Breaking

বৰষুণত ধৰাশায়ী চীন

0 1,534

চীনত বৰষুণ, বৰষুণ আৰু বৰষুণ। প্ৰচুৰ বৃষ্টিপাতৰ ফলত চীন এতিয়া পানীৰ কৱলত। অনবৰত ভাৰতক ৰঙা চকু দেখোৱাই অহা চীন এতিয়া বৰষুণৰ প্ৰকোপত। ধাৰাষাৰ বৰষুণে বানপানী নমাই আনিছে চীনলৈ। চাৰিওফালে পানী কেৱল পানী। প্লাবিত হৈ পৰিছে চীন। মহা প্লাবন সুদৃশ্ পৰিবেশে বিৰাজ কৰিছে চীনত। সম্প্ৰতি বৰষুণৰ সন্মুখত একপ্ৰকাৰ অসহায় হৈ পৰিছে বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ চীন। অতিমাত্ৰা বৃষ্টিপাতৰ বাবে হোৱা বানপানীত এতিয়ালৈকে ২৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নিজকে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ বুলি ভৱা কমিউনিষ্ট ৰাষ্ট্ৰ চীনে ভুগিবলৈ লৈছে প্ৰাকৃতিক দুৰ্যোগ। প্ৰকৃতিৰ ওচৰত হাৰ মানিবলৈ নিবিচৰা চীন এতিয়া প্ৰকৃতিৰ ৰোষত। বিশ্বৰ মহা পৰাক্ৰমী ৰাষ্ট্ৰ চীনে ২২১০৪টাকৈ নদীবান্ধ নিৰ্মাণ কৰিও ৰখাব পৰা নাই বানপানী। বৰষুণৰ পানী, ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগত প্ৰায়েই চীনত অসংখ্যক লোকৰ মৃত্যু হয়। ব্যতিক্ৰম নহ’ল এইবাৰো।

Leave A Reply