Breaking

বৰপথাৰত বিলাতী সুৰা, স্কৰপিঅ’ বাহন সহ আটক দুজন

0 1,063

মদ,জুৱা,তীৰ,ড্ৰাগছ আদি মানৱ জীৱন ধ্বংসকাৰী উপাদানৰ পৰা সমাজখনক মুক্ত কৰা লক্ষ্যৰে জোৰদাৰ অভিযানত নামি পৰা ৰাজ্যৰ আৰক্ষী প্ৰশাসনে শেহতীয়াকৈ নামি পৰিছে দেশী-বিদশী মদ তথা চুলাই মুক্ত সমাজ লক্ষ্যৰে ব্যাপক অভিযানত।ৰাজ্যৰ বিয়াগোম আবকাৰী বিভাগৰ সৰুপথাৰত নিয়োজিত বিষয়া-কৰ্মচাৰী সকল কুম্ভকৰ্ণ নিন্দাত মগ্ন থকা হেতুকে আৰক্ষী প্ৰশাসনেই এতিয়া আবকাৰী বিভাগৰ দায়িত্ব পালন কৰিবলৈ লৈছে।এনে অৱস্থাত বুধবাৰে বিয়লি বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলু চাপৰিত বৰপথাৰ আৰক্ষী থানাৰ এটি আৰক্ষী দলে কৰা এক তালাচিত এখন AS-03-AD-0980 মহিন্দ্ৰা স্কৰপিঅ’ বাহন সহ ছয় কাৰ্টুন (২৮৮ বটল) বিলাতী মদ( IMFL) আৰু দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।আটকাধীন যুৱক দুজন ক্ৰমে বৰপথাৰ পৌৰসভাৰ নিবাসী যোগেন বৰাৰ পুত্ৰ আকাশ বৰা আৰু যোৰহাট জিলাৰ ইটাখোলাৰ মৃত পাওল ব্ৰাউনৰ পুত্ৰ ৰবাৰ্ট ব্ৰাউন বুলি জানিব পৰা গৈছে।ইপিনে আৰক্ষীয়ে সৰুপথাৰৰ আবকাৰী বিভাগক এই সন্দৰ্ভত কঠোৰ আইন প্ৰণয়ন কৰি দোষীৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে জনাইছে বুলি জানিব দিয়ে।

Leave A Reply