Breaking

মাজুলীৰ মূল প্ৰৱেশ পথ ৰাজপথ নহয় যেন মুকলি শৌচালয়হে

0 1,048

মাজুলীৰ প্ৰধান গেটৱে অৰ্থাৎ প্ৰধান প্ৰৱেশ পথ কমলাবাৰীঘাটৰ পৰা কমলাবাৰী পথটো এই বাৰিষা মুকলি শৌচালয়লৈ যেন পৰিণত হৈছে। পথটোৰ দুয়ো দাঁতিৰে এশ আশী ঘৰ মানুহৰ বসতি। সেইসকলৰ প্ৰস্ৰাৱ-পায়খানাৰ বাবে চল্লিছটা শৌচালয়। ইয়াৰে চাৰিটা ৰাজহুৱা শৌচালয় , দূটা কেচা শৌচালয় , এটা প্ৰস্ৰাৱগাৰ আৰু এয়াই হৈছে মাজুলীৰ এখন শ্ৰেষ্ঠ পঞ্চায়ত বুলি জহ কৰা দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এক বিশেষ এলেকাৰ বিশেষ ছৱি ।বিশেষ ছৱি বুলি এইবাবেই উল্লেখ কৰা হ’ল যে  পঞ্চায়তখনৰ সন্মুখত সগৌৰৱেৰে জিলিকি আছে “মুকলিত মলত্যাগ মুক্ত গাঁও পঞ্চায়ত’ ৰ ডাঙৰ চাইনবৰ্ড। কিন্ত প্ৰায় তিনিকি’লমিটাৰ দৈৰ্ঘৰ এই  পথচোৱাৰ যি সামান্য অংশত বসতি নাই সেই অংশ হৈছে ৰাজহুৱা মুকলি শৌচালয়। আজিৰ পৰা বিশ-পশিছ বছৰৰ পূৰ্বত বান খহনীয়াত ভেঁটি-মাটি হেৰুৱাই এই পথৰ কাষত বহিবলৈ বাধ্য হোৱা এই জনগোষ্ঠীয় লোকসকলক লৈ বহু ৰাজনীতি বাগৰি গ’ল কিন্ত তেওঁলোকৰ নহ’ল কোনো চকুত লগা পৰিৱৰ্তন। পূৱাৰ পৰা বিয়লিলৈ মৌলিক প্ৰয়োজনীয় কেইটাৰ পিছত দৌৰিও যোগাৰ কৰিব নোৱাৰা মানুহখিনিৰ অৱস্থাই সম্প্ৰতি মাজুলীৰ আৰ্থিক , সামাজিক আৰু পৰিৱেশিক অৱস্থাৰ প্ৰতিয়েই প্ৰত্যাহ্বান হৈ পৰিছে। মাজুলীৰ অতি গুৰুত্বপূৰ্ণ পথটোৰ দুয়োকাষে কোনো পৰিকল্পনা নোহোৱাকৈ বহিবলৈ দিয়াৰ পিছত তেওঁলোকৰ বাবে বিশুদ্ধ পানী আৰু অনাময় ব্যৱস্থাৰ সু- পৰিকল্পনা নকৰি বিষয়া -ঠিকাদাৰৰ জেপ গধুৰ কৰাৰ পৰিণতিত আজি সেই লোকসকলৰ জীৱন দুৰ্বীসহ হোৱাই নহয় সেই পথেৰে আহযাহ কৰা লোকৰো একেই অৱস্থা হৈছে । কংগ্ৰেছৰ দ্বাৰা চৰম প্ৰতাৰিত এই নদী ভগনীয়া লোকসকলক পৃথক স্থানত সংস্থাপন নিদিওঁ থকা ঠাইতেই এক পৰিকল্পনাৰে বসতি উন্নত কৰাব বুলি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰা ৰাইজে বৰ আশা কৰিছিল। স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিৰ প্ৰধান পদূলিটো অন্তত: তেখেতে সজাই তুলিলেহেঁতেন । পথটো পকী কৰা হ’ল কিন্তু পথৰ কাষত কদৰ্যময় ৰাজহুৱা শৌচাগাৰ , মানূহৰ ঘৰৰ চোতালত অৰ্থাৎ পথৰ কাষত মানুহটো ভালকৈ সোমাৱ নোৱাৰা সেই চৰকাৰী লেটিন সহ কি এক বিধ্বস্ত পৰিৱেশ । অতি নিম্ন মানদণ্ডৰ শৌচাগাৰ বিলাক তাতে যিবিলাক পথৰ পৰা কিছু আঁতৰত নিৰ্মাণ কৰা সেইবিলাক বাৰিষা পানীত ডুব গৈ সমগ্ৰ পৰিৱেশ প্ৰদুষিত কৰি পেলাইছে। বিগত পাঁচটা বৰ্ষত মুখ্যমন্ত্ৰীকে ধৰি সকলো বৰমুৰীয়া এই পথেৰে এশ ছবাৰ অহাৰ পিছতো কিন্তু ভবা নহ’ল এই পৰিস্থিতিৰ উন্নতিৰ অৰ্থে ৷ দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰাই আৰম্ভ হোৱা পথৰ দুয়োকাষৰ বসতিৰ ৰাইজৰ বাবে বিশুদ্ধ পানী আৰু অনাময়ৰ অৱস্থা লক্ষ কৰিলেই মাজুলীৰ সংশ্লিষ্ট বিষয়ৰ উন্নতিৰ নিল্লৰ্জ স্বৰূপতো ওলাই পৰিব । সম্প্ৰতি কমলাবাৰীঘাটত বহুকোটি ব্যয়ৰে বিলাসী পৰ্যটন কমপ্লেক্স নিৰ্মাণ হৈছে কিন্তু তাৰপৰা ওলায়েই যেতিয়া পৰ্যটকে পুৰুষ কিম্বা মহিলাই মুকলিত মলত্যাগ  কৰা দেখিব আৰু একোগৰাকী গাভৰুৱে পথৰ কাষৰ ৰাজহুৱা শৌচালয়ৰ সন্মুখত শাৰী পাতি থকা দেখিব , তেনে এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ চাবলৈ তেওঁ আকৌ আহিবনে , নে আনক আহিবলৈ ক’ব ?  ৰাজ্যৰ মুখ্যমন্ত্ৰীজন বিধায়ক হোৱাৰ পিছতো যিবিলাক হৈ নুঠিল সেয়া জানো কেতিয়াবা হ’ব ? এই ডাঙৰ প্ৰশ্নত আজি ভাৰাক্ৰান্ত মাজুলীৰ উন্নয়ণৰ সপোন দেখা প্ৰতিজন লোক ৷ Attachments area

Leave A Reply