বিশ্বনাথ আঞ্চলিক আৰু বিহালী আঞ্চলিক কমিটি দুখনৰ এটা সজাতি দল উপস্থিত হয় বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত। উপস্থিত হৈ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা সৈতে এক আলোচনাত মিলিত হৈ পুনৰ জিলা খনৰ চাহ খেতিয়ক সকলৰ উচিত মূল্য বিষয়টো লিখিত উপস্থাপন কৰা লগতে ভাৰতীয় চাহ বোৰ্ড উপ আঞ্চলিক কাৰ্যালয় বিশ্বনাথ বিষয়া গৰাকী লগতে তেজপুৰ চাহ বোৰ্ডৰ সঞ্চালিকা গৰাকীয়ে একাংশ চাহ কল ঘৰৰ মালিকৰ মতে উঠা বঢ়া আৰু কৃষক প্ৰাপ্য স্বাৰ্থত কোনো দিন গুৰুত্ব নিদিয়া অভিযোগ তুলি সন্থাই বিষয়টো উপায়ুক্ত অৱগত কৰে। লগতে এই প্ৰাপ্য দাবীত অহা ২৬ জুলাই পৰা অনিদিষ্টলৈকে জিলা খনৰ কেচা চাহপাত তোলা বন্ধ এক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা বুলি লিখিত ভাৱে অৱগত কৰে উপায়ুক্তক।আনহাতে সন্থাই বিষয়বিয়াই কয় অসমৰ চাহ খেতিয়কে চৰকাৰৰ ১৬ হাজাৰ কোটি টকা দি থৈছে কিন্তু চাহ খেতিয়ক সকলৰ দুখৰ সময়ত কোনো দিন আগবাঢ়ি নহাটো দুভাগ্য জনক আখ্যা দিয়া লগতে বিষয়টো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপৰ দাবী জনাই সন্থাই।ইফালে অহা ২৬ জুলাই পৰা লবলগীয়া প্ৰতিবাদী কাৰ্যসূচীত বিহালী বিশ্বনাথ জিলা প্ৰতিটো দল সংগঠন জাতি, জনগোষ্ঠী, সংবাদ মাধ্যমৰ লগতে আৰক্ষী প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজীৱ শইকীয়া আৰু সম্পাদক ভৰত কলিতাই আহ্বান জনাইছে ।











