Breaking

লাহৰীঘাটত ৰাজহুৱা জিৰণি চ’ৰাক ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ একাংশৰ

0 1,257

মৰিগাঁও জিলাৰ লাহৰীঘাট  উন্নয়ন খণ্ডৰ অধীনস্থ লাহৰীঘাট গাঁও পঞ্চায়তৰ ধিঙৰআটি গাঁৱৰ ৫ নং ৱাৰ্ডৰ উপৰিও একেই পঞ্চায়তৰ মৰিতলী গাঁৱৰ ৯ নং ৱাৰ্ডত  এই দুটা ৰাজহুৱা জিৰণি চ’ৰাত আজি কেবা মাহ ধৰি স্হানীয় ৰাইজ বা পথচাৰীয়ে বহি ক্ষন্তেক সময়ৰ বাবেও জিৰণি লোৱাৰ ভাগ্য নাই। কাৰণ এই দুটা ৰাজহুৱা জিৰণি চৰা বৰ্তমান একাংশ ব্যক্তিয়ে যেন পৈত্রিক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে। দুয়োটা জিৰণি চৰা ঘৰতে সম্প্রতি কেবা মাহ ধৰি ধান খেতিৰখেৰেৰে ভৰ্তি কৰি দখল দি আছে। উল্লেখ্য যে এই বিষয়ে স্হানীয় ৰাইজৰ মতামত বিচৰাত কোনোৱেই মুখ নুখুলিলে। মুলতে এনে লাগিল যি সকলৰ ভুমিত জিৰণি চৰা নিৰ্মাণ কৰা হৈছে আওপকীয়াকৈ নিজস্ব ক্ষমতা প্ৰয়োগ কৰিব বিচৰা যেন অনুমান হয়। জিৰণি চৰাৰ নিৰ্মাণ কাৰ্যৰ স্হানো একেবাৰে কম দূৰত্বৰ ভিতৰতে স্হাপন কৰা পৰিলক্ষিত হয়। ৰাইজৰ সুবিধাৰ্থে চৰকাৰে নিৰ্মাণ কৰি দিয়া ৰাজহুৱা জিৰণি চৰাবোৰ ব্যক্তিগত কামত ব্যবহাৰ কৰাৰ  বাবে সাহস কত পালে । এয়াও এক মূল্যৱান প্ৰশ্ন যাৰ উত্তৰ হয়তো জিৰণি চৰাত অবৈধ ভাবে  একাংশ ব্যক্তিয়ে ৰখা  ধান খেতিৰ খেৰ বিলাক খালি কৰাৰ পাছত সম্পূর্ণ হ’ব। 

Leave A Reply