Breaking

দহ বছৰে মুকলি নহল ধৰ্মপুৰ সমষ্টিৰ শিমলীয়া পানী যোগান আঁচনি কেন্দ্ৰটো : বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত অঞ্চল বাসী

0 1,424

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত চামতাৰ শিমলীয়া গাঁওত দহ বছৰ পূৰ্বে নিৰ্মাণ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ কেন্দ্ৰটো আজিও মুকলি নহ’ল  ।আৰু এতিয়া হাবি- জংঘলে আগুৰি ধৰিছে  ইয়াৰ ফলত বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হৈ আছে সমগ্ৰ অঞ্চল টোৰ ৰাইজ । যি সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱা পানী যোগানৰ উদ্দেশ্যে লক্ষ লক্ষ টকা ব্যয়েৰে গাৱে-ভূঞে পানী যোগান আঁচনি নিৰ্মাণ কৰি আহিছে সেই সময়তে ২৬ নং বনগাওঁ পঞ্চায়তৰ অন্তৰ্গত শিমলীয়া  পানী যোগান আঁচনি টো দহ বছৰে মুকলি নোহোৱা বিষয় টো এতিয়া চৰ্চিত হৈছে । উল্লেখ্য যে  সমগ্ৰ অঞ্চল টোৰ দমকলৰ পানীত আৰ্চেনিক থকাৰ ফলত  বিভিন্ন অচিন ৰোগে দেখা দিছে । তৎসত্বেও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি টো কাৰ্যক্ষম নকৰাত ক্ষোভিত হৈছে অঞ্চল টোৰ ৰাইজ  । আনহাতে মুকলি নৌহতেই পানী যোগান আঁচনিটো হাবি জংঘলে আগুৰি ধৰাত গৃহ সমূহৰ লগতে  পানীৰ পাইপ সমূহ ভাঙি চিঙি  গৈছে  ।  মুকলি নৌহওঁতেই ধ্বংস হব নেকি পানী যোগান আঁচনি টো  ? সেই লৈ ৰাইজৰ মাজত এতিয়া  প্ৰশ্ন উদয় হৈছে । অতি সোনকালে আঁচনি টো কাৰ্যক্ষম কৰি  বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ ৰাইজে দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক  ।

Leave A Reply