Breaking

শাওনৰ পথাৰৰ নাঙলৰ শিৰলুত সপোন ৰচাত ব্যস্ত মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী

0 1,363

যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ’বৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ ,  মুৰ্গী পালন ওপৰিও চাহ  খেতিত ব্যস্ত থাকি দেখুৱাইছে আদৰ্শ ।যি সময়ত ৰাজ্যত বহু শিক্ষিত যুৱক – যুৱতীয়ে কৰ্ম সংস্থাপনহীনতাত ভূগিছে৷ চাকৰি বিচাৰি বহিঃৰাজ্যলৈ ধাপলি মেলিছে সই সময়তে এক ব্যতিক্ৰমী চিন্তাৰে ৰিমঝিমে পুৰুষৰ  সমানে  পাৱাৰ টিলাৰে পথাৰত হালবোৱা,মৰণা মৰা,মুৰ্গী পোহাপাল দিয়া , মৎস্য পালনকে ধৰি তাঁতত কাপোৰ বোৱালৈকে  স্বাৱলম্বী হ’ব পৰা সকলো কামেই কৰি গৈছে অনায়সে । সৰুৰে পৰা নিজৰ পিতৃ আৰু খুড়াকক কৃষি কৰ্মৰে জড়িত হোৱা দেখি অহা ৰিমঝিমে কান্ধত কোৰ লৈ ,পাৱাৰ টিলাৰে হাল বাই কৃষি কৰ্মত পিতৃৰ সমান্তৰালভাৱে ব্যস্ত থাকে ৰিমঝিম ।নৱ প্ৰজন্মৰ বাবে আদৰ্শ এই গৰাকী ৰিমঝিমৰ আছে বহু পৰিকল্পনা । ৰিমঝিমৰ স্পষ্ট মত কামৰ কোনো ভাগ নাই পুৰুষ অথবা মহিলাৰ । এই অতিমাৰীৰ সময়ত নিজকে ব্যস্ত কৰি ৰাখিবলৈ এনে কামৰে জড়িত থকাৰ কথা উল্লেখ কৰি ৰিমঝিমে কয় যে চৰকাৰী চাকৰিৰ বাবে চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰি সময় নষ্ট কৰাতকৈ কৃষি কৰ্ম,পশুপালনৰে জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি । শিক্ষিতা যুৱতী ৰিমঝিম এতিয়া ৰাজ্যৰ আন যুৱক-যুৱতীৰ বাবে  হৈ পৰিছে এক আদৰ্শ ।

Leave A Reply