Breaking

বৰপেটাৰ ইচ্ছাপুৰহাটী বাসি ৰাইজৰ এক প্ৰশংসনীয় পদক্ষেপ : ৰাইজৰ ধনেৰে নিৰ্মাণ অৰ্দ্ধ শতাধিক পুৰণি উপ-পথ

0 1,494

:চৰকাৰক দোষাৰোপ নকৰি বৰপেটাৰ ইচ্ছাপুৰ হাটীৰ ৰাইজে  নিৰ্মাণ কৰি উলিয়াইছে আও পুৰণি উপ-পথ ৷ বুধবাৰে স্থানীয় ৰাইজৰ সহযোগত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা দেবে এই পথ মুকলি কৰে আৰু লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে উক্ত কাৰ্য্যসূচীত । ইচ্ছাপুৰ হাটীৰ গান্ধী আলি সংযোগী উপ-পথটোৰ দুৰৱস্থাৰ প্ৰতি লক্ষ ৰাখি   নিৰ্মাণৰ বাবে ৰাইজে নিজে সিদ্ধান্ত লয়। পৌৰ সভা, লোক নিৰ্মাণ বিভাগ আদিৰ সু-দৃষ্টি নপৰা ৫০ বছৰ পুৰণি উপ-পথটো নতুনকৈ নিৰ্মাণ কৰিবলৈ অৱশেষত আগবাঢ়ি আহিছিল স্থানীয় ৰাইজ ৷  চৰকাৰ-প্ৰশাসনৰ সহায় নোলোৱাকৈ পথ নিৰ্মাণৰ কামত হাতে কামে লাগিল অঞ্চলটোৰ স্থানীয় বাসিন্দাসকল ৷ ধন আগবঢ়োৱাতেই ক্ষান্ত নাথাকি শ্ৰমদানো কৰিছিল স্থানীয় ৰাইজে ৷ উল্লেখ্য যে বৰপেটা চহৰৰ অন্যতম ব্যস্ত আৰু গুৰুত্বপূৰ্ণ উপ-পথটোৰে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীকে ধৰি শ শ লোক অহা-যোৱা কৰে ৷ কিন্ত প্ৰতি বছৰে বানৰ সময়ত একাঁঠু পৰ্যন্ত পানীত বুৰ যায় উপ-পথটো ৷ খৰালি কালতো উপ-পথটোৰে সম্ভৱ নহয় সুচল যাতায়ত ৷ কেইটিমান শিলগুটি ওলাই থকা জৰাজীৰ্ণ উপ-পথটোৰে খোজকাঢ়ি অহা-যোৱা কৰা লোকসকল সন্মুখীন হয় ভীষণ অসুবিধাৰ ৷ উপ-পথটোৰ দুয়োফাল উন্মুক্ত হৈ থকা বাবে সঘনাই সংঘটিত হৈ আহিছিল দুৰ্ঘটনা  ৷ কিন্তু ইমানৰ পিচতো বৰপেটা পৌৰসভাৰ এলেকাধীন উপ-পথটোৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে বিগত পঞ্চাছ বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ-কিম্বা প্ৰশাসনে ৷  
ইচ্ছাপুৰহাটী বাসী ৰাইজে পথ নিৰ্মাণ কৰা কাৰ্য্যক বৰপেটা বাসিয়ে সলাগ লয়।

Leave A Reply