Breaking

দুমুনীচকীৰ ঈদগাহ ময়দান আৰু মছজিদ সমূহত দেখা গল এক নিমাও মাও পৰিবেশ

0 1,357

আজি পবিত্ৰ ঈদ-উল-আজহা।  ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে ঘৰুৱাভাবে আদায় কৰিলে ঈদৰ নামাজ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মাৰুৱাচকী ইদগাহ ময়দানত কোনো  লোক উপস্থিত নোহোৱা পৰিলক্ষিত হৈছে। ইয়াৰ  বিপৰীতে ঘৰৰ পৰাই ঈদৰ নামাজ আদায় কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে বৃহত্তৰ দুমুনিছকী অঞ্চলৰ মছজিদ সমূহতো  দেখা পোৱা গল এক নিমাওমাও পৰিবেশ । কভিদ মহামাৰী যাতে নিৰ্মূল হয় তাৰ বাবে দোৱা কৰিছে অঞ্চলবাসী ৰাইজে।

Leave A Reply