Breaking

বৰছলাৰ তেলীয়াগাৱত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰা-খহনীয়া৷খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ

0 1,171

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ তেলীয়াগাৱঁত মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছে৷বিগত কেইবাবছৰ ধৰি গৰা-খহনীয়া অব্যাহত থকাত উক্ত এলেকাটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে৷
খহনীয়াগ্ৰস্ত তেলীয়াগাৱঁত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ দুৰ্ভগীয়া কৃষক ৰাইজৰ সমস্যাৰ বুজ লয়৷খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হৈ দিকবিদিক হেৰোৱা ৰাইজৰ দুখ-দুৰ্দশা চাই ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰ তথা ৰাজ্যৰ  জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷
খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা উক্ত অঞ্চলৰ দুৰ্ভগীয়া ৰাইজৰ খবৰ লবলৈ আহৰি নোপোৱা জলসম্পদ বিভাগৰ দায়িত্বহীনতাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ক্ষোভ প্ৰকাশ কৰি তেলীগাৱঁৰ ক্ষতিগ্ৰস্ত কৃষক ৰাইজক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনায়

Leave A Reply