Breaking

বিশ্বনাথ জিলাত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস

0 2,027

ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলা খনত ৮০% লোকে  ক্ষুদ্ৰ চাহ খেতিয়কে জাতীয় অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে। জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জৰিত হৈ আছে  ৩০ হেজাৰ ৰৰো অধিক লোক” কিন্তু এই চাহ খেতিয়ক সকলে  চলিত বৰ্ষৰ জুন মাহৰ পৰা কেঁচা পাতৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ কৰিছে বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি আৰু সম্পাদককে। অভিযোগ কৰা মতে মে’ মাহত কেঁচা পাতৰ উৎপাদন কম থকা অৱস্থাত প্ৰতি কেজিত    ৩৭ টকালৈকে লাভ কৰিছিল যদিও জুন মাহত কেঁচাপাতৰ উৎপাদন বৃদ্ধিৰ লগে লগে কেঁচা পাতৰ মূল্য ধাৰাবাহিক ভাবে কম হ’বলৈ ধৰে। জুলাই মাহত কেঁচাপাতৰ মূল্য ১৭টকালৈহ্ৰাস পায়। যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে।  বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ আঞ্চলিক চাহ খেতিয়ক সন্থা সভাপতি ৰাজীৱ  শইকীয়া, আৰু বিহালী ক্ষুদ্ৰ আঞ্চলিক চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাতুল দাসে প্ৰকাশ কৰা অনুসৰি  যোৱা জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিতি হৈ যোৱা টি মনিতৰিং কমিটিৰ আলোচনাত (Tea Monitoring bord) সৰ্বসন্মতি ক্ৰমে২৮.৭২নিৰ্ধাৰণ কৰাৰ পিছতে বটলিফ ফেক্টৰী সমূহে চাহৰ মূল্য হ্ৰাস কৰে আৰু নিৰ্ধাৰণ কৰি দিয়া মূল্য আজিও কৃষক দিয়া নাই   কলঘৰ স্বতাধিকাৰী  সকলে ।যাৰ বাবে উচিত মূল্য পৰা বঞ্চিত হৈছে চাহ খেতিয়কক ।আন হাতে এই মূল্য প্ৰদান  কৰাত ব্যৰ্থ হোৱাৰ বিষয়টো অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল কিন্তু কোনো গুৰুত্ব নিদিলে কোনো এটা কল ঘৰৰ মালিকে। ইফালে পুনৰ চাহ খেতিয়ক উচিত মূল্য দাবীত মঙলবাৰে বিশ্বনাথ আঞ্চলিক আৰু বিহালী আঞ্চলিক কমিটি দুখনৰ এটা সজাতি দল উপস্থিত হয় বিশ্বনাথ জিলা  উপায়ুক্ত কাৰ্যালয়ত। উপস্থিত হৈ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা সৈতে এক আলোচনাত মিলিত হৈ পুনৰ জিলা খনৰ চাহ খেতিয়ক সকলৰ উচিত মূল্য বিষয়টো লিখিত উপস্থাপন কৰা লগতে ভাৰতীয় চাহ বোৰ্ড উপ আঞ্চলিক কাৰ্যালয় বিশ্বনাথ বিষয়া গৰাকী লগতে তেজপুৰ চাহ বোৰ্ডৰ সঞ্চালিকা গৰাকীয়ে একাংশ চাহ কল ঘৰৰ মালিকৰ  মতে উঠা বঢ়া আৰু  কৃষক প্ৰাপ্য  স্বাৰ্থত কোনো দিন গুৰুত্ব নিদিয়া অভিযোগ তুলি  সন্থাই বিষয়টো উপায়ুক্ত অৱগত কৰে।  লগতে এই প্ৰাপ্য দাবীত অহা ২৬ জুলাই পৰা অনিদিষ্টলৈকে  জিলা খনৰ কেচা চাহপাত তোলা বন্ধ এক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা বুলি লিখিত ভাৱে অৱগত কৰে উপায়ুক্তক।আনহাতে সন্থাই বিষয়বিয়াই কয় অসমৰ চাহ খেতিয়কে চৰকাৰৰ ১৬ হাজাৰ কোটি টকা দি থৈছে কিন্তু চাহ খেতিয়ক সকলৰ দুখৰ সময়ত কোনো দিন আগবাঢ়ি নহাটো দুভাগ্য জনক আখ্যা দিয়া লগতে বিষয়টো অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপৰ  দাবী জনাই সন্থাই।ইফালে অহা ২৬ জুলাই পৰা লবলগীয়া প্ৰতিবাদী কাৰ্যসূচীত বিহালী বিশ্বনাথ জিলা প্ৰতিটো  দল সংগঠন জাতি, জনগোষ্ঠী, সংবাদ মাধ্যমৰ লগতে আৰক্ষী প্ৰশাসনক সহায় সহযোগিতা কৰিবলৈ বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক  সন্থাৰ সভাপতি ৰাজীৱ শইকীয়া আৰু সম্পাদক  ভৰত কলিতাই আহ্বান জনাইছে ।

Leave A Reply