Breaking

বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰদিপ বৰবৰাৰ দেহাৱসান।

0 1,223

 গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ নিবাসী তথা সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰবৰা(৫৯)ৰ ১৮ জুলাইৰ গধুলি প্ৰায় ৭-৪৫ বজাত দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটাত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলটো।জানিব পৰা মতে,বিশিষ্ট ব্যৱসায়ী গৰাকীয়ে যোৱা ৯ জুলাইৰ দিনা দিল্লীৰ গুৰগাঁৱত থকা মেডান্টা হস্পিটেলত লিভাৰ টেন্সপ্লান্ট কৰোৱাইছিল।প্ৰথম অৱস্থাত বৰবৰাৰ স্বাস্থ্য সুস্থিৰ আছিল যদিও যোৱা কেইদিনত তেঁওৰ স্বাস্থ্য অৱনতি ঘটে আৰু তেঁও নিয়তিৰ ওচৰত হাৰ মানে।বৰবৰাৰ মৃতদেহ দিল্লীৰ পৰা বিমানযোগে বুধবাৰে অনা হয়।দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত ভূগি থকা বৰবৰা এগৰাকী সফল ব্যৱসায়ী হোৱাৰ লগতে বৰপথাৰ ব্যৱসায়ী সন্থাৰ সভাপতি হিচাপেও দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি আছিল।মৃত্যুৰ সময়ত বৰবৰাই পত্নী,এটি পুত্ৰ আৰু এগৰাকী কন্যাকে ধৰি অনেক আত্মীয়ক ইহ সংসাৰত এৰি গৈছে।

Leave A Reply