Breaking

লকডাউনৰ মাজতে ঈদ উদযাপন : সমুহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ

0 1,253

আজি পৱিত্ৰ ঈদ-উল-আজহা! সমগ্ৰ বিশ্বৰ লগতে আজি নদুৱাৰ অঞ্চলতো ইছলাম ধৰ্মালম্বী লোকসকলে ঈদ পালন কৰা দেখা যায়। অৱশ্যে,বিগত দিনৰ পৰম্পৰাগত ভাবে পালন কৰি অহা ঈদ-উল-আজহা ভাগ উলহ মালহৰ পৰিৱৰ্তে অনুষ্ঠুপীয়াকৈ আয়োজন কৰা পৰিলক্ষিত হৈছে। কিয়নো,সম্প্ৰতি ক’ভিড অতিমাৰীৰ ফলত ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বিশ্বনাথ জিলাখনত বৰ্তমানেও কন্টেইনমেণ্ট জ’ন অব্যাহত আছে। ফলস্বৰূপে আন আন অনুষ্ঠান,উৎসৱৰ দৰে এই বেলি ঈদ-উল-আজহা ভাগো সমুহীয়া ভাবে পালন কৰাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। একেদৰে আজি নদুৱাৰ অঞ্চলত বিগত বৰ্ষৰ দৰে চতিয়া,ধলাইবিল,টুপীয়া,ইটাখোলা,বালিডোঙা,হাটিঙা আদিৰ ঈদগাহ সমুহত জাতীয় সাজ পাৰ পৰিধান কৰি বুঢ়াই-ডেকাই,কিশোৰ-শিশুৱে নামাজৰ বাবে ভিৰ কৰা পৰিৱেশ এই বেলি পৰিলক্ষিত নহল। ইয়াৰ পৰিৱৰ্তে এই বেলি ঈদ-উল-আজহা উপলক্ষে ইছলাম ধৰ্মালম্বী লোক সকলে পৰিয়ালৰ লগত ঘৰতে থাকি সম্প্ৰতি ক’ভিড মহামাৰীৰ পৰা মানৱ সমাজক ৰক্ষ্যাৰ্থে আল্লাৰ তথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কথা জানিব পৰা গৈছে। বিশেষকৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ এই ঈদ-উল-আজহা ত সমৰ্থবানলোকে দুখীয়া অসহায়লোকৰ মাজত বস্ত্ৰ,খাদ্য আদি সমূহীয়া দান কৰে যদিও এই বেলি ক’ৰণা মহামাৰীৰ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ক’ভিড বিধিৰ বাবেই উক্ত পৰ্ব্বৰ পৰাও বিৰত থকা দেখিবলৈ পোৱা যায়। ঐক্য আৰু সংহতিৰে বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মালম্বীলোকৰ বসতি স্থান নদুৱাৰ অঞ্চলত ঈদ,বিহু,বৰদিন,পূজা-পাৰ্বনত সামগ্ৰীক ভাবে চৌদিশে এক উৎসৱমূখৰ পৰিৱেশৰ বিপৰীতে ইছলাম ধৰ্মালম্বীলোক সকলৰ অন্যতম উৎসৱ ঈদ-উল-আজহা ত এক নিজম পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।

Leave A Reply