Breaking

বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈ

0 1,345

 খিলঞ্জীয়া অসমীয়াৰ আধিপত্য আৰু প্ৰভুত্ব প্ৰতিষ্ঠাৰ বাবে আপোচবিহীন ভাবে জাতীয় দায়বদ্ধতাৰে স্বজাতিৰ হকে মাত মাতি অহা জাতীয় সংগঠন বীৰ লাচিত সেনাৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সামাজিক গণমাধ্যমত ষড়যন্ত্ৰমূলকভাবে উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হল স্বয়ম্ভু জাতীয়তাবাদী নেতা হিমাংশু গগৈ ৷ বিগত বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পৰাজিত কৰিবলৈ আহোপুৰুষাৰ্থ কৰি বিফল হোৱা হিমাংশু গগৈয়ে শেহতীয়াকৈ কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া ৰূপজ্যোতি কূৰ্মীক বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ নাম মৰিয়ণী সমষ্টিত ৰাইজৰ দলৰ সম্ভাব্য প্ৰাৰ্থী ৰূপে চৰ্চিত হোৱাৰ পাছতে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে হিমাংশু গগৈয়ে ষড়যন্ত্ৰমূলক ভাবে অপপ্ৰচাৰ আৰম্ভ কৰে আৰু যাৰ বাবে বীৰ লাচিত সেনাৰ লগতে জাতীয়তাবাদী শিৱিৰটো অসন্তুষ্টহৈ বিজেপি আৰএছএছৰ এজেণ্ডামতে কাম কৰা ভুৱা জাতীয়তাবাদী নেতাগৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানা আৰু গৌৰিসাগৰ থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰে আৰু বীৰ লাচিত সেনাৰ গোচৰৰ ভিত্তিত ছদ্মৱেশী স্বঘোষিত জাতীয়তাবাদী নেতা গৰাকীক শিৱসাগৰ আৰক্ষীয়ে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট গোষ্ঠী সংঘৰ্ষৰ বাবে উচতনিমূলক বক্তব্য আৰু বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰি 153A/384/500/66 IT গোচৰত শিৱসাগৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈক গ্ৰেপ্তাৰ কৰা বাবে বীৰ লাচিত সেনাই শিৱসাগৰ আৰক্ষীক  ধন্যবাদ দিয়ে আৰু সাম্প্ৰদায়িক মন্তব্যৰে সামাজিক গণমাধ্যম কলংকিত কৰি অহা হিমাংশু গগৈৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈয়ো আহ্বান জনায় বীৰ লাচিত সেনাই ৷ সংগঠনটোৰ নেতৃত্বৰ ভাষ্য মতে -অসমৰ জাতীয়তাবাদী শিৱিৰটোক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমাংশু গগৈয়ে৷অসমৰ জাতীয় জীৱনলৈ হিমাংশু গগৈৰ অৱদান কি বুলি প্ৰশ্ন কৰি তেওঁলোকে কয় যে অসমৰ জনগণে ইতিমধ্যে হিমাংশু গগৈৰ কাম কাজ প্ৰত্যক্ষ কৰি তেওঁক চৰকাৰ তথা আৰএছএছ বিজেপিৰ এজেণ্ট ৰূপে চিহ্নিত কৰিছে ৷ কা আন্দোলনৰ সময়ত ধুমকেতুৰ দৰে আবিৰ্ভাৱ হোৱা হিমাংশু গগৈয়ে কা আন্দোলনৰ সময়টো কা আন্দোলনৰ নেতৃত্ব লোৱা আছু নেতা সকলৰ বিৰুদ্ধেও ধাৰাবাহিক অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ আছে ৷ শিৱসাগৰ নিৰ্বাচনৰ সময়ত তেওঁ অখিল গগৈক বিৰোধিতা কৰা আৰু মৰানত ৰাইজৰ দল গঠনৰ সময়ত দলটোৰ নেতৃত্বই দলীয় বিষয় বাব উপযুক্ত ব্যক্তিক নিদিয়া বুলি কোৱাৰ কথাও জাতীয়তাবাদী শিৱিৰে পাহৰি যাব পৰা নাই ৷কেৱলমাথো সামাজিক গণমাধ্যমত তথ্য প্ৰমাণ নোহোৱাকৈ উদ্দেশ্যপ্ৰণোদিত ভাবে বাৰে বাৰে অপপ্ৰচাৰত লিপ্ত হোৱা হিমাংশু গগৈৰ দৰে ভণ্ড জাতীয়তাবাদী নেতাক অসমীয়া জাতিয়ে ক্ষমা নকৰে বুলিও বীৰ লাচিত সেনাই স্পষ্ট কৰি দিয়ে ৷ আমি হিমাংশু গগৈৰ বিৰুদ্ধে এইবাবেই আইনৰ আশ্ৰয় লৈছো যাতে সামাজিক গণমাধ্যমত তৃতীয়পক্ষৰ শ্ৰতলিপিমতে তেওঁ যিবোৰ ভিত্তিহীন অভিযোগ কৰিছে সেই অভিযোগবোৰ প্ৰমান কৰক ৷ ফেচবুক একাউণ্ট এটা আছে বাবে বীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে যি মন যায় লিখিব সেইকথা কোনো কাৰনতে সহ্য কৰা নহব ৷ বীৰ লাচিত সেনাক আইন কোষে ভণ্ড জাতীয়তাবাদী হিমাংশু গগৈৰ বিৰুদ্ধে পাঁচ কোটি টকাৰ মানহানী গোচৰ দিয়াৰ কথাও চিন্তা কৰিছে বুলি কয় ৷ বীৰ লাচিত সেনাই কয় যে আমি বাক স্বাধীনতাক সন্মান কৰো কিন্তু বাক স্বাধীনতাৰ নামত ষড়যন্ত্ৰমূলক অপপ্ৰচাৰ কোনো কাৰনতে সহ্য কৰা নহব৷যিসকলে বীৰ লাচিত সেনাক সমালোচনা কৰিছে তেওঁলোকৰ ৰাজনৈতিক সুবিধাবাদ ভণ্ডামি চৰিত্ৰ কেলেংকাৰী সকলো সমাগত সময়ত ৰাইজৰ আদালত উদঙাই দিয়াৰ লগতে আইনৰ আশ্ৰয়লয়ো তেওঁলোকৰ মুখা খুলি দিয়া হব ৷ আমি ৰাইজৰ পক্ষত আছো৷অসমৰ জনগণ বীৰ লাচিত সেনাৰ লগত আছে ৷ প্ৰতিজন খিলঞ্জীয়াৰ বাবে বীৰ লাচিত সেনা জাতীয় স্বাভিমান ৷গতিকে অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বীৰ লাচিত সেনাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰিব আৰু খিলঞ্জীয়া অসমীয়া মনে মনে বহি থাকিব সেইকথা হব নোৱাৰে ৷ যাতে জাতিদ্ৰোহীহঁতৰ বিচাৰ ৰাইজে ৰাইজৰ আদালত নকৰে তাৰ বাবে আমি আইনৰ আশ্ৰয় লৈছো , কিন্তু ষড়যন্ত্ৰকাৰীসকলক ৰাইজে যদি ভৱিষ্যতে ৰাজপথত আঠুকঢ়াই ৰাজহুৱা বিচাৰ কৰে তেন্তে কিন্তু বীৰ লাচিত সেনা জগৰীয়া নহব ৷ বীৰ লাচিত সেনাই জাতীয়তাবাদী শক্তিৰ উত্থানক বাধা দিব বিচৰা অপশক্তিক শেষবাৰৰ বাবে সকীয়াই দিয়ে৷Attachments areaবীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈবীৰ লাচিত সেনাৰ নেতৃত্বৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি ৰঙাঘৰৰ আলহী ভণ্ড জাতীয়তাবাদী নেতা হিমাংশু গগৈ

Leave A Reply